ৰূম নং ১০। প্ৰথম মহলা, নতুন বিজ্ঞান ভৱন।
দোলক বেঞ্চ এখন আনি “বাৰ পেণ্ডুলামে”ৰে সজোৱা হৈছে অস্থায়ী মঞ্চ। এক পূজাৰ মঞ্চ। বিশ্বকৰ্মা
পূজাৰ মঞ্চ। ৰাতিপুৱাৰেপৰা সংগ্ৰহ কৰা পূজাৰ যোগাৰেৰে আৰম্ভ হৈ গৈছে পুৰোহিতৰ পূজা।
সকলোৰে পিন্ধনত উৎসৱমুখৰ আয়োজন। হবই। বিশ্বকৰ্মা পূজায়েতো আদৰে শাৰদী উৎসৱক।
পূৱালী ৰাতিপুৱাই আহিছে। আহিয়েই ৰূমত ঝাৰু
দি মচাৰপৰা সকলোখিনি কৰিছে। কৰবীয়ে “আইতা”ৰ দৰেই মাহ-প্ৰসাদৰ ব্যৱস্থা কৰি প্ৰমাণ কৰি
দিছে যে “আইতা” নামটো তাইৰ বাবে অযোগ্য নহয়। ৰুবুলো ৰাতিপুৱাই আহিছে। যিজন ল’ৰা দেৰীকৈ
শুই উঠাৰ বাবে প্ৰথম দুটা ক্লাছ কেতিয়াও ঢুকি নাপায়, সেইজন ল’ৰাক কলেজ চৌহদত সোমায়েই
দেখিবলৈ পোৱাটো ভাগ্যৰ কথা বুলিয়েই কব লাগিব আৰু সেই সৌভাগ্যকণো মোৰ হৈছিল।
ঠিক পাঁচ বজাতেই ওলাইছিলোঁ ঘৰৰপৰা। ১২ কিঃমিঃ
দূৰ। এঘণ্টাৰ ৰাস্তা। বাটত সোমাব লগীয়া দুঘৰৰপৰা ওলাই কলেজ পাওঁতে ৭ বাজো বাজো হৈছিল।
সোমায়েই ৰুবুলক লগ পাই চাহ একাপ খাই ডিপাৰ্টমেণ্ট সোমাওঁতে ৭ বাজি গৈছিল। ডিপাৰ্টমেণ্টত
তেতিয়া ৰিংকু আৰু অনিমেষৰ বাহিৰে আন কোনো আহি পোৱা নাই। অথচ পৰি হাজাৰ কাম। পূজাথলী
ঠিক কৰিব আছে, মণ্ডপ সজাবলৈ আছে, অভ্যৰ্থনাথলী ঠিক কৰিব আছে, ৰান্ধনিঘৰৰ কাম আছে। অৱশ্যে
আগদিনাখনেই টেণ্ট হাউচৰপৰা বাচন-বৰ্তনখিনি আনি থোৱা হৈছে। তথাপি হাজাৰটা কাম। অথচ আমি
চাৰিজনহে মানুহ। আমি দৌৰাদৌৰিকৈ কামত লাগিলোঁ। ৰুবুল আৰু অনিমেষক ৰান্ধনিঘৰৰ কাম চম্ভালিবলৈ
দি ৰিংকু আৰু মই লাগি গলোঁ পূজাথলী সাজু কৰাত। ঠিক কৰা হ’ল ১০ নম্বৰ ৰূম হব আমাৰ পূজাথলী,
৯ নং ৰূমত সকলোৱে বহিব, চূড়ান্ত বৰ্ষৰ শ্ৰেণীকোঠা তথা ১ নং পৰীক্ষাগাৰ হব অভ্যৰ্থনাথলী
তথা নৱাগত আদৰণিৰ থল। লেব-৩ ত ৰান্ধনিঘৰ সজোৱা হব। ভবামতেই কাম। ইতিমধ্যে কনক খুৰা
আহি পাইছিলহি। ৰান্ধনিও হাতত খন্তি-জেজৰা লৈ হাজিৰ হৈছিলহি। যদিও আমি চাৰিওজন কামত
লাগি আছিলোঁ, ৰান্ধনিও তেওঁৰ স্থান সুবিধা কৰাত লাগি গ’ল। আমি যেতিয়া ১০ নং ৰূমৰ পৰা
