Monday, August 26, 2013

দলিল

আগৰ বাৰীৰপৰা বিচাৰি অনা ঢেঁকীয়া শাকখিনি দিনে-পোহৰেই ভালকৈ কাটি-কূটি থিক-থাক কৰাৰ বাবে ভানুপ্ৰিয়া বুঢ়ীয়ে পীৰাখন ঘৰৰ পৰা উলিয়াই আনিলে| কটাৰীখনৰ নালটোও সুলকি গৈছে| নাল নথকা কটাৰীৰে আঞ্জা কাটিবলৈ অসুবিধা পাই বুঢ়ীয়ে গজাল এটা মাৰি কটাৰীৰ নালটো লগাম বুলি চেষ্টা কৰোতে নালটোৱেই ভাগি থাকিল| এতিয়া নাল এটা লগাই দিবলৈ বুঢ়ীৰ ঘৰতনো আহিব কোন! টৰ্জাৰে সজোৱা এটা কোঠাৰ ঘৰটোৱেই বুঢ়ীৰ বাসস্থান| যোৱা তিনিটা মাহ বুঢ়ীয়ে এনেকৈয়ে কটাইছে| নিজৰ গিৰিয়েকৰ আৰ্জিত সম্পত্তি, এখন প্ৰকাণ্ড বাৰীৰে এক বিশাল বস্তি আৰু পকী ঘৰটোৰ, য’ত বুঢ়ীৰ গিৰিয়েকৰ আয়ুৰেখাৰ যতি পৰিছিল, তাৰেই সন্মুখৰ পাচলি খেতি কৰা মুকলি মাটিখিনিয়েই এতিয়া বুঢ়ীৰ ঘৰ আৰু চোতাল|

