Wednesday, June 21, 2017

বিষ্ণু ৰাভা, জনতা আৰু আমাৰ চৰকাৰ


এক অদ্ভূত বিষয় লৈ আজিৰ এই বিষয়টো উনুকিয়াব বিচাৰিছোঁ। বিষয় বিষ্ণুৰাভা, জনতা আৰু আমাৰ বল আৰু আমাৰ চৰকাৰৰ কাম-কাজ। যোগসূত্ৰডাল মই স্থাপন কৰা বুলি ভাবিলেও পঢ়োতাই যদি কিবা কাৰণত যোগসূত্ৰডাল স্থাপন কৰিব নোৱাৰেও, মোক গঠনমূলকভাৱে দেখাই দিলেই উপকৃত হম। এই প'ষ্টত অযথা বিতৰ্ক আমাৰ কাম্য নহয়। এই প'ষ্টৰ সমূহ চিন্তাধাৰা যোগাত্মক দিশতহে কৰা হৈছে। ঋণাত্মক চিন্তাধাৰাক প্ৰাধান্য নিদি ভালখিনি বাচি লৈহে এই প'ষ্টৰ আলোচনাখিনি সামৰি লোৱা হৈছে।
প্ৰথমতে আহিছোঁ বিষ্ণুৰাভাৰ বিষয় লৈ। মেদিনি চৌধুৰীৰ ফেৰেংগাদাও নামৰ উপন্যাসখনত আমি পঢ়িবলৈ পাইছিলোঁ বিষ্ণুৰাভা আৰু জনতাৰ মাজৰ সম্বন্ধ কিমান মধুৰ। অন্য কিছুমান প্ৰবন্ধত বিষ্ণুৰাভাৰ লগত, তেওঁৰ সোঁৱে-বাৱে লাগি থকা অথবা তেওঁৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পোৱা বহুতো ব্যক্তিয়ে উল্লেখ কৰিছিল বিষ্ণুৰাভাৰ জনতাৰ প্ৰতি থকা মোহৰ কথা। বামপন্থী আছিল বিষ্ণুকাইটি। কৃষকৰ বাবে লাগিছিল, লাগিছিল নহয় খাটিছিল। ক্তেওঁৰ সমসাময়িক সমাজখনৰ আৰ্থ-সামাজিক ভেঁটিটো আছিল কৃষিভিত্তিক আৰু সেই কৃষিক জমিদাৰী প্ৰথাৰপৰা মুক্ত কৰাৰ বাবে বিষ্ণুৰাভাই দেহৰ প্ৰতিৰক্তকণাক কৃষকৰ বাবে উচৰ্গা কৰিছিল। হালোৱা ককাইৰ চোতালত বহি জনতাৰ মুখৰ মাত কাঢ়ি আনি দিছিল সংগীতৰ ৰূপ। তেনেকুৱা এটা ৰূপতেই গজি উঠিছিল কালজয়ী ৰাভা সংগীতৰ কিছুমান গীত।
"জাগ জাগ জাগ / কৃষক শক্তি দল / অ' বনুৱা সমনীয়া/ আগবাঢ়ি যাওঁ ব'ল" গাই গাই উলিয়াই আনিছিল শোষিত শ্ৰেণীক। শোষণৰ বিৰূদ্ধে বিষ্ণুৰাভা আছিল কালৰূপ, শোষিত শ্ৰেণীৰ বাবে আছিল মহাৰথ। কিন্তু সেই সময়ত বিষ্ণুৰাভাই ইমান সমাদৰ নাপালে। সেই বাবেই চাগৈ শেষ সময়তো তেওঁ পৰি ৰ'ল সৰু কোঠাটোৰ এটা কোণত, অকলে। আজিৰ বিষয় ৰাভাৰ জীৱনচৰ্চা নহয়। ৰাভাই আৰম্ভ কৰা যোগসূত্ৰডাল টানি আনি আজিৰ লগত বন্ধাহে।
