Saturday, May 14, 2016

নিদানকাল



গুৱাহাটী চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত এক জয়াল অঞ্চল জলাহ। বিশাল জলাশয়েৰে আবৃত গোটেই জলাহ অঞ্চলটোলৈ ৰাতিতো বাদেই, আবেলি সময়তো মানুহে অকলশৰে ঘূৰিব নিবিচাৰে। জলাহ অঞ্চলৰ গাতে অসমৰ ইতিহাসপ্ৰসিদ্ধ ৰেলষ্টেচন আজ্ঞাঠুৰী। এই ষ্টেচনৰ পৰাই শৰাইঘাট দলং তৈয়াৰ হোৱাৰ আগতেই আৰম্ভ হৈছিল উত্তৰপৰীয়া ৰেলসেৱা। লুইতৰ দক্ষিণফালে পাণ্ডু ষ্টেচনৰ পৰা জাহাজেৰে পাৰ হৈ আজ্ঞাঠুৰী ষ্টেচনত পুনৰ ৰেলত উঠাৰ বাহিৰে দক্ষিণপৰীয়া ৰেলযাত্ৰীসকলৰ গত্যন্তৰ নাছিল। ইপিনে গৌৰীপুৰৰ মাজেৰে বৈ গৈছিল ঘাইপথ। এই আজ্ঞাঠুৰী ষ্টেচনৰ পৰা পূৱে আমিনগাঁও, পশ্চিমে গৌৰীপুৰ, উত্তৰে অভয়পুৰ হৈ দৰঙৰ সীমা পৰ্য্যন্ত অধিকাংশ জলাশয়েৰে ভৰি আছিল জলাহ অঞ্চল। জলাহৰ পূৱৰ ভাগ নুমলী জলাহ। জলাশয়ৰ গভীৰতা তুলনামূলকভাৱে কম আছিল বাবেই হয়তো এই অঞ্চলক মানুহে নুমলী জলাহ বুলিছিল। কেইটিমান সৰু-বৰ টিলাৰে, কেইপূৰামান মাত্ৰ একচনীয়া খেতিমাটিৰে, দুখনমান সৰু ৰিজাৰ্ভেৰে আৱৰা আৰু অধিকাংশ জলাশয়েৰে আৱৰা এখনি সুন্দৰ অথচ ভয়াল ঠাই। সেই ৰিজাৰ্ভত ওচৰে পাজৰে মানুহ আৰু বসতি বুলিলে ওচৰৰে কাটিং পাহাৰ, চেগুণবাৰীৰ ওচৰত পাৰ্বতীপুৰ, ঘোৰামৰা, লথিয়া বাগিছা আৰু আজ্ঞাঠুৰীৰ বাহিৰে কতো নাছিল। সেয়েহে এইসমূহ ঠাইৰ পৰা গৰু চৰাবলৈ নুমলীজলাহৰ ৰিজাৰ্ভলৈ অহা গৰখীয়াৰ বাহিৰে, খৰি লুৰিবলৈ কাটিং পাহাৰৰ পৰা অহা মানুহৰ বাহিৰে অথবা ওচৰৰ গাঁওসমূহৰ পৰা মাজে মাজে মাছ মাৰিবলৈ নুমলী জলাহৰ ষোলমাৰী বিললৈ অহা মানুহৰ বাহিৰে অন্য মানুহৰ সমাগম তাত নাছিল। নহয়, আছিল। আৰু কেইঘৰমান মানুহ আছিল সেই অঞ্চলত। লথিয়া বাগিছাৰ ওচৰৰে পৰা ষোলমাৰী বিলৰ পাৰে পাৰে আমঘূলি, ঔটেঙাঘূলি হৈ দ্বীপসদৃশ ভূভাগেৰে সৈতে থকা বিলখনিৰ পাৰেৰে একেবাৰে আজ্ঞাঠুৰী ষ্টেচনপৰ্যন্ত আগুৰি থকা টিলালানিত আৰু কেইঘৰমান মানুহ আছিল। আৰু এঘৰ আছিল বিলখনৰ দ্বীপটোত, যাৰ নামেৰে জনাজাত আছিল দ্বীপটো। কৃষ্ণ আছিল তেওঁৰ নাম। কৃষ্ণ।
