Saturday, February 14, 2015

হিতেন শৰ্ম্মাৰ দিনলিপি - ১২ (২য় অধ্যায়)

বজালী মহাবিদ্যালয়ৰ ছাত্ৰাবাসত পূৰ্ণোদ্যমে চলি আছিল কামবোৰ। কোনোবাই যদি তুলিকাৰে আকাশ ঢালিছিল, কোনোবাই আকৌ অলংকাৰেৰে সজাই তুলিছিল আৰ্ট পেপাৰবোৰ। মনুজৰ কোঠাটো হৈ পৰিছিল আমাৰ গৱেষণাথলী, পৰীক্ষাগাৰ। কোঠাটো ভৰি পৰিছিল বহুকেইটা শৰৎ ভাল পোৱা হৃদয়েৰে। সকলোৰে কৰ্মত আছিল নতুন পৃথিৱী গঢ়াৰ সপোন। সেই সপোনবোৰ কিছুমান ৰং-বিৰঙী স্কেচ্ছপেনৰ ৰূপত সিঁচৰতি হৈ পৰি আছিল মনোজৰ কোঠাত। মনুজৰ এজনীয়া খাটত বহি কামবোৰ কেনেকৈ সুকলমে সমাধান কৰা যাব, কি ৰূপেৰে প্ৰকল্পটো নিয়াৰীকৈ সমাপন কৰা হব তাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাত ব্যস্ত আছিল পংকজদা আৰু সমৰে। নীম ব্লেড এখনেৰে থাৰ্ম’ক’লৰ ডিজাইন প্ৰস্তুত কৰাত ব্যস্ত আছিল। তাৰ প্ৰতিভাৰ সঁচবোৰ তেনেকৈয়ে সিঁচি গৈছিল থাৰ্ম’ক’লৰ বুকুত। কলাসমৃদ্ধ থাৰ্ম’ক’লৰ সেই টুকুৰাবোৰ লৈ ৰিদিপ আৰু মানস লাগি গৈছিল ব্লেকব’ৰ্ডখন সজোৱাত। পুতুল আৰু প্ৰাঞ্জল এজাপ কাগজৰ পাতত বন্দী শব্দবোৰক ভিন্নৰঙী স্কেচ্ছ পেনেৰে আৰ্টপেপাৰত আলফুলে বহুৱাই মুকুতি দিছিল।

আমাৰ জীৱনত অন্য এক ব্যস্ততা উপহাৰ দিছিল সাহিত্য-চ’ৰাই; এনেকৈয়ে। আমি বিচাৰি থকা ব্যস্ততা। কিবা এটা কৰাৰ বাসনাৰে শৰতৰ সৈতে মিতিৰালি পাতিব খোজা আমিবোৰৰ বাবে এক ভাল লগা ব্যস্ততা। আৰম্ভ হৈ গৈছিল সাহিত্য-চ’ৰাৰ বাস্তৱিক কাম। আমাৰ আশাবোৰে সাহিত্য-চ’ৰাৰ হাতত ধৰি এখনি প্ৰাচীৰ পত্ৰিকাৰ মাধ্যমেৰে পদাৰ্পণ কৰিছিলহি। বজালী মহাবিদ্যালয়ৰ বাকৰিত এটি ৰাঙলী বেলিয়ে লহিয়াইছিল। সেই বেলিৰ আভাত চকু মোহাৰি মোহাৰি আমি যেতিয়া থিয় হৈছিলোঁ, দেখিছিলোঁ, এক দোকমোকালি। নৱসূৰুযৰ আভাৰে উদ্ভাসিত শৰতৰ এক নতুন দোকমোকালি। আমাৰ প্ৰাচীৰ-পত্ৰিকা ‘দোকমোকালি’য়েও লহিয়াবলৈ আৰম্ভ কৰিছিলহি।