যোৱা কেইবছৰমান আগলৈকে আমি দেখিছিলোঁ, আমাৰ গাঁৱে-ভূঞে প্ৰতি ঘৰে ঘৰে দিনৰ ভাগত চলে ডেকাসকলৰ আড্ডা। কিয় চলিছিল সেয়া আমি নাজানো। কিন্তু আজি যদি অলপ পিছুৱাই গৈ সেই আড্ডাৰ কাৰণসমূহ বিচাৰিবলৈ যাওঁ, তেন্তে এটা কথায়েই দেখিম, সেয়া হৈছে আমাৰ আৰ্থ-সামাজিক অৱস্থা। কাম-কাজ নাই, চাকৰি-বাকৰি নাই, শিক্ষিতসকলো পঢ়া শেষ কৰি ঘৰতেই বহিছেগৈ। বহিছে মানে আৰম্ভ হৈছে আড্ডা। কেৰম, তাচপাত, লুডু, মঙ্গলপঠা আদি বিভিন্ন সময় অতিবাহিত কৰাৰ উপায়। সেই উপায়সমূহ হয়তো তাতোকৈ অলপ ভয়াবহ ৰূপ লৈ পৰিৱৰ্তিত হৈছিল মদৰ আড্ডালৈ, জুৱাৰ ঘাটিলৈ। তথাপি কিন্তু সমাজ পৰিৱৰ্তিত নহ'ল। একেই থাকিল। প্ৰায় এটা দশক একেই থাকিল মানসিকতা। সেই শিক্ষিত নিবনুৱাসকলৰ কিছুমানে খেতি-বাতিত লাগিল। পিছে তেওঁৰ সেই আশাত চেঁচাপানী ঢালিলে বাৰিষাৰ শেষত অহা বানে। বছৰত এটায়েই খেতি হোৱা মাটিখিনিতো বানে আহি সকলো মচি লৈ গ'লহি। কিছুমানে আকৌ নিজাববীয়াকৈ ব্যৱসায়তো নামিল। পাছে, য'ত অৰ্থনীতিয়েই মন্দা, তাতে ব্যৱসায়ে কেনেকৈ ঠন ধৰি উঠিবগৈ? ফলত পুনৰ জন্ম পালে এক নতুন উপায়ে। পঢ়া-শুনাত ভাল তথা অৰ্থ্নৈতিকভাৱে সুচ্ছলসকলে ঢাপলি মেলিবলৈ আৰম্ভ কৰিলেহি ৰাজ্যৰ বাহিৰলৈ। উদ্দেশ্য চাকৰি। ৰাজ্যত সাধাৰণ চাকৰি কৰিবলৈ লাজ পোৱা স্নাতকোত্তৰসকলেও বাহিৰতৰ গৈ সাধাৰণ শ্ৰমিক পৰ্যায়ৰ চাকৰি কৰিবলৈ লাজ নোপোৱা হ'ল। লাহে লাহে তেওঁলোকে টানিলে একেবাৰে পঢ়া শুনা নোহোৱাসকলক। আৰম্ভ হ'ল এক নতুন সমস্যা। প্ৰব্ৰজন। মানৱ শক্তি লাহে লাহে আঁতৰি গুছি যাবলৈ ধৰিলে। আৰু আমাৰ চৰকাৰ?
চৰকাৰ বোলা বস্তুবিধ যেন তেতিয়া কাগজে পত্ৰইহে থাকিল। কোনো পলিচি নাই, কোনো ব্যৱস্থা নাই, কোনো আশাৰ বতৰা নাই। কেউদিশে অৰাজকতা। চুৰি-ডকাইতি, হিংসা-উগ্ৰবাদ সকলোবোৰ জয়জয় ময়ময়। কিন্তু হঠাতে যেন পট পৰিৱৰ্তন হবলৈ ধৰিলে। চৰকাৰে বহুমুখী আঁচনিসমূহ ৰূপায়ন কৰিবলৈ আৰম্ভ কৰিলে। চাকৰি ওলাব ধৰিল। চাকৰি ক'তনো পাম, পঢ়িলে কিনো হব বুলি ভবা সকলেই পুনৰাই কলেজত নামভৰ্তি কৰিবলৈ ধৰিল। সেয়া নিশ্চয়কৈ চৰকাৰৰেই কৃতিত্ব। হয়, সকলোৱে তেনেকৈয়ে কয়। যোৱা দহ-বাৰ বছৰৰ পৰা অসমৰ আৰ্থ-সামাজিক অৱস্থাটো অলপ উন্নতিৰ ফাললৈ গতি কৰিছে। আৰু তাৰ বাবে বুদ্ধিজীৱিসকলে চৰকাৰকেই কৃতিত্ব দিবলৈ ধৰিলে। কিন্তু চৰকাৰেই সকলোখিনি কৰিলেনে?
