Monday, November 16, 2015

হিতেন শৰ্ম্মাৰ দিনলিপি - ১৪ (দ্বিতীয় অধ্যায়)

-অ’ই, কলেজোৰ কেণ্টিনখেন বুলে নতুনকে খুলবো?
-কি ক? চিওৰ না?
-চিওৰ মানে, শ্বহীদ ভৱনৰ কাষৰ ৰূমটু চাফা কৰ্বা দিছিএ
-হই নিকি?
-কিবা বেলেগ কামতো হোবা পাৰে অৱিশ্যে, নাজনু
-তোক কুনি কলাক?
-জি.এছে
-দেচুন। হ’লি ভালে হএ

প্ৰেক্টিকেলৰ ক্লাছটো শেষ কৰিয়েই যেতিয়া তললৈ নামি আহিছিলোঁ, অনিলে খবৰটো দিছিল। এটা ভাল লগা খবৰ। বজালী মহাবিদ্যালয়ৰ বহু দিন ধৰি বন্ধ হৈ থকা কেণ্টিনখন খিলিব। ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অন্ততঃ অলপ সকাহ পাব। বিশেষকৈ আমাৰ নিচিনা অলপ দূৰৈৰ পৰা আহ-যোৱা কৰা ছাত্ৰসকলে। সেই কথাটোৱেই ভাবি ভাবি চাইকেলখন উলিয়ালোঁ আৰু ঠিক উঠিব ধৰোঁতেই-
-হিতেন, ৰ’বাচুন
ঘূৰি চাই দেখো পুখুৰীৰ ফালৰ পৰা সমীৰদা আহি আছে।
-অৰুণৰ লোগোত তুমাৰ কিবা লাগছি নিকিন?
-নাইতো!
-সি কিবা-কিবি যি কই ফুচ্চি? তুমি গম নাপো নিকিন?
-নাই দেখুন। কি কৈছিনু?
-তুমাৰ আৰু পূৱালীৰ কিবা-কানি কই ফুচ্চি
-মোৰ আৰো পূৱালীৰ মাজোৰ? কি কৈছিনু? – সন্দেহৰো আওতাত নহা এটা সম্পৰ্কক দিক-বিদিক ৰাষ্ট্ৰ কৰি পেলাইছিল অৰুপে। ভুল ৰূপেৰে। সমীৰদাৰ মুখত প্ৰথমবাৰৰ বাবে শুনিছিলোঁ সেই কথা। অৰুণে কৰি ফুৰা অপপ্ৰচাৰবোৰৰ কথা। তাকো পূৱালীৰ লগত। আলোছায়াৰ লগত কিবা তেনেকুৱা কথা কলেও হয়তো মই ইমান আচৰিত হব লগা নহ’লহেঁতেন, যিমান আচৰিত হব লগা হৈছিল পূৱালীৰ লগত বুলি শুনি। আনকি অপপ্ৰচাৰতেই ক্ষান্ত নাথাকি পূৱালীকো পোনে পোনে কৈছিল অৰুপে। অবিশ্বাস্য! টু মাচ্চ! ইয়াক কিবা এটা কৰিবই লাগিব। মোৰ খঙে মূৰৰ চুলি পাইছিলগৈ।
-তুমাৰ কিবা জৰুৰী কাম আছে নিকিন ইটা?

আছিল। বৰ জৰুৰী কামেই আছিল। যেতিয়াৰ পৰাই ঘৰৰ পৰা হাত খৰচ আনিবলৈ বন্ধ কৰিছিলোঁ, এনেকুৱা জৰুৰী কাম দুই-এটাত হাত দিব লগা হৈছিল। তেনেকুৱা এটা জৰুৰী কামৰ মাধ্যম আছিল ঘৰুৱা শিক্ষকতা কৰা। হয়। মই ঘৰুৱা শিক্ষকতাৰ কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কোনেও গম নোপোৱাকৈ। মাথোঁ অনুপমৰ বাহিৰে। কিন্তু আজিৰ এই বিষয়ে মোৰ মগজুক একুৰা অগ্নিপিণ্ডলৈ ৰূপান্তৰ কৰি পেলাইছিল। মোৰ মগজু শিক্ষকৰ মগজু হৈ নাছিল, সি তৎমূহুৰ্ততে ক্ষত্ৰিয়ৰ ৰূপ লোৱাৰ যো-জা চলাইছিল।

