Saturday, May 14, 2016

নিদানকাল



গুৱাহাটী চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত এক জয়াল অঞ্চল জলাহ। বিশাল জলাশয়েৰে আবৃত গোটেই জলাহ অঞ্চলটোলৈ ৰাতিতো বাদেই, আবেলি সময়তো মানুহে অকলশৰে ঘূৰিব নিবিচাৰে। জলাহ অঞ্চলৰ গাতে অসমৰ ইতিহাসপ্ৰসিদ্ধ ৰেলষ্টেচন আজ্ঞাঠুৰী। এই ষ্টেচনৰ পৰাই শৰাইঘাট দলং তৈয়াৰ হোৱাৰ আগতেই আৰম্ভ হৈছিল উত্তৰপৰীয়া ৰেলসেৱা। লুইতৰ দক্ষিণফালে পাণ্ডু ষ্টেচনৰ পৰা জাহাজেৰে পাৰ হৈ আজ্ঞাঠুৰী ষ্টেচনত পুনৰ ৰেলত উঠাৰ বাহিৰে দক্ষিণপৰীয়া ৰেলযাত্ৰীসকলৰ গত্যন্তৰ নাছিল। ইপিনে গৌৰীপুৰৰ মাজেৰে বৈ গৈছিল ঘাইপথ। এই আজ্ঞাঠুৰী ষ্টেচনৰ পৰা পূৱে আমিনগাঁও, পশ্চিমে গৌৰীপুৰ, উত্তৰে অভয়পুৰ হৈ দৰঙৰ সীমা পৰ্য্যন্ত অধিকাংশ জলাশয়েৰে ভৰি আছিল জলাহ অঞ্চল। জলাহৰ পূৱৰ ভাগ নুমলী জলাহ। জলাশয়ৰ গভীৰতা তুলনামূলকভাৱে কম আছিল বাবেই হয়তো এই অঞ্চলক মানুহে নুমলী জলাহ বুলিছিল। কেইটিমান সৰু-বৰ টিলাৰে, কেইপূৰামান মাত্ৰ একচনীয়া খেতিমাটিৰে, দুখনমান সৰু ৰিজাৰ্ভেৰে আৱৰা আৰু অধিকাংশ জলাশয়েৰে আৱৰা এখনি সুন্দৰ অথচ ভয়াল ঠাই। সেই ৰিজাৰ্ভত ওচৰে পাজৰে মানুহ আৰু বসতি বুলিলে ওচৰৰে কাটিং পাহাৰ, চেগুণবাৰীৰ ওচৰত পাৰ্বতীপুৰ, ঘোৰামৰা, লথিয়া বাগিছা আৰু আজ্ঞাঠুৰীৰ বাহিৰে কতো নাছিল। সেয়েহে এইসমূহ ঠাইৰ পৰা গৰু চৰাবলৈ নুমলীজলাহৰ ৰিজাৰ্ভলৈ অহা গৰখীয়াৰ বাহিৰে, খৰি লুৰিবলৈ কাটিং পাহাৰৰ পৰা অহা মানুহৰ বাহিৰে অথবা ওচৰৰ গাঁওসমূহৰ পৰা মাজে মাজে মাছ মাৰিবলৈ নুমলী জলাহৰ ষোলমাৰী বিললৈ অহা মানুহৰ বাহিৰে অন্য মানুহৰ সমাগম তাত নাছিল। নহয়, আছিল। আৰু কেইঘৰমান মানুহ আছিল সেই অঞ্চলত। লথিয়া বাগিছাৰ ওচৰৰে পৰা ষোলমাৰী বিলৰ পাৰে পাৰে আমঘূলি, ঔটেঙাঘূলি হৈ দ্বীপসদৃশ ভূভাগেৰে সৈতে থকা বিলখনিৰ পাৰেৰে একেবাৰে আজ্ঞাঠুৰী ষ্টেচনপৰ্যন্ত আগুৰি থকা টিলালানিত আৰু কেইঘৰমান মানুহ আছিল। আৰু এঘৰ আছিল বিলখনৰ দ্বীপটোত, যাৰ নামেৰে জনাজাত আছিল দ্বীপটো। কৃষ্ণ আছিল তেওঁৰ নাম। কৃষ্ণ।
সেই কৃষ্ণ আজি নৰীয়াত। অঞ্চলটোৰ সকলোৱে ভয় কৰা পাহোৱাল চেহেৰাৰ কৃষ্ণ যোৱা কিছুদিনৰ পৰা নৰীয়াত। দ্বীপটোৰ সোঁমাজত থকা বৃহৎ গছজোপাৰ তলত সজা খেৰৰ হ’লেও সামগ্ৰীৰে নদন বদন ঘৰটো এতিয়া প্ৰায় খালী। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মানুহজনেই যেতিয়া নৰীয়াত, ঘৰৰ এই অৱস্থা নহবনো কেলেই! সেয়ে নৰীয়া পাটীতে কৃষ্ণক এৰি ওলাই যাব লগা হৈছে অন্য তিনিটি প্ৰাণী-কৃষ্ণৰ ঘৈনীয়েক, পুতেক তথা একমাত্ৰ জীয়েক, একমাত্ৰ উপাৰ্জনৰ তাড়নাত। পিছে, উভতি আহিব লগা হৈছে খালী হাতেৰে, আটাইকেইজনে।
-শ্যালা, এতিয়া ভয় খুৱাইছ! কৃষ্ণ ভালে থাকোতে বাপেৰৰ বিয়া দেখি আছিলি, কুকুৰৰ পোৱালিহঁত। -কাম নাপাই ভোৰভোৰাই উভতি আহে বাপু।
কৃষ্ণৰ ষোল্লবছৰীয়া পুতেক বাপু- বাপুকণ। হাতত বাপেকৰ চিকচিকীয়া মেচিদাখন লৈয়ে যোৱাবাটে উভতি অহা বাপুক অলেখ আশাৰে বাট চাই ৰোৱা মাকেও ভোৰভোৰণি শুনিয়েই তলমূৰে ঘৰ সোমায়। হয়তো সেই আবেলি সময়ত আকৌ এটি চিন্তাই লগ লাগেহি। বেমাৰীৰ পথ্য খুৱাবলৈ হাতত ফুটাকড়ি নথকা মানুহ এজনীয়ে এমুঠি চাউলৰ অভাৱত ৰোগীক ভাত খুৱাবলৈ নোপোৱাৰ দুঃচিন্তা। হয়তো কেতিয়াবা জীয়েকে বিলৰ পশ্চিমপাৰৰ টিলাৰ গৰাকী ৰবিবাহাদুৰৰ ঘৰৰ পৰা এসাজ হোৱাকৈ ধাৰলৈ লৈ আহে দুমুঠি চাউল। অন্যথাই বাঁহবাৰীৰ জংঘলৰ পৰা মিঠাআলু বিচাৰি অনাৰ বাহিৰে গত্যন্তৰ নাথাকে সিহঁতৰ। আৰু তেনেকৈয়ে পাৰ হৈ যায় আৰু এটি অভিশপ্ত দিন।
নুমলীজলাহ অঞ্চলৰ এজন নামজ্বলা ব্যক্তি কৃষ্ণ। হাতত এখন মেচিদা লৈ কৃষ্ণ ওলাই গ’লেই সকলোৱে ভয়ত ত্ৰস্তমান হয়। পেচাত কৃষ্ণ ডকাইত। আমিনগাঁও, আজ্ঞাঠুৰী, গৌৰীপুৰ কৃষ্ণৰ নিজৰ এৰিয়া। সন্ধ্যা নমাৰ লগে লগে আৰম্ভ হয় কৃষ্ণৰ কৌশলপূৰ্ণ অভিযান। কেতিয়াবা যদি বাচন-বৰ্তন, কেতিয়াবা আকৌ সোণ-ৰূপৰ বাকচেৰে পূৰ্ণ হৈ উভতে কৃষ্ণ। কৃষ্ণ খালী হাতেৰে উভতি নাহে। সকলোৱে জানে সেই কথা। আনকি গৌৰীপুৰ চকীৰ আৰক্ষীয়েও। অথচ কোনোৱে প্ৰমাণ কৰিব নোৱাৰে সেই কথা। কেতিয়াবা পম খেদি আহিলেও শেষ মুহূৰ্তত উপযুক্ত প্ৰমাণৰ অভাৱত খালী হাতেৰে উভতি যায়গৈ অসম আৰক্ষীৰ জোৱান। সেয়াই কৃষ্ণৰ বাহাদুৰি। নিজে ডকাইতিৰ লগত জড়িত হ’লেও পৰিয়ালৰ কথা মন-মগজুত ৰাখে কৃষ্ণই। উঠি অহা ল’ৰা-ছোৱালীহালৰ গাত যাতে তাক কু-কৰ্মৰ চেকা নালাগে, তাৰ প্ৰতি খেয়াল ৰাখে কৃষ্ণই। সেইবাবেই মাত্ৰ তাৰ ঘৰখনৰ লগত খাপ খোৱা বস্তুৰ বাহিৰে অন্য সকলো বস্তুকেই বিলৰ দক্ষিণপাৰে থকা টিলাৰ গৰাত গাত খান্দি লুকাই ৰাখে সি। প্ৰয়োজন হ’লে তাৰ পৰা দুই-এপদকৈ বস্তু গাঁওত বেছি চাউল-দালি গোটায়। ঘৰৰ কোনোৱে নাজানে ডকাইতিৰ বস্তু লুকাই ৰখা কথা। নাজানে আনকি পাৰৰ পৰা দ্বীপলৈ আহিব পৰাকৈ সজোৱা বাঁহৰ সাঁকোখনেও। কিন্তু টিলাবাসী আটায়ে জানে। জানিলেও সেইফালে মূৰ পোনাবও সাহস নকৰে তেওঁলোকে। কোন মুহূৰ্তত কৃষ্ণৰ মেচিদা গৰজি উঠে সেয়া ভগৱানেও নাজানে।
-অ---হ—পা---নী। খুব পানীৰ পিয়াহ লগাত কৃষ্ণ চালপীৰাখনত শুই উঠাৰ পৰা বহিবলৈ চেষ্টা কৰিলে। ইহঁতকেইটাও জানো ক’লৈ গ’ল! অশেষ চেষ্টা কৰিও তেওঁ গা লৰাবই নোৱাৰিলে। বৰ গধুৰ হৈ পৰিছে গাটো। হাত-ভৰিবোৰ নিশকতীয়া হৈ লাহে লাহে বলহীন হৈ পৰিছে। শৰীৰৰ অংগসমূহৰ ওপৰত নিয়ন্ত্ৰণ ক্ৰমে নাইকীয়া হৈ পৰিছে। আনকি প্ৰস্ৰাৱ-পায়খানাও কানি-কাপোৰেই হৈ যোৱা হৈছে।
- প্ৰাণটো থাকোঁতে বাপুক কথাখিনি কৈ থব লাগিব। জেগাখিনি মাককে দেখুৱাই থৈ যাম। ছোৱালীজনীক কৰবাত উলিয়াই দিব পৰা হ’লেও! নতুনকৈ ভাঙিবলৈ লোৱা পাহাৰৰ মাটিটুকুৰাও নোলালগৈ – উঠিবলৈ চেষ্টা কৰি গা লৰাব নোৱাৰা কৃষ্ণ পুনৰ ডুব যায় নিজৰ চিন্তাত। লাগ-বান্ধ নোহোৱা চিন্তা কিছুমানে তাক পুনৰ পুতি পেলায়হি।