প্ৰস্তাৱনাতেই ‘দোকমোকালি’ক এক সুকীয়া ৰূপত উজলাই তুলিবলৈ ‘সাহিত্য-চ’ৰা’ই যত্ন কৰিছিল। ‘দোকমোকালি’ কেৱল সাহিত্য-চ’ৰাৰে অনুষ্ঠান হৈ নাথাকি সমূহ বজালীয়াৰ অনুষ্ঠানrঊপে গঢ়ি তুলিবলৈ আমি সকলোৱে চেষ্টা কৰিছিলোঁ। সেইমৰ্মে চেমনীয়াই ভালপোৱা প্ৰায়ভাগ শিতানকেই ইয়াৰ গণ্ডীৰ ভিতৰত সোমাবলৈ চেষ্টা কৰা হৈছিল। ছুটিগল্পৰ বাবে যিদৰে ঠাই ৰখা হৈছিল, কবিতাৰ বাবেও সমানে গৰুত্ব দিয়া হৈছিল। প্ৰবন্ধক যদি মৰ্যদাপূৰ্ণ স্থানত উপবিষ্ট  কৰাৰ কথা ভবা হৈছিল, চিত্ৰশিল্প বা কুইজ আদিও পিছত নাছিল। ৰং আৰু থাৰ্ম’ক’লৰ অপূৰ্ব ৰূপসজ্জাৰে প্ৰতিটো শিতানকে দোকমোকালিয়ে মহীয়ান কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। সেই ব্ৰতত ব্ৰতী হৈয়েই আটাইকেইজন সদস্যই লাগি আছিল মনুজৰ কোঠাত। ময়ো আছিলোঁ তাৰ মাজতে। ভালকৈ কবিতা বুজি নোপোৱা, গল্প-প্ৰবন্ধ পঢ়িবলৈ বিৰক্ত হোৱা এজন সাহিত্যৰ প্ৰেমিক। যদিও সম্পাদনাত প্ৰত্যক্ষভাৱে একো সহায় কৰিব পৰা নাছিলোঁ, ইখন-সিখন কৰি, ধৰাধৰি কৰি মোৰ বেয়া লগা নাছিল। একাকীত্বৰে ভৰি থকা প্ৰতিডোখৰ হীৰাক সহায় কৰিবলৈ মই আনন্দ পাইছিলোঁ।
-প্ৰাচীৰ পত্ৰিকা হবাক ল’গি এটা আকৰ্ষণ লাগব’এ। ‘দোকমোকালি’ক কি ৰূপেৰে সাজে আকৰ্ষিত কৰা ভাল? কুনি কি ভাবা? মোৰ ভাৱনাক, মনৰ জুঁকিয়নিক যতি পেলাই সমৰে মাত লগাইছিল।
-শব্দ শৃংখল। কাগজ আঠা লগাই থকাৰ পৰাই মনুজে মাত দিছিল।
-কুনি লেখপ’ শব্দ শৃংখল?
-উচ্চ আৰু সুকুমাৰে পাৰব’।
-আৰ’ কিবা?
-দীঘলাকে একো দিবা ন’ৰা।–ৰিদিপে মাত লগালে।
দীঘলাকে নহে, কিন্তু খাটা খাটাকেই যোদি কেটামান শিতান আমি লুগে দিবা পাৰু ভাল হোবো নিকি?
-কি দিবি আৰো?
-ছুটি কবিতা দিবা পাৰি নিকি ! – পংকজদাই মাত লগালে
-কবিতা আছেই দেখুন? কবিতাৰ কাৰোণেই দুটা শিতান ভাল হোবো জানু?
-সেতুও হোই অৱিশ্যে।
-চিঠিপত্ৰ শিতান দিবা পাৰি নিকি? – মনুজে ক’লে
পাৰি। কিন্তু চিঠিগেলা ক’ত আইভ’? কুনি ৰাখপ’? আৰো যদি বহুতখেন চিঠি আহে তিত্তে কাক ৰাখপি, কাক নাৰেখপি? – প্ৰাঞ্জলে কৈ উঠিল।
-সেটুও পাৰা যাবো। আমি ‘দোকমোকালি’ৰ লোগোত কমেণ্ট বুক এটা ৰাখি দিম। তাতে কমেণ্ট হিচাপে আহা ভাল প্ৰশ্নগেলাৰ উত্তৰ নেক্সট সংখ্যাত প্ৰকাশ কৰিম। – সমস্যা সমাধানত পুতুল দা অদ্বিতীয় কথাষাৰি পুনৰাই প্ৰমাণ কৰি পুতুল দাই সমাধানসূত্ৰ দি দিলে।
-চোবগেলা প্ৰশ্নৰ উত্তৰ দিয়াতকে চিৰিয়াচ প্ৰশ্নগেলাৰ ধেমেইলা উত্তৰ দি দিবা পাৰি। -সমৰ দাই আৰু অলপ সৰলীকৰণ কৰি ক’লে
-কিন্তু এই উত্তৰগেলা দিবো কুনি?
