Wednesday, April 7, 2021

হিতেন শৰ্ম্মাৰ দিনলিপি - ৬ (তৃতীয় অধ্যায়)

ৰাস্তাৰ ঘটনাক্ৰমত যিমান স্তম্ভিত হৈছিলোঁ, তাতোকৈ বহুত বেছি আশ্বৰ্য্য ৰৈ আছিল আমাৰ বাবে, জনসেৱাৰ নামত উচৰ্গিত এখন হাস্পতালত। হাস্পতালৰ কেজুৱেলিতিৰ এখন বিচনাত পেলাই ৰখা হৈছিল আহতজনক, সেই একেই সংজ্ঞাহীন অৱস্থাতেই। নাৰ্চৰ পৰামৰ্শমতে বাহিৰত পুলিচৰ অপেক্ষাত ৰৈ আছিল ল’ৰাদুজন। আৰু অটোৱালাজনে তাক নমায়েই লৱৰি গৈছিল ট্ৰেফিক পুলিচজনৰ সন্ধানত।

দহ মিনিটমান বৰ চিন্তাৰে পাৰ কৰি শেষত আমি ঠিক কৰিছিলোঁ, কথা পাতিব লাগিব। ডক্টৰৰ লগত কথা পাতিব লাগিব। সেই বুলিয়েই বাধা স্বত্বেও মমিন আৰু মই সোমাই গৈছিলোঁ কেজুৱেলিটিৰ ভিতৰত। 
-চিষ্টাৰ, ডক্টৰ ক’ত?
-কোনটো পেচেণ্ট?
-৩ নং বেদত থকাজন
-সেই যে এক্সিডেণ্ট কেচটো?
-অ’। এতিয়ালৈকে একো কৰা নাই যে?
-মদ খাই পৰিছে। মদাহী। তাতে পুলিচ কেচ। আগতে পুলিচ আহিব লাগিব। তাৰ পিছতহে চিকিৎসা হব।
-কি? মানুহজন চেঞ্চলেচ। তাৰ পিচতো?
-হাস্পতালৰ নিয়ম।
-ডক্টৰ ক’ত?
-ডক্টৰেও একো কৰিব নোৱাৰে। 
-পাৰে, নোৱাৰে আমি কথা পাতিম। মাতক।

প্ৰচণ্ড খং উঠিছিল। হয়তো খঙৰ ভমকতে মাতো ডাঙৰ হৈ গৈছিল। ওচৰৰ পেচেণ্ট আৰু এটেণ্ডেণ্টবোৰে আমাৰ ফালে ঘূৰি চাইছিল। কিন্তু মাত মতা নাছিল। মদাহীলৈও খং উঠিছিল। সেইটোপা নাখালে নহয়েনে? এতিয়া মৰ বাপ্পেকে।
আমি ডক্টৰৰ লগত কথা পাতিও বিশেষ একো লাভ নহ’ল। যন্ত্ৰ হৈ পৰিছে এই ডক্টৰবোৰো। কেৱল পইচা আৰু পইচা। তাৰ বাহিৰে একো চিনি নাপায় ইহঁতে। এইবাৰ গৰম হৈ আমি ওলাই আহিলোঁ মেনেজমেণ্টক লগ কৰোঁ বুলি। 

-অ’ই হিতু। ঘূৰি চাই দেখিলোঁ গাঁৱৰে অৰুণদা। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। হাতত বেগখন লৈ সি ৰৈ আছে।
-অৰুণদা। ইয়াত আইছু ৰবা। পেচেণ্ট এটা আছে। - অন্য কথাত নালাগি চিধাই পেচেণ্টৰ কথাই উলিয়ালোঁ।
-কুন হয় পেচেণ্ট?
-নাজনু। এক্সিডেণ্ট কেচ। ৰাস্তাৰ মাজৰ পৰা উঠে আনচু। 
-মেজৰ কিবা হৈছি নিকি?
-নাই। ডক্টৰে চাৱয়ে নাই। পুলিচ কেচ কাৰণে।
-দাদা, আপুনি এবাৰ কৈ চাওকচোন নহ’লে ডক্টৰক। আপোনালোকৰ চিনাকি থাকে যে, কৰি দিবও পাৰে। - এইবাৰ মমিনে অনুৰোধ কৰিলে। 
-ৰবচোন, চাওঁ। কোনটো পেচেণ্ট?
-৩ নং বেডত।
-ৰহ। তহঁতে ইয়াতে থাক। মই গৈ কৈ চাওঁ।

অলপ সময় পিচত অৰুণদা ওলাই আহিল। মুখত প্ৰসন্নতাৰ চিন। হয়তো ডক্টৰক কিবা বুজাই আহিছে।
-পইচা পাতি অলপ লাগবা পাৰে। আছেনা?
-অলপ আছে। মেনেজ কৰবা পাৰিম। ডক্টৰে কি কলাক?
-চাবো। কেৱল বাইকে খুন্দো বুলি কাকো নকবি। মই নিজে বাইক চলে আহোতে পৰা বুলি কৈছোঁ।
-এনেহেন কিবা নিয়ম আছে নেকি?
-মানুহভেদে নিয়ম। বাদ দে। একো নকবি আৰো। আমাৰ কামটু হ’লি হ’ল। বাৰু ৰহ। মই চেম্বাৰৰ পৰা আহু। বৰদলৈ যাবো। তেওঁক লগ কৰি আহি আছু। মানুহটুৰ ঘৰৰ কুনবাক মাত। হলাক বুলি তুহুন আৰো কিমান সময় ৰ’বি!
-হোবো দে। কিবা দৰকাৰ হোলি তুমাক ফোন মাৰিম কিন্তু।