মুখেৰে একো নোকোৱাকৈ মই চাইকেলখন পুনৰ আগৰ ঠাইতেই থ’লোঁ আৰু সমীৰদাৰ পিছে পিছে সোমাই গ’লোঁ বিজ্ঞান ভৱনৰ ৰসায়ন বিভাগৰ কৰিড’ৰেৰে। তেতিয়া লাহে লাহে মোৰ মনলৈ উভতিবলৈ আৰম্ভ কৰিছিল সকলোবোৰ কথা। পাহৰণিৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ আৰম্ভ কৰিছিলোঁ মই নভৱাকৈয়ে গুৰুত্ব পাই যোৱা ঘটনা এটা। জাৱৰ-জোঁথৰৰ মাজৰ পৰা উলিয়াই অনা কিবা লাগতীয়াল বস্তুৰ দৰে, খুৱ সন্তৰ্পণে, পৰিপাটীকৈ। নিজক জিকিয়াবলৈ আৰম্ভ কৰি দিছিলোঁ মই।

সেইদিনা মোৰ ভাগত পৰিছিল ডাৰ্কৰূম এক্সপেৰিমেণ্ট। আবেলিপৰ আছিল। ডাৰ্কৰূমত তেতিয়ালৈকে মই অকলে আছিলোঁ। মোৰ গ্ৰুপৰ নয়ন আৰু ৰুবুল তেতিয়ালৈ আহি পোৱাহি নাছিল।
-অ’ই বামুন, তই ভালকে এক্সপেৰিমেণ্ট কৰ আৰো ৰিজাল্টগেলা কালি আমাক দিবি। -মাত্ৰ এক পৰৰ বাবে দেখা দি অদৃশ্য হৈ পৰিছিল নয়ন আৰু ৰুবুল, সিহঁতৰ নিজৰ ভাগৰ কামলৈ।