-আমিএ দিবা লাগবো। – ৰিদিপে ক’লে
হিতেনক কি দায়িত্ব দিছা?-পুতুল দাই এইবাৰ মোৰ পিনে আঙুলি টোঁৱালে। মোৰ বুকুখন চিৰিংকৈ উঠিল। নাৰ্ভাচনেছ এটাই হেঁচি ধৰিলেহি।
-নাই দিয়া আকো। – সমৰে টপৰাই মাত দিলে
-তিত্তেহ’লি তাকে দি দি। বাকী আমিতো আছুৱে।
-মোক নালগে নেকি ! দুৰ্বলভাৱে মই আপত্তি দৰ্শালোঁ।
-আকো নাই। ভয় নাখোবা। চব আমি লগ হৈয়ে কৰিম। মাত্ৰ কামৰ খটিয়ান ল’ৰ কাৰণেহে দিছু। -পুতুল দাৰ অভয়বাণীত অগত্যা মই মনে মনে থাকিলোঁ।
-আৰ’ এটা শিতান দিবা পাৰি। আলেবিলে হৈ ম’ৰা মানহু এটাৰ সৰু সৰু কাহিনী। ধাৰাবাহিকভাৱে দিম। – মনুজে কৈ উঠিল।
-কেনেহেনকে ভাবচা? – নীমে নিৰৱতা ভাঙি এইবাৰ মাত দিলে।
জমনি কাহিনী।
-পাৰি। তিত্তেহ’লি সেটুৰ দায়িত্ব মনুজ আৰো নীমে ল’। – অমৰে দায়িত্ব দিয়েই দিলে।
-অ’ই। আপীগেলাক কাম নেদা নেকি?
-তাহাক আকো দিয়া নাই নেকি?
-ছৱি কেটামান নিছি।
-কবিতা দি পোঠোচুন তিত্তহ’লি।
-হিতু, এই কেটা গাৰ্লচ হোষ্টেলত দি থৈ আহচুন।
-কাক দিম। পূৱালী আহাক নাই কিজানি?
-আলোছায়াক দিবি তিত্তেহ’লি। -কাট মাৰাৰ চলেৰে মনুজে মোৰপিনে চালে।
-নাই। তায়ো নাই। থাকলি হিতেনক এতে পা নিকি? – মোক জ্বলাই আটাইকেইজনে হাঁহিবলৈ ধৰিলে।
-আছে যা। মই দেখচু। – প্ৰাঞ্জলে মাত লগালে।
কবিতা লিখা কাগজ কেইখিলা লৈ মই ওলাই গ’লোঁ। বহুত দিনৰ মূৰত আজি আলোছায়াক দেখাৰ সুবিধা পাইছোঁ। সেই বিশ্বকৰ্মা পূজাৰ দিনৰে পৰা সিহঁতৰ ছাঁটোকে দেখা নাই। কৰবীক সুধোতেও পাকলগা উত্তৰ এটাহে দি থৈছিল। কি কাৰণত সিহঁত এনেকৈ লুকাই পৰিছিল গম পাইছিলোঁ যদিও সমীৰৰ আশ্বাসবাণী পাই নিৰ্ভয়ে আছিলোঁ। কিন্তু আলোছায়াহঁতেটো কথাটো গম পোৱা নাছিল। সাঁথৰে মনটো হেন্দোলনি তোলাৰ সময়তে ভিজিটিং ৰূমলৈ কৰবী, পূৱালী আৰু পিছে পিছে আলোছায়া ওলাই আহিছিল। কৰবী গতানুগতিকভাৱেই ব্যৱহাৰ কৰি গৈছিল যদিও পূৱালী বৰ চিৰিয়াচ হৈ আছিল। আৰু আলোছায়া? তাই নিৰ্বাক হৈ আছিল। তাইৰ চকুৱে কিন্তু বহু কথাই কব খুজিছিল। তাইৰ চকুত দেখিছিলোঁ ভালকৈ শুব নোৱাৰাৰ চিন। আউলী-বাউলী চুলিৰে নিজকে যেন অৱহেলা কৰিব বিচাৰিছিল তাই। এনে ৰূপত তাইক কেতিয়াও দেখা নাছিলোঁ। তাইৰ দুচকুলৈ চালোঁ। মোৰ পিনে ৰ’ লাগি চাই আছিল তাই। নিষ্পলক দৃষ্টিৰে। কি আছিল সেই দৃষ্টিত? আকুলতা ! সহানুভুতি বিচাৰিছিল নেকি তাই মোৰ পৰা? নে মোৰ কিবা কথালৈ ব্যগ্ৰ হৈ ৰৈ থকাৰ উমান আছিল সেই দৃষ্টিত? একো এটা ধৰিব পৰা নাছিলোঁ। মাথোঁ ময়ো কিছুসময় তাইলৈ চাই ৰৈছিলোঁ। অসহায়ভাৱে। অবুজ মনে তেতিয়াও ভালকৈ ধৰিব পৰা নাছিল আলোছায়াৰ দুখৰ কাৰণ। দুখ? দুখেই আছিল নে সেয়া? নে অভিমান? মোক বেয়া পাইছিল নেকি? আৰু পূৱালী? তায়োতো সলনি হৈছিল। কিয়? কেৱল অৰুণৰ কথাৰ বাবেইনে?