-কালিয়ে দায় ধৰিলে চাগে’। কৃষ্ণৰ ঘৈণীয়েক সৰযুৱে পথৰ দাঁতিৰ ক’লাকচুৰ পাত তুলি তুলি চিন্তা কৰে। যিদিনাই কৃষ্ণ বিচনাত পৰিছিল, সেইদিনাৰ পৰাই সৰযুৱে চিন্তা কৰি উলিয়াব পৰা নাই কৃষ্ণৰ এই অকস্মাৎ অসুস্থতাৰ কাৰণ। মাজে মাজে গা বেয়া বুলি কৈ কৃষ্ণ দুই-তিনিদিনলৈ কামলৈ নোযোৱাকৈও থাকে। সেইবুলি এইবাৰ যে একেবাৰে উঠিবই নোৱাৰিব সৰযুৱে ভবাই নাছিল।
 -আই, আজি নৰেনহঁতৰ ধান অলপ বানি এমোনা লৈও আহিছু। পাছে চালনীখন আছে জানু?
সৰযু উচপ খাই উঠিল। কোন মুহূৰ্তত যে তাইৰ জীয়েকে লক্ষ্মীয়ে আহি তাইৰ পিছপিনে থিয় হৈছিলহি গমেই নাপালে।
-হা—হ - -- এনেকৈ সাৰসুৰ নোহোৱাকৈ আহেনে? মানুহ চক খুৱাই মৰিবি। ভঙা চালনীখনেৰে চালিব লাগিব ব’ল। পাছে ই বাপু আহিলনে?
-কব নোৱাৰোঁ। মই বাহিৰে বাহিৰ নৰেনৰ টিলাৰ পৰা আহিছোঁ।
-ব’ল তেন্তে। বাপেৰেও অকলেই আছে। আজিহে বেচেৰা মানুহজনে এমুঠি খাবলৈ পাব।
মাক-জীয়েক দুয়ো খোজ লয়। কিছু সময় নিৰৱে আহি লক্ষ্মীয়ে পুনৰ সোধে-
-আইও—বাবাক কালিয়ে দায় ধৰিলে নেকি? সৰযুৱে জীয়েকলৈ আচৰিত ভাৱেৰে চালে।
-নহয় মানে, নৰেনৰ পুতেকে কৈ আছিল বাবাই হেনো বিচনাত পৰাৰ আগদিনাখন কাটিং পাহাৰৰ কালি মন্দিৰত সোমাইছিল?
-বাপেৰে বিচনাত আছেতো! সয়ে যিয়ে যি মন যায় তাকেই কব পাৰিছে। বাপেৰ ভালেই থাকোতে সিহঁতবোৰ চাঙৰ তলৰ ভেকুলী হৈ থাকিছিল।
লক্ষ্মীয়ে আৰু একো নামাতিলে। হয়তো সাহস নহ’ল। হয়তো ইচ্ছাও নগ’ল। নৰেনৰ পুতেকৰ কথাবোৰ যিদৰে তাই বিশ্বাস কৰা নাই, মাকেওতো নকৰে। সিহঁতে চাগে’ বাপেকৰ বেমাৰৰ সুবিধা লব বিচাৰিছে।
বাপুৱেও বিশ্বাস কৰা নাছিল যেতিয়া ৰবিবাহাদুৰৰ সৰু পুতেক বিভুবাহাদুৰে তাক কৈছিল যে কৃষ্ণই কাটিং পাহাৰৰ কালি মন্দিৰৰ পুৰোহিতৰ ঘৰৰ পৰা চুৰি কৰিছে। বাপেকৰ তেনেকুৱা স্বভাৱৰ কথা সিহঁতে গমেই পোৱা নাছিল। সেই বাবেই হয়তো টিঙিচকৈ উঠি আহিছিল খংটো। কিন্তু হঠাৎ লাহে লাহে শুকান, নিস্তেজ হৈ পৰা বাপেকৰ মুখৰ ছৱিখন মনলৈ অহাত কোনোমতেহে নিয়ন্ত্ৰণ কৰিছিল খংটো।
অথচ সেয়াই হৈছিল আৰু কানে কান মাৰিহে পলাই আহিছিল কৃষ্ণ। কিন্তু কোনোৱে গম পোৱা নাছিল কথাটো। একমাত্ৰ পুৰোহিতৰ লগুৱাটোৰ বাহিৰে। কেতিয়াও ব্ৰাহ্মিণ নমনা কৃষ্ণই অত্যন্ত ভয় খাইছিল সিদিনা। জানোচা সকলোৱে কোৱাৰ দৰে পুৰোহিতে শাপি ভষ্মই কৰে তাক। আৰু হয়তো ভয়তেই বিচনাত পৰিছিল সি। কৃষ্ণই বৰ আত্মশোচনাত ভুগিছিল। অজানিতে যেন সি এটা বহুত ডাঙৰ ভুল কৰি পেলাইছিল, যাৰ কোনো প্ৰায়চিত্তই নাছিল। সি আনকি ঘৰৰ পৰা ওলাবলৈও ভয় কৰিছিল। জানোচা পুৰোহিতে পঠোৱা কালিদূতে আদবাটৰ পৰাই তাক লৈ যায়হি। তাৰ নমত উদিত ভয়ে দুই-তিনিদিন পিছৰেপৰা আতংকৰ ৰূপ লৈছিল। তাৰ বুকুখনত লাহে লাহে এটা বিষ অনুভূত হবলৈ ধৰিছিলহি। গাটো দুৰ্বল হব ধৰিছিল। ৰাতি সপোনত কিছুমান অদ্ভূত ধৰণৰ প্ৰাণীয়ে আহি তাৰ কানৰ কাষত অট্টহাস্য কৰিছিলহি। আৰু লাহে লাহে ৰাতিবোৰো হৈ পৰিছিল তাৰ বাবে দুৰ্বিসহ, নিদ্ৰাহীন। নিদ্ৰাহীনতা, দুৰ্বলতা আৰু বুকুৰ বিষে তাক লাহে লাহে বিচনাতে আৱদ্ধ কৰি ৰাখিছিলহি। সি বিচনাৰ পৰা উঠিব নোৱাৰা হৈ আহিছিল। লগে লগে ঘৰত সাঁচতীয়া খাদ্য শেষ হৈ, আচবাবৰ পৰিমাণো এপদ এপদকৈ বিক্ৰী যাবলৈ আৰম্ভ কৰিছিলহি। আৰু যেতিয়া ঘৰৰ আটাইকেইজনৰ চিন্তাত বাহ লৈছিলহি পেটৰ ভোকে আৰু ভোক নিবাৰণৰ চিন্তাই, কৃষ্ণ সম্পূৰ্ণভাৱে নৰীয়াত পৰিছিলহি।
-যমুনা আছ? ঐ যমুনা, আছনে? – কোনোবাৰ বুজা নুবুজা মাতত কৃষ্ণ বাস্তৱলৈ উভতি আহিল। সি দৰ্জাখনলৈ চাবলৈ চেষ্টা কৰিলে। কানিদুৱৰীয়াকৈ মেল খাই আছে দুৱাৰখন। বাহিৰত এটি ছায়া। কোন ধৰিব নোৱাৰিলে কৃষ্ণই। মুখেৰে সেয়েহে মাত লগাবলৈ চেষ্টা কৰিলে। কিন্তু মাত নোলাল, ওলাল এটি অস্ফুট গেঙণি।
-লক্ষী, ঘৰত আছনে?-এইবাৰো কোনো উত্তৰ ভাঁহি নাহিল।
- বাপু, কোনো নাই নেকি অ’! মুখেৰে মাতি মাতি ইফালে সিফালে চাই চাই ৰবিবাহাদুৰৰ মাক অলপ মেল খাই থকা দুৱাৰখনলৈ আগুৱাই গ’ল। কৃষ্ণ পৰি আছে প’লিৰ বিচনাখনত। দুৱাৰৰ ফালে চাই আছে কৃষ্ণৰ সৰু হৈ পৰা চকু দুটিয়ে। এক ভয়লগা ছৱি। হয়তো আৰু কেইটিমান পল, কেইটিমান মিনিট, তাতোধিক কেইটিমান দিন। তাৰ পিছতে হয়তো শেষ হৈ যাবহি এটি যুগ। কৃষ্ণ হয়তো ইতিহাস হৈ যাবহি। ভাবি ভাবি বুঢ়ী আগবাঢ়ি গৈ কৃষ্ণৰ হালি পৰা ডিঙিটো চিধা কৰি ধৰিলেহি।
-কিবা খাইছনে, বোপা?
-কৃষ্ণই চকু দুটা মাথোঁ মুদি দিলে।
-ইহঁত কেইটানো এই ৰুগীয়া মানুহটোক এনেকৈ এৰি ক’লৈ গ’ল অ’! ইমানো দায়িত্ব থাকিব নেপায়নে?
-ৰহ বোপা, ময়ে কিবা অলপ দিও। -এইবুলি বুঢ়ীয়ে হাতত লৈ অহা গাখীৰৰ ঘটিটো লৈ ইফালে সিফালে চালে। ইতিমধ্যে সৰযু আৰু লক্ষ্মীও আহি চোতাল পাইছিলহিয়েই। ঘৰৰ ভিতৰত মানুহৰ মাত শুনি লৰালৰিকৈ তাই ঘৰ সোমাই আহিল।
-অ তহঁত আহিলি? এই বেমাৰী মানুহটোক এৰি এনেকৈ যাব লাগেনে?
-কি কৰিবি অ’ খুৰী? পেটৰ তাড়নাত ওলাই নগ’লেও নহয়। বাপেকৰ হিংসাত বাপুক কোনেও কাম নিদিয়ে।
-দে হব দে। এনেকৈ সদায় নাথাকে নহয়। এয়া ল। গাখীৰ এঘটি লৈ আহিছোঁ। কৃষ্ণক অলপ খুৱাই দে। সি একেবাৰে লেৰেলি গৈছে। এইহেনে দপদপীয়া মানুহটোৰ এইকেইদিনতে এনেকুৱা অৱস্থা হব লাগেনে?
কৃষ্ণৰ ঘৰলৈ বুলিবলৈ ৰবিবাহাদুৰৰ মাকেই আটাইতকৈ বেছিকৈ আহে। সেইবুলি এয়া নহয় যে সিহঁতক ওচৰৰ কেইঘৰে একেবাৰে বেয়া পায়। নাপায়। কেৱল কৃষ্ণৰ ওপৰত ভিতৰি ভতৰি জ্বলি থকা জুইখিনিৰে পৰিয়ালৰ বাকীবোৰৰ ওপৰত দহে। কৃষ্ণ ঘৰত নথকা সময়ত যদি কেতিয়াবা ৰবিহঁতে গাখীৰ দি যায়হি, কেতিয়াবা আকৌ নৰেনহঁত খৰিৰপৰা ফল মূললৈ দিয়েহি। পৰমেশহঁতৰ বাৰীৰ খৰিৰেইতো কৃষ্ণহঁত চলে। বাপু আৰু লক্ষ্মীৰ বাবে সিহঁতক সকলোৱে মৰম কৰে। মাত কথাই দুয়ো বৰ আদৰণীয়। ইটো সিটো পাচিবতো নালাগেই, দেখিলেই গৈ দুয়ো কৰি দিয়েহি। ৰবিহঁতৰ দুশ গৰু থকা গোহালিৰ প্ৰতিটো চুকৰ খবৰ ৰবিহঁততকৈ বাপুৱেহে বেছিকৈ ৰাখে। নৰেনহঁতৰ ভঁৰাল আকৌ লক্ষ্মীৰ পৰশতহে খোল খায়। বাপু অবিহনে ষোলমাৰীৰ মাছে কাকো ধৰা নিদিয়েহি, গৰু ম’হেও ঘাঁহ নাখাই থিয় হৈ থাকে ৰিজাৰ্ভত। ষ্টেচনৰ পৰা অহা বাঁহনিতলীয়া একমাত্ৰ ৰাস্তাটো মুকলি নহয় বাপুহঁতক নেদেখিলে। আমঘূলিৰ প্ৰতিজোপা আমগছে, ঔটেঙাঘূলিৰ প্ৰতিজোপা ঔটেঙা গছে, পৰমেশৰ শালনিৰ প্ৰতিজোপা শালগছে আৰু গোটেই টিলাটেই টিঘিলঘিলাই ফুৰা লতামাকৰী আৰু শিয়ালৰ জাকবোৰে যেন সদায় ৰৈ থাকে বাপুৰ আগমনৰ বাবে। মানুহৰ দৰে এইবোৰেও ভাল পায় বাপুক। এন্ধাৰ হ’লেই বাঁহনিৰ তলেৰে ওলাই যাবলগা মানুহৰ সংগী হয় বাপু। সেয়েহে সেইখিনিৰ সকলোৱে বাপুহঁতৰ খেয়ালো ৰাখে। পিছে কৃষ্ণলৈ মানুহৰ ভয়। নহ’লেনো ৰাতিপুৱা শুই উঠিয়েই দেখা পোৱা ৰবিহঁতৰ ঘৰৰ সোণৰ গহনা থোৱা কলহো কৃষ্ণই সুদা কৰেনে? তথাপি ৰবিহঁত কৃষ্ণৰ ঘৰলৈ আহে, কৃষ্ণ নথকা সময়ত।