এইখিনি সময় কিযে এটা দুশ্চিন্তা হৈছিল। আৰু সেই দুশ্চিন্তা অৰুণদাই এক মিনিটত সমাধা কৰি পেলাইছিল। মমিন আৰু মোৰ মনটো অলপপাতল লাগি গৈছিল। মদাপী হ’লেও তেৱোঁ মানুহ। আৰু মানৱীয় সহানুভূতিৰ পৰা তেৱোঁ বঞ্চিত হব নালাগে। এই কথাটোৱেই এইখিনি সময় মোৰ মন-মগজু আৱৰি আছিল। অৱশেষত যেনিবা অন্যধৰণে হ’লেও কামটো কিছু পৰিমাণে লাইনত আহিল।

মমিনে ইতিমধ্যে বাহিৰত বহি থকা ল’ৰা দুজনৰ পৰা গম লৈছিলেই। আহতৰ ঘৰত খবৰ দিছিল। সিহঁতৰ দেউতাকো আহি থকা বুলি ল’ৰা দুজনে জনাইছিল। 

মুঠতে আৰু আধা ঘণ্টামান সকলো ব্যৱস্থা কৰোঁতে লাগিছিল। সময়ো ইতিমধ্যে ভালেখিনি হৈছিলহি। জুনিয়ৰো ৰৈ থাকিব। চাকৰি পোৱাৰ পিছত কিবা এটা প্ৰগ্ৰাম কৰিছোঁহে। আজিয়েই পিছুৱাব ভাল নালাগিব। সেয়ে ল’ৰা দুজনৰ দেউতাক আহি পোৱাৰ পিছত ডক্টৰক জনাই, মানুহ দুজনৰ হাতত ৰোগীক সপি আমি ওলাই আহিছিলোঁ।

এক বুজাব নোৱাৰা অনুভূতিয়ে মনটো খুন্দিয়াইছিল। কিন্তু আজিকালি এইবোৰতো সাধাৰণ কথা। ঘটিয়েই থাকে। ডক্টৰেওতো তাকেই কৈছিল। এইবোৰ ঘটিয়েই থাকে। তেন্তে আমাৰ মনত ইমানকৈ কথাটোৱে খুন্দিয়াইছিল কিয়! ঘটনাক্ৰম আমাৰ বাবে ইমান এটা সহজ ঘটনা হৈ থকা নাছিল কিয়? সময়ৰ লগত আগবাঢ়ি যোৱাত আমি কৰবাত ৰৈ গৈছিলোঁ নেকি! নে জোখতকৈ সমাজহে সময়ৰ গতিত বেছিকৈ আগবাঢ়িছিল। 

সন্ধিয়াৰ সময়খিনি তেনেকৈ পাৰ হ’লেও ৰাতিটো ভালদৰেই পাৰ হৈছিল। “এসাজ জুতি লগাই খাওঁ”ত এসাজ ভালকৈয়ে খাইছিলোঁ। মমিনকো অৱশেষত মাতিছিলোঁ ৰাতিৰ সাজৰ বাবে। সি গম পাই গৈছিল যে মই এটা চাকৰি পাইছিলোঁ। হয়তো ভালো পাইছিল। গুৱাহাটীলৈ অহাৰ দিনৰে পৰা সিহঁতে মোক লগ পাই আহিছে। মই খুলি নকলেও মোৰ কিছু কথা সিহঁতেও জানে। দেখি আহিছে, কষ্টকৰ সেই দিনবোৰৰ পৰা। ৬-৭ কিঃমিঃ পৰ্যন্ত খোজ কাঢ়ি টিউশ্যন পঢ়াবলৈ যোৱাৰ সময়ত বহুদিন সিয়েইতো মোক ৰিক্সাত উঠাই নিছিল। মাৰ্কেটিং কম্পেনীত কাম কৰোঁতে বহুকেইটা প্ৰডাক্ট কিনিছিল। দুখৰ সময়ত তেনেকৈয়ে সিহঁতে সহায় কৰা নাছিল জানো! 

খাদ্যৰ সোৱাদতকৈও কেতিয়াবা প্ৰাপ্তিৰ সোৱাদ অধিক হব পাৰে। এটা ৰাতি ঘৰৰ বাহিৰত একেলগে খোৱা এসাজ ভাতে প্ৰাপ্তিৰ পোনপটীয়া আনন্দ দিছিল। জুনিয়ৰে এনেয়ে মাছ নাখায়, আমাক সহযোগ কৰাৰ বাবেই মাছৰ খাৰ সিদিনা খাইছিল সি। আঞ্জাত দিয়া অধিক মছলাই সিদিনা আমাৰ পেটৰ অসুখ কৰিব পৰা নাছিল। মনে গ্ৰহণ কৰা বাবেই হয়তো পেটেও গ্ৰহণ কৰি লৈছিল অলপ সুখৰ সোৱাদ, প্ৰাপ্তিৰ আনন্দত।   

[ৰচনাকালঃ ২১ অক্টোবৰ, ২০১৭]

1 comment: