Monday, October 1, 2012

গ্ৰন্থালোচনাঃ দিলীপ চন্দনৰ নেদেখা নদীৰ ঘাট

উপন্যাসঃ নেদেখা নদীৰ ঘাট
লেখকঃ দিলীপ চন্দন
প্ৰকাশকঃ ষ্টুডেণ্টচ ষ্ট'ৰচ
প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ১৯৯৩
মূল্যঃ ২৫ টকা

অসমৰ প্ৰবাদপুৰুষ, কিংবদন্তীস্বৰূপ চৰিত্ৰ "ডাক" বা "ডাকপুৰুষ"ৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস নেদেখা নদীৰ ঘাট। নানা ৰহস্য আৰু অলৌকিক আচ্ছাদনেৰে পৰিপূৰ্ণ ডাকৰ জীৱন আৰু কৰ্মৰাজিৰ কথাক লৈয়ে দিলীপ চন্দনে ৰচনা কৰিছে উপন্যাসখনি। 

ডাকৰ জীৱন সঁচাকৈয়ে এক ৰহস্য। কোনোবাই যদি কয় ডাকৰ জন্ম বৰপেটাৰ ওচৰৰ লেহিডঙ্গৰাত, বহুতে আকৌ কব খোজে ডাক বঙ্গ বা উত্তৰ প্ৰদেশ বা মিথিলাৰহে। কোনোবাই যদি ডাকক কুমাৰৰ লৰা হিচাপে কয়, কিছুমানে আকৌ তেওঁ আচলতে গোৱালৰ ল'ৰা বুলিহে কব বিচাৰে। বহুতেই আকৌ সন্দেহ কৰে "ডাক" নামটো খেতিকৰ্মত জড়িত মানুহৰ মনৰ পৰাহে প্ৰচলন হৈছে, আচলতে তেনেকুৱা কোনো এজন মানুহ দৰাচলতে নায়েই। ডাকৰ জন্ম যেনেকৈ ৰহস্যাবৃত, মৃত্যুৰ কাৰকো সন্দেহপূৰ্ণ। মুঠৰ ওপৰত ডাকৰ গোটেই জীৱন পৰিক্ৰমাৰ ওপৰতেই থকা এই সকলোবোৰ আসোঁৱাহ, খেলিমেলি আৰু অপৰ্যাপ্ত তথ্যৰ পিছতো তেনে এজন মানুহৰ জীৱন আৰু কৰ্মৰাজিক লৈ এখন উপন্যাস লিখিবলৈ যোৱাটো সঁচাকৈয়ে দুৰূহ কাম, যিটো "নেদেখা নদীৰ ঘাট" ৰ মাজেৰে দিলীপ চন্দনে সফল ৰূপ দিবলৈ সক্ষম হৈছে। 

ডাকপুৰুষ সম্পৰ্কত নানাজনে নানা মত পোষন কৰিছে, নানান বাখ্যা আগবঢ়াইছে। তাৰে ভিতৰত অতুল চন্দ্ৰ বৰুৱাৰ ৰচিত "ডাকে বোলে শুনা উপায়" গ্ৰন্থ, ড° নবীন চন্দ্ৰ শৰ্মাৰ "ডাক প্ৰবচন" গ্ৰন্থ, যতীন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী" ত ডাক পুৰুষৰ জন্মবৃত্তান্ত আৰু বচন সন্দৰ্ভীয় আলোচনা, দেৱেন্দ্ৰনাথ বেজবৰুৱা, পণ্ডিত হেমচন্দ্ৰ গোস্বামী, কালিৰাম মেধি, দেৱানন্দ ভৰালি আদি ব্যক্তিসকলৰ নানান বাখ্যা আৰু পশ্চিম অসমৰ কৃষিজীৱি সমাজখনত প্ৰচলিত প্ৰবাদসমূহক সমল হিচাপে লৈয়েই ঔপন্যাসিকে ৰচনা কৰিছে উপন্যাসখন। 

ডাকৰ বচন মূলতঃ কৃষিকাৰ্য্যৰ লগত জড়িত কিছুমান প্ৰবাদ। সেই কথাকেই মূল হিচাপে লৈ ৰচনা কৰা হৈছে উপন্যাসখন। য'ত পুৰণি কিতাপ, প্ৰবন্ধ, আলোচনা, বাখ্যা আদিৰ আধাৰত ডাঙি ধৰিব খোজা হৈছে ডাকৰ জন্মৰ পৰা মৃত্যুলৈ গোটেই জীৱন কাহিনী। ডাকৰ জন্মকাহিনী সম্বন্ধে থকা ডাকৰ বচনৰ পৰা কৰা যুক্তিসংগত অনুমানৰ আলমতেই তুলি ধৰা হৈছে ডাকৰ জন্ম ঠাইৰ প্ৰাকৃতিক আৰু ভৌগলিক বৰ্ণনা। ঠিক তেনেদৰে এই বাখ্যাসমূহৰ ওপৰত ভিত্তি কৰিয়েই দৰ্শোৱা হৈছে ডাকৰ শৈশৱৰ পৰা মৃত্যুলৈ গোটেই জীৱন পৰিক্ৰমা।

মুঠৰ ওপৰত অলপমান তথ্যক জুমুঠি হিচাপে লৈ, ডাকৰ বচনসমূহকেই খেৰ-কূটা হিচাপে লৈ, তাক কল্পনাৰ আৱৰণেৰে সজাই পৰাই ৰঙ-ৰহণেৰে কিছুমান অলৌকিক বা অতিলৌকিক কাহিনীক পাঠকসমাজত এখন উপন্যাসৰ ৰূপত বাস্তৱ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ বাবে যিমানখিনি কষ্টৰ প্ৰয়োজন আছিল, সেই সকলোখিনি উপন্যাসখনৰ মাজত দেখিবলৈ পোৱা যায়। 

"নেদেখা নদীৰ ঘাট" নিসন্দেহে অসমীয়া সমাজলৈ দিলীপ চন্দনৰ এক অনবদ্য অৱদান। ডা° ধ্ৰুৱজ্যোতি বৰাদেৱে কোৱাৰ নিচিনা "উপন্যাসৰ পাতনি নালাগে। তাৰ কাহিনীয়েই তাৰ বক্তব্য কয়। তাতেই ঔপন্যাসিকৰো কৃতিত্ব। আজিৰ ভঙ্গুৰ সময়ত কষ্টকৰ কামৰদ্বাৰা এনে এখন উপন্যাস, এক সৃষ্টিকৰ্ম ৰাইজৰ আগলৈ উলিয়াই দিয়াটো সঁচাই টান কাম।" আৰু নেদেখা নদীৰ ঘাট উপন্যাসখনৰ মাজেৰে সেই কৃতিত্ব অৰ্জন কৰিছে দিলীপ চন্দনে। নিসন্দেহে ই এক সুখপাঠ্য।