পৰিয়াল বুলিবলৈ ভানুপ্ৰিয়া বুঢ়ীৰ এটা সুখী পৰিয়ালেই আছিল| দুই পুত্ৰ আৰু এজনী জী| পাচে কালৰ পাকচক্ৰত বুঢ়ী আজি অকলশৰীয়া| হওক অকলশৰীয়া| অকলশৰীয়া হ’লেও ইয়াতেই শান্তি| বুঢ়ীয়ে অফ.চি.আই.ত চাকৰি কৰা বৰপুত্ৰৰ, ডাঙৰ বোৱাৰীয়েকৰ আৰু তিনিজনী গাভৰু নাতিনীৰ কমখন কথা শুনিছেনে! ৰাতিপুৱা শুই উঠাৰপৰা ৰাতি শুৱালৈ কম গালি খাইছেনে! তথাপি তাকোতো হজম কৰি আহিছিল বুঢ়ীয়ে| সময়ৰ পৰিৱৰ্তনে নাতিনীয়েকহতৰ লগত বুৰ এক ডাঙৰ ব্যৱধান আনি দিছিল -ভানুপ্ৰিয়াই সেই কথা ভাৱিয়েইতো নাতিনীয়েকহতৰ চলন-ফুৰণ বা কাম-কাজত মাত মতা নাছিল! বোৱাৰীয়েকৰ লগত বুঢ়ীৰ ব্যৱধান আছিল আদৰ্শৰ| বুঢ়ীৰ গাঁওৰ আন মানুহৰ লগত কৰা মিলামিছা বোৱাৰীয়েকৰ সহ্য হোৱা নাছিল| কৰবালৈ ফুৰিবলৈ গৈ তেওঁৰ বদনাম গাই ফুৰা বুলি বোৱাৰীয়েকে তেওঁক প্ৰায়ে কথা শুনাইছিল| কিন্তু আচল কথা সেইতো নাছিল| বুঢ়ীৰ হাতত বুঢ়াই মৃত্যুৰ সময়ত দি থৈ যোৱা দলিলখনেই আছিল আচল কাৰণ| আৰু বৰপুতেকে? উৱলি যোৱা খেৰৰ ঘৰত তাক বুকুত সাৱটি ডাঙৰ কৰিছিল বুঢ়ীয়ে| বৰভূঁইকঁপৰ পিছৰ অনাটনৰ সময়ত নিজে নাখায়ো কিমান কষ্ট কৰিযে ডাঙৰ কৰিছিল তাক! অথচ সেই বৰপুতেকেও আজি... এখন মাত্ৰ দলিলৰ বাবে..... !!
-"খুৰী|"
-"কোন?...অ,,,আই দেখোন | আহ....|"
-" আজি উৰুকা নহয়| আপোনাৰ ব্যৱস্থা পাচে কি?"
-"ব্যৱস্থানো কি কৰিম| আগৰ বাৰীৰ পৰা দুপাতমান ঢেঁকীয়া তুলি আনিছো| এটা মানুহ| এমুঠি হ’লেই যথেষ্ট||- বুঢ়ী কথা কৈ কৈয়েই ওচৰৰ ঘৰৰে ৰমনীৰ ঘৈনীয়েকক বহিবলৈ দিবলৈ পীৰা এখন আনিবলৈ ঘৰৰ ভিতৰ সোমালেগৈ|
-"বজাৰৰ পৰা কিবা আনিব লগা আছে নেকি?"-ৰমনীৰ ঘৈনীয়েকে কথাই-কথাই সোধে|
-"চব বস্তু আছেই দে| একো নালাগে|"
-"খুৰী, ৰমেন নাহিল নেকি?"
ভানুপ্ৰিয়া বুঢ়ী কিছু সময় থমকি ৰ’ল|
গুৱাহাটিৰ হাস্পতাল এখনত চতুৰ্থ বৰ্গৰ কৰ্মী হিচাপে কাম কৰা সৰু পুতেকৰ কথা কি কব বুঢ়ীয়ে ভাৱি উলিয়াব‍ই নোৱাৰিলে| বুঢ়ীয়েতো ভাৱিছিল, সিহে আচল মানুহ| সৰু চাকৰি এটা কৰিও, পত্নী বিয়োগৰ দুখ সহ্য কৰিও,  বৰ পুতেকে বুঢ়ীক ঘৰৰপৰা উলিয়াই দিয়া বুঢ়ীক সিয়েইতো চাই আছ| মানুহেও তাকেই ভাল বুলি ভাৱে| হয়তো বুঢ়ীয়েও ভাৱি থাকিলহেতেন, যদিহে সি শেষৰবাৰ আহোতে "ম‍ই তোক চাই আছো... মাটিৰ কাগজখিনি মোৰ নামত লিখি দি " বুলি দাবী নকৰিলেহেতেন| দিলেহেতেন...কিন্তু এজন অমানুহক এই সম্পত্তিৰ গৰাকী নাপাতিবলৈ বুঢ়াই তেওঁৰপৰা কথা লোৱাৰ পিছতনো বুঢ়ীয়ে কেনেকৈ সেই মাটি কেৱল সম্পত্তিৰ লোভত "মা" বুলি মতা দুই পুত্ৰক সপি দি যাব !! নিদিয়ে...বুঢ়ীয়ে অন্তত সেই কাম নকৰে| তথাপি মানুহে নজনা কথা এটা জনাবলৈ অপাৰগ| সেয়েহে "আজিকালি সি এৰিব‍ই নোৱাৰে", "মাক নোহোৱা ছোৱালীজনীক অকলে এৰিনো কলৈ যাব", "ইমানখিনি দৰমহাৰে তাক নিজকেই নুজুৰে, মোকনো ইয়াতকৈ কি দিব" ইত্যাদি কথাৰে আনৰ লগতে নিজকো পতিয়ন নিয়াবলৈ চেষ্টা কৰে| বুঢ়ীয়ে ভাৱে, মানুহে সহজভাৱে লওক কথাবোৰ...পুতেকক কৰা ককৰ্থনা বুঢ়ীয়ে সহিব লগা হ’লে কেনেকৈনো বাচি থাকিব তেওঁ ! সেইবোৰ ভাৱিয়েই তেওঁ কথাবোৰ কাকো নকয়| তথাপিও মানুহে কিছু কিছু কথা জানে| জানিব‍ই| পোহৰ জানো কাপোৰেৰে ঢাকি ৰাখিব পাৰি? জনাৰ পিছতো বহুতে বিচাৰে, পুতেক আহক...অন্তত উৰুকাৰ দিনাখন মাকৰ লগত সিহতে এসাজ খাওক..! কিন্তু নাহে.... |
-"অৱশ্যে তাৰো দিগদাৰিয়েই দিয়কচোন| ইমান খেলিমেলিৰ মাজতনো কেনেকৈ আহে সি?" ৰমনীৰ ঘৈনীয়েকেৰ কথাত বুঢ়ীৰ গাত তত আহিল| ভাগ্যে তেওঁলোকে একো গম পোৱা নাই|