সেই কৃষ্ণ আজি নৰীয়াত। অঞ্চলটোৰ সকলোৱে ভয় কৰা পাহোৱাল চেহেৰাৰ কৃষ্ণ যোৱা কিছুদিনৰ পৰা নৰীয়াত। দ্বীপটোৰ সোঁমাজত থকা বৃহৎ গছজোপাৰ তলত সজা খেৰৰ হ’লেও সামগ্ৰীৰে নদন বদন ঘৰটো এতিয়া প্ৰায় খালী। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মানুহজনেই যেতিয়া নৰীয়াত, ঘৰৰ এই অৱস্থা নহবনো কেলেই! সেয়ে নৰীয়া পাটীতে কৃষ্ণক এৰি ওলাই যাব লগা হৈছে অন্য তিনিটি প্ৰাণী-কৃষ্ণৰ ঘৈনীয়েক, পুতেক তথা একমাত্ৰ জীয়েক, একমাত্ৰ উপাৰ্জনৰ তাড়নাত। পিছে, উভতি আহিব লগা হৈছে খালী হাতেৰে, আটাইকেইজনে।
-শ্যালা, এতিয়া ভয় খুৱাইছ! কৃষ্ণ ভালে থাকোতে বাপেৰৰ বিয়া দেখি আছিলি, কুকুৰৰ পোৱালিহঁত। -কাম নাপাই ভোৰভোৰাই উভতি আহে বাপু।
কৃষ্ণৰ ষোল্লবছৰীয়া পুতেক বাপু- বাপুকণ। হাতত বাপেকৰ চিকচিকীয়া মেচিদাখন লৈয়ে যোৱাবাটে উভতি অহা বাপুক অলেখ আশাৰে বাট চাই ৰোৱা মাকেও ভোৰভোৰণি শুনিয়েই তলমূৰে ঘৰ সোমায়। হয়তো সেই আবেলি সময়ত আকৌ এটি চিন্তাই লগ লাগেহি। বেমাৰীৰ পথ্য খুৱাবলৈ হাতত ফুটাকড়ি নথকা মানুহ এজনীয়ে এমুঠি চাউলৰ অভাৱত ৰোগীক ভাত খুৱাবলৈ নোপোৱাৰ দুঃচিন্তা। হয়তো কেতিয়াবা জীয়েকে বিলৰ পশ্চিমপাৰৰ টিলাৰ গৰাকী ৰবিবাহাদুৰৰ ঘৰৰ পৰা এসাজ হোৱাকৈ ধাৰলৈ লৈ আহে দুমুঠি চাউল। অন্যথাই বাঁহবাৰীৰ জংঘলৰ পৰা মিঠাআলু বিচাৰি অনাৰ বাহিৰে গত্যন্তৰ নাথাকে সিহঁতৰ। আৰু তেনেকৈয়ে পাৰ হৈ যায় আৰু এটি অভিশপ্ত দিন।
নুমলীজলাহ অঞ্চলৰ এজন নামজ্বলা ব্যক্তি কৃষ্ণ। হাতত এখন মেচিদা লৈ কৃষ্ণ ওলাই গ’লেই সকলোৱে ভয়ত ত্ৰস্তমান হয়। পেচাত কৃষ্ণ ডকাইত। আমিনগাঁও, আজ্ঞাঠুৰী, গৌৰীপুৰ কৃষ্ণৰ নিজৰ এৰিয়া। সন্ধ্যা নমাৰ লগে লগে আৰম্ভ হয় কৃষ্ণৰ কৌশলপূৰ্ণ অভিযান। কেতিয়াবা যদি বাচন-বৰ্তন, কেতিয়াবা আকৌ সোণ-ৰূপৰ বাকচেৰে পূৰ্ণ হৈ উভতে কৃষ্ণ। কৃষ্ণ খালী হাতেৰে উভতি নাহে। সকলোৱে জানে সেই কথা। আনকি গৌৰীপুৰ চকীৰ আৰক্ষীয়েও। অথচ কোনোৱে প্ৰমাণ কৰিব নোৱাৰে সেই কথা। কেতিয়াবা পম খেদি আহিলেও শেষ মুহূৰ্তত উপযুক্ত প্ৰমাণৰ অভাৱত খালী হাতেৰে উভতি যায়গৈ অসম আৰক্ষীৰ জোৱান। সেয়াই কৃষ্ণৰ বাহাদুৰি। নিজে ডকাইতিৰ লগত জড়িত হ’লেও পৰিয়ালৰ কথা মন-মগজুত ৰাখে কৃষ্ণই। উঠি অহা ল’ৰা-ছোৱালীহালৰ গাত যাতে তাক