অকলশৰীয়াকৈ ডাৰ্কৰূমৰ এক্সপেৰিমেণ্ট কৰাটো যে কিমান টান আগতেই দুবাৰমান পাই থৈছিলোঁ। মোৰ ভাগৰ এক্সপেৰিমেণ্টৰ বাবে হিলিয়াম লাইটটো জ্বলিবলৈ দি ওলাই আহিছিলো ফিজিকেল লেবলৈ। অন্ততঃ পোন্ধৰ-বিশ মিনিট তালৈ নগ’লেও হব। ফিজিকেল লেবলৈ আহি চাও তাতো জনসংখ্যা সেৰেঙা। তথাপি জয়ক এবাৰ কামুৰি চালোঁ। পাছে সিও ডাৰ্কৰূমলৈ নাযায়। উপায় নাপাই অৱশেষত অকলেই কিবা-কিবি কৰি সময়খিনি পাৰ কৰিব লাগিব বুলি ঠিৰাং কৰি পুনৰ ডাৰ্কৰূম পালোঁহি। ডাৰ্কৰূমৰ এটা চুকত তেতিয়াও মই জ্বলাই থৈ অহা হিলিয়াম লাইটটোৱে সম্পূৰ্ণ পোহৰ আহৰণ কৰিব পৰা নাই। তাতে আকৌ বন্ধ বাকচৰ ভিতৰত আৱদ্ধ হৈ সি অধিক দুৰ্বল হৈ পৰিছে। মাথোঁ জ্বলি থকাৰ উমান দিবলৈ বাকচটোত থকা দুটা সৰু বিন্ধাৰে অলপ পোহৰৰ বিচ্চুৰণ ঘটাইছে। এক মায়াময় পৰিৱেশে বিৰাজ কৰিছে কোঠাটো। অন্য এটা চুকত তেতিয়া অব্যৱহৃত এখন অপ্টিকেল বেঞ্চে দৈত্যৰ দৰে ক’লা মূৰ্তি ধাৰণ কৰিছে। অন্য দুটা চুকত অন্য কিছুমান আহিলা। আৰু সকলোবোৰৰ মাজে মাজে বহিবলৈ কিছুমান টুল আৰু লিখিবলৈ সৰু সৰু মেজ কেইখনমান। অন্যমনস্কভাৱে মই সোমাই আহিলোঁ। হঠাতে মই কিবা এটাৰ শব্দত থমকি ৰৈ দিলোঁ। মোৰ গাটো জিকাৰ খাই উঠিল। পুনৰ সেই শ্বটো শুনিবলৈ যত্ন কৰিলোঁ। হয়। খুক-খুকনি শব্দ এটা। কোনোবাই খুব সৰুকৈ কান্দি থকা শব্দ এটা। যেন জোৰ কৰিহে কান্দোনটো বন্ধ কৰি ৰাখিব বিচাৰিছে, কিন্তু পৰা নাই। মোৰ এক্সপেৰিমেণ্ট কৰা চুকৰ ঠিক বিপৰীত চুকৰ পৰা ভাঁহি আহিছে শব্দটো। মন কৰিলত দেখিলোঁ, কনোবাই টুল এখনত বহি মেজত মূৰ পেলাই বহি আছে। কোন সেয়া! ইহঁত বদমাচকেইটাই মোক ভয় খুৱাবলৈ এইবোৰ কৰি থকা নাইতো? মই লাহে লাহে দুই-এখোজকৈ আগুৱাই গ’লোঁ। ৰহস্যঘন পোহৰত দেখিলোঁ ছায়ামূৰ্তিৰ পৰা চূৰ্ণি লেখীয়া কাপোৰ এখন ওলমি আছে। মই নিশ্চিত হ’লোঁ, সেয়া কোনোবা ছোৱালী। এইবাৰ মই আগুৱাই গৈ তাইৰ কাষ পালোঁগৈ।

-অ’ই, কি হ’ল তোৰ?
-……….. –ছায়ামূৰ্তি নিমাত।
-পূৱা ! অ’ই পূৱা, কি হ’ল তোৰ? কান্দিছ কিয়? –এইবাৰো নিমাত। কি কৰোঁ, কি নকৰোঁ লাগিল মোৰ। নে লগৰ আন ছোৱালী কেইজনীকে মাতি দিও? পাছে কিয়বা কান্দিছে!! এক দোধোৰ-মোধোৰ অৱস্থাত অলপ সময় থিয় দি থাকিলোঁ মই।


এইবাৰ মই লাহেকৈ তাইৰ পিঠিত হেচুকি সুধিলোঁ - মুখেদি নামতিলি আমি কিংকে গম পাম কোচুন। উম, কি হৈছে কোচুন।
তাই এইবাৰ মূৰটো ডাঙিলে। লাহেকৈ থিয় হ’ল। অকনমান সংযত হৈ কান্দোনটো ৰখাবলৈ চেষ্টা কৰি হাতেৰে চকু দুটা মচিলে। কিন্তু মাত্ৰ কেই ছেকেণ্ডমানৰ বাবেহে। বুকুত স্তুপীকৃত বেদনাবোৰে পুনৰ আন্দোলন কৰি নামি আহিল হৰাহৰে। হাতৰ তলুৱাই চকুক বাধা দি ৰাখিব নোৱাৰিলে। হাত দুখনেৰে চকুদুটা ঢাকি তাই এইবাৰ হুকহুকাই কান্দি থাকিল। মই এখোজ আগুৱাই গৈ তাইক অভয় দিবলৈ চেষ্টা কৰি হাত দুখনত ধৰিলোঁ আৰু পিঠিত থপৰিয়াই কলোঁ
-দুৰ্যোগ চবৰে আহে। সেইবুলি ভাঙি পল্লি কিংকে হোবো, হা। উম। বন্ধ কৰ। হোবো আৰো।
-মই চেচ হৈ গেলু অ’ হিতেন। থোকাথুকি মাতেৰে কব খোজা কথাখিনিৰ পৰা মই এইখিনি বুজি পালোঁ।
-কিয়ো? কুনি কি কলাক?

