Saturday, November 30, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-১০ (দ্বিতীয় অধ্যায়)


কলেজৰ সন্মুখত যেতিয়া গৈ পাইছিলোগৈ, তেতিয়ালৈকে স্বাভাৱিকতা ঘূৰাই পাইছিলোঁ। পূৱালী এনেয়ে সহজ হৈ যাব পাৰিছিল। বন্দনা ফটোষ্টেটৰ সন্মুখত নেট বুক এখন লৈ তেতিয়া ৰৈ আছিল আলোছায়া। পূৱালীৰ ডাৰ্কনাইট।

বগা চাদৰ, খয়েৰী মেখেলাৰে গুণাৰ কাম কৰা চাদৰ মেখেলা এযোৰ পিন্ধিছিল তাই। চাদৰখনৰ গাত ফুলি আছিল অজস্ৰ তৰালেখীয়া ফুল, মেখেলাখনো আছিল ভোমোকাফুলীয়া। উদ্ভাসিত হৈ আছিল তাইৰ মুখমণ্ডল। কিবা যেন এক আভাই আৱৰি ৰাখিছিল তাইৰ মুখমণ্ডল। চাদৰখনৰ গাত থকা খয়েৰী ৰঙৰ সৰু সৰু ফুলবোৰ জোনাকী নিশা জ্বলি থকা তৰাবোৰৰ নিচিনা দেখাইছিল। মই তাইৰ এই অপৰূপ উদ্ভাসনাত মুগ্ধ হৈ পৰিছিলোঁ। গম নোপোৱাকৈয়ে তাইৰ ফালে মই চাই ৰৈছিলোঁ। মোৰ ফালে চায়ো তাই ৰৈ গৈছিল। পাছে মোৰ উদ্ভাসনাত নহয়, বৰং আচৰিত হব লগাকৈ মই পিন্ধি থকা পোচাকযোৰ চাইহে তভক মাৰিছিল তাই। হয়তো তাই বিচাৰিছিল, ময়ো অলগ শাৰদী বতাহ গাত মেৰিয়াই মতলীয়া হমহি। কিন্তু মোৰ বুকুৰ ধুমুহাৰ উমানতো তাই পোৱা নাছিল ! তাই স্বাভাৱিক হোৱাৰ দৰে মোৰ ফালে চাই মিচিকিয়াই হাঁহি এটা মাৰি আমাৰ ফালে আগুৱাই আহিল। 

-টু মিলে দিল খিলে… জীনেকো ক্যা চাহিয়ে-ইমনৰ টেবুলত মুখামুখিকৈ বহি আলোছায়া আৰু মই ইজনে সিজনৰ মুখলৈ চাই থকা দেখি পূৱালীয়ে গীত জুৰিলে। লাজ পাই মই পানীৰ গ্লাছ হাতত তুলি ল’লো।
-হোবো দে, ইমান লাজনা?
-লাজ? কিয় পূৱা?-এইবাৰ আলোছায়াই মাত লগালে।
-নহয় মানে কিবা কাৰণ থাকিবও পাৰেতো
-ধেই, তেনেকুৱা একো নহয় দে।
-হয়নে নহয় জানো নহয়….. পাচে অ’ই চক্ৰেটিছ কি খাবি ক
-খালী চাহ
-পুচকি, চাহ তিনট দি-অৰ্ডাৰ দি পূৱালীয়ে মোৰ ফালে চাই আৰম্ভ কৰিলে
-আজি বুলে আমাৰ সন্মিলনীৰ মূল বিষয় হেবো কবিতা। চবে কবিতা মাতপা লাগবো
-কি কৱ?
-অ। দেবীকা বাই কৈছি।
-মোৰ দেখুন তিত্তেহ’লি পাবলিক ইনচাল্ট হোবো আজি।
-কিয়ো হোবো। মন ৰোমাণ্টিক কৰ, ভাৱ চন্দময় কৰ, সিদ্ধান্ত সাৱলীল কৰ দেখিবি তোৰ কথাবোৰেই কবিতা হৈ পৰিছে।
-বাহ, তই দেখুন কবিতাৰ মাষ্টেন্নী হৈ প’চ্চা এ। মই হ’লি এলা কবিতা-চবিতা মাতপা নৰু দে।
-ন’ল্লি হোবো নিকি? মাতপায়ে লাগবো
-পোলোম মই
-কিয় পলাব লাগে? পূৱাই ঠিকেই কৈছে। কবিতাটো হৃদয়ত থাকে। হৃদয়ৰ ভিতৰৰ পৰা তাক পৰিৱেশন কৰিলেই হ’ল। জান পূৱা, কোনোৱাই কোৱা শুনিছিলোঁ, কবিতাৰ হেনো ঘৰ নাই..নাই কোনো নিজস্ব ভাষা। কবিতা মুখেৰে প্ৰকাশ কৰা কথাও নহয়, ই হৃদয়ৰ নিজস্ব চেতনা। সেই বাবেই চাগে কবিতাৰ বাহ হৃদয়ত।