কু-কৰ্মৰ চেকা নালাগে, তাৰ প্ৰতি খেয়াল ৰাখে কৃষ্ণই। সেইবাবেই মাত্ৰ তাৰ ঘৰখনৰ লগত খাপ খোৱা বস্তুৰ বাহিৰে অন্য সকলো বস্তুকেই বিলৰ দক্ষিণপাৰে থকা টিলাৰ গৰাত গাত খান্দি লুকাই ৰাখে সি। প্ৰয়োজন হ’লে তাৰ পৰা দুই-এপদকৈ বস্তু গাঁওত বেছি চাউল-দালি গোটায়। ঘৰৰ কোনোৱে নাজানে ডকাইতিৰ বস্তু লুকাই ৰখা কথা। নাজানে আনকি পাৰৰ পৰা দ্বীপলৈ আহিব পৰাকৈ সজোৱা বাঁহৰ সাঁকোখনেও। কিন্তু টিলাবাসী আটায়ে জানে। জানিলেও সেইফালে মূৰ পোনাবও সাহস নকৰে তেওঁলোকে। কোন মুহূৰ্তত কৃষ্ণৰ মেচিদা গৰজি উঠে সেয়া ভগৱানেও নাজানে।
-অ---হ—পা---নী। খুব পানীৰ পিয়াহ লগাত কৃষ্ণ চালপীৰাখনত শুই উঠাৰ পৰা বহিবলৈ চেষ্টা কৰিলে। ইহঁতকেইটাও জানো ক’লৈ গ’ল! অশেষ চেষ্টা কৰিও তেওঁ গা লৰাবই নোৱাৰিলে। বৰ গধুৰ হৈ পৰিছে গাটো। হাত-ভৰিবোৰ নিশকতীয়া হৈ লাহে লাহে বলহীন হৈ পৰিছে। শৰীৰৰ অংগসমূহৰ ওপৰত নিয়ন্ত্ৰণ ক্ৰমে নাইকীয়া হৈ পৰিছে। আনকি প্ৰস্ৰাৱ-পায়খানাও কানি-কাপোৰেই হৈ যোৱা হৈছে।
- প্ৰাণটো থাকোঁতে বাপুক কথাখিনি কৈ থব লাগিব। জেগাখিনি মাককে দেখুৱাই থৈ যাম। ছোৱালীজনীক কৰবাত উলিয়াই দিব পৰা হ’লেও! নতুনকৈ ভাঙিবলৈ লোৱা পাহাৰৰ মাটিটুকুৰাও নোলালগৈ – উঠিবলৈ চেষ্টা কৰি গা লৰাব নোৱাৰা কৃষ্ণ পুনৰ ডুব যায় নিজৰ চিন্তাত। লাগ-বান্ধ নোহোৱা চিন্তা কিছুমানে তাক পুনৰ পুতি পেলায়হি।
-কালিয়ে দায় ধৰিলে চাগে’। কৃষ্ণৰ ঘৈণীয়েক সৰযুৱে পথৰ দাঁতিৰ ক’লাকচুৰ পাত তুলি তুলি চিন্তা কৰে। যিদিনাই কৃষ্ণ বিচনাত পৰিছিল, সেইদিনাৰ পৰাই সৰযুৱে চিন্তা কৰি উলিয়াব পৰা নাই কৃষ্ণৰ এই অকস্মাৎ অসুস্থতাৰ কাৰণ। মাজে মাজে গা বেয়া বুলি কৈ কৃষ্ণ দুই-তিনিদিনলৈ কামলৈ নোযোৱাকৈও থাকে। সেইবুলি এইবাৰ যে একেবাৰে উঠিবই নোৱাৰিব সৰযুৱে ভবাই নাছিল।
 -আই, আজি নৰেনহঁতৰ ধান অলপ বানি এমোনা লৈও আহিছু। পাছে চালনীখন আছে জানু?
সৰযু উচপ খাই উঠিল। কোন মুহূৰ্তত যে তাইৰ জীয়েকে লক্ষ্মীয়ে আহি তাইৰ পিছপিনে থিয় হৈছিলহি গমেই নাপালে।
-হা—হ - -- এনেকৈ সাৰসুৰ নোহোৱাকৈ আহেনে? মানুহ চক খুৱাই মৰিবি। ভঙা চালনীখনেৰে চালিব লাগিব ব’ল। পাছে ই বাপু আহিলনে?