ডেক্স বেঞ্চবোৰ উলিয়াইছিলোঁ, হাতত এটোপোলা ফুল তুলসী লৈ উচ্চও আহি পাইছিলহি। ডেক্স
বেঞ্চবোৰ উলিয়াই কাঠৰ প্লেটফৰ্মখন ভালকৈ পাৰি তাৰ ওপৰত “পেণ্ডুলাম বেঞ্চ”ৰে পূজাৰ মঞ্চ
সজালৈকে হাতত ঝাৰু লৈ পূৱালী আৰু কৰবীও আহি পাইছিল। পংকজ আৰু সমৰ পূজাৰ যোগাৰ লৈ আহি
পাইছিলহি। মুঠতে ১০-১৫ মিণিটৰ ভিতৰতে কৰ্মী মৌৰে ভৰি পৰিছিল আমি নিজে পতা মৌচাক। জোৱাৰ
উঠিছিল হাঁহিৰ, সমানে চলিছিল আড্ডা। তথাপি ৰৈ থকা নাছিল কোনো কাম। কোনোবাই যদি বজাৰৰ
পৰা আনিবলৈ বাকী থকা বস্তুকেইপদ অনাৰ বাবে দৌৰিছিল, কোনোবাই আকৌ ৰং-বিৰঙী কাগজ কাটি
সজোৱাত লাগিছিল নৱাগত আদৰণি তথা মত বিনিময়ৰ মঞ্চ। কোনোবাই আকৌ ৰান্ধনিশালত ৰান্ধনিৰ
সহযোগী হৈ পৰিছিল। কনক খুৰাই সকলোকে সুন্দৰভাৱে দিহা পৰামৰ্শ দি গৈছিল। পি.কে চাৰো
আহি পাইছিল। তদাৰক কৰিছিলহি আমাৰ কাম আৰু পূজাৰ কাম।
সুন্দৰভাৱে চলি গৈছে পূজাৰ আয়োজন। পদাৰ্থ
বিজ্ঞান বিভাগত প্ৰতিবছৰে পতা বিশ্বকৰ্মা পূজাভাগৰ কামৰ পৰা একেবাৰে চিনিয়ৰসকলক যদিও
আমি বিৰতি দিছিলোঁ, তেওঁলোকো কিন্তু সময়মতেই আহি পাইছিলহি। সকলো একে সময়তে ব্যস্ত হৈ
পৰিছে। কোন চিনিয়ৰ, কোন জুনিয়ৰ তাৰ বাচ-বিচাৰ কোনেও ৰখা নাই। পূৱালী-কৰবীয়ে এফালৰ পৰা
ঠাইবোৰ সাৰি-মচি চিকচিকীয়া কৰি গৈছে। যেন ঘৰত পতা কিবা অনুষ্ঠানহে। এটা পৰিয়াল যেন
লাগিছিল আমাৰ।
যথা সময়ত পুৰোহিত আহি পূজাত বহিছিল। লাহে
লাহে কমি আহিছে কামবোৰ। সময়ো আগবাঢ়িছে। ৰাতিপুৱাই অহা ল’ৰা-ছোৱালীবোৰ। যিসকলৰ থকা ঠাই
কলেজৰ ওচৰতে, তেওঁলোক গা-পা ধুই আহোঁ বুলি গৈছিলগৈ। ৰান্ধনিশাল তেতিয়া ব্যস্ত আছিল
সুস্বাদু ব্যঞ্জন সাজু কৰাত। অভ্যৰ্থনাথলীৰ কাম শেষ কৰি তাতে লাগি থকাকেইজন অলপ ওলাই
গৈছিল। যিমান হ’লেও ডেকা-গাভৰুৰ বাবে বিশ্বকৰ্মা পূজাৰ দিনাখন পূজাৰ বাহিৰেও আন এক
গুৰুত্বও আছিল। যদিও সৰস্বতী পূজাতকৈ কম আছিল এই গুৰুত্ব, তথাপি বহুতে এই দিনটোলৈ আশাৰে
বাট চাই ৰৈছিল। কোনোবাই যদি কৰিছিল প্ৰেম প্ৰস্তাৱৰ আশা, কোনোবাই আকৌ নতুনকৈ কাৰোবাক