আজিও একো কাম নাপাই বাপুৱে ষ্টেচনৰ কাষৰ লুংলুঙীয়া পথেৰে আহি মূল পথত উঠিলেহি। মনত তাৰ অলেখ প্ৰশ্ন, মন গধুৰ। মস্তিষ্কত এক অনামী খং। তেনেতে তাৰ কাষত আহি এখন জীপ গাড়ী ৰ’লহি।
-ভাইটি, নুমলী জলাহলৈ কোনফালে যায়?
-নুমলী জলাহ সৌ টিলাকেইটাৰ সিটো পাৰে। আপুনালোকে আমিনগাঁও হৈ আহিলে গাড়ীৰেই ওলাব পাৰিলেহেঁতেন।
-এইফালেদি যাব নোৱাৰি নেকি?
-পাৰিব। পিছে গাড়ী এৰি থৈ যাব লাগিব।
-কিমান দূৰ হবনো?
-এই ধৰক দেৰমাইল।
-হব বলক। আপুনি আমাক দেখাই দিবনে?
-বলক। মোৰো ঘৰ সেইফালেই।
-অ’ হয় নেকি? ভালেই হব তেন্তে।
বাপুই মানুহকেইজনক লৈ যেতিয়া ঔটেঙাঘূলি পাইছিলগৈ তেতিয়ালৈ সি গমেই পোৱা নাছিল তেওঁলোকৰ আগনমৰ উদ্দেশ্য। আৰু তাতেই তাৰ বাবে ৰৈ আছিল সেই ডাঙৰ খবৰটো।
-এইখিনি ঠাইৰপৰাই হব চাগৈ।
-নহয়, মেপমতে এই টিলাকেইটাও আছে।
-কিন্তু সব জলাশয়ে দেখোন।
-নহয়, অলপ আগলৈ বাম ঠাই আছে। মোটামুটি প্লেন এটা আমি তৈয়াৰ কৰিছিলোৱেই।
-কিন্তু কেম্পটো পাতি লবতো লাগিব।
-কেম্পটো অইলৰ সেইফালেই ভাল হব। ৰাস্তা-ঘাট হোৱালৈ অন্ততঃ অহা যোৱাৰ চিন্তাটো অলপ দূৰত থাকিব।
-সেইটো হয় অৱশ্যে।
মানুহকেইজনৰ লগে লগে বাপুও আগুৱাই গৈ থাকিল। কথাবোৰ কিবা বুজিব পৰা নাই সি।
-এইখিনিত গেষ্ট হাউচ ভাল হব।
-উম। ভালেই হব। পাহাৰৰ দাঁতিয়েদি বাংলোকেইটা দিব পৰা যাব। হাতৰ আঙুলিৰে এজনে দেখুৱাই দিয়া টিলাসমূহলৈ চাই এইবাৰ বাপু কঁপি উঠিল।
-আপোনালোকে ইয়াত ঘৰ সজাব নেকি?
-অ’ ভাইটি। তোমালোকে গমেই নোপোৱা? ইয়াত এখন কলেজ হব নহয়। চৰকাৰী কলেজ। বৰ ডাঙৰ কলেজ। ইয়াত বহুত ঘৰ হব। বহুত বাহিৰৰ মানুহ আহিব। পিছে তোমালোকৰ ঘৰটো কোনখিনিতনো?
হাতৰ আঙুলিৰে দেখুৱালে যদিও বাপু যেন বজ্ৰপাত পৰা মানুহৰ দৰে হৈ গ’ল।
-অ’ তোমালোকেও নহুত পইচা পাবা। পাছে তোমালোকৰ ঘৰবোৰ অলপ আতৰলৈ লৈ যাব লাগিব। ---- নাই। আৰু একো কথা মনত নোসোমাল বাপুৰ। এখন ধ্বংসৰ ৰঙীন জালে আৱৰি ধৰিলেহি তাৰ মনটো। লাহে লাহে তাৰ মনলৈ চকামকাকৈ ভাঁহি আহিল কলেজচ’কত থকাৰ দৰে অসংখ্য বৰ বৰ ঘৰ। সেই ঘৰৰ এখন জালে আৱৰি ধৰিছেহি আমঘূলি, ঔটেঙাঘূলি। এখন ষ্টেডিয়ামে আগুৰি ধৰিছেহি ষোলমাৰী বিলৰ পাৰৰ চৰণীয়া পথাৰ। তাত চিৎকাৰ খাই পৰি আছে গৰখীয়াসকলে জিৰণি লোৱা প্ৰকাণ্ড গছসমূহে। লথিয়া বাগিছাৰ কাষৰ টিলাত মানুহৰ অট্টহাস্য। কেউদিশে মাথোঁ ঘৰ আৰু মানুহ। জাৰকালি অহা পৰিভ্ৰমী চৰাইবোৰ নোহোৱা হৈ গৈছে। শালনি বাৰী, চেগুণবাৰীত নাই এজোপাও শাল-চেগুণ। ষোলমাৰী পৰি আছে নিৰৱৰূপত। হাঁড়কপোঁৱা বতাহেও লৰাব পৰা নাই ষোলমাৰীৰ পানী। বাপুহঁতে ঘৰ এৰি যাব লাগিল। এৰিব লাগিব সিহঁতৰ আপোন এই সকলোবোৰ। পাহাৰ, পানী, বিল-পথাৰ সকলোবোৰ।
মানুহকেইজনে তাক আৰু কিবাকিবি সুধি আছে অথচ তাৰ মূৰলৈ একোৱেই সোমোৱা নাই। যন্ত্ৰবৎ সকলোবোৰ উত্তৰ দি গৈছে সি, ভাৱলেশহীনভাৱে আৰু এখন জালৰ মাজেৰে নুমলীজলাহ নামৰ ঠাইখনৰ ৰূপ সি দেখি গৈছে। সি ষোলমাৰী বিলৰ পানীত একাঠুলৈ নামি গ’ল। লাহে লাহে এটা দুটাকৈ অসংখ্য সৰু বৰ মাছে তাক আগুৰি ধৰিলেহি। সি মাছবোৰলৈ ভালদৰে চালে। সিহঁতৰ চকুবোৰ উজ্বলতাহীন। যেন সিহঁতেও বুজি পাইছে অনাগত ভৱিষ্যতৰ কথা। লাহেকৈ হালি বাপুৱে পানীখিনিত এটা সৰু ঢৌ তুলি দি মাছবোৰক ওচৰৰ পৰা আঁতৰাই পঠালে। তাৰ বৰ ভয় লাগিল। হেৰুৱাৰ ভয়। এৰাৰ ভয়। হয়তো এয়াই সিহঁতৰ নিদানকাল, শেষ সময়।
ৰবিৰ মাকৰ সহযোগত সৰযুৱে কৃষ্ণক অলপ গাখীৰ খুৱাই দিয়াৰ পিছত কৃষ্ণই গাত অলপ বল পালে। মাক জীয়েকে ধৰি কৃষ্ণক বেৰত আওজাই দিলে। ইতিমধ্যে বাপুৱেও দলটোক আগুৱাই থৈ ঘৰ পালেহি। যেন এক ধ্বংসাৱশেষহে। শদেহ এটাৰ দৰে নিথঁৰভাৱে বাপু আহি চোতালত ৰ’লহি। মেচিদাখন সি ঘৰৰ বেৰত দা থোৱা ঠাইত ওলোমাই থৈ সি মজিয়াতে বহি পৰিল। যেন সৰ্বস্ব হেৰুৱাই নিথৰুৱা হৈ আহিছে সি। অৱশ হৈ পৰিছে তাৰ শৰীৰ।
-আজিও একো নাপালি? বাপুৰ অৱস্থালৈ চাই মাকে সুধিলে।
-পালোঁও। আজি বহুত কিবাকিবিয়েই পালোঁ আই। অলপ জোৰ কৰিয়েই সি কৈ উঠিল। এক অস্বাভাৱিক সুৰত, অস্বাভাৱিক মাতেৰে।
-ক’তা?
-সোৱা পাহাৰখনত আই। ঔটেঙাঘূলিত, আমঘূলিত। সৌ ৰিজাৰ্ভত, সকলোতে।
-কিনো বলকি আছ? – তাৰ কথাৰ অস্বাভাৱিক সুৰ লক্ষ্য কৰি আটায়ে তালৈ তবধ দৃষ্টিৰে চালে। আনকি দেউতাকেও।
-অ’ও আই। ইয়াত এখন ডাঙৰ কলেজ হব। আমাক বহুত পইচা দিব চৰকাৰে। আমি এই ঠাই এৰি যাব লাগিব।
-ক্কি? মাকৰ মুখৰ পৰা স্বতঃস্ফুৰ্তভাৱে ওলাই আহিল। দেউতাকেও মূৰটো বেৰত আওজাই দিলে। তেওঁৰ বুকুৰপৰা এটা দীঘল হুমুনিয়াহ ওলাই আহিল। এটা গেঙণিৰে সৈতে। মাত্ৰ কেইছেকেণ্ডমানৰ বাবে। তাৰ পিছত লাহে লাহে তেওঁৰ দেহটো হালি গ’ল। তেওঁ বিচনাত ধলি পৰিল। কেইমুহূৰ্তমানলৈ তেওঁৰ মনলৈ আহি থাকিল নুমলীজলাহৰ প্ৰতিপদ বস্তুলৈ, প্ৰতিটো কোণলৈ। লাহে লাহে সেই দৃষ্টি ধূসৰ হৈ আহিল। কিছুমান কোলাহল তেওঁ ৰিণি ৰিণি শুনিবলৈ পালে। সেই কোলাহল যে ঘৰৰ মানুহৰ কন্দা-কটা, তাক বুজাৰ আগতেই লাহে লাহে অস্পষ্ট হৈ পৰিল সেই কোলাহল আৰু তেওঁ গুছি গ’ল অন্য এটুকুৰা ঠাইলৈ, সেই ঠাইৰ পৰা। ডাঙৰ কলেজৰ বাবে সকলো এৰি থৈ। নিদানকালৰ শেষ সাক্ষী হৈ।
[এই কাহিনীৰ পটভূমি কিছুমান মুখৰোচক ঘটনাৰ আলমত সজোৱা। এই গল্পত উল্লেখিত সকলো বুৰঞ্জীমূলক ঘটনাৰ আলম অথবা ভৌগলিক বিৱৰণ গল্পৰ পটভূমি মনোগ্ৰাহীকৈ সজোৱাৰ স্বাৰ্থত কৰা লেখকৰ এক সামান্য কাল্পনিক প্ৰচেষ্টা মাথোঁ।]
বিশেষ কৃতজ্ঞতাঃ দুৰ্গা শৰ্মা