-কব নোৱাৰোঁ। মই বাহিৰে বাহিৰ নৰেনৰ টিলাৰ পৰা আহিছোঁ।
-ব’ল তেন্তে। বাপেৰেও অকলেই আছে। আজিহে বেচেৰা মানুহজনে এমুঠি খাবলৈ পাব।
মাক-জীয়েক দুয়ো খোজ লয়। কিছু সময় নিৰৱে আহি লক্ষ্মীয়ে পুনৰ সোধে-
-আইও—বাবাক কালিয়ে দায় ধৰিলে নেকি? সৰযুৱে জীয়েকলৈ আচৰিত ভাৱেৰে চালে।
-নহয় মানে, নৰেনৰ পুতেকে কৈ আছিল বাবাই হেনো বিচনাত পৰাৰ আগদিনাখন কাটিং পাহাৰৰ কালি মন্দিৰত সোমাইছিল?
-বাপেৰে বিচনাত আছেতো! সয়ে যিয়ে যি মন যায় তাকেই কব পাৰিছে। বাপেৰ ভালেই থাকোতে সিহঁতবোৰ চাঙৰ তলৰ ভেকুলী হৈ থাকিছিল।
লক্ষ্মীয়ে আৰু একো নামাতিলে। হয়তো সাহস নহ’ল। হয়তো ইচ্ছাও নগ’ল। নৰেনৰ পুতেকৰ কথাবোৰ যিদৰে তাই বিশ্বাস কৰা নাই, মাকেওতো নকৰে। সিহঁতে চাগে’ বাপেকৰ বেমাৰৰ সুবিধা লব বিচাৰিছে।
বাপুৱেও বিশ্বাস কৰা নাছিল যেতিয়া ৰবিবাহাদুৰৰ সৰু পুতেক বিভুবাহাদুৰে তাক কৈছিল যে কৃষ্ণই কাটিং পাহাৰৰ কালি মন্দিৰৰ পুৰোহিতৰ ঘৰৰ পৰা চুৰি কৰিছে। বাপেকৰ তেনেকুৱা স্বভাৱৰ কথা সিহঁতে গমেই পোৱা নাছিল। সেই বাবেই হয়তো টিঙিচকৈ উঠি আহিছিল খংটো। কিন্তু হঠাৎ লাহে লাহে শুকান, নিস্তেজ হৈ পৰা বাপেকৰ মুখৰ ছৱিখন মনলৈ অহাত কোনোমতেহে নিয়ন্ত্ৰণ কৰিছিল খংটো।
অথচ সেয়াই হৈছিল আৰু কানে কান মাৰিহে পলাই আহিছিল কৃষ্ণ। কিন্তু কোনোৱে গম পোৱা নাছিল কথাটো। একমাত্ৰ পুৰোহিতৰ লগুৱাটোৰ বাহিৰে। কেতিয়াও ব্ৰাহ্মিণ নমনা কৃষ্ণই অত্যন্ত ভয় খাইছিল সিদিনা। জানোচা সকলোৱে কোৱাৰ দৰে পুৰোহিতে শাপি ভষ্মই কৰে তাক। আৰু হয়তো ভয়তেই বিচনাত পৰিছিল সি। কৃষ্ণই বৰ আত্মশোচনাত ভুগিছিল। অজানিতে যেন সি এটা বহুত ডাঙৰ ভুল কৰি পেলাইছিল, যাৰ কোনো প্ৰায়চিত্তই নাছিল। সি আনকি ঘৰৰ পৰা ওলাবলৈও ভয় কৰিছিল। জানোচা পুৰোহিতে পঠোৱা কালিদূতে আদবাটৰ পৰাই তাক লৈ যায়হি। তাৰ নমত উদিত ভয়ে দুই-তিনিদিন পিছৰেপৰা আতংকৰ ৰূপ লৈছিল। তাৰ বুকুখনত লাহে লাহে এটা বিষ অনুভূত হবলৈ ধৰিছিলহি। গাটো দুৰ্বল হব ধৰিছিল। ৰাতি সপোনত কিছুমান অদ্ভূত ধৰণৰ প্ৰাণীয়ে আহি তাৰ কানৰ কাষত অট্টহাস্য কৰিছিলহি। আৰু লাহে লাহে ৰাতিবোৰো হৈ পৰিছিল তাৰ বাবে