পূৱালীয়ে কৈছিল। মই নজনা এটি অধ্যায় তাই সিদিনা মোৰ সন্মুখত উচুপি উচুপি মেলি ধৰিছিল। কৈ গৈছিল তাইৰ জীৱনলৈ জোৰ-জবৰদস্তি প্ৰৱেশ কৰিব খোজা ৰণদ্বীপৰ উদ্ভতালিৰ কথা। কলেজৰ দেৱালে দেৱালে তাইৰ বিষয়ে লিখা অশ্লীল কথাবোৰৰ কথা যিবোৰ তাই নজনাকৈ ৰণদ্বীপেই কৰিছিল আৰু তাইৰ সন্মুখত বিৰোধিতা কৰাৰ ভাও জুৰিছিল। লাহে লাহে নিজে নজনাকৈয়ে পূৱালী ৰণদ্বীপৰ ওচৰ চাপি আহিছিল আৰু ভৰি দিছিলগৈ ৰণদ্বীপে পতা এখন জালত। তথাপি সকলো আশা শেষ হৈ যোৱা নাছিল। সিহঁতৰ মাজৰ সম্পৰ্কই তেতিয়ালৈ একো নাম লোৱা নাছিল। কিন্তু হঠাৎ আজি…… বয়জ হোষ্টেললৈ সাহিত্য চ’ৰাৰ বিশেষ কামৰ অজুহাত দেখুৱাই মাতি নি ….. সকলো শেষ হৈ গ’লহেঁতেঅ, যদিহে হোষ্টেলৰ ৰান্ধনিজনে তাৰ প্লেন আগতেই গম পাই সময়মতে গৈ তাইক উদ্ধাৰ নকৰিলহেঁতেন! কান্দি কান্দি পূৱালী মোৰ বুকুত ঢলি পৰিছিল। তাইৰ ভাগৰুৱা হৃদয়ে হয়তো অলপ আশ্ৰয় বিচাৰিছিল। হয়তো এই ঘটনাৰ পৰা অলপ সকাহ বিচাৰিছিল। কাকো একো কব পৰা নাছিল তাই। আনকি লগৰবোৰকো। অনাগত এক নিশ্চিত বদনামৰ ভাগী হবলৈ তাই নিজকে সাজু কৰিব পৰা নাছিল। সেয়েহে প্ৰেক্টিকেল কৰিবলৈ আহিও পাগলৰ দৰে ঘূৰি ফুৰিছিল ইপিনে-সিপিনে। আৰু আবেগ ধৰি ৰাখিব নোৱাৰি ডাৰ্কৰূমতেই কান্দি উঠিছিল হাও-হাওকৈ।

মই তাইক অভয় দিবলৈ চেষ্টা নকৰিলোঁ। মোৰ বুকুত শোক এটাই খুন্দা মাৰি ধৰিছিলহি। প্ৰতিশোধৰ জ্বালা লাহে লাহে মোৰ বুকুতো জ্বলি উঠিছিল। একো শান্ত্বনা দিব পৰা নাছিলোঁ তাইক। শান্ত্বনা দিবলৈ আচলতে একো ভাষায়েই নাছিল। তাইৰ দুবাহুত ধৰি মাথোঁ কৈছিলোঁ-
-যা, কুখ-চকুকেটা ধুঁই লো। চকুপানীগেলা শেষ নকৰবি। পিছোত শিল বানোবা লাগবো। 