[ৰচনাকালঃ ১৮ এপ্ৰিল, ২০১৬]

 

Tuesday, March 1, 2016

অসম, অসমীয়া আৰু ভাষিক ভিন্নতা

অসম বহুৰঙী। ইয়াত কিমান ধৰণৰ সংস্কৃতিয়ে সংমিশ্ৰিত ৰূপত অসমীয়াৰ হৃদয় অধিকাৰ কৰি আহিছে, তাক কোৱা টান। সেই বাবেই চাগৈ অসমীয়া বুলি কিবা প্ৰশ্ন উদয় হ'লেই আমাৰ বুকুখন পোৰে, কৰবাত আঘাট পোৱা যেন অনুমান হয়। অসমীয়া ভাষিক ভিন্নতাও কিমান তাক জোখা টান। লাইন বাছত অসম ভ্ৰমণলৈ ওলালেই গম পোৱা যাব আমি কিমান ভিন্ন ভাষিক সংস্কৃতিৰে পৰিপুষ্ট সমাজত বাস কৰি আছোঁ। কৰবাত পঢ়িবলৈ পাইছিলোঁ যে অসমৰ প্ৰতি দহ কিলোমিটাৰত ভাষাৰ সলনি হয়। অৱশ্যে এয়া লিখিত ৰূপৰ কথা কোৱা হোৱা নাই দেই। কথিত ভাষাৰ কথাহে কোৱা হৈছে। পিছে মোৰ ধাৰণা, সেয়া দহ নহয়, পাঁচ কিলোমিটাৰ হ'লেহে চাগৈ বেছি খাপ খাব। ভালকৈ যদি মন কৰি গম পাব পাঁচ কিলোমিটাৰ আগতে যদি এজন মানুহে কিবা এটা সুৰত (ঢেক) কথা কৈছিল সেয়া পাঁচ কিঃমিঃ আঁতৰত সলনি হৈছে। কেতিয়াবা আকৌ শব্দৰূপ-ও সলনি হৈছে। আৰম্ভ যদি হৈছিল 'কিঅ, কি খবৰ' ত সেয়া সলনি হৈছে 'কিআ, কি খবৰ', 'কিহা, কি খবৰ', 'কিহে, কি খবৰ', 'কিইএ, কি খবৰ', 'কিইএএ, কি খবৰ' ইত্যাদি ৰূপত। এয়াই ভাষিক ভিন্নতা। ভাষিক সৌন্দৰ্য্য। কেতিয়াবা ভাষিক সৌনদ্দৰ্যই আকৌ আমাক বেচ আমোদো দিয়ে। কথা, সুৰ অথবা কথনভংগী আমাৰ বাবে আমোদজনক হৈ পৰে।
ভাষা আচলতে যোগাযোগৰ এক মাধ্যম। একে ঠাইৰে, একে ভাষাৰে, একে সুৰৰে ভাষা ব্যৱহাৰ কৰা দুজন মানুহৰ কথাৰ সুৰ, ভংগী বা শব্দোচ্চাৰণ কেতিয়াও হুবহু একে নহয়গৈ। সেয়াই ভিন্নতা। মুঠতে ভাষাই যদিও মূলতঃ যোগাযোগৰ কাম কৰে, ই লগত বহন কৰি ফুৰে এক সংস্কৃতি। সেই বাবেই আমি ভাষা এটা শুনিলেই, কথন পদ্ধতি শুনিলেও ধৰিব পাৰোঁ সেয়া কোন ঠাইৰ ব্যক্তি। এয়াই ভাষাৰ মাদকতা।
লোকভাষা আমাৰ বাবে বৰ প্ৰয়োজনীয়া বিষয়। প্ৰকৃততে লোকভাষা বুলি কলে কি ভাৱ আহিব লাগে নাজানো যদিও মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা ভাষায়েই লোকভাষা হব লাগে বুলি যদি ধৰি লওঁ, তেন্তে আমাৰ কথিত এই ভাষাসমূহ নিশ্চয় লোকভাষাৰ আওতালৈ আহিব। এতিয়া বহু সময়ত আমি লোকভাষাৰ সংকটৰ কথা শুনি আহিছোঁ। হয়তো হয়। লোকভাষা এতিয়া সংকটৰ গৰাহত। কিন্তু ভাষাৰ ৰূপ সলনি হৈ ই সংকটত পৰা নাই। অনা-অসমীহা ভাষাৰ গৰাহত পৰি, অনা-অসমীয়া ভাষাৰ উচ্চাৰণ ধৰণৰ কৱলত পৰিহে লোকভাষা সংকটৰ গৰাহত পৰিছে। এতিয়া প্ৰশ্ন আহিব যদি প্ৰতিটো লোকভাষাৰ ৰূপ বেলেগেই হয় তেন্তে আমি ইয়াত অনা-অসমীয়া ভাষাৰ লগত কেনেকৈ ৰিজাম। বিভিন্ন সময়ত আমি কথিত ভাষাৰ ৰূপবিলাক যদি বিচাৰ কৰোঁ তেন্তে দেখিম যে ভিন্নতাৰ মাজতো প্ৰতিটো ভাষাৰ মাজত এক মিল, সামঞ্জস্য আছে। কৰবাত যদি উচ্চাৰণৰ মিলেৰে ই বান্ধ খাই আছে, কেতিয়াবা আকৌ শব্দৰে। কেতিয়াবা আকৌ কথন ভংগীৰে। ভিন্নতাৰ মাজেৰে এক হৈ থকাটোৱেই অসমীয়া ভাষাৰ বৈশিষ্ট্য আৰু এই বৈশিষ্ট্যক লৈয়ে আমি সংকটৰ পৰ্য্যায় চালি-জাৰি চাব পাৰোঁ। কথাৰ মাজে মাজে অযথা ব্যৱহৃত ইংৰাজী শব্দ, হিন্দী শব্দ বা অন্য শব্দই লোকভাষাক কিছু পৰিমাণে হ'লেও ক্ষতি কৰিছে। তাতোকৈ ক্ষতি কৰিছে বিদেশী ধঙত উচ্চাৰিত অসমীয়া শব্দই। এইবোৰ সংকৰণে আমাৰ মূল বৈশিষ্ট্যকে নোহোৱা কৰি দিছে। ফলত সংকটৰ গৰাহত পৰিছে লোকভাষা।
অসম আৰু অসমীয়াৰ বাবে বেয়াৰ মাজতো এক ভাল কথা আছে যে যদিও অসমখন বহিৰাগতৰে ভৰি আছে (দেশী-বিদেশী), তথাপি অধিকতম বহিৰাগতই অসমীয়া ভাষা কবলৈ চেষ্টা কৰিছে। এই চেষ্টাৰ ফলতেই অন্য এক ভাষাৰ সৃষ্টি হৈছে আৰু হয়তো কেইযুগমান পিছত এই নৱসৃষ্ট ভাষাটোৱেও ৰূপ লবগৈ এক নতুন লোকভাষাৰূপে। মাথোঁ তালৈ বকী থাকিব আমাৰ ভাষিক বৈশিষ্ট্যখিনি। এই ভাষিক বৈশিষ্ট্যখিনি যোগ কৰাত কিন্তু আমাৰেই অৱদান হব লাগিব অধিক। অনা-অসমীয়া এজনৰ লগত আমি কিয় অসমীয়াত কথা কবলৈ আৰম্ভ নকৰোঁ? (ইয়াতে থাকিবলৈ লোৱা অনা-অসমীয়াখিনিক লৈ কথাখিনি কোৱা হৈছে)। এনেদৰে যদি আগবঢ়া নাযায়, তেন্তে নতুনকৈ সৃষ্টি হোৱা এই ভাষাটোৱেই এদিন সংকট নমাই আনিব।
লোকভাষাৰ কথা কবলৈ যাওতে আমি আমাৰ জাতি-জনগোষ্ঠীসমূহৰ বিভিন্ন ভাষাবোৰৰ কথাবোৰ আঁতৰাই ৰাখিলে নহব। সকলো জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণতেই যিহেতু বৃহত্তৰ অসমীয়া ভাষাৰ-সংস্কৃতিৰ সৃষ্টি, জনগোষ্ঠীয় ভাষাসমূহৰ মিশ্ৰিতকৰণো হব পাৰে লোকভাষাৰ অন্য এক গুৰুত্বপূৰ্ণ পথ। তাৰ বাবে লাগিব জাতি-জনগোষ্ঠীৰ মানুহৰ একেবাৰে সস্স্পৰ্শত থকা মানুহখিনিৰ সেই ভাষাটো কোৱাৰ ইচ্ছা আৰু অসমীয়া ভাষা শুদ্ধকৈ কবলৈ শিকোৱাৰ এক প্ৰৱণতা। ইয়াৰ ফলত দুয়োটা ভাষাই আঞ্চলিক ভাষিক বৈশিষ্ট্য অটুট ৰাখি এক মিশ্ৰিত ৰূপ লৈ সুন্দৰ ৰূপ লব বুলি কব পাৰি আৰু এই ৰূপে অন্ততঃ আহুকলীয়া বিদেশী উচ্চাৰণত কোৱা অসমীয়া ভাষাতকৈ ভাল লগা হব। এই পদক্ষেপে আমাৰ পুৰণি অসমীয়া বৈশিষ্ট্যসমূহ ধৰি ৰখাতো সহায় হব, সামাজিক দায়িত্ববোধতো গুৰুত্বপূৰ্ণ ভূমিকা লব আৰু সম্প্ৰীতি ৰক্ষা কৰাতো আগভাগ লব।

Monday, February 29, 2016

সৰস্বতী পূজাঃ বিপথ আৰু বিপদ ঘণ্টা

কনমাণিজনীয়ে মাকৰ চাদৰ-মেখেলা এযোৰ যুটি যুটি বান্ধি লৰফৰ খোজেৰে হাতত ফুলৰ মালা এডাল লৈ বিদ্যালয়ৰ পূজাথলীলৈ যোৱা পৰিৱেশটো আজিকালি প্ৰায় দুৰ্লভ হৈ পৰিছে। বৰ বেছি দিনৰ কথা নহয়, সৰস্বতী পূজাত পৰম্পৰাগত পোছাকেৰে দেৱী আইৰ চৰণত পুষ্পাঞ্জলি প্ৰদান, শান্তিজল লব পোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ আছিল প্ৰধান আৰু প্ৰথম উদ্দেশ্য। ছাত্ৰ-ছাত্ৰীসকলক তেনেকৈয়ে গঢ় দিয়া হৈছিল। কিন্তু এতিয়া দিন সলনি হ’ল। ছোৱালীবোৰৰ সৰস্বতী পূজাৰ আগদিনাৰে পৰা ফুল তোলা, মালা গঁথা আদি ব্যস্ততাই ঠাই ল’লে পাৰ্লাৰলৈ যোৱা, পোছাকৰ বজাৰ কৰা আদি নতুন কামে। ল’ৰাবোৰে পূজা মণ্ডপ সজোৱা, পূজাৰ যোগাৰ কৰা, শোভাযাত্ৰাৰে প্ৰতিমা আনি প্ৰতিষ্ঠা কৰা আদি কামৰ ঠাই ল’লে বাইকেৰে ঘূৰি পূজাৰ দিনাখন ক’লৈ ফুৰিবলৈও যাব তাৰ জেগা ঠিক কৰা, কোন কোন লগ হৈ আড্ডা মাৰিব সেইবোৰ ঠিক কৰা কামে। ভাল কথা। নতুনত্ব সকলোতে থাকে, সকলোতে আহে। প্ৰতিটো নতুনত্বতো সৰস্বতী দেৱীৰ আশীৰ্বাদ থাকে। কিন্তু !! কিন্তুবোৰ এতিয়াই থাকক বাৰু! যিবোৰ কথাই এটা পৰম্পৰাক আঘাট হানি গোটেই পৰিৱেশটোৱেই সলনি কৰি পেলাইছে, সেইটো যদি চাবলৈ যাওঁ, আমি দেখিম যে পাৰ্লাৰলৈ যোৱাৰ নামত মালা গঁথা, দেৱী পূজা বাদ দিয়া কাৰ্য্যই, মণ্ডপ সজোৱাত ধৰাধৰি কৰাটো বাদ দি আড্ডাৰ নামত কিছুমান অপ্ৰয়োজনীয় প্লেন কৰা কাৰ্য্যই আৰু তেনেকুৱা ধৰণৰ অন্য কিছুমান কৰ্মই আগভাগ লৈছে। আজিকালি যিদৰে দুই-তিনিদিন আগৰেপৰা যুৱতীসকল ব্যস্ত হৈ পৰে সৌন্দৰ্য্য চৰ্চাক লৈ, যুৱকসকল ব্যস্ত হৈ পৰে প্ৰেমৰ আখৰাক লৈ, নিচাৰ পৰিকল্পনাক লৈ। কিদৰে অন্যৰ দৃষ্টিগোচৰত আহিব পাৰি, কিদৰে খাপ পিটি থকা ছোৱালীজনীক অলপ ফুৰাব পাৰি, কিদৰে ঘৰত গম নোপোৱাকৈ এটা দিন কটাব পাৰি সেয়াই যেন হৈ পৰে মূল উদ্দেশ্য। আৰু প্ৰেমৰ নিচাত ডুবন্ত যুগলসকলৰ কথাটো কবই নালাগে। সৰস্বতী পূজা যেন তেওঁলোকৰ বাবে হৈ পৰে অন্য এটা ভেলেণ্টাইন ডে। ফলত সৰস্বতী পূজা হৈ পৰিল ‘প্ৰেমৰ অধিষ্ঠাত্ৰী দেৱী’ৰ উপসানাৰ দিন। সৰস্বতী পূজা হৈ পৰিল প্ৰেমৰ নামত, বন্ধুত্বৰ নামত হৈ পৰিল অসৎ মানসিকতা ৰূপায়ণৰ দিন। ফলস্বৰূপে হাবি-জংঘল, পাৰ্ক আদিৰ চুকে কোণে পৰিলক্ষিত হবলৈ ধৰিলে পূজাৰ অন্য এক অভাৱনীয় দৃশ্যৰূপ। ৰাস্তাই-ঘাটে চলি ফুৰিব ধৰিলে নিচা আৰু বান্ধোনহীনতাৰ অকোৱা-পকোৱা দৃশ্যায়ন। আৰু সৰ্বসাধাৰণ? এশভাগৰ ত্ৰিশ ভাগ এনেকুৱা ছাত্ৰ-ছাত্ৰীৰ মানসিকতাৰ ফলস্বৰূপে অন্যসকলৰ লগতে সৰ্বসাধাৰণো হাৰাশাস্তি ভুগিব লগা হ’ল। ককায়েকে ভনীয়েকৰ লগত, শহুৰেকে বোৱাৰীয়েকৰ লগত ওলাই যাব পৰা পৰিৱেশটো কমিল। 

এইবোৰ দৃশ্য যোৱাকেইবছৰে যিসকলে অনুধাৱন কৰিছে, দেখিছে, শুনিছে, কোনেও হয়তো সহজভাৱে লব পৰা নাই। সমাজৰ এই নিম্ন ৰুচিবোধ কোনেও চাই থাকিবও নোৱাৰে। ইয়াৰ মাজত এচামে আকৌ যুৱচামৰ উদ্ভৎ মানসিকতাক লৈ কঠোৰ সমালোচনাও কৰিছে। কিন্তু চাই থাকিলেই জানো সমস্যাৰ সমাধান হব? 