-"পাৰিলে সি নহাকৈ নাথাকে|"
-"অ, তাকেইতো |"
-"পাছে ছুটিয়েই নাপায় নহয় আজিকালি...তাতে ছোৱালীজনীয়েও দিগদাৰি দি থাকে|"
-"অকলে অকলে তাৰো বৰ দিগদাৰিয়েই হৈছে|"
-"কি কৰিবি আই, ছোৱালীজনীৰ বাবেই চিন্তা হৈছে|"
-"এজনী গোটাই লোৱা হ’লেই ভাল আছিল নেকি?"
-"কৈছো...পাছে তাৰহে সেইফালে মন নাই|"
-"কি কয়?|
-"ছোৱালীজনীক মাহীমাকৰ হাতত গোটাব মন নাই হেনো|"
-"কেইদিনমান ৰওকচোন.... মত সলনি হয়েই বা..|"
-"তাকেই কৰিব লাগিব আৰু...নহ’লেনো কৰিবি কি !"
-"পাচে খুৰী, এও এবাৰো খবৰ লোৱা নাই?" বুঢ়ীৰ বৰপুতেকৰ ঘৰৰফালে ইংগিত কৰি ৰমনীৰ ঘৈনীয়েকে সুধিলে|
-"লব দিয়া ! দুপৰীয়াতে প্ৰকাণ্ড মাছ এটি অনা বুলি পোনাকণে দৌৰি আহি কৈ গৈছে|"
-"পোনাকণক আহিব দিয়ে নেকি?"
-"নাই নিদিয়ে| পাছে জানাইতো..ল’ৰা মানুহৰ মন| মনে মনে পাক মাৰি যায় সি| পাচে কেতিয়াবা দেখিলে মাতি নি পিটন দিয়ে| তেতিয়াহে বেয়া লাগে|"
-"বেয়া লাগিব‍ই দিয়কচোন| সিনো কি দোষ কৰিছে|" আৱেগত, দুখত বুঢ়ীৰ চকু চলচলীয়া হৈ পৰে|