তাই অলপ শান্ত হবলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। চকু দুটা হাতেৰে মচি তেতিয়া তাই যাবলৈ ওলাইছিলহে মাত্ৰ…. ঠিক তেতিয়াই কেৰেক কৰি দুৱাৰখন মেল খুৱাই ডাৰ্ক ৰূমলৈ সোমাই আহিল ৰুবুল আৰু অৰুণ।
-মানে কথা সেইটুহে? –সমীৰদাই মোৰ কথাখিনি শুনি মাত দিছিল।
-সি তুমাহাক বোয়া অৱস্থাত দেখা বুলি কৈ ফুচ্চি। আনকি পূৱালী যে এজনী ধান্দাবাজী ছোৱালী সেনেহেন কথাও কৈ ফুচ্চি। ৰণদ্বীপৰ কথাখিনি মই অলপ চলপ জানু। ৰান্ধেনীয়ে মোক কৈছি। ৰাতি ৰান্ধেনীক মাইৰ-ধৰো কচ্চি বুলে।
-মই এলাখেন আকো গম পাৱ নাচলু। পূৱালীয়ে সিদনা কৱতহে গম পালু। মইতো আনকি ৰণদ্বীপৰ লগত তাইৰ এলাখেন কিবা চলি থাকা কথাও নাজনু। সিতো এনে মোৰ ভা ল লগেই।
-অৰুণ আৰো সি প্লেন গেলা বানৈছি। চব ৰাজনীতি।
-ৰাজনীতি মানে?
-ৰ’বা…. তুমি ইত্তে বুজি নাপোবা। মই ধৰ্বা পাচ্চু আহাৰ প্লেন।
-কি প্লেন?
-মনুজে পূৱালীক ভাল পাএ?
-উম। সেটু জানু। কিন্তু তাই নাপৈ।
-মত-অমতৰ কথাখেনি বাদ দিয়াচুন। আৰো মত নাই বুলি তুমিহে কৈছা। তাইতো ইটাও তাক হা-না আকোৱে কনাই! গতিকে মনুজ আৰো তাইৰ মাজোত টপকি দুয়োৰে মাজোত বোয়া পাৱ-পায়ি কৰাৰ প্লেন তাৰ।
-কিন্তু বোয়া কিয়ো কোৰৈ?
-কাৰণ ইলেকচন। আহা ইলেকচনত তাহাৰ এজেণ্ডা হোবো সাহিত্য চ’ৰাৰ বিপৰীত। গতিকে সাহিত্য চ’ৰাত বদনাম কেটামান তাহাক লাগে। সাহিত্য চ’ৰাৰ যিমান চাপ’ৰ্ট, সেইমতেটো তাহুন দশটা ভোটো নাপৈ, যদি সাহিত্য চ’ৰাৰ কুনবাই ভোট খেলে। গতিকে ইতাৰপৰাই সাহিত্য চ’ৰাৰ বদনাম উইলোবা পাল্লি কাম হৈ গেল। 

কথাবোৰৰ ইমান গভীৰলৈ পাক থাকিব পাৰে বুলি মই ভাবিবই পৰা নাছিলোঁ। কিবা এক জটিলতাত সোমাই গৈ আছিলোঁ। বেয়া হৈ গৈছিল কথাবোৰ। এক অস্থিৰ ভবিষ্যতৰ আশংকাই মূৰত সোমাই গৈছিল। জটিলতাবোৰে মগজুৰ দুৱাৰমুখতে পাক খাই ৰৈ গৈছিল।
-কিন্তু মোৰ বদনাম কিয়ো? ঠিক আছে, মোৰ কচ্চি কৰকে বাৰু…। পূৱালীৰ কিয়ো? তাইৰ জীৱনটো স্পইল কৰবা ওলচি কিয়ো?
-সেটুৱে মেইন টাৰ্গেট। সাহিত্য চ’ৰাৰ প্ৰতিটু সদস্যৰ বদনাম কৰ্বা পাল্লি বাকীগেলাই তাহাক চাপ’ৰ্ট কৰ্বো। 