দুৰ্বিসহ, নিদ্ৰাহীন। নিদ্ৰাহীনতা, দুৰ্বলতা আৰু বুকুৰ বিষে তাক লাহে লাহে বিচনাতে আৱদ্ধ কৰি ৰাখিছিলহি। সি বিচনাৰ পৰা উঠিব নোৱাৰা হৈ আহিছিল। লগে লগে ঘৰত সাঁচতীয়া খাদ্য শেষ হৈ, আচবাবৰ পৰিমাণো এপদ এপদকৈ বিক্ৰী যাবলৈ আৰম্ভ কৰিছিলহি। আৰু যেতিয়া ঘৰৰ আটাইকেইজনৰ চিন্তাত বাহ লৈছিলহি পেটৰ ভোকে আৰু ভোক নিবাৰণৰ চিন্তাই, কৃষ্ণ সম্পূৰ্ণভাৱে নৰীয়াত পৰিছিলহি।
-যমুনা আছ? ঐ যমুনা, আছনে? – কোনোবাৰ বুজা নুবুজা মাতত কৃষ্ণ বাস্তৱলৈ উভতি আহিল। সি দৰ্জাখনলৈ চাবলৈ চেষ্টা কৰিলে। কানিদুৱৰীয়াকৈ মেল খাই আছে দুৱাৰখন। বাহিৰত এটি ছায়া। কোন ধৰিব নোৱাৰিলে কৃষ্ণই। মুখেৰে সেয়েহে মাত লগাবলৈ চেষ্টা কৰিলে। কিন্তু মাত নোলাল, ওলাল এটি অস্ফুট গেঙণি।
-লক্ষী, ঘৰত আছনে?-এইবাৰো কোনো উত্তৰ ভাঁহি নাহিল।
- বাপু, কোনো নাই নেকি অ’! মুখেৰে মাতি মাতি ইফালে সিফালে চাই চাই ৰবিবাহাদুৰৰ মাক অলপ মেল খাই থকা দুৱাৰখনলৈ আগুৱাই গ’ল। কৃষ্ণ পৰি আছে প’লিৰ বিচনাখনত। দুৱাৰৰ ফালে চাই আছে কৃষ্ণৰ সৰু হৈ পৰা চকু দুটিয়ে। এক ভয়লগা ছৱি। হয়তো আৰু কেইটিমান পল, কেইটিমান মিনিট, তাতোধিক কেইটিমান দিন। তাৰ পিছতে হয়তো শেষ হৈ যাবহি এটি যুগ। কৃষ্ণ হয়তো ইতিহাস হৈ যাবহি। ভাবি ভাবি বুঢ়ী আগবাঢ়ি গৈ কৃষ্ণৰ হালি পৰা ডিঙিটো চিধা কৰি ধৰিলেহি।
-কিবা খাইছনে, বোপা?
-কৃষ্ণই চকু দুটা মাথোঁ মুদি দিলে।
-ইহঁত কেইটানো এই ৰুগীয়া মানুহটোক এনেকৈ এৰি ক’লৈ গ’ল অ’! ইমানো দায়িত্ব থাকিব নেপায়নে?
-ৰহ বোপা, ময়ে কিবা অলপ দিও। -এইবুলি বুঢ়ীয়ে হাতত লৈ অহা গাখীৰৰ ঘটিটো লৈ ইফালে সিফালে চালে। ইতিমধ্যে সৰযু আৰু লক্ষ্মীও আহি চোতাল পাইছিলহিয়েই। ঘৰৰ ভিতৰত মানুহৰ মাত শুনি লৰালৰিকৈ তাই ঘৰ সোমাই আহিল।
-অ তহঁত আহিলি? এই বেমাৰী মানুহটোক এৰি এনেকৈ যাব লাগেনে?
-কি কৰিবি অ’ খুৰী? পেটৰ তাড়নাত ওলাই নগ’লেও নহয়। বাপেকৰ হিংসাত বাপুক কোনেও কাম নিদিয়ে।
-দে হব দে। এনেকৈ সদায় নাথাকে নহয়। এয়া ল। গাখীৰ এঘটি লৈ আহিছোঁ। কৃষ্ণক অলপ খুৱাই দে। সি একেবাৰে লেৰেলি গৈছে। এইহেনে দপদপীয়া মানুহটোৰ এইকেইদিনতে এনেকুৱা অৱস্থা হব লাগেনে?
কৃষ্ণৰ ঘৰলৈ বুলিবলৈ ৰবিবাহাদুৰৰ মাকেই আটাইতকৈ বেছিকৈ আহে। সেইবুলি এয়া নহয় যে সিহঁতক ওচৰৰ কেইঘৰে একেবাৰে বেয়া পায়। নাপায়। কেৱল কৃষ্ণৰ ওপৰত ভিতৰি ভতৰি জ্বলি থকা জুইখিনিৰে পৰিয়ালৰ বাকীবোৰৰ ওপৰত দহে। কৃষ্ণ ঘৰত নথকা সময়ত যদি কেতিয়াবা ৰবিহঁতে গাখীৰ দি যায়হি, কেতিয়াবা আকৌ নৰেনহঁত খৰিৰপৰা ফল মূললৈ দিয়েহি। পৰমেশহঁতৰ বাৰীৰ খৰিৰেইতো কৃষ্ণহঁত চলে। বাপু আৰু লক্ষ্মীৰ বাবে সিহঁতক সকলোৱে মৰম কৰে। মাত কথাই দুয়ো বৰ আদৰণীয়। ইটো সিটো পাচিবতো নালাগেই, দেখিলেই গৈ দুয়ো কৰি দিয়েহি। ৰবিহঁতৰ দুশ গৰু থকা গোহালিৰ প্ৰতিটো চুকৰ খবৰ ৰবিহঁততকৈ বাপুৱেহে বেছিকৈ ৰাখে। নৰেনহঁতৰ ভঁৰাল আকৌ লক্ষ্মীৰ পৰশতহে খোল খায়। বাপু অবিহনে ষোলমাৰীৰ মাছে কাকো ধৰা নিদিয়েহি, গৰু ম’হেও ঘাঁহ নাখাই থিয় হৈ থাকে ৰিজাৰ্ভত। ষ্টেচনৰ পৰা অহা বাঁহনিতলীয়া একমাত্ৰ ৰাস্তাটো মুকলি নহয় বাপুহঁতক নেদেখিলে। আমঘূলিৰ প্ৰতিজোপা আমগছে, ঔটেঙাঘূলিৰ প্ৰতিজোপা ঔটেঙা গছে, পৰমেশৰ শালনিৰ প্ৰতিজোপা শালগছে আৰু গোটেই টিলাটেই টিঘিলঘিলাই ফুৰা লতামাকৰী আৰু শিয়ালৰ জাকবোৰে যেন সদায় ৰৈ থাকে বাপুৰ আগমনৰ বাবে। মানুহৰ দৰে এইবোৰেও ভাল পায় বাপুক। এন্ধাৰ হ’লেই বাঁহনিৰ তলেৰে ওলাই যাবলগা মানুহৰ সংগী হয় বাপু। সেয়েহে সেইখিনিৰ সকলোৱে বাপুহঁতৰ খেয়ালো ৰাখে। পিছে কৃষ্ণলৈ মানুহৰ ভয়। নহ’লেনো ৰাতিপুৱা শুই উঠিয়েই দেখা পোৱা ৰবিহঁতৰ ঘৰৰ সোণৰ গহনা থোৱা কলহো কৃষ্ণই সুদা কৰেনে? তথাপি ৰবিহঁত কৃষ্ণৰ ঘৰলৈ আহে, কৃষ্ণ নথকা সময়ত।
আজিও একো কাম নাপাই বাপুৱে ষ্টেচনৰ কাষৰ লুংলুঙীয়া পথেৰে আহি মূল পথত উঠিলেহি। মনত তাৰ অলেখ প্ৰশ্ন, মন গধুৰ। মস্তিষ্কত এক অনামী খং। তেনেতে তাৰ কাষত আহি এখন জীপ গাড়ী ৰ’লহি।
-ভাইটি, নুমলী জলাহলৈ কোনফালে যায়?
-নুমলী জলাহ সৌ টিলাকেইটাৰ সিটো পাৰে। আপুনালোকে আমিনগাঁও হৈ আহিলে গাড়ীৰেই ওলাব পাৰিলেহেঁতেন।
-এইফালেদি যাব নোৱাৰি নেকি?
-পাৰিব। পিছে গাড়ী এৰি থৈ যাব লাগিব।
-কিমান দূৰ হবনো?
-এই ধৰক দেৰমাইল।
-হব বলক। আপুনি আমাক দেখাই দিবনে?