-কিয়, হীৰুদাইতো তাকেই কৈছে। কবিতা লিখো বুলি লিখিব নোৱাৰি। নাজানো বুলিলেও ভাল কবিতা লিখিব পাৰি। তাৰ বাবে লাগে এখন বহল হৃদয়, য’ত কবিতাই বিচৰণ কৰিব পাৰে। লব পাৰে এটা সুন্দৰ ৰূপ। স্বাধীনতাই কবিতাৰ একমাত্ৰ অলংকাৰ নহয় জানো?

-এখন নাটকত এটা চৰিত্ৰ আছিল যি আছিল বোবা। কিন্তু চৰিত্ৰটো কবিতাৰ বাবে ইমনেই পগলা আছিল যে, কবিতা এটা আবৃত্তি কৰাৰ সময়ত তেওঁৰ অলপো কথা লাগি ধৰা নাছিল। কবিতাই প্ৰতিৱন্ধকতাও নেওচিব পাৰে।

আৰম্ভ হৈ গৈছিল এক ৰসাল আলোচনা। বিষয় আছিল কবিতা। আলোচনাৰ সুৰ আছিল কাব্যিক। দুজনী পাট গাভৰুৰ সুৰত আলোচনাই চন্দ লৈছিল। উদাহৰণেৰে ভৰি পৰিছিল। আমি তিনিও পাহৰি গৈছিলোঁ যে আমি এখন ৰেষ্টুৰেণ্টত বহি আছোঁ। কবিতাৰ ওপৰত যদিও সকলোবোৰ দৰ্শন বুজি পোৱা নাছিলোঁ, তথাপিও ভাল লাগিছিল কথাবোৰ। কথাবোৰ পাতি গৈছিল পূৱালী আৰু আলোছায়াই, আৰু তেওঁলোকৰ আলোচনাৰ একমাত্ৰ পাঠক হৈ ৰৈছিলোঁ মই  । কবিতাৰ আও-ভাও বুজি নোপোৱা এক কবিতাৰ প্ৰেমিক। আলোছায়াই টেবুলত ৰখা নোটবুকখন আনি কেতিয়া মেলি লৈ আঁক-বাঁক কৰাত লাগিছিলোঁ গমেই পোৱা নাছিলোঁ। 

আড্ডা লাহে লাহে গভীৰ হৈ পৰিছিল। আড্ডাৰ গভীৰতাৰ লগে লগে গভীৰ হৈ পৰিছিল মোৰ আঁক-বাঁকবোৰে। ৰেখাবোৰেও যেন কিবা এটা গঠন লব খুজিছিল। অদূৰত তেতিয়া টৰ্জাৰ বেৰৰ ফাঁকেৰে সোমাই অহা ৰদৰ ৰেখাবোৰে মজিয়াত তৰা আঁকিছিল। পূৱালী-আলোছায়াৰ আলোচনাৰ সন্নিবিষ্ট হৈছিল দুই-এফাঁকি কবিতা। নোটবুকত ৰেখাবোৰে লাহে লাহে শব্দৰ ৰূপ লবলৈ আৰম্ভ কৰিছিল। সন্মুখত বহি থকা আলোছায়াৰ চাদৰৰ পৰা তৰাবোৰ যেন তাইৰ পিছপিনে থকা মজিয়াত নৃত্য কৰাত লাগি গৈছিল। তেতিয়া চলি আছিল মিলিজুলি কবিতাৰ শ্বো’। 