সময় এতিয়া জুকিয়াই চোৱাৰ; বিজ্ঞতাৰে পৰিৱেশ চম্ভালি লোৱাৰ। আমি যদি প্ৰতিজনে নিজৰ পৰাই এই জুকিয়নি আৰম্ভ কৰোঁহক, হয়তো বিপথে পৰিচালিত হব ধৰা পূজা এটা পুনৰ নিজস্ব ৰূপলৈ উভতি আহিব। 

অভিভাৱক হিচাপে আমি গুৰুত্বপূৰ্ণ দায়িত্ব লব পাৰোঁ সন্তানৰ দায়িত্ব আৰু চোৱাচিতাৰ ধৰণটো অলপ সলনি কৰি। ধৰ্মীয় অনুষ্ঠানত কি সাজ-পোছাক পিন্ধি ওলাব লাগে সেয়া আমিয়েই সন্তানক বুজাব লাগিব। ছাত্ৰাৱস্থাত ঘূৰা-ফুৰা বা চাল-চলনত কেনেকুৱা বান্ধোন থাকিব লাগে, বুদ্ধিদীপ্তভাৱে আমিয়েই সেয়া সন্তানক বুজাব পাৰিব লাগিব। তাতোকৈ ডাঙৰ কথা অলপ মুকলিকৈ ফুৰিবলৈ স্বাধীনতা প্ৰদানৰ লগে লগে ভিতৰুৱাকৈ নজৰত ৰখাৰ দায়িত্বও আমিয়েই লব লাগিব। এইবোৰ ব্যৱস্থাই নহয়, সকলোৰে নিজৰ ধৰণেৰে কৰা চোৱা-চিতাই হয়তো কোনোবা পাৰ্কৰ কোনো চুকত সৃষ্টি হোৱা অশ্লীল মুহূৰ্ত কিছুমানৰ, কোনোবা নিজান ঠাইত জমা নিচাৰ আড্ডাবোৰ কিছু পৰিমাণে হ’লেও বন্ধ কৰিব। 

আগতে স্কুল-কলেজত শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক পূজা আয়োজনৰ বাবে সৰু সৰুকৈ কিছুমান কাম ভগাই দিছিল। ফলত প্ৰতিটো পূজা মণ্ডপতে পৰিস্ফুত হৈছিল সৃষ্টিশীলতাৰ নিদৰ্শন। শিক্ষক-শিক্ষয়ত্ৰীৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে পাইছিল নিজৰ কলা নিদৰ্শনৰ এক সুকীয়া আমেজ। এই কাম এতিয়াৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে কৰা কমেই দেখা যায়। পুৰণি সেই পদ্ধতিৰ পুনঃপ্ৰৱৰ্তনে বঢ়াব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্মস্পৃহা। আৰু এই কৰ্মস্পৃহাৰ মাজেৰেই বাঢ়িব মণ্ডপৰ সৌন্দৰ্য্য, আধ্যাত্মিকতা তথা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত সংযম আৰু সৃষ্টিশীলতা। 

সমাজৰ এটা অংশ হিচাপে ওচৰ-চুবুৰীয়াৰ অৰিহনাৰেও আমি আমাৰ সন্তানক সংযমহীনতাৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। আজিকালিৰ যুগ যান্ত্ৰিকতাৰ যুগ। এই যুগত সময়ৰ বৰ নাটনি। এই নাটনিৰ মাজতো যদি আমি ওচৰ-চুবুৰীয়াৰ লগত এক সামাজিক সম্পৰ্ক ৰক্ষা কৰিব পাৰোঁ, সেই সম্পৰ্কই সন্তানৰ চাল-চলনত নজৰ ৰখাতো সহায় কৰে। অন্যহাতে চুবুৰীয়াৰ লগত পতা পূজাভাগে ৰুচিবোধ মাৰ্জিত কৰি ৰখাতো সহায়ক হৈ পৰে। 

এতিয়া আহিছোঁ সংবাদ মাধ্যমৰ ভূমিকাক লৈ। সমাজৰ অৱক্ষয়ৰ ওপৰত সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিন্তু সৰস্বতী পূজাৰ যি আধ্যাত্মিক চেতনা তাক যেন সংবাদ মাধ্যমেই তচনচ কৰি দিছে। বিশেষকৈ বৈদ্যুতিন মাধ্যমে। যি সময়ত সংবাদ মাধ্যমে উঠি অহা চামৰ আগত সৰস্বতী পূজাক আধ্যাত্মিক ৰূপত গঢ়ি তুলিব লাগিছিল, যি সময়ত নীতি-নিয়ম সমূহৰ বিজ্ঞানসন্মত আৰু তথ্যভিত্তিক আলোচনাৰে পূজাৰ মহত্ব গভীৰভাৱে উপলব্ধি কৰাত সহায় কৰিব লাগিছিল, সেই সময়ত কিন্তু তেওঁলোকে গোটেই পূজাটোকেই ইয়াৰ নিজস্ব গৰিমাৰ পৰা আঁৰতাই তাক তুলি ধৰিছে সৌন্দৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱীৰ পৰিৱেশনৰ দিন হিচাপে। পূজাৰ এই দিনটোত যুৱক যুৱতীসকলৰ মাজত নমাই নিয়া হৈছে এক অসুস্থ প্ৰতিযোগিতা। ফলত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ ৰূপ সলনি হৈ হৈ পৰিছে সৌন্দৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী। এইবোৰে আধ্যাত্মিক অৱক্ষয় কমাওক চাৰি বঢ়াইছেহে। 

সময় এতিয়াও শেষ হৈ যোৱা নাই। এতিয়াও যদি আমি আটায়ে সময়োপচিতভাৱে অলপ সচেতন নহওঁ তেন্তে বিদ্যাক সৌন্দৰ্য্যলৈ পৰিৱৰ্তিত কৰা, আধ্যাত্মিকতাক প্ৰেমলৈ পৰ্য্যবসিত কৰা, প্ৰসাদক নিচালৈ পৰিৱৰ্তিত কৰা আৰু সাজ-পোছাকক আধুনিকতাৰ ৰূপেৰে অশ্লীলতালৈ পৰিৱৰ্তিত কৰা এই ৰঘুমলাবোৰে আমাৰ নিজস্বতাবোৰ নিঃশেষ কৰি পেলাবগৈ। আমাৰ সন্তান, নাতি-পুতিক ক’লেও বিশ্বাস নকৰিব যে সৰস্বতী আচলতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীহে।

[ৰচনাকালঃ ১১ ফেব্ৰুৱাৰী, ২০১৬]

Monday, November 16, 2015

হিতেন শৰ্ম্মাৰ দিনলিপি-১৫ (দ্বিতীয় অধ্যায়)


প্ৰস্তাৱটো দিছিল ৰিতুলে। সমৰ, উচ্চহঁতে অলপ হেহোঁ-নেহোঁ কৰিছিল। নাটকৰ বাবে গঠন হব ‘নাট্যমণ্ডল’। সাহিত্য চ’ৰাৰ সম্প্ৰসাৰণ হ’ব অন্য এক বাস্তৱ ক্ষেত্ৰলৈ। শৰ্ম্মা চাৰৰ পৰামৰ্শ লোৱা হ’ল। চাৰে ভালেই পালে। পাছে অন্য সদস্যসকলৰহে মনত ভয় ভয় ভাৱ এটা থূপ খাই থাকিল। সাহিত্য চ’ৰা এতিয়াও পূৰ্ণাংগ পৰ্য্যায় পোৱাগৈ নাই। ইয়াৰ সক্ৰিয়ভাৱে লাগিব পৰা সদস্য এতিয়াও পৰ্য্যাপ্ত হোৱাগৈ নাই। আৰম্ভণি হৈছেহে মাথোঁ, সাহিত্য চ’ৰাৰ ওপৰত লোকৰ শেনদৃষ্টিও পৰিছেই। ষড়যন্ত্ৰৰ বলি হৈ ইয়াৰ সদস্যসকল বদনামীও হব লগা হৈছে। পিছে ইয়াৰ শুভাকাংক্ষীৰ সংখ্যাও বাঢ়ি গৈছিল। সমীৰদাহঁতে, জিণ্টুদাহঁতে সাহিত্য চ’ৰাৰ ভাল বেয়াৰ ছাঁটোৰ দৰে হৈ থাকিবলৈ আৰম্ভ কৰিছিল।
 

হয়। সমীৰদাৰ অনুমান ঠিকেই মিলিছিল। সাহিত্য চ’ৰাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নোৱাৰি কিছুমানে ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰত মিলিত হৈছিল। পূৱালীৰ লগত ঘটা ঘটনাৰ, মোক সাঙুৰাৰ ঘটনাৰ মাধ্যমেৰে সেই ষড়যন্ত্ৰ সঁচা বুলি প্ৰমাণিতও হৈছিল। তাৰ পিছতো সেইসকল বহি থকা নাছিল। পূৱালী আৰু অন্য ছোৱালীকেইজনীক কিছুদিনৰ বাবে ঘৰলৈ যাবলৈ কৰা অনুৰোধ তেওঁলোকে ৰক্ষা কৰিছিল। কিন্তু তাৰ পিছতো ক্ষান্ত থকা নাছিল অৰুণহঁত। দেৱালে দেৱালে সাহিত-চ’ৰাৰ কিছুমান মনেসজা ‘ভ্যাভিচাৰ’ সকলোৱে দেখিবলৈ পাইছিল। সেইবোৰ দেখি-শুনি জুমে জুমে গুণগুননিও উঠিছিল। সাহিত্য চ’ৰাৰ প্ৰতিজন সদস্যৰ নামত এটা এটা বদনামী শ্লোগানেৰে নতুনকৈ ডিজাইন কৰা হৈছিল বজালী মহাবিদ্যালয়ৰ দেৱালবোৰ। নানা ৰঙী পেইণ্টেৰে। আমি কলেজ চৌহদত সোমালেই ল’ৰা-ছোৱালীবোৰে আমাক চিৰিয়াখানাৰ জন্তু চোৱা দি চাইছিল। আৰু আমাৰ মাজত হোৱা আলোচনামতে আমি নিৰ্বিকাৰ হৈ থকাৰ অভিনয় কৰিছিলোঁ। বৰ টান আছিল সেই কাম, সেই অভিনয়। একুৰা জ্বলন্ত জুই বুকুত লৈ ফুৰিছিলোঁ আমি। আমি জানিছিলোঁ সেই জুইৰ উৎস কি, কোনে জ্বলাই আছিল সেই জুই। অথচ, একো কৰিব পৰা নাছিলোঁ। একো কৰিবলৈ আগবঢ়া নাছিলোঁ একমাত্ৰ সাহিত্য চ’ৰাক মূৰ দাঙি থিয় কৰাই ৰখাৰ স্বাৰ্থত। যেনেকৈয়ে নহওক, সেই বিষয়টোক এটা বাজে বিষয় বুলি প্ৰতিপন্ন কৰিবলৈ শাৰিৰীক অৱয়ৱেৰে আমি যৎপৰনাষ্টি চেষ্টা কৰিছিলোঁ। এই বিষয়ে কোনোবাই কিবা সুধিলে আমি সেয়া আমাৰ ওপৰত ব্যক্তিগত আখেজৰ ভিত্তিত মিছা অপবাদ বুলি উত্তৰ দিছিলোঁ। কষ্ট হৈছিল, এটা ষড়যন্ত্ৰক শাৰিৰীক ভাৱভংগীৰে মিছা বুলি পতিয়ন নিয়াবলৈ অভিনয় কৰিবলৈ। সেই অভিনয়ক বুমেৰাং কৰিবলৈ প্ৰায়ে ভাঁহি আহিছিল ঠাট্টা-মস্কৰা, অট্টহাস্য অথবা অশ্লীল কিৰিলি। তথাপি আমি চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ। আৰু অধিকাংশ সময় আমি ব্যস্ত হৈ থাকিবলৈ প্লেন কৰিছিলোঁ। তাৰ বাবে আমাৰ হাতত উপায় আছিল। ‘দোকমোকালি’ৰ কাম আমি অলপ সোনকালেই আৰম্ভ কৰিছিলোঁ। হঠাতে এদিন ৰিতুলে প্ৰস্তাৱটো দিছিল সকলোৰে আগত। জোকৰ মুখত চূণ সনাৰ বাবে ৰিতুলৰ প্ৰস্তাৱটো বেয়া নাছিল। তথাপি অলপ ৰিস্ক আছিল। সেই বাবেই আমাৰ মনত অলপ উগুল-থূগুল লাগি আছিল। 