-বলক। মোৰো ঘৰ সেইফালেই।
-অ’ হয় নেকি? ভালেই হব তেন্তে।
বাপুই মানুহকেইজনক লৈ যেতিয়া ঔটেঙাঘূলি পাইছিলগৈ তেতিয়ালৈ সি গমেই পোৱা নাছিল তেওঁলোকৰ আগনমৰ উদ্দেশ্য। আৰু তাতেই তাৰ বাবে ৰৈ আছিল সেই ডাঙৰ খবৰটো।
-এইখিনি ঠাইৰপৰাই হব চাগৈ।
-নহয়, মেপমতে এই টিলাকেইটাও আছে।
-কিন্তু সব জলাশয়ে দেখোন।
-নহয়, অলপ আগলৈ বাম ঠাই আছে। মোটামুটি প্লেন এটা আমি তৈয়াৰ কৰিছিলোৱেই।
-কিন্তু কেম্পটো পাতি লবতো লাগিব।
-কেম্পটো অইলৰ সেইফালেই ভাল হব। ৰাস্তা-ঘাট হোৱালৈ অন্ততঃ অহা যোৱাৰ চিন্তাটো অলপ দূৰত থাকিব।
-সেইটো হয় অৱশ্যে।
মানুহকেইজনৰ লগে লগে বাপুও আগুৱাই গৈ থাকিল। কথাবোৰ কিবা বুজিব পৰা নাই সি।
-এইখিনিত গেষ্ট হাউচ ভাল হব।
-উম। ভালেই হব। পাহাৰৰ দাঁতিয়েদি বাংলোকেইটা দিব পৰা যাব। হাতৰ আঙুলিৰে এজনে দেখুৱাই দিয়া টিলাসমূহলৈ চাই এইবাৰ বাপু কঁপি উঠিল।
-আপোনালোকে ইয়াত ঘৰ সজাব নেকি?
-অ’ ভাইটি। তোমালোকে গমেই নোপোৱা? ইয়াত এখন কলেজ হব নহয়। চৰকাৰী কলেজ। বৰ ডাঙৰ কলেজ। ইয়াত বহুত ঘৰ হব। বহুত বাহিৰৰ মানুহ আহিব। পিছে তোমালোকৰ ঘৰটো কোনখিনিতনো?
হাতৰ আঙুলিৰে দেখুৱালে যদিও বাপু যেন বজ্ৰপাত পৰা মানুহৰ দৰে হৈ গ’ল।
-অ’ তোমালোকেও নহুত পইচা পাবা। পাছে তোমালোকৰ ঘৰবোৰ অলপ আতৰলৈ লৈ যাব লাগিব। ---- নাই। আৰু একো কথা মনত নোসোমাল বাপুৰ। এখন ধ্বংসৰ ৰঙীন জালে আৱৰি ধৰিলেহি তাৰ মনটো। লাহে লাহে তাৰ মনলৈ চকামকাকৈ ভাঁহি আহিল কলেজচ’কত থকাৰ দৰে অসংখ্য বৰ বৰ ঘৰ। সেই ঘৰৰ এখন জালে আৱৰি ধৰিছেহি আমঘূলি, ঔটেঙাঘূলি। এখন ষ্টেডিয়ামে আগুৰি ধৰিছেহি ষোলমাৰী বিলৰ পাৰৰ চৰণীয়া পথাৰ। তাত চিৎকাৰ খাই পৰি আছে গৰখীয়াসকলে জিৰণি লোৱা প্ৰকাণ্ড গছসমূহে। লথিয়া বাগিছাৰ কাষৰ টিলাত মানুহৰ অট্টহাস্য। কেউদিশে মাথোঁ ঘৰ আৰু মানুহ। জাৰকালি অহা পৰিভ্ৰমী চৰাইবোৰ নোহোৱা হৈ গৈছে। শালনি বাৰী, চেগুণবাৰীত নাই এজোপাও শাল-চেগুণ। ষোলমাৰী পৰি আছে নিৰৱৰূপত। হাঁড়কপোঁৱা বতাহেও লৰাব পৰা নাই ষোলমাৰীৰ পানী। বাপুহঁতে ঘৰ এৰি যাব লাগিল। এৰিব লাগিব সিহঁতৰ আপোন এই সকলোবোৰ। পাহাৰ, পানী, বিল-পথাৰ সকলোবোৰ।
