Saturday, February 14, 2015

হিতেন শৰ্ম্মাৰ দিনলিপি -১৩ (২য় অধ্যায়)

সময়বোৰ চাওতে চাওতে পাৰ হৈ গৈছিল। সাহিত্য-চ'ৰাই নতুন ৰূপ পাইছিলগৈ। প্ৰতিখন 'দোকমোকালি'ৰ দেৱালাৰোহনৰ লগে লগে প্ৰতিজন বজালীয়ানৰ আৰম্ভ হৈ গৈছিল পিছৰখন দোকমোকালিলৈ উৎকন্ঠা। নতুন শিতানেৰে, নতুন উৎসাহেৰে প্ৰতিজন পোহৰকামী যুৱক-যুৱতী নামি পৰিছিল সাহিত্যৰ ৰূপাংকণত। কমেণ্ট বুক প্ৰতিবাৰে ডাঙৰ হৈ গৈ আছিল। বাঢ়ি গৈ আছিল মন্তব্যৰ সংখ্যা। লোকমোকালিত সূৰূযে আভা বিলোৱাৰ লেখিয়া আমাৰ মনতো বিলাই দিছিল এসোপামান উৎসাহ উদ্দীপনা আৰু সেই উদ্দীপনাবোৰ বুকুত বান্ধিয়েই আমি নামি গৈছিলোঁ শাৰদী সপোনৰ অন্বেষণত। সলনি হৈ গৈছিল আমাৰ সময়বোৰো। ভাল-বেয়া, বহুতো নতুন অধ্যায়ে মোৰ বুকুত বাহ সাজিছিল। সেই যে ঘৰত কাজিয়া কৰিছিলোঁ, দোকমোকালিয়ে পূৰাব পাৰিছিলনে ঘৰত বিচাৰি নোপোৱা সেই অভাৱবোৰ - মাজে মাজে ভাবিছিলোঁ। কিন্তু উত্তৰ বিচাৰি পোৱা নাছিলোঁ। কোনেও জনা নাছিল যে, পঢ়িবলৈ, হাত খৰচখিনি উলিয়াবলৈকে ৰাতিপুৱা ৫ বজাতে ঘৰৰ পৰা ওলাই ৰাতি ১০ বজাত ঘৰ সোমোৱা হিতেনে ঘৰুৱা শিক্ষকতা আৰম্ভ কৰিব লগা হৈছিল। অথচ সকলোৱে জানিছিল শিক্ষকতা দেউতাই শিক্ষকতা চাকৰি কৰে। দুটা টিউশ্যনৰ  মাজৰ সময়খিনি পাৰ কৰিছিলোঁ 'বুকলেণ্ড' অথবা 'কিতাপ ঘৰ'ত। দিনৰ খৰচ কৰি উঠি কিতাপ কিনিব পৰাকৈ সামৰ্থবান তেতিয়াও হোৱা নাছিলোঁ। কিন্তু পঢ়াৰ বাসনাও শেষ কৰিব পৰা নাছিলোঁ। সেই বাসনাক জীয়াই তুলিছিল 'কিতাপ ঘৰ' আৰু 'বুকলেণ্ডে'। আজৰি সময়ত দুই - তিনি পৃষ্ঠাকৈ পঢ়ি শেষ কৰি গৈছিলোঁ মোৰ প্ৰিয় লেখকৰ কিতাপবোৰ। কথাবোৰ গম পোৱা নাছিল কোনেও। আচলতে গম পাবলৈ সন্দেহ কৰাৰ অৱকাশেই দিয়া নাছোলোঁ। 