একমাত্ৰ নাতিয়েক পোনাকণ| বয়স সাত বছৰ অতিক্ৰম কৰায়েই নাই| ডাঙৰ মাকে তাকো আইতাকৰ লগত কথা পতাত বাৰণ কৰিছে| বুঢ়ীৰ লগত কথা পাতিলে চুৱা লাগিব, পাৰাচিত হব লাগিব..আদি কিমানযে গালি, শাও দুয়ো আইতাক-নাতিয়েকক| তথাপি পোনাকণ বুঢ়ীৰ তালৈ আহে| মাকে গম নোপোৱাকৈ আইতাকৰ জুপুৰীত আইতাকে ৰন্ধা আঞ্জা খায়, কেতিয়াবা আকৌ ভাজি দুটুকুৰা লৈ দৌৰে| সিহতৰ ঘৰত আলহী আহিলে আলহীয়ে অনা খোৱাবস্তু মিঠাই হাতৰ মুঠিত লৈ কাষৰ ঘৰেৰে ঘূৰি আহি মাকে গম নোপোৱাকৈ আইতাকৰ বহা পায়হি| তথাপি বুঢ়ীৰ বেয়া লাগে| আগৰ দৰে পোনাকণক এতিয়া তেওঁ সাধু শুনাব নোৱাৰে, দুষ্টামি কৰিলে দাবী-হুমকিও দিব নোৱাৰে| যেন সকলো ফালৰপৰাই বুঢ়ী অকলশৰীয়া, বঞ্চিতা| প্ৰথমতে বুঢ়াই এৰি থৈ গ’ল| তাৰ পিছত সৰু বোৱাৰীয়েক| সৰু বোৱাৰীয়েকৰ মৃত্যুৱেই সকলোখিনি খেলিমেলি লগাই থৈ গ’ল| বেমাৰত তেওঁ হাস্পতালত পৰি থকা অৱস্থাত বৰ পুতেকে ইচ্ছা কৰিলেতো অলপ টকা দি উন্নত চিকিত্‍সাৰে ভাইবোৱাৰীয়েকক বচাব পাৰিলেহেতেন! কিন্তু সি নকৰিলে| আনকি এবাৰলৈ খবৰ লবলৈ যোৱাৰ প্ৰয়োজনবোধো সি নকৰিলে| আৰু যেতিয়া ভাইবোৱাৰিয়েকৰ মৃতদেহ সত্‍কাৰ কৰিবলৈ ঘৰৰে আম গছৰ ডাল দুটা কাটিব গ’ল, ঘৈনীয়েকৰ কথামতে গঞাক সি কটু বাক্য শুনাই খেদিলে| তাৰ প্ৰতিবাদ কৰাটোৱেই বুঢ়ীৰ অপৰাধ আছিল নেকি তেন্তে? নে বুঢ়ীক খেদি সকলো সম্পত্তি হস্তগত কৰাৰ চল আছিল সেয়া? ভানুপ্ৰিয়া বুঢ়ীৰ মনটো লাহে লাহে ভাৰাক্ৰান্ত হৈ পৰিল| উৰুকাৰ ৰাতিৰ চঞ্চলতা আন মানুহৰ ঘৰত যিমানেই লাগি আহিল, বুঢ়ীৰো মনটো সিমানেই অতীতলৈ উৰা মাৰিবলৈ ধৰিলে| ৰমনীৰ ঘৈনীয়েকে যেন এক নতুন অধ্যায় মনত পেলাই থৈ গ’ল| উমি উমি জ্বলি থকা জুইকুৰা ভমককৈ জ্বলি উঠিল| অলপ অলপকৈ সকলো কথায়েই বুঢ়ীৰ মনত পৰিবলৈ ধৰিলে| ডাঙৰ বোৱাৰিয়েকৰ কথামতে শত্ৰুজ্ঞান কৰি কম অন্যায় কৰিছিলনে তেওঁ ৰমনীহঁতৰ| আৰু আজি সুখে-দুখে তেওঁলোকেইতো বুঢ়ীক মাতষাৰ দি আছে| ৰমনীৰ উকীল জীয়েকে খাটি-খুটি চৰকাৰী টিউৱেল আনি নিদিলে বুঢ়ীয়ে খোৱা পানীৰ অভাৱতেই দেখোন মৰিব লগা হলহেতেন; ৰমনীয়ে নিজৰ বজাৰ কৰোতে বুঢ়ীলৈও বজাৰ কৰি আনিছে| এই সকলোবোৰ তেওঁৰ প্ৰায়চিত্ত নহয়নে? নিজৰ পুতেকতকৈ কোনখিনিতনো কম কৰিছে ৰমনীয়ে, ৰমনীহতঁৰ পৰিয়ালে|