মানুহকেইজনে তাক আৰু কিবাকিবি সুধি আছে অথচ তাৰ মূৰলৈ একোৱেই সোমোৱা নাই। যন্ত্ৰবৎ সকলোবোৰ উত্তৰ দি গৈছে সি, ভাৱলেশহীনভাৱে আৰু এখন জালৰ মাজেৰে নুমলীজলাহ নামৰ ঠাইখনৰ ৰূপ সি দেখি গৈছে। সি ষোলমাৰী বিলৰ পানীত একাঠুলৈ নামি গ’ল। লাহে লাহে এটা দুটাকৈ অসংখ্য সৰু বৰ মাছে তাক আগুৰি ধৰিলেহি। সি মাছবোৰলৈ ভালদৰে চালে। সিহঁতৰ চকুবোৰ উজ্বলতাহীন। যেন সিহঁতেও বুজি পাইছে অনাগত ভৱিষ্যতৰ কথা। লাহেকৈ হালি বাপুৱে পানীখিনিত এটা সৰু ঢৌ তুলি দি মাছবোৰক ওচৰৰ পৰা আঁতৰাই পঠালে। তাৰ বৰ ভয় লাগিল। হেৰুৱাৰ ভয়। এৰাৰ ভয়। হয়তো এয়াই সিহঁতৰ নিদানকাল, শেষ সময়।
ৰবিৰ মাকৰ সহযোগত সৰযুৱে কৃষ্ণক অলপ গাখীৰ খুৱাই দিয়াৰ পিছত কৃষ্ণই গাত অলপ বল পালে। মাক জীয়েকে ধৰি কৃষ্ণক বেৰত আওজাই দিলে। ইতিমধ্যে বাপুৱেও দলটোক আগুৱাই থৈ ঘৰ পালেহি। যেন এক ধ্বংসাৱশেষহে। শদেহ এটাৰ দৰে নিথঁৰভাৱে বাপু আহি চোতালত ৰ’লহি। মেচিদাখন সি ঘৰৰ বেৰত দা থোৱা ঠাইত ওলোমাই থৈ সি মজিয়াতে বহি পৰিল। যেন সৰ্বস্ব হেৰুৱাই নিথৰুৱা হৈ আহিছে সি। অৱশ হৈ পৰিছে তাৰ শৰীৰ।
-আজিও একো নাপালি? বাপুৰ অৱস্থালৈ চাই মাকে সুধিলে।
-পালোঁও। আজি বহুত কিবাকিবিয়েই পালোঁ আই। অলপ জোৰ কৰিয়েই সি কৈ উঠিল। এক অস্বাভাৱিক সুৰত, অস্বাভাৱিক মাতেৰে।
-ক’তা?
-সোৱা পাহাৰখনত আই। ঔটেঙাঘূলিত, আমঘূলিত। সৌ ৰিজাৰ্ভত, সকলোতে।
-কিনো বলকি আছ? – তাৰ কথাৰ অস্বাভাৱিক সুৰ লক্ষ্য কৰি আটায়ে তালৈ তবধ দৃষ্টিৰে চালে। আনকি দেউতাকেও।
-অ’ও আই। ইয়াত এখন ডাঙৰ কলেজ হব। আমাক বহুত পইচা দিব চৰকাৰে। আমি এই ঠাই এৰি যাব লাগিব।
-ক্কি? মাকৰ মুখৰ পৰা স্বতঃস্ফুৰ্তভাৱে ওলাই আহিল। দেউতাকেও মূৰটো বেৰত আওজাই দিলে। তেওঁৰ বুকুৰপৰা এটা দীঘল হুমুনিয়াহ ওলাই আহিল। এটা গেঙণিৰে সৈতে। মাত্ৰ কেইছেকেণ্ডমানৰ বাবে। তাৰ পিছত লাহে লাহে তেওঁৰ দেহটো হালি গ’ল। তেওঁ বিচনাত ধলি পৰিল। কেইমুহূৰ্তমানলৈ তেওঁৰ মনলৈ আহি থাকিল নুমলীজলাহৰ প্ৰতিপদ বস্তুলৈ, প্ৰতিটো কোণলৈ। লাহে লাহে সেই দৃষ্টি ধূসৰ হৈ আহিল। কিছুমান কোলাহল তেওঁ ৰিণি ৰিণি শুনিবলৈ পালে। সেই কোলাহল যে ঘৰৰ মানুহৰ কন্দা-কটা, তাক বুজাৰ আগতেই লাহে লাহে অস্পষ্ট হৈ পৰিল সেই কোলাহল আৰু তেওঁ গুছি গ’ল অন্য এটুকুৰা ঠাইলৈ, সেই ঠাইৰ পৰা। ডাঙৰ কলেজৰ বাবে সকলো এৰি থৈ। নিদানকালৰ শেষ সাক্ষী হৈ।
[এই কাহিনীৰ পটভূমি কিছুমান মুখৰোচক ঘটনাৰ আলমত সজোৱা। এই গল্পত উল্লেখিত সকলো বুৰঞ্জীমূলক ঘটনাৰ আলম অথবা ভৌগলিক বিৱৰণ গল্পৰ পটভূমি মনোগ্ৰাহীকৈ সজোৱাৰ স্বাৰ্থত কৰা লেখকৰ এক সামান্য কাল্পনিক প্ৰচেষ্টা মাথোঁ।]
বিশেষ কৃতজ্ঞতাঃ দুৰ্গা শৰ্মা

[ৰচনাকালঃ ১৮ এপ্ৰিল, ২০১৬]