Tuesday, June 6, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি - ২ (তৃতীয় অধ্যায়)

(২)
-হেৰা ডেকা ল’ৰা, কলৈ গৈছিলাহে? বহুদিন দেখাই নাছিলোঁ দেখোন?
-অ’ খুৰা, ঘৰলৈ হৈছিলোঁ।
-ভালেই কৰিছা দিয়া। ভাৰাটো দিয়াৰ সময়ত ঘৰলৈকে যাব লাগে। -ঘৰৰ মালিকৰ গতানুগতিক আব্দাৰ। মাহ ভৰাৰ আগে আগে হিচাপৰ খাটা লৈ বহি যোৱা মালিকৰ মুখত ভাৰাৰ টকাকেইটা মাৰি দিবৰ মন গ’ল যদিও ভাবি ৰৈ গ’লোঁ-এইবাৰ এই খাৰুচটোৰ লগত অলপ খেলায়েই যাওঁক