নতুন দৃষ্টিৰে চোৱাৰ আশাত ৰৈ আছিল। মুঠতে এই দিনটোত ৰূমৰ ভিতৰতে কোনোবা ডেকা-গাভৰু
সোমাই থাকিব বুলি ভবাটো আছিল ভুল। কামবোৰ শেষ কৰি আমাৰবোৰো ওলাই গৈছিল। হয়তো কিবা কামত,
অথবা শাৰদী বতাহ লবলৈ। উদ্ভাসিত মনেৰে, শাৰদী সাজেৰে সকলোৱে উৎসৱৰ বতৰত আনন্দেৰে জাহ
যাবলৈ সাজু হৈছিল। ৰৈ গৈছিলোঁ মাথোঁ মই।
মই প্ৰায় অকলশৰে ৰৈ গৈছিলোঁ ডিপাৰ্টমেণ্টত।
উপেনহঁতে লগ ধৰিছিল বাহিৰলৈ যাবলৈ, মইহে কিবা অজুহাত দেখুৱাই যোৱা নাছিলোঁ। মন যোৱা
নাছিল ওলাই যাবলৈ। সকলোবোৰ আহি যেতিয়া ডিপাৰ্টমেণ্ট উখল-মাখল কৰি ৰাখিছিল ব্যস্ততাৰ
বাবে কলৈকো চাবলৈ আহৰি পোৱা নাছিলোঁ। আৰু ব্যস্ততা কমি অহাৰ লগে লগে আৱৰি ধৰিছিলহি
চিন্তাবোৰে। মই এনেয়ে আহি কমন ৰূমৰ কাষৰ বাৰান্দাৰ ৰেলিঙত আওজি কৰিডৰৰ ফালে মুখ কৰি
থিয় হৈ আছিলোঁ। তেতিয়া মনটো জুমুৰি ৰাখিছিল খেলিমেলি কিছুমান চিন্তাই। কৰিডৰেৰে পাতল
পাতল খোজেৰে পুৰন্দৰ দা আহিছিল। বজালী কলেজৰ আজন্ম প্ৰেমিক পুৰন্দৰ দা। ক্লাছত চাৰ
সোমোৱাৰ আগৰ সময়খিনিত শ্ৰেণীকোঠাত সোমাই নিজৰ ধৰণেৰে ব্লেকব’ৰ্ডত ৰসায়ন বুজোৱা পুৰন্দৰ
দা। মানসিকভাৱে ভাৰসাম্যহীন ৰসায়নবিদ পুৰন্দৰ দা। ইফালে সিফালে চাই আয়োজনৰ বুজ লোৱাৰ
ভংগীমাৰে পুৰন্দৰ দাই মোৰ ফালে চাই ১০ নং ৰূমৰ ফালে গৈছিল। এৰা, কি যে জীৱন। অথচ নাই
কোনো টেন্শ্যন। কোনো চাপ নাই, চিন্তা নাই। তেওঁৰো মোৰ নিচিনাই হৈছিল নেকি? অযথা দায়িত্ব
লবৰ বাবেই তেওঁকো ঘৰৰ পৰা চাপ দিছিল নেকি? নে কি হৈছিল ! ইমান চাপ দিয়াৰ প্ৰয়োজন জানো
আছে? নে খৰচ বহন কৰাটোৱেই আছিল ঘৰবোৰৰ একমাত্ৰ চিন্তাৰ কাৰণ? দেউতাইতো মোক বহুত মৰম
কৰিছিল…. মাছ মাৰিবলৈ যাওঁতেও কান্ধত তুলি নি নৈৰ পাৰত বহুৱাই থৈছিল! তেন্তে এই পট
পৰিৱৰ্তন কিয়! ইফালে সিফালে চাই পুৰন্দৰ দা যোৱা বাটেৰে ওভতি আহিছিল। হয়তো নিজে বিচৰা
ধৰণে একো পোৱা নাছিল….. হয়তো কেৱল বুজ লবলৈহে আহিছিল। হয়তো দেউতায়ো কিবা বুজ লবলৈকে