-নহ’লি ব’ৰ হৈ গৈছু আৰো। সেইকেটাক দেখলি গা জ্বলি আহে। -ৰিতুলে কাৰণ দৰ্শাইছিল
-তথাপি আমি ইমান দাউৰা-দাউৰিকে এই সিদ্ধান্ত ল’ ভাল হোবো জানু?-বাকীসকলৰ মাজৰ পৰা কোনোবাই সুধিছিল
-কাইজা-পেচাল কোৰি মৰাতকে এলাখনোত অলপ বেছিকে লাগায়ে ভাল।
-কিন্তু নাটকৰ বাবেতো বহুত বস্তু বাহানি লাগবো! ৰূম লাগবো। নাটক লাগবো। ৰিহাৰ্চেল কৰবা জাগা লাগবো।
-চোব হৈ যাবো। চোব ব্যৱস্থা হৈ যাবো। সাহিত্য চ’ৰাৰ নিচনা মঞ্চ এখেন হৈ গেইচি আৰো ইয়াৰ লোগোত অংশ এটা যোহ নোহোবো না !! চোব হোবো। আৰো এই সময়খেনি আমাৰ কাৰণে বৰ ভাল। এনেও বাহিৰ ওলবা নোৰায়ে হৈছু। গতিকে ভালকে লাগবাও পাৰিম।
-কিন্তু জাগা আৰু মনহু প্ৰথম কাম।
-জুনিয়ৰ দুটা আছে। ধ্ৰুৱ আৰু কুমুদ। তাহুন ইণ্টাৰেষ্টেড। বিচান্নালাৰ উপৰোত থাকা প্ৰগতি সংঘৰ ৰূমটু আমাক ৰিহাৰ্চেল কৰাৰ কাৰাণে দিবো
-কিন্তু কলেজৰ বাহিৰোত??
-কলেজৰ ভিতৰোতে আমি বন্ধ হৈ থাকাতকে বাহিৰোতো যাৱ ভাল। চাৰোৰো মত সেটুৱে। সেই বাবে ইংকে ভাবচু।
-তাতে হ’লি এই দাণ্ডাকেটাই উৎপাত কৰে বা!
-সেই কাৰণে প্ৰগতি সংঘৰ তাতে ৰাখপা খুজিছু। সংঘৰ জিন্টু দা আহুন আমাৰ লোগোত সক্ৰিয়ভাৱে থাকপো তিত্তে। আৰো দাদাগিৰি কৰবা পাৰা তেজ তাহাৰে নাইতো। আমাৰো আছে। বাহিৰোত হ’লি আমিও চাম নহে কুন কিমান পানীৰ মাছ। তাহুনো গম পাবো লংকাকাণ্ড কাক কয়।
-ঠিক আছে দে তিত্তেহ’লি।

প্ৰস্তাৱমতেই সাহিত্য-চ’ৰাই নাটকৰ ক্ষেত্ৰখনতো পদাৰ্পন কৰিছিল ‘নাট্যমণ্ডল’ ৰূপত। কেইজনমান নতুন সদস্যও হাতে-কামে লাগি গৈছিল। দোকমোকালিৰ কামৰ সমান্তৰালভাৱে আৰম্ভ হৈ গৈছিল নাট্যমণ্ডলৰ কামো। আমাৰ ব্যস্ততা পাৰাপাৰাহীনভাৱে বাঢ়ি গৈছিল। ছোৱালীকেইজনীক ঘৰলৈ পঠিওৱাৰ পিছত সিহঁতৰ কামৰ অতিৰিক্ত দায়িত্বও আমিয়েই ভগাই লব লগা হৈছিল। কামৰ ভিৰত আমি পাহৰিয়েই গৈছিলোঁ যে আমাৰ বিৰুদ্ধে দেৱালে দেৱালে বগাই ফুৰিছিল মনেসজা পৰিকল্পিত কিছুমান বদনামে। এই পাহৰণিয়ে কিন্তু সাহিত্য-চ’ৰাৰ বাবে বহুত যোগাত্মকভাৱে কাম কৰিছিল। এপল-দুপল আমি কৰি অহা সহনশীলতাই ‘সাহিত্য-চ’ৰা’ৰ ভেঁটি মজবুত কৰি তোলাত সহায় হৈ পৰিছিল। সাহিত্য’চ’ৰাই ইতিমধ্যে গঠনমূলক কাম-কাজৰ এক নিগাজী মঞ্চ হৈ পৰিছিল। আৰু আমাৰ বিৰোধিতা কৰা সকেল! তেওঁলোক এনেয়ে বহি আছিলনে? 

অৰুণ, ৰুবুলহঁতে যেতিয়া দেখিছিল যে তেওঁলোকৰ বদনাম কৰা কাৰবাৰটোৱে বৰ বেছি গ্লেমাৰ নাপালে, সাহিত্য চ’ৰাৰ সময়ত অধিক সময় টিকিব নোৱাৰিলে, এইবাৰ তেওঁলোক সক্ৰিয় হৈ পৰিল চৰমপন্থাত। চৰমপন্থা মানে হয়তো ইয়াতকৈ ঘৃণনীয় কাম এখন মহাবিদ্যালয়ৰ মজিয়াত ঘটিব নোৱাৰে। কিন্তু এনে ঘটনাই ঘটিছিল বজালী মহাবিদ্যালয়ৰ মজিয়াত। আগৰ ঘটনা এটাৰ অজুহাতত তেওঁলোকে ইতিমধ্যে সেই সুযোগ গ্ৰহণ কৰিছিল।

ক্লাছ হোৱা নাছিল সিদিনা। সেইবাবে এটা টিউশ্যন কৰি আন এটা টিউশ্যনলৈ অলপ সময় থকা সময়খিনি হিতেনৰ পিচিওত বহি আড্ডা পিটি আছিলোঁ। হঠাতে ফোনটো বাজি উঠিল। হিতেনে ফোনটো উঠাই ল’লে। সিপাৰৰ পৰা কিবা কৈ আছে আৰু হিতেনৰ মুখখন লাহে বৰণ সলাই গৈ আছে। কিবা এটা গুৰুতৰ ঘটনাই ঘটিছে চাগৈ।
-হিতু, তই যাচুন। ময়ো দোকানত কুনবাক কৈ যাই আছু।
ক’ত যাম?
-কলেজোত গোলমাল লাগছি। সাহিত্য-চ’ৰাৰ তুহাৰ লগ কেটাক মাইৰধৰ কচ্চি
-হা? কুনি? কাক?
-নাজনু। কিন্তু ডাঙাৰ কিবা এটা হৈছি। কুনবাক চুৰি বোহৈছি।
-কাক?
-নাজনু। তই যাক লগ পা লৈ যা। সমীৰদাক কথাটু জনে যাবি। দোকানতে আছে কিজানি। আৰো কবি কাইজাৰ কাৰণ বুলি তাহুন হোষ্টেল-লোকেলৰ কাইজা বুলি প্ৰচাৰ চলৈছি। কিন্তু আচলতে সাহিত্য-চ’ৰাকহে এটেক কচ্চি।

মই পলম নকৰি চাইকেল চলাই দিলোঁ ৰতনদাৰ দোকানলৈ। সমীৰদা ৰতনদাৰ ভায়েক। পাঠশালা চাৰিআলিটোৰ কোণতেই তেওঁলোকৰ দোকান। মই যেতিয়া আহি পাইছিলোঁ, সমীৰদাই কিবা এটা গম পাইছিল। মই গৈ কথাখিনি কোৱাত মোক জিণ্টুদাক খবৰ দিবলৈ কৈ তেওঁ লগৰ দুজনমানক লৈ কলেজলৈ বুলি পোনাই দিলে। ইচ্ছা আছিল এখন প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱাৰ। বহুদিন ধৰি উতলি আছিল তেজ। সেই উতলা তেজ ঠাণ্ডা কৰিবলৈ দুজনমানক দোজ লপ দিয়াৰ প্ৰয়োজন আছিল। কিন্তু সমীৰদাহঁতে আমাক সেই সুযোগ নিদিলে। সাহিত্য-চ’ৰাৰ লগত জড়িত আটাইকেইজনকে কাজিয়াত প্ৰত্যক্ষভাৱে নামি পৰাৰ পৰা কৌশলেৰে আঁতৰাই ৰাখিলে তেওঁলোকে। কেৱল হোষ্টেলৰ বাসিন্দা হেতুকে মনুজ আৰু অনুপৰ ওপৰত আক্ৰমণ হৈছিল আৰু দুয়ো অকলে চম্ভালিব নোৱাৰি আঘাতপ্ৰাপ্ত হৈ পৰিছিল। 

আমি সকলোকে খবৰ দি যেতিয়া হোষ্টেল পাইছিলোগৈ, তেতিয়া কাজিয়া শাম কাটিছিল। আৰ-তাৰ মুখত শুনিছিলোঁ জিণ্টুদাহঁতে লোকেলগিৰি কৰিবলৈ অহা ল’ৰাকেইটাক কিদৰে দুই চৰতে ঘূৰাই দিছিল। কিন্তু এই সকলোবোৰৰ ওপৰত ডাঙৰকৈ ঘটা ঘটনাটো আছিল হোষ্টেলৰ ৰান্ধনী নৱদাক চুৰীৰে উপৰ্যুপৰি কৰা আঘাত। মিশ্ৰদাই ইতিমধ্যে নৱদাক লৈ গৈছিল হস্পিটেললৈ আৰু আঘাতকাৰী ফৈদৰ তিনিজনমানৰ দায়িত্ব লৈ জিণ্টুদাই নিজে। এখন হাই ভ’ল্টেজ কাজিয়া। পৰিকল্পিত কাজিয়া। প্ৰতিশোধ লবলৈ কৰা কাজিয়া। আমাক ধ্বংস কৰিবলৈ কৰা কাজিয়া। প্ৰকৃত কাৰণৰ পৰা আঁতৰি গৈ সেই কাজিয়াক ইচ্ছ্যুভিত্তিক কাজিয়াৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল। পৰিস্থিতি গৰমেই হৈ ৰৈছিল লোকেল চেণ্টিমেণ্ট, হোষ্টেল চেণ্টিমেণ্টত। জিণ্টুদাহঁতে কাজিয়াখন ঠাণ্ডা কৰিলেও এই চেণ্টিমেণ্টবোৰ ঠাণ্ডা কৰিব পৰা নাছিল। পুলিচক খবৰ দিব লগা হৈছিল। পুলিচ আহিছিল। তদন্ত হৈছিল। আৰু কেইদিনমানৰ বাবে সকলো কাম বাদ দি আমি হস্পিটেলত পৰ দিছিলোঁগৈ আঘাতপ্ৰাপ্ত মনুজ, অনুপ আৰু নৱদাক। মনুজ আৰু অনুপ সোনকালে সুস্থ হৈ উঠিছিল যদিও নৱদাৰ ঘাঁ বাঢ়িছিল। ইনফেকশ্যন হৈ তেওঁৰ ঘাঁই অন্য এক ৰূপ লৈছিলগৈ। আমি নেৰানেপেৰাভাৱে লাগিছিলো তেওঁৰ সুস্থতাৰ বাবে। সকলো প্ৰকাৰে। চিকিৎসাৰ খৰচ উলিয়াবলৈ টকা উঠাইছিলোঁ আৰু প্ৰথমতে আমাৰ মাজতে সীমাৱদ্ধ হৈ থকা এই প্ৰচেষ্টাত পিছলৈ কলেজৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে হাত আগবঢ়াইছিল। 