নিশ্চয় নহয়। হব নোৱাৰে। ৰাইজে থিয় নিদিলে চৰকাৰে একো কৰিব নোৱাৰে। উগ্ৰবাদৰ সমস্যাত জৰ্জৰিত অঞ্চলসমূহত ৰাইজে উগ্ৰবাদীক নিষিদ্ধ কৰিলে। ক'তা, সেইবোৰ সিদ্ধান্তত চৰকাৰেতো ৰাইজৰ পক্ষত থিয় নিদিলে, সহায় কৰিবলৈ আগবাঢ়ি নাহিল। তাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদ দমন নামৰ এক শ্লোগান আনি ৰাইজৰ ওপৰত উৎপীড়ন চলালে। কিন্তু তথাপি ৰাইজ বহি নাথাকিল। হয়তো বাধ্য-বাধকতা অহাৰ বাবেই, নিজৰ পৰিয়াল বচাবলৈ জ্যেষ্ঠসকলে মূৰ দাঙি থিয় হ'ল। গাৱত সংগঠনৰ নামত চাউল টুটিল। চোৰ-ডকাইত ধৰি "পাব্লিক ঢুলাই" দিয়াৰ ব্যৱস্থা আহিল। ফলত বেয়া পথবোৰ পুনৰাই ভাঁজ সলাই ভালৰ ফালে আহিল। ৰাইজে নখ জোকাৰিলে আৰু নৈ বব ধৰিলে। কিন্তু এফালে এচামে সেয়া ৰাইজৰ পৰিৱৰ্তে চৰকাৰৰহে কৃতিত্ব বুলি দাবী কৰিবলৈ ধৰিলে।
বিষ্ণুৰাভাই জনতাক উলিয়াই আনিব বিচাৰিছিল, ভবা ধৰণে নোৱাৰিলে। তাৰ সলনি নাম পালে "অঁকৰা বামপন্থী" । কিন্তু সেই বিষ্ণুৰ আহ্বানক নেওচা দিয়া সমাজেই তেওঁলোকৰ উত্তৰপুৰুষৰ সহায়ত নিজেই গম নোপোৱাকৈয়ে মাৰ বান্ধি ওলাই আহিল। ওলাই আহিল আত্মনিয়োজনৰ বাবে, ওলাই আহিল আত্মপৰিচয়ৰ বাবে। প্ৰেত্যেকে প্ৰেত্যেকৰ ক্ষেত্ৰখনত যোগদান কৰি গ'ল এখন এখন সংগ্ৰামত। হয়তো এয়া বিষ্ণুৰাভাৰ সংগ্ৰামৰ লগত পৃথক সংগ্ৰাম, কিন্তু লক্ষ্য যে একেই হৈ গ'ল। উৎস যিয়েই নহওঁক, চৰকাৰে আঁচনিৰ কথা ভাবিব পৰাকৈ পৰিপক্কতা পালে। চৰকাৰে অসমৰ মগজুক লৈ ভাবিব পৰাকৈ সাহস আৰু সমল পালে, গুৰুত্ব পালে। সদাগৰ সকলেও অসমলৈ ডিঙা মেলিবলৈ ধৰিলে।
আজি (আগন্তুক এটা দশকৰ কথা কব বিচৰা হৈছে) অসম প্ৰগতিৰ পথত। এয়া কোনো ৰাজনীতিকৰ কথা নহয়, চৰকাৰৰ ফুলজাৰি নহয়। আমি অলপ মগজু লগালেই অনুধাৱন কৰিব পৰা এটা সত্বা। চৰকাৰে কি আঁচনি কৰিছে, বাদ দিয়ক সেইবোৰ কথা। কিন্তু আজি আপুনি বুকু ডাঠি কব পাৰে, অসমত উগ্ৰবাদী এতিয়া অতংকবাদী নহয়, অসমৰ পিৰালিৰ চাকি সাতগধূলিতে এতিয়া নুমাই নাযায়, শিক্ষিত অসমীয়া ডেকাই চাকৰিৰ বাবে বাট চাব লগা অৱস্থা এতিয়া আৰু নাই। অসমীয়াসকল এতিয়া নিজেই পৰিপক্ক, নিজেই একো একোখন চৰকাৰক বাট দেখুৱাই নিব পৰা শক্তি।
অসম এতিয়া বিষ্ণুৰাভাই সপোনত দেখা অসম, অসম জনতাই মাৰ বান্ধি জাগৰণ তোলা অসম, অসম ৰাইজৰ পৰিচালনাৰে পৰিচালিত চৰকাৰৰ অসম।

1 comment:

  1. হয়তো ২০ জুন বুলি মই পঢ়িছোঁ! কিন্তু সঠিক আলোচনা।

    ReplyDelete