সেইখন নাটক কৰিছিল…… হয়তো কিবা ভুল ভাবিছিল মোৰ বিষয়ে…কিজানিবা তেওঁৰ মৰমৰ সন্তান কিবা
বেয়া পথেই লৈছে….। কিন্তু মোৰ ওপৰত তেওঁৰ ইমানখিনিও বিশ্বাস নাছিলনে? ইমানখিনিও ভৰসা
নাছিলনে, যে কোনোবাই যদি কিবা কৈছেও তাকেই মানি লব। তেওঁ এবাৰো ভাবিছিলনে, মই কোনো
লাইন পঢ়িবলৈ নোযোৱাৰ কাৰণবোৰ। চব খেলিমেলি হৈ গৈছিল। সুন্দৰভাৱে আগবাঢ়িবলৈ ধৰা মোৰ
দিনসূচীত আউল লগাই দিছিল এটা গধূলিয়ে। দেউতা আছিল সেই গধূলিৰ নায়ক। নায়ক নে খলনায়ক?
যিয়েই নহওঁক তেৱেই আছিল মূল চৰিত্ৰ। আৰু মই হৈ পৰিছিলোঁ মাথোঁ এটি মাধ্যম। আৰু সেই
গধূলিটোৰ পিছৰ প্ৰতিটো ক্ষণ মোৰ বাবে হৈ পৰিছিল একো একোটা পৰীক্ষা। প্ৰতি খোজতে মই
পৰীক্ষা দিব লগা হৈছিল। ১০ নম্বৰ ৰূমৰ পৰা শংখধধনি বাজি আহিছিল। ঘণ্টাৰ শব্দৰ মাজে
মাজে ভাঁহি আহিছিল উচাৰিত মন্ত্ৰবোৰ। শংখধধনিৰ শব্দও যেন মোৰ বাবে হৈ পৰিছিল যুদ্ধৰ
শংধধনি। কাৰ লগত আছিল এই যুদ্ধ? কোনে বজাইছিল শংখ? কথাবোৰ এটা এটাকৈ মনত পৰিবলৈ আৰম্ভ
কৰিছিল। প্ৰতিটো কথা যেন মোৰ বাবে হৈ পৰিছিল একো একোটা শংখধধনি। দেউতাৰ মাতটো যেন হৈ
পৰিছিল এক শংখধধনি। জীৱনৰ যুঁজৰ আখৰাত ননমাকৈয়ে মই নামি গৈছিলোঁ যুদ্ধক্ষেত্ৰত। সেই
যুঁজৰ প্ৰথম সিদ্ধান্ত আছিল ঘৰৰ পৰা এটকাও নোলোৱা। সেই সিদ্ধান্তমৰ্মেই এযোৰ পুৰণি
পোচাকেৰে মই আহিছিলোঁ পূজা পাতিবলৈ। হাতত এটকাও নথকাকৈ লোৱা সিদ্ধান্ত ৰূপায়ণত মই ভূগিব
লগা হৈছিল যমৰ যাতনা। কোনেও গম পোৱা নাছিল সেই যাতনাবোৰৰ কথা। পূৱালীয়েও, আলোছায়ায়ো।
গম দিয়া নাছিলোঁ কাকো। বাদ দিব লগা হৈছিল ইমন ৰেষ্টুৰেণ্টত পতা আমাৰ আড্ডাবোৰ। কোনোবাই
লগ ধৰিলেও কব লগা হৈছিল, গেষ্ট্ৰিকৰ বাবে চাহ বাদ দিলোঁ বুলি। চিন্তাৰ চাকনৈয়াতে এটা
দীঘল হুমুনিয়াহ ওলাই গ’ল……
-হ’লনে? আচ্চা, তই ক’চুন…. এই ভাৱ চিন্তাবোৰ
কৰি কি পাৱ? –পূৱালীৰ মাতত মই থতমথ খাই উঠিলোঁ। কেতিয়াযে ৯ নং ৰূমৰ ফালৰ পৰা আহি তাই
মোৰ কাষত পাইছিলহি গমেই পোৱা নাছিলোঁ।
-নাই, এনেয়ে অলপ……..