আগদিনা মায়ে ৰাতি কান্দি কান্দি কৈছিল - 'দুয়োৰে কি হৈছে কচোন। সেই ৰাতিপুৱাই একো এটা নাখকে ওলে যা, এই ৰাতি আহি ঘৰ সুমো। এখেন ঘৰ হৈ আছেনা? আৰো নিজোৰ চেহৰা চাইছানা? মোক মাৰি ফেলো দুয়ো লগ লাগি।"
মই একো এটা কব পৰা নাছিলোঁ। মই বোজা হৈ পৰা ঘৰখনৰ বাবে মই কিয়েই বা কৰিব পাৰোঁ! দেউতাৰ লagaত সেই দিন ধৰি মাত-বোলেই নাছিল। আৰু মায়ে কোৱাৰ পিছত বুকুৰ শিলচটা আৰু ডাঠ হৈ পৰিছিল। গোটেই ৰাতি টোপনি অহা নাছিল। সিপিনৰ ৰূমৰ পৰা মাই ঘনে ঘনে বাগৰ সলোৱা শব্দ শুনি আছিলোঁ। খুব ৰাতিপুৱাই সন্তৰ্পণে উঠি সাওৰাৰ ডাল এডাল লৈ নৈ পাৰলৈ ওলাই গৈছিলোঁ। নৈৰ পানীবোৰ মূৰ জোকাৰি জোকাৰি বৈ গৈছিল অনন্ত দিশলৈ। কালদিয়াৰ পানীৰ এই ৰূপেই মোক বহুদিন সংগ দিছিল। নিসংগ সময়ত হাতত ধৰি ধৰি পাৰ কৰি নিছিল বুকুৰ গভীৰৰ সেই স্থিৰ বিন্দুটোলৈ, 'ৰ পৰা মই শেষ সিদ্ধান্তলৈ অহাৰ সাহস পাইছিলোঁ। আহি আহি সাকোঁখনৰ মাজত বহিলোঁ। ফিৰফিৰীয়া বতাহ এজাক বৈ আছিল। পোহৰ তেতিয়াও ভালকৈ হোৱা নাছিল। পুৱতি নিশাৰ মায়াময়তাত আকৌ এবাৰ ডুবি মগ্ন হৈ পৰিছিলোঁ আত্মবিভোৰতাত। দৃষ্টি নিৱদ্ধ হৈ আছিল কঁপি কঁপি বৈ যোৱা পানীখিনিত, অথচ মন নিজে নিজে গৈ পাইছিলগৈ বজালী মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ দুৱাৰমুখত। আলোছায়াক শেষবাৰ দেখা পোৱাৰ দৃশ্যপটত। এবাৰতো তাই কব পাৰিলেহেঁতেন। হোষ্টেল এৰি গুছি যোৱাৰ আগে আগে এবাৰতো কব পাৰিলেহেঁতেন যে তাই মোৰ একো নহয়। 
হঠাতে পানীৰ ওপৰত গছৰ পাট এটি পৰি ওলোটা ঢৌ এটিৰ সৃষ্টি হ'ল। সেই ঢৌৰ লহৰত মনটোৱেও সুধিব ধৰিলে কোন আছিল আলোছায়া? মোৰ প্ৰেয়সী? বান্ধৱী? চিনাকি? নে কোন? যদি একোৱেই নাছিল, কিহৰ বাবে ইমানখিনিলৈ আগবাঢ়িছিল তাই? আগবাঢ়িছিল মানে, তাই আগবাঢ়িছিল জানো ! নে মইহে অধিককৈ ভাবিছিলোঁ? ভুলকৈ ভাবিছিলোঁ জানো? একোৱেই নাছিল নে তাইৰ আৰু মোৰ মাজত? সেই যে হিতেনৰ এক্সিডেণ্টৰ সময়ত? কিয় আহিছিল তেন্তে? 'তৰা' পঢ়ি কমেণ্ট বুকত কিয় লিখিছিল তেন্তে, "তোমাক পাই বহুত সুখী। সদায় তৰাৰ খনিকৰ হৈয়েই থাকা সদায়" প্ৰতিবাৰে মনৰ খেলিমেলিবোৰ বঢ়াই তোলা প্ৰশ্নবোৰে আকৌ এবাৰ খেলা কৰিব ধৰিলেহি। এবাৰ মাৰ মুখখন, এবাৰ আলোছায়াৰ মুখখন মনলৈ আহিবলৈ ধৰিলে। কি দোষ কৰিছিলোঁ? 'ত ভুল কৰিছিলোঁ? কাৰ ভুলৰ বাবে মাই ৰাতি কান্দি কান্দি কাটিব লগা হৈছিল? কাৰ অৱহেলাৰ বাবে আলোছায়া গুছি যাব লগা হৈছিল? সিদ্ধান্ত এটা লম। লবই লাগিব। স্থায়ী সিদ্ধান্ত এটা লব লাগিব, অন্ততঃ মাক সকাহ দিবলৈ । আলোছায়াক লগ কৰিবই লাগিব। য'তেই নাথাকিলেও। তাইক সুধিবই লাগিব, তাই আৰু মোৰ স্ম্বন্ধটোৰ নাম কি আছিল?
-কি কৰি আছা এতে? - অনুপমৰ মাতত চক খাই উঠিলোঁ। কিবা উত্তৰ দিয়াৰ আগে আগে সি মোৰ কাষত বহি কান্ধত হাত এখন দি আকৌ সুধিলে-
-কি হৈছিনু তোৰ? আজিকালি বুলে ঘৰতো দিনটু নাথকা? মায়ে সিদনা লগ পাই কৈছি।
-নাই অপল ব্যস্ততা বাচ্ছি। প্ৰেক্টিকেল গেলাও চলি আছেতো?
-কেইটাকল'গিন?
-অলপ দেৰি হএ
-সেইবুলি আঠটাতো নাবাজে?
-তাৰ পিছত অলপ আড্ডা-চাড্ডা মাৰি আহোতে দেৰি হএ
-আৰো টিউশ্যনকেটা?
অৱশেষত ধৰা পৰি গ'লোঁ। অনুপমে কেনেকৈ গম পালে সেইটো গম পোৱাৰ আগতেই দি ক'লে-
-প্ৰব্লেম চবৰে থাকে। বয়স বাঢ়ি থাকাৰ লগে লগে প্ৰব্লেমগেলাও বাঢ়ি থাকে। সেইবুলি পলে থাকলি প্ৰব্লেম চলভ নহয়, তাক ফেচ কল্লিহে চলভ হএ। আৰো কিবা অসুবিধা হলি কুনবেক নহলিও কুনবেক কবা লাগে, নোহোলি মনটু পাতলা নহঐ। বুটচ? -কান্ধত হাতখন থপৰিয়াই থপৰিয়াই যেতিয়া কথাখিনি কৈছিল, তাক মোৰ দাদা দাদা যেন লাগিল। মই বিচাৰি থকা সিদ্ধান্তবোৰ পাই গৈছিলোঁ। মই তাক সকলোখিনি কথায়েই খুলি কৈছিলোঁ। সঁচাকৈয়ে পাতল পাতল লাগি গৈছিল মনটো। ঘৰলৈ যেতিয়া গৈছিলোঁ, তেতিয়া বতৰ ফৰকাল আছিল। ৰ'দে ডাঠ ৰশ্মিৰে জগৎ পোহৰাবলৈ আৰম্ভ কৰিছিল। মনটো ও ফৰকাল হৈ পৰিছিল। চোতাল পায়েই চিঞৰিলোঁ,
-মা, নিনহা ভাত অলপ বানো। মোৰ ক্লাছ আছে নটাত'

[ক্ৰমশঃ]