 ভাৱৰ সাগৰত, স্মৃতিৰ সাগৰত ডুব গৈ থকা অৱস্থাতেই বাহিৰত কাৰোবাৰ ভৰিৰ খোজৰ শব্দ শুনি বুঢ়ী চাকিগছ লৈ বাহিৰলৈ ওলাই গ’ল| ৰমনীৰ ঘৈনীয়েক আহিছে| হাতত বাতি এটাত অলপমান দৈ, প্লেট এখনত অকনমান ক্ৰীম আৰু কাগজ এখিলাৰে মেৰিয়াই অনা পনীৰৰ টুকুৰা কেইটা বুঢ়ীলৈ আগবঢ়াই তেওঁ কলে-"বিজয় আহিছে| সি আকৌ দৈ-ক্ৰীম ভাল পায়| ৰাস্তাতে পাই অলপমান লৈ আহিছে| তাৰে অকনমান আপোনালৈ লৈ আহিছো|"
-"ইছ... কিয় আনিছা আই| এনেয়েও খাবলৈ মনেই নাই| তথাপি সুদা ভাত এগৰাহ বহাই ঢেঁকীয়াৰে খাম বুলি ভাৱিছিলো|"
-"ৰাতিখননো কিয় ঢেঁকীয়া খাব লাগে? আজি সকলোৱে মাছে-মঙহেখাব| আৰু আপুনি বিধবাগৰাকীয়ে গাখীৰটোপাও নাখাবনে! আৰু আপোনাৰ কোনো নাই বুলিও নাভাৱিব| আমি এতিয়াও অমানুহ হৈ যোৱা নাই নহয়|"

ৰমনীহতঁৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধাত বুঢ়ীৰ মূৰ দো খাই গ’ল| যিখন সমাজত পুতেকে মাকক ঘৰৰ বাহিৰ কৰি দিব পাৰে, বেমাৰী মাকক দৰৱ আনি দিবলৈ পুতেকৰ সময় নোহোৱা হব পাৰে, তেনে সমাজতেই ৰমনীহতঁৰ দৰে মানুহো থাকেনে! দুখৰ মাজতে, অনুশুচোনাৰ লগতে বুঢ়ীৰ অলপ আনন্দও লাগি গ’ল| তেওঁ অকলশৰীয়া নহয়| পৰিয়ালৰ মানুহে একো নাভাৱিলেও তেওঁৰ কথা ভাৱিবলৈ এতিয়াও মানুহ আছে| ইয়াতকৈ তেওঁ আৰু একো নিবিচাৰে| অমানুহৰ মাজতো আজি ভানুপ্ৰিয়া বুঢ়ীয়ে মানুহৰ সম্ভেদ পাইছে| এইখিনি চাবলৈয়েতো ৰৈ আছিল বুঢ়ী| এতিয়া মাথো এটা কাম বাকী - বুঢ়ীয়ে সেই কামটো‍ও সোনকালেই কৰি পেলাবলৈ ঠিৰাং কৰিলে|