এখন অকল্পনীয় কাজিয়াই সলনি কৰি দিছিল সকলো। সাহিত্য-চ’ৰা ধ্বংস কৰিবলৈ লোৱা পৰিকল্পনাই সাহিত্য-চ’ৰাক মজবুত ৰূপত গঢ় দি তুলিছিল। দোকমোকালিৰ বাবে আমি কোনো দ্বিতীয়বাৰ লিখিব লগা হোৱা নাছিল। নিতৌ নতুন নতুন লেখক-লেখিকাৰ লেখাই ভৰি পৰিছিলহি দোকমোকালি। লাহে লাহে দোকমোকালিয়ে ৰূপ সলাই পষেকীয়া ৰূপ পাইছিলহি। এখন ব’ৰ্ডৰ ঠাইত দুখন ব’ৰ্ড লগ লাগিছিলহি। নিতৌ নতুন সদস্যই সাহিত্য-চ’ৰাৰ বাবে স্বেচ্ছাই কাম কৰিবলৈ আগবাঢ়ি আহিছিল। আমাৰ সপোন লাহে লাহে বাস্তৱায়িত হবলৈ গৈছিল।

মোৰ পথ সঠিক আছিল যেন অনুভৱ হবলৈ ধৰিছিল। প্ৰতিটো প্ৰসংশাত গৌৰৱান্বিত হৈ পৰিছিলোঁ। লগে লগে অনামী এক বেদনাই গধুৰ কৰি তুলিছিলহি বুকুখন। হৃদয়ৰ পৰা নোহোৱা হৈ পৰিছিল সাজলি-কাচলি একাচলি ৰ’দ। ত’ৰাহীন আকাশখন তেতিয়া বৰ গধুৰ যেন লাগিছিল। সাহিত্য-চ’ৰাৰ প্ৰসংশাত, গৌৰৱত অজানিতেই মই একোবাৰকৈ আকাশলৈ  চাবলৈ লৈছিলোঁ। আলোছায়ালৈ বতৰা দিবলৈ। তাইৰ আশাৰ জগতখনত অহা কৃতিত্ববোৰ ভগাই দিবলৈ। মোৰ বিশ্বাস আছিল তাই মোৰ এই বতৰাবোৰ পাবই। 

[দ্বিতীয় অধ্যায়ৰ সামৰণি]


হিতেন শৰ্ম্মাৰ দিনলিপি - ১৪ (দ্বিতীয় অধ্যায়)

-অ’ই, কলেজোৰ কেণ্টিনখেন বুলে নতুনকে খুলবো?
-কি ক? চিওৰ না?
-চিওৰ মানে, শ্বহীদ ভৱনৰ কাষৰ ৰূমটু চাফা কৰ্বা দিছিএ
-হই নিকি?
-কিবা বেলেগ কামতো হোবা পাৰে অৱিশ্যে, নাজনু
-তোক কুনি কলাক?
-জি.এছে
-দেচুন। হ’লি ভালে হএ

প্ৰেক্টিকেলৰ ক্লাছটো শেষ কৰিয়েই যেতিয়া তললৈ নামি আহিছিলোঁ, অনিলে খবৰটো দিছিল। এটা ভাল লগা খবৰ। বজালী মহাবিদ্যালয়ৰ বহু দিন ধৰি বন্ধ হৈ থকা কেণ্টিনখন খিলিব। ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অন্ততঃ অলপ সকাহ পাব। বিশেষকৈ আমাৰ নিচিনা অলপ দূৰৈৰ পৰা আহ-যোৱা কৰা ছাত্ৰসকলে। সেই কথাটোৱেই ভাবি ভাবি চাইকেলখন উলিয়ালোঁ আৰু ঠিক উঠিব ধৰোঁতেই-
-হিতেন, ৰ’বাচুন
ঘূৰি চাই দেখো পুখুৰীৰ ফালৰ পৰা সমীৰদা আহি আছে।
-অৰুণৰ লোগোত তুমাৰ কিবা লাগছি নিকিন?
-নাইতো!
-সি কিবা-কিবি যি কই ফুচ্চি? তুমি গম নাপো নিকিন?
-নাই দেখুন। কি কৈছিনু?
-তুমাৰ আৰু পূৱালীৰ কিবা-কানি কই ফুচ্চি
-মোৰ আৰো পূৱালীৰ মাজোৰ? কি কৈছিনু? – সন্দেহৰো আওতাত নহা এটা সম্পৰ্কক দিক-বিদিক ৰাষ্ট্ৰ কৰি পেলাইছিল অৰুপে। ভুল ৰূপেৰে। সমীৰদাৰ মুখত প্ৰথমবাৰৰ বাবে শুনিছিলোঁ সেই কথা। অৰুণে কৰি ফুৰা অপপ্ৰচাৰবোৰৰ কথা। তাকো পূৱালীৰ লগত। আলোছায়াৰ লগত কিবা তেনেকুৱা কথা কলেও হয়তো মই ইমান আচৰিত হব লগা নহ’লহেঁতেন, যিমান আচৰিত হব লগা হৈছিল পূৱালীৰ লগত বুলি শুনি। আনকি অপপ্ৰচাৰতেই ক্ষান্ত নাথাকি পূৱালীকো পোনে পোনে কৈছিল অৰুপে। অবিশ্বাস্য! টু মাচ্চ! ইয়াক কিবা এটা কৰিবই লাগিব। মোৰ খঙে মূৰৰ চুলি পাইছিলগৈ।
-তুমাৰ কিবা জৰুৰী কাম আছে নিকিন ইটা?

আছিল। বৰ জৰুৰী কামেই আছিল। যেতিয়াৰ পৰাই ঘৰৰ পৰা হাত খৰচ আনিবলৈ বন্ধ কৰিছিলোঁ, এনেকুৱা জৰুৰী কাম দুই-এটাত হাত দিব লগা হৈছিল। তেনেকুৱা এটা জৰুৰী কামৰ মাধ্যম আছিল ঘৰুৱা শিক্ষকতা কৰা। হয়। মই ঘৰুৱা শিক্ষকতাৰ কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কোনেও গম নোপোৱাকৈ। মাথোঁ অনুপমৰ বাহিৰে। কিন্তু আজিৰ এই বিষয়ে মোৰ মগজুক একুৰা অগ্নিপিণ্ডলৈ ৰূপান্তৰ কৰি পেলাইছিল। মোৰ মগজু শিক্ষকৰ মগজু হৈ নাছিল, সি তৎমূহুৰ্ততে ক্ষত্ৰিয়ৰ ৰূপ লোৱাৰ যো-জা চলাইছিল।

মুখেৰে একো নোকোৱাকৈ মই চাইকেলখন পুনৰ আগৰ ঠাইতেই থ’লোঁ আৰু সমীৰদাৰ পিছে পিছে সোমাই গ’লোঁ বিজ্ঞান ভৱনৰ ৰসায়ন বিভাগৰ কৰিড’ৰেৰে। তেতিয়া লাহে লাহে মোৰ মনলৈ উভতিবলৈ আৰম্ভ কৰিছিল সকলোবোৰ কথা। পাহৰণিৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ আৰম্ভ কৰিছিলোঁ মই নভৱাকৈয়ে গুৰুত্ব পাই যোৱা ঘটনা এটা। জাৱৰ-জোঁথৰৰ মাজৰ পৰা উলিয়াই অনা কিবা লাগতীয়াল বস্তুৰ দৰে, খুৱ সন্তৰ্পণে, পৰিপাটীকৈ। নিজক জিকিয়াবলৈ আৰম্ভ কৰি দিছিলোঁ মই।

সেইদিনা মোৰ ভাগত পৰিছিল ডাৰ্কৰূম এক্সপেৰিমেণ্ট। আবেলিপৰ আছিল। ডাৰ্কৰূমত তেতিয়ালৈকে মই অকলে আছিলোঁ। মোৰ গ্ৰুপৰ নয়ন আৰু ৰুবুল তেতিয়ালৈ আহি পোৱাহি নাছিল।
-অ’ই বামুন, তই ভালকে এক্সপেৰিমেণ্ট কৰ আৰো ৰিজাল্টগেলা কালি আমাক দিবি। -মাত্ৰ এক পৰৰ বাবে দেখা দি অদৃশ্য হৈ পৰিছিল নয়ন আৰু ৰুবুল, সিহঁতৰ নিজৰ ভাগৰ কামলৈ।

অকলশৰীয়াকৈ ডাৰ্কৰূমৰ এক্সপেৰিমেণ্ট কৰাটো যে কিমান টান আগতেই দুবাৰমান পাই থৈছিলোঁ। মোৰ ভাগৰ এক্সপেৰিমেণ্টৰ বাবে হিলিয়াম লাইটটো জ্বলিবলৈ দি ওলাই আহিছিলো ফিজিকেল লেবলৈ। অন্ততঃ পোন্ধৰ-বিশ মিনিট তালৈ নগ’লেও হব। ফিজিকেল লেবলৈ আহি চাও তাতো জনসংখ্যা সেৰেঙা। তথাপি জয়ক এবাৰ কামুৰি চালোঁ। পাছে সিও ডাৰ্কৰূমলৈ নাযায়। উপায় নাপাই অৱশেষত অকলেই কিবা-কিবি কৰি সময়খিনি পাৰ কৰিব লাগিব বুলি ঠিৰাং কৰি পুনৰ ডাৰ্কৰূম পালোঁহি। ডাৰ্কৰূমৰ এটা চুকত তেতিয়াও মই জ্বলাই থৈ অহা হিলিয়াম লাইটটোৱে সম্পূৰ্ণ পোহৰ আহৰণ কৰিব পৰা নাই। তাতে আকৌ বন্ধ বাকচৰ ভিতৰত আৱদ্ধ হৈ সি অধিক দুৰ্বল হৈ পৰিছে। মাথোঁ জ্বলি থকাৰ উমান দিবলৈ বাকচটোত থকা দুটা সৰু বিন্ধাৰে অলপ পোহৰৰ বিচ্চুৰণ ঘটাইছে। এক মায়াময় পৰিৱেশে বিৰাজ কৰিছে কোঠাটো। অন্য এটা চুকত তেতিয়া অব্যৱহৃত এখন অপ্টিকেল বেঞ্চে দৈত্যৰ দৰে ক’লা মূৰ্তি ধাৰণ কৰিছে। অন্য দুটা চুকত অন্য কিছুমান আহিলা। আৰু সকলোবোৰৰ মাজে মাজে বহিবলৈ কিছুমান টুল আৰু লিখিবলৈ সৰু সৰু মেজ কেইখনমান। অন্যমনস্কভাৱে মই সোমাই আহিলোঁ। হঠাতে মই কিবা এটাৰ শব্দত থমকি ৰৈ দিলোঁ। মোৰ গাটো জিকাৰ খাই উঠিল। পুনৰ সেই শ্বটো শুনিবলৈ যত্ন কৰিলোঁ। হয়। খুক-খুকনি শব্দ এটা। কোনোবাই খুব সৰুকৈ কান্দি থকা শব্দ এটা। যেন জোৰ কৰিহে কান্দোনটো বন্ধ কৰি ৰাখিব বিচাৰিছে, কিন্তু পৰা নাই। মোৰ এক্সপেৰিমেণ্ট কৰা চুকৰ ঠিক বিপৰীত চুকৰ পৰা ভাঁহি আহিছে শব্দটো। মন কৰিলত দেখিলোঁ, কনোবাই টুল এখনত বহি মেজত মূৰ পেলাই বহি আছে। কোন সেয়া! ইহঁত বদমাচকেইটাই মোক ভয় খুৱাবলৈ এইবোৰ কৰি থকা নাইতো? মই লাহে লাহে দুই-এখোজকৈ আগুৱাই গ’লোঁ। ৰহস্যঘন পোহৰত দেখিলোঁ ছায়ামূৰ্তিৰ পৰা চূৰ্ণি লেখীয়া কাপোৰ এখন ওলমি আছে। মই নিশ্চিত হ’লোঁ, সেয়া কোনোবা ছোৱালী। এইবাৰ মই আগুৱাই গৈ তাইৰ কাষ পালোঁগৈ।

-অ’ই, কি হ’ল তোৰ?
-……….. –ছায়ামূৰ্তি নিমাত।
-পূৱা ! অ’ই পূৱা, কি হ’ল তোৰ? কান্দিছ কিয়? –এইবাৰো নিমাত। কি কৰোঁ, কি নকৰোঁ লাগিল মোৰ। নে লগৰ আন ছোৱালী কেইজনীকে মাতি দিও? পাছে কিয়বা কান্দিছে!! এক দোধোৰ-মোধোৰ অৱস্থাত অলপ সময় থিয় দি থাকিলোঁ মই।


এইবাৰ মই লাহেকৈ তাইৰ পিঠিত হেচুকি সুধিলোঁ - মুখেদি নামতিলি আমি কিংকে গম পাম কোচুন। উম, কি হৈছে কোচুন।
তাই এইবাৰ মূৰটো ডাঙিলে। লাহেকৈ থিয় হ’ল। অকনমান সংযত হৈ কান্দোনটো ৰখাবলৈ চেষ্টা কৰি হাতেৰে চকু দুটা মচিলে। কিন্তু মাত্ৰ কেই ছেকেণ্ডমানৰ বাবেহে। বুকুত স্তুপীকৃত বেদনাবোৰে পুনৰ আন্দোলন কৰি নামি আহিল হৰাহৰে। হাতৰ তলুৱাই চকুক বাধা দি ৰাখিব নোৱাৰিলে। হাত দুখনেৰে চকুদুটা ঢাকি তাই এইবাৰ হুকহুকাই কান্দি থাকিল। মই এখোজ আগুৱাই গৈ তাইক অভয় দিবলৈ চেষ্টা কৰি হাত দুখনত ধৰিলোঁ আৰু পিঠিত থপৰিয়াই কলোঁ
-দুৰ্যোগ চবৰে আহে। সেইবুলি ভাঙি পল্লি কিংকে হোবো, হা। উম। বন্ধ কৰ। হোবো আৰো।
-মই চেচ হৈ গেলু অ’ হিতেন। থোকাথুকি মাতেৰে কব খোজা কথাখিনিৰ পৰা মই এইখিনি বুজি পালোঁ।
-কিয়ো? কুনি কি কলাক?