বহুত কথাই মনটোক উদ্বেলিত কৰি তুলিছিল। বহু কথাই সুধিব খুজিছিল অজলা মনটোৱে। কিন্তু ৰৈ গৈছিলোঁ। ভাগি পৰা সিহঁতৰ মন দুটাক অলপ জগাই তুলিবলৈ মন গৈছিল। সেই ভাৱেৰে কৰৱীৰ লগত ধেমালি কৰাত লাগি গৈছিলোঁ। মাজে মাজে পূৱালীকো টানি আনিছিলোঁ। কৰবীয়েও কথাটো ধৰিব পাৰি মোক পূৰ্ণ সহযোগ কৰিছিল। দহ মিনিটমান তেনেকৈ থাকি, পৰিস্থিতিটো অলপ পাতলাই মই ওলাই আহিছিলোঁ। তেতিয়া মোৰ মন ডুবি আছিল এশ এবুৰি প্ৰশ্নৰ মায়াজালত।
ঘৰুৱা সমস্যাৰ বাবে তিনিদিন কলেজলৈ আহিব পৰা নাছিলোঁ। তিনিদিন পিছত যেতিয়া কলেজৰ চৌহদত ভৰি দিছিলোঁ, মোৰ বাবে ৰৈ আছিল এক আশ্বৰ্য। ইউকেলিপ্টাছজোপাত চাইকেলখন আওজাই থোৱাৰ সময়তে বুৰঞ্জী বিভাগৰ লিপিকাই হিতেন, কি খবৰ? তুমাৰটো টাম্মাম হৈছি দে” বুলি কৈছিল। নোটিচ ব’ৰ্ডৰ কাষত যেতিয়া গৈ পাইছিলোঁ, দেখিছিলোঁ ‘দোকমোকালি’য়ে দেৱালাৰোহণ কৰিছে। ভিৰ ফালি ফালি দোকমোকালিৰ ওচৰ পালোঁগৈ। বৰ ধুনীয়া দেখাইছে প্ৰাচীৰ পত্ৰিকাখন। লাহে লাহে প্ৰতিটি শিতান চাই যাবলৈ ধৰিলোঁ। হঠাতে এটা কবিতাত মোৰ চকু থৰ হৈ ৰ’ল।
তৰা
সাজঁলি-কাঁচলি ৰ’দে একাজলি
হিয়াৰ দাপোনত তৰাৰ খেলা।
——-‘
দোকমোকালি’ৰ সোঁমাজত দগমগীয়া হৈ জিলিকি আছে। ‘তৰা’। মোৰ ‘তৰা’। ইমনত ভাৱনাৰ আঁক-বাঁকত সৃষ্টি হোৱা ‘তৰা’। মই থৰ লাগি ৰৈ থাকিলোঁ। বুকুত তেতিয়া পুনঃসম্প্ৰচাৰ হৈ থাকিল ইমনত কটোৱা সেই মুহূৰ্তটোৰ ছবি। ইখনৰ পিছত সিখনকৈ।
[ক্ৰমশঃ]