িমিক-ঢামাককৈ জ্বলি আছে চাকিগছ| সন্মুখৰ মুকলি পথাৰখনত চেঙেলীয়া ল’ৰামখাই উৰুকাৰ ভোজ খাই হাল্লা কৰি আছে| বুঢ়ীয়ে চন্দুকটো খুলি কাপোৰৰ তলত জাপি থোৱা দলিলখিনি উলিয়ালে; যিখিনি দলিলৰ বাবে বৰপুতেকে বুঢ়ীক ঘৰৰপৰা উলিয়াই দিলে, সৰু পুতেকে মাথো খৰছখিনি দিয়েই মাকক পুহি ৰখাৰ দায়িত্ব পালন কৰি গ’ল, সেইখিনিয়েই এইখিনি দলিল| এয়া যেন মাটিৰ দলিল নহয়, বুঢ়াৰ পৰিচয়হে| আৰু সেই পৰিচয়ক বুঢ়ীয়ে অবাটে যাব দিব নোৱাৰে| সেয়েহে সেইখিনি দি যাব ৰমনীৰ হাতত| বুঢ়ীয়ে ভাত খাই উঠি যোগাৰ কৰি থোৱা কেৰাহীৰ মিহি ছাইখিনি তেলেৰে সৈতে মোহাৰি লৈ পোনাকণৰ হাতৰপৰা ৰখা উকা কাগজখিলাত টিপচহী এটি মাৰিলে| তাৰপিছত গোটেই কাগজখিনি লৈ বাহিৰ ওলাল| বাহিৰত তেতিয়াও ল’ৰামখাই গোলমাল কৰিয়েই আছিল| বুঢ়ী হাতৰ সাৰে ভৰিৰ সাৰে ৰমনীৰ ঘৰলৈ বুলি আগবাঢ়িল| ৰমনীৰ ঘৰৰ সকলো মানুহ তেতিয়া নিহপালি দিছে| কাগজখিনি ৰমনীৰ ঘৰৰ কোনোৱাখিনি সুৰক্ষিত ঠাইত থব পাৰিলেই বুঢ়ীৰ দায়িত্ব শেষ| তেৱো গুছি যাব পাৰিব বুঢ়াৰ দেশলৈ| য’ত মানুহ-অমানুহ কোনো নাথাকিব| আত্মগ্লানিত ভূগিবলৈও নাথাকিব একো| আজিয়েই হব ভানুপ্ৰিয়াৰ শেষ নিশা| আপোন বুলি তেওঁ যাক ভাৱি আহিছে, তেওঁলোকৰ বাবেই যেতিয়া পৰ হৈ পৰিছে, বাছি থকাতকৈ আত্মহত্যা কৰিব তেওঁ|

বুঢ়ীয়ে লাহে লাহে ৰমনীহতৰ বাৰান্দাত ভৰি দিলেগৈ| বাৰান্দাৰ এচুকত থকা টেবুলখনৰ ওপৰত থকা বটাখনত কাগজখিনি থ’লে| কাগজখিনি থৈ তেওঁ চিধা হৈ থিয় দিলে| দীঘল গুমুনিয়াহ এটি ওলাই গ’ল তেওঁৰ| শেষ| সকলো খেলিমেলিৰ শেষ| সকলোখিনি অথন্তৰৰ আজি শেষ কৰিলে তেওঁ| এজন যোগ্য ব্যক্তিৰ হাতত গোটালে মাটিৰ দলিলৰূপী মৰ্যাদাবোৰ| বুঢ়ী লাহে লাহে চোতাললৈ নামি আহিল| হঠাতে কাষৰপৰা কোনোৱা আহি বুঢ়ীৰ হাতত ধৰিলেহি| বুঢ়ী উচপ খাই উঠিল| চাই দেখিলে-এজন সৰু ল’ৰা| সেয়া দেখোন পোনাকণ-"আইতা, মনে মনে| কোনোৱাই গম পাব| দেউতা বাহিৰত উঠিছে|" সি ফুচফুচাই আতাকক ক’লে| বুঢ়ী তাৰ পিনে চাই অবাক হৈ ৰৈ গ’ল| তেওঁৰ চকু দুটা ডাঙৰকৈ মেল খাই ৰ’ল|

বুঢ়ীয়েতো নাজানে, কিমান যুদ্ধ কৰি, কিমান বুদ্ধি কৰি পোনাকণে দেউতাকৰপৰা পথাৰৰ ভেলাঘৰত থকাৰ অনুমতি লৈ বুঢ়ীৰ সৈতে উৰুকা খোৱাৰ পৰিকল্পনা কৰিছিল..আৰু দেৰিকৈ হ’লেও কোনোৱে গম নোপোৱাকৈ যেতিয়া আইতাকৰ বহা পাইছিল, আইতাক ঘৰৰ ভিতৰত নাছিল, তাৰ ঠাইত খোলা দুৱাৰেৰে ৰমনীহতৰ ঘৰৰ ফালে গৈ আছিল এটা ছায়ামূৰ্ত্তি..... |

ৰচনাকাল: ২২/০৩/২০১২
 

No comments:

Post a Comment