-হোবো, তই কবা নালগে। মই তোৰ কথা নাজনু নিকি?
চক্ৰেটিচ…..
-নহেয়ে, পুৰন্দৰ দা আইছিল, তাৰ কথায়ে চিন্তা
কৰি আছলু।
-হোবো আৰু। তোৰ কথা জানবা এটাও বাকী আছেনা
মোৰ !
-হোবো যদি হোবো আৰু। বিশ্বাস নকৰা নাই, মই
কি কৰবা লাগে।
-হিতু, এই ভাৱ-চিন্তাবোৰ বৰ বেয়াও। বাদ দে
এইবোৰ….. এইবাৰ কোমল সুৰত লাহে লাহে তলৰ ফালে চাই পূৱালীয়ে ক’লে।
-তোৰ আৰো কি হ’ল?
-নাই হ একো। কিছুমান কথা ভাববা গেলি পাগল
হৈ যাউং…..
-কবা পাৰা কথানা?
-কি কৰবিনু জানি? মই যিখেন অথাই সাগৰত সাউথ্ৰি
আছু, তুহাৰ কাৰণে সেটু একেবাৰে তুচ্ছ কথা…..
-……
-বোয়া নাপবি। তোক কম। কবা লাগবোয়ে। তোক নকলি
ঘটনাটুৱে আউধৰা হৈ ৰোবো।
-কি কথা….
-প্লীজ, আজি নুসুধবি….যিত্তে কবা লাগে ময়ে
তোক কম।
-…
-বুলনা, চাহ এক কাপ খাই আহুং। এতে আহোতে হোষ্টেলোৰ
চাহো নাপলু আজি। পুৱাৰ পৰা একো খাৱ নাই।
-নাযং নেকি !
-নাযং মানে? কুনবাটু চুক বুক কচ্চা নিকি?
-নাই। সেলাখেন কাৰবাৰ নাই।
-গম পাম নহে ডাৰ্কনাইট আইহলি।
-ডাৰ্কনাইট? সেটু আৰো কি বস্তু?
-আইহলি গম পাবি দে।
-এহ বুল। বৰ কামাৰ দিয়া তই…
-কামাৰ দিয়া নহে। এটা ইনফৰমেচন দিবা আছে।
-কি ইনফৰমেচন?
-ইমনত কম।
-কৈ কৈ পূৱালীয়ে মোৰ হাতত ধৰি টানি লৈ গ’ল।
অগত্যা ময়ো একান্ত বাধ্য ছাত্ৰৰ দৰে তাইৰ লগে লগে খোজ দিলোঁ।
-তোৰ বাপেৰ এই কাপুৰযুৰ কিত্তে এৰবি ক’চুন।
-তই একযুৰ দিবি, তিত্তে এৰিমযা। তোক কিন্তু
আজি টাম্মাম লাগছি দে।
-কি টাম্মাম লাগছি?
-কাপুৰযুৰ।
-অ’, ইবাৰ ঘৰৰ পোৰা আনছু।
-বঢ়িয়া লাগছি। একদম চাইট্টা চলিৰ মায়েক মায়েক
লাগছি… -ঘৰত বোৱা নবাজী ৰঙৰ কাপোৰযোৰেৰে পূৱালীক সঁচাকৈয়ে ধুনীয়া লাগিছিল যদিও তাইৰ
খং উথাম বুলিয়েই কথাষাৰ কলো আৰু পলালো। মই জানোঁ যে এই ঠাট্টাৰ উত্তৰত কেইটামান হটঙা
বাহুৰ ঘোচাই মোৰ দেহা কেয়া কৰিব।
(ক্ৰমশঃ)
No comments:
Post a Comment