মগজুৰ দুৱাৰমুখৰ পাকটো লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছিল। এক ভয়ানক ভবিষ্যতৰ ইংগিত পাইছিলোঁ। পূৱালীৰ মুখখনলৈ মনত পৰিছিল। আলোছায়ালৈ মনত পৰিছিল। আলোছায়া গুছি যোৱাৰ পিছত পূৱালীয়ে আছিল মোৰ নিকটতমজন। মোৰ বুকুত থকা শিলটুকুৰা তায়ে হাঁহি-ধেমালিৰে গলাবলৈ তাই সদায় চেষ্টা কৰিছিল। বুজাইছিল, সংগ দিছিল। কিন্তু তাইঅৰ ক্ষেত্ৰত? তাইৰ বুকুতোযে এটুকুৰা শিল আছিল, মই দেখোন ধৰিবই পৰা নাছিলোঁ। আৰু এতিয়া তাইৰ বুকুৰ সেই শিলচটা দেখোন মোৰ নামত সাঙুৰ খায়েই গধুৰ হৈ গ’ল। কি কৰিম এতিয়া! একো ধৰিব পৰা নাছিলোঁ। অৰুণ আৰু ৰণদ্বীপলৈ প্ৰচণ্ড খং উঠিছিল। যেন লগ পালে এতিয়াই মাৰিহে পেলাম। 
 -তুমি ইতা যাৱ। পূৱালীৰ লোগোত ইটা যেনে সম্পৰ্ক সেনেই ৰাখপা। তুমিযেন এলাখেন কথা একোৱেই নাজনা, একোৱেই গুৰুত্ব দিয়া নাই সেতু দেইখোবা। কিবা কৰবা লাগলি মই আৰো মিশ্ৰ আছু। আৰো শুনা, আৰুণে তুমাৰ লোগোত কাইজা কৰাৰ চেলু বিচৰি আছে। অলপ সাৱধানে চলবা। কাইজা ভুলতো নকৰবা। চাউচুন কি হএ….. !!

এখন যুদ্ধৰ উমান পাইছিলোঁ। যেন ডাঙৰ যুঁজ এখনৰহে আখৰা চলি আছিল সেয়া। অজানিতে মই নিজেও সোমাই পৰিছিলোঁ সেই দুঁজৰ এটা ফৈদত। অনিচ্ছাকৃতভাৱে। 

একেলগে বহুকেইখন দুদ্ধ কৰি থাকিব লগা হৈছিল। অথচ, যিখন আকাশে মোক সাহস দিছিল, যিবোৰ তৰাই মোক অনুপ্ৰেৰণা যোগাইছিল, যাৰ সান্নিধ্যই মোক বিশাল ৰূপৰ প্ৰতীয়মান হবলৈ ইংগিত দিছিল, সেই আকাশখনেই নাছিল মোৰ ওচৰত। এবুকু গভীৰ ক’লা ডাৱৰ মোৰ আকাশত এৰি গুছি গৈছিল তেওঁ, কোনোবা অচিন দেশলৈ, একো নোকোৱাকৈয়ে মোক। মাত্ৰ তিনিমাহ মান আগৰ কথা আছিল সেইবোৰ…. কিমানযে পোহৰ আছিল সেই আকাশখনত ! আৰু এতিয়া? এতিয়া তাত মাথোঁ এক মায়াময় আন্ধাৰ… ঠিক তাইৰ নামটোৰ দৰেই… আ..লো..ছা…য়া….. আলোছায়া।।

(ক্ৰমশঃ)