Sunday, February 15, 2015

অলপ ৰাজনীতিঃ দিল্লীৰ আম, অসমৰ কঠাল


সকলোৱে বহুত ধৰণৰ মন্তব্য কৰি থাকিলে আমাৰো মন যায় দিয়কচোন। তাতে ৰাজনীতি বোলা বস্তুটো ৰজনীকান্তৰ চিনেমাতকৈ অধিক থ্ৰীলাৰযুক্ত। সেয়েহে কেইটামান অনুমানকেই লগাই দিলোঁ। যেনে ধৰক-

১। দিল্লীৰ ৰাজনীতিত প্ৰথমবাৰ আপে চৰকাৰ চলায়ো এৰিব লগা হোৱাৰ সকলোৱে বেয়া পাইছিল। ইচ্ছা কৰা হ'লে আপে চৰকাৰ ধৰি থাকিব পাৰিলেহেতেন, কিন্তু নাৰাখিলে। কিয়নো, আপক নিগাজি চকী এখনৰ বাবে এই চকীখন এৰাৰ প্ৰয়োজন আছিল। এইবাৰ আপে ভালকৈ চকীখন ধৰিলে। পাছে কিমানদিন বা বহে? এনেয়েও এই ৰাজনীতিবোলা বস্তুটোৰ পৰশ পালে সাধাৰণ মানুহো অসাধাৰণ হৈ পৰে নহয়। 
২। ফলাফল ওলোৱাৰ লগে লগে চৌদিশে হৈ চৈ লাগিল। পাছে দিল্লীৰ জনসাধাৰণে আপৰ প্ৰাৰ্থীক ইমানেই ভাল পায়নে?   নে আন কিবা ফেক্টৰ আছে? যেনে ধৰক হাৱাৰ দিশত হৰ্ষবৰ্ধনক ওফৰাই কিৰণ বাইদেৱে ডাঙৰ আসন খনৰ বাবে আগবঢ়াৰ বাবে ভিতৰি ভিতৰি পদুম মৰহি পৰাগৰেণুবোৰ সৰ্বসাধাৰণৰ গাত পৰিলেহি?
৩। দিল্লীৰ মানুহৰ মন বুজা বৰ টান দেই। দুবাৰমান গৈ দেখিছোঁ নহয়, য'ত কম পইচা খৰচ তাতে খুৱাব। কিন্তু বেপাৰ কৰিব ৫ ষ্টাৰ কেটেগৰীত। অৰ্থাত, সাম্য ধাৰণামতে আপে নিশ্চয় ৰাইজৰ খৰচ কমোৱাৰ প্ৰতি গুৰুত্ব দিব। অৰ্থাত খৰচ কমিব। অন্যহাতে এবছৰতে আমাৰ ডাঙৰজীয়েটো গোটেইখন কৰ্প'ৰেট কৰ্প'ৰেট লগাইছেই। অৰ্থাত বিনিয়োগ অধিক। মানে আয় অধিক। এতিয়া দিল্লীৱালাৰ হিচাপটো চিটফাণ্ড যেন লগা নাইনে?
৪। আগৰবাৰ আপতকৈ পদুমে অধিক চিট পইাছিল। পাছে চৰকাৰ হ'লে নকৰিলে। আৰে ভাই, অধিক ভোট দি আমি তহঁতক জিকলো আৰু তহঁতে চৰকাৰ গঢ়িবলৈ পথালি আপক। এই ভাবিও আম আদমিয়ে এইবাৰ খেলাটো দেখাব পাৰে দেই। 

পাছে যি নহলেও আমাৰ ইয়াত হ'লে বেছ গৰম। হ'লে কি হব? আমাৰ ইয়াৰ আম আদমিবোৰৰ গুটি অধিক। সেয়ে মাটিৰ মালিকে আম আদমীবোৰক লেপে কম্বলে চৰকাৰী মাতিবোৰত ৰোপন কৰোতে কৰোতে গছ ডাঙৰ হৈ কঠাল আদমী হৈ পৰিল। ৰইাজেই কওকচোন, কঠালৰ গছত আমনো লাগিব কেনেকৈ? আমাৰ ইয়াত বিবেক ভোটেনো ঠাই পাব কেনেকৈ?


No comments:

Post a Comment