পূৱালীয়ে কৈছিল। মই নজনা এটি অধ্যায় তাই সিদিনা মোৰ সন্মুখত উচুপি উচুপি মেলি ধৰিছিল। কৈ গৈছিল তাইৰ জীৱনলৈ জোৰ-জবৰদস্তি প্ৰৱেশ কৰিব খোজা ৰণদ্বীপৰ উদ্ভতালিৰ কথা। কলেজৰ দেৱালে দেৱালে তাইৰ বিষয়ে লিখা অশ্লীল কথাবোৰৰ কথা যিবোৰ তাই নজনাকৈ ৰণদ্বীপেই কৰিছিল আৰু তাইৰ সন্মুখত বিৰোধিতা কৰাৰ ভাও জুৰিছিল। লাহে লাহে নিজে নজনাকৈয়ে পূৱালী ৰণদ্বীপৰ ওচৰ চাপি আহিছিল আৰু ভৰি দিছিলগৈ ৰণদ্বীপে পতা এখন জালত। তথাপি সকলো আশা শেষ হৈ যোৱা নাছিল। সিহঁতৰ মাজৰ সম্পৰ্কই তেতিয়ালৈ একো নাম লোৱা নাছিল। কিন্তু হঠাৎ আজি…… বয়জ হোষ্টেললৈ সাহিত্য চ’ৰাৰ বিশেষ কামৰ অজুহাত দেখুৱাই মাতি নি ….. সকলো শেষ হৈ গ’লহেঁতেঅ, যদিহে হোষ্টেলৰ ৰান্ধনিজনে তাৰ প্লেন আগতেই গম পাই সময়মতে গৈ তাইক উদ্ধাৰ নকৰিলহেঁতেন! কান্দি কান্দি পূৱালী মোৰ বুকুত ঢলি পৰিছিল। তাইৰ ভাগৰুৱা হৃদয়ে হয়তো অলপ আশ্ৰয় বিচাৰিছিল। হয়তো এই ঘটনাৰ পৰা অলপ সকাহ বিচাৰিছিল। কাকো একো কব পৰা নাছিল তাই। আনকি লগৰবোৰকো। অনাগত এক নিশ্চিত বদনামৰ ভাগী হবলৈ তাই নিজকে সাজু কৰিব পৰা নাছিল। সেয়েহে প্ৰেক্টিকেল কৰিবলৈ আহিও পাগলৰ দৰে ঘূৰি ফুৰিছিল ইপিনে-সিপিনে। আৰু আবেগ ধৰি ৰাখিব নোৱাৰি ডাৰ্কৰূমতেই কান্দি উঠিছিল হাও-হাওকৈ।

মই তাইক অভয় দিবলৈ চেষ্টা নকৰিলোঁ। মোৰ বুকুত শোক এটাই খুন্দা মাৰি ধৰিছিলহি। প্ৰতিশোধৰ জ্বালা লাহে লাহে মোৰ বুকুতো জ্বলি উঠিছিল। একো শান্ত্বনা দিব পৰা নাছিলোঁ তাইক। শান্ত্বনা দিবলৈ আচলতে একো ভাষায়েই নাছিল। তাইৰ দুবাহুত ধৰি মাথোঁ কৈছিলোঁ-
-যা, কুখ-চকুকেটা ধুঁই লো। চকুপানীগেলা শেষ নকৰবি। পিছোত শিল বানোবা লাগবো। 

তাই অলপ শান্ত হবলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। চকু দুটা হাতেৰে মচি তেতিয়া তাই যাবলৈ ওলাইছিলহে মাত্ৰ…. ঠিক তেতিয়াই কেৰেক কৰি দুৱাৰখন মেল খুৱাই ডাৰ্ক ৰূমলৈ সোমাই আহিল ৰুবুল আৰু অৰুণ।
-মানে কথা সেইটুহে? –সমীৰদাই মোৰ কথাখিনি শুনি মাত দিছিল।
-সি তুমাহাক বোয়া অৱস্থাত দেখা বুলি কৈ ফুচ্চি। আনকি পূৱালী যে এজনী ধান্দাবাজী ছোৱালী সেনেহেন কথাও কৈ ফুচ্চি। ৰণদ্বীপৰ কথাখিনি মই অলপ চলপ জানু। ৰান্ধেনীয়ে মোক কৈছি। ৰাতি ৰান্ধেনীক মাইৰ-ধৰো কচ্চি বুলে।
-মই এলাখেন আকো গম পাৱ নাচলু। পূৱালীয়ে সিদনা কৱতহে গম পালু। মইতো আনকি ৰণদ্বীপৰ লগত তাইৰ এলাখেন কিবা চলি থাকা কথাও নাজনু। সিতো এনে মোৰ ভা ল লগেই।
-অৰুণ আৰো সি প্লেন গেলা বানৈছি। চব ৰাজনীতি।
-ৰাজনীতি মানে?
-ৰ’বা…. তুমি ইত্তে বুজি নাপোবা। মই ধৰ্বা পাচ্চু আহাৰ প্লেন।
-কি প্লেন?
-মনুজে পূৱালীক ভাল পাএ?
-উম। সেটু জানু। কিন্তু তাই নাপৈ।
-মত-অমতৰ কথাখেনি বাদ দিয়াচুন। আৰো মত নাই বুলি তুমিহে কৈছা। তাইতো ইটাও তাক হা-না আকোৱে কনাই! গতিকে মনুজ আৰো তাইৰ মাজোত টপকি দুয়োৰে মাজোত বোয়া পাৱ-পায়ি কৰাৰ প্লেন তাৰ।
-কিন্তু বোয়া কিয়ো কোৰৈ?
-কাৰণ ইলেকচন। আহা ইলেকচনত তাহাৰ এজেণ্ডা হোবো সাহিত্য চ’ৰাৰ বিপৰীত। গতিকে সাহিত্য চ’ৰাত বদনাম কেটামান তাহাক লাগে। সাহিত্য চ’ৰাৰ যিমান চাপ’ৰ্ট, সেইমতেটো তাহুন দশটা ভোটো নাপৈ, যদি সাহিত্য চ’ৰাৰ কুনবাই ভোট খেলে। গতিকে ইতাৰপৰাই সাহিত্য চ’ৰাৰ বদনাম উইলোবা পাল্লি কাম হৈ গেল। 

কথাবোৰৰ ইমান গভীৰলৈ পাক থাকিব পাৰে বুলি মই ভাবিবই পৰা নাছিলোঁ। কিবা এক জটিলতাত সোমাই গৈ আছিলোঁ। বেয়া হৈ গৈছিল কথাবোৰ। এক অস্থিৰ ভবিষ্যতৰ আশংকাই মূৰত সোমাই গৈছিল। জটিলতাবোৰে মগজুৰ দুৱাৰমুখতে পাক খাই ৰৈ গৈছিল।
-কিন্তু মোৰ বদনাম কিয়ো? ঠিক আছে, মোৰ কচ্চি কৰকে বাৰু…। পূৱালীৰ কিয়ো? তাইৰ জীৱনটো স্পইল কৰবা ওলচি কিয়ো?
-সেটুৱে মেইন টাৰ্গেট। সাহিত্য চ’ৰাৰ প্ৰতিটু সদস্যৰ বদনাম কৰ্বা পাল্লি বাকীগেলাই তাহাক চাপ’ৰ্ট কৰ্বো। 

মগজুৰ দুৱাৰমুখৰ পাকটো লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছিল। এক ভয়ানক ভবিষ্যতৰ ইংগিত পাইছিলোঁ। পূৱালীৰ মুখখনলৈ মনত পৰিছিল। আলোছায়ালৈ মনত পৰিছিল। আলোছায়া গুছি যোৱাৰ পিছত পূৱালীয়ে আছিল মোৰ নিকটতমজন। মোৰ বুকুত থকা শিলটুকুৰা তায়ে হাঁহি-ধেমালিৰে গলাবলৈ তাই সদায় চেষ্টা কৰিছিল। বুজাইছিল, সংগ দিছিল। কিন্তু তাইঅৰ ক্ষেত্ৰত? তাইৰ বুকুতোযে এটুকুৰা শিল আছিল, মই দেখোন ধৰিবই পৰা নাছিলোঁ। আৰু এতিয়া তাইৰ বুকুৰ সেই শিলচটা দেখোন মোৰ নামত সাঙুৰ খায়েই গধুৰ হৈ গ’ল। কি কৰিম এতিয়া! একো ধৰিব পৰা নাছিলোঁ। অৰুণ আৰু ৰণদ্বীপলৈ প্ৰচণ্ড খং উঠিছিল। যেন লগ পালে এতিয়াই মাৰিহে পেলাম। 
 -তুমি ইতা যাৱ। পূৱালীৰ লোগোত ইটা যেনে সম্পৰ্ক সেনেই ৰাখপা। তুমিযেন এলাখেন কথা একোৱেই নাজনা, একোৱেই গুৰুত্ব দিয়া নাই সেতু দেইখোবা। কিবা কৰবা লাগলি মই আৰো মিশ্ৰ আছু। আৰো শুনা, আৰুণে তুমাৰ লোগোত কাইজা কৰাৰ চেলু বিচৰি আছে। অলপ সাৱধানে চলবা। কাইজা ভুলতো নকৰবা। চাউচুন কি হএ….. !!

এখন যুদ্ধৰ উমান পাইছিলোঁ। যেন ডাঙৰ যুঁজ এখনৰহে আখৰা চলি আছিল সেয়া। অজানিতে মই নিজেও সোমাই পৰিছিলোঁ সেই দুঁজৰ এটা ফৈদত। অনিচ্ছাকৃতভাৱে। 

একেলগে বহুকেইখন দুদ্ধ কৰি থাকিব লগা হৈছিল। অথচ, যিখন আকাশে মোক সাহস দিছিল, যিবোৰ তৰাই মোক অনুপ্ৰেৰণা যোগাইছিল, যাৰ সান্নিধ্যই মোক বিশাল ৰূপৰ প্ৰতীয়মান হবলৈ ইংগিত দিছিল, সেই আকাশখনেই নাছিল মোৰ ওচৰত। এবুকু গভীৰ ক’লা ডাৱৰ মোৰ আকাশত এৰি গুছি গৈছিল তেওঁ, কোনোবা অচিন দেশলৈ, একো নোকোৱাকৈয়ে মোক। মাত্ৰ তিনিমাহ মান আগৰ কথা আছিল সেইবোৰ…. কিমানযে পোহৰ আছিল সেই আকাশখনত ! আৰু এতিয়া? এতিয়া তাত মাথোঁ এক মায়াময় আন্ধাৰ… ঠিক তাইৰ নামটোৰ দৰেই… আ..লো..ছা…য়া….. আলোছায়া।।

(ক্ৰমশঃ)