ইমানো ভাল নাপাবা তুমি
ভাল পোৱাৰ প্ৰতিদানত ।
পূৱালীয়ে লাহে লাহে সুৰ আৰু চন্দৰ মিশ্ৰণত মাতি গৈছিল এটা কবিতাৰ শাৰী

তুমিতো এটি জোনাক আছিলা
তিতি গৈছিলা সপোন বৰষুণত
অভিমানৰ মৰুভূমিখন তেতিয়া শুকান আছিল।
-আলোছায়াই যোগ দিছিল সেই কবিতাত।

-জোনাকক লৈ গাইছিলা তুমি গান
তোমাৰো প্ৰেমিক হৈ পৰিছিল সপোন ।

-তোমাৰ ভালপোৱাৰ মৰুদ্যানখন শেষত পালোঁ
তাতেই তিতিলোঁ প্ৰেমৰ বৰষুণত
শব্দবোৰে জাকি পাতি
পেখন ধৰিলেহি।

-তাতেইযে ৰৈ গ’ল অভিমানৰ নদী
কাৰোবাৰ জোনাক
কাৰোবাৰ প্ৰেমৰ অভিলাষ
……..

তৰাবোৰে তেতিয়া তিৰবিৰাইছিল। শুভ্ৰৰঙী চাদৰখনে তেতিয়া মোৰ হৃদয়ত আঁকি পেলাইছিল এখন জোনাকী আকাশ। ফুলবোৰে তৰাৰ ৰূপ লৈ তাত জিলিকিছিল। চন্দ্ৰমাই কবিতাৰ নৈ বোৱাইছিল। অদূৰত সিঁচৰতি হৈ পৰি ৰৈছিল সাজলি-কাঁচলি একাঁচলি ৰ’দ। আলোছায়াৰ নোটবুকত মই অঁকা আঁক-বাঁকবোৰে এটা তৰাৰ গঠন ধৰিছিল। তাত ডাঙৰ ডাঙৰকৈ লিখা গৈছিল “তৰা”। সেই তৰা শব্দৰে বৈ আহিছিল। তললৈ…গভীৰৰ পৰা বামলৈ…হৃদয়ৰ পৰা বাস্তৱলৈ। 

-বাইদু, চাহ গৰম হল নিকি?-পুচকাৰ মাতত আমি ঘূৰি চাই দেখোঁ, চাহ তিনিকাপ টেবুলত পৰি আছে। চেঁচা হৈ গৈছে চাহ। মই নোটবুকখন জপাই আলোছায়াৰ ফালে চাই ক’লো-
-ছেঃ, তুমাৰ নোটবুকখন লেতৰা কল্লু দে…বোয়া নাপোবা।
-পাম। পাছে বহী লেতেৰা কৰা বাবে নহয়, মোক পূজালৈ নামাতা বাবেহে।
-ইস…. দেখচানা। আইভা
-নামাতিলেও আহিলোহেঁতেন। এতিয়া মাতিছা যেতিয়া যামেই আৰু
মুকলি মুকলি লাগি গৈছিল মনটো। আজি এক অবুজ পৃথিৱীৰ লগত মোৰ চিনাকি কৰাই দিছিল পূৱালী-আলোছায়াই। সপোনপুৰীত বিচৰণ কৰা যেন লাগিছিল তেতিয়া। কবিতা এনেয়ে ভাল পাইছিলোঁ, এতিয়াৰ পৰা কবিতাক বুকুত বান্ধি ৰাখিবলৈ ঠিৰাং কৰিছিলোঁ। পূৱালী তেতিয়া চাহৰ কাপ হাতত লৈ ভাৱনাত মত্ত।   



(ক্ৰমশঃ)