Tuesday, January 6, 2015

অস্তগামী আভা


বেলি লহিয়াইছে
অথচ কমা নাই পোহৰ
সময় দৌৰিছে
অথচ সকলোবোৰ ৰৈ আছে একেই ঠাইতে

অৰণ্যই চাগৈ খবৰেই পোৱা নাই
তেওঁলোকক কঢ়িয়াই লৈ ফুৰা বোকোচাখন যে ভাগি গৈছে
অনাথ নাগসমূহে বিচাৰি পোৱা নাই বুকুৰ উম
গজৰাজে প্ৰেমিকক বিচাৰি হাবাথুৰি খোৱা নাই
চৰাইবোৰেও বন্ধ কৰা নাই মৰমৰ কিৰিলি

তেওঁ আহিব
এখন উমাল বুকুত স্নেহ সিঁচি তেওঁ চৰি ফুৰিব
সিহঁতৰ মাজত।
অথচ
কোনেও নাজানে কি হব অহা দুদিনত।

চেমিনাৰখনৰ যোগাৰবোৰ বাৰু হৈ আছে,
কিন্তু অৰণ্যৰ কিতাপখন !
সেইজীয়া বতৰাবোৰ !
প্ৰেমিকাকো জানো কবলৈ নাছে
ইমান বছৰে সাঁচি ৰখা গোপন বতৰাবোৰ !

সকলোবোৰ গৈ আছে
অথচ স্তব্ধ হৈ আছে সময়।
গজৰাজে ঘাঁহনিলৈ যোৱা নাই,
বনৰজাই কৰা নাই চিকাৰ,
মৰহি যোৱা পাতখিলাও সৰি পৰা নাই,
পৰিভ্ৰমী চৰাইটোৱে এখন্তেক ৰৈ চাইছে
তেওঁ আহিব
আগৰ খোলা হাঁহিটো মাৰি কবহি
"তুহুন ইটাকলোগিন কিয়ো ৰৈ আছা"।

প্ৰকৃতিয়ে জানো নিবিচাৰে নিজৰ কবচ?
বুকুৰ ঢপধপনিটো সেইবাবেই এতিয়াও আছে
যদিও ভাগৰুৱা মগজটোৱে যুঁজি আছে ভাগৰৰ সৈতে
কোষবোৰেই চলাই আছে ৰথখন।
তেওঁ আহিব,
আহিয়েই কৰি যাব আধৰুৱা কামবোৰ।
চেমিনাৰখন,
কাজিৰঙাৰ কেম্প
অৰণ্যৰ কিতাপখন
আৰু বহুতো সেউজীয়া সপোন।
তেওঁৰ কৰ্মোদ্যমত পুনৰ জাগ্ৰত হব
অস্তগামী আভা।

(ৰাকেশ সাউদৰ আশু আৰোগ্য কামনাৰে)


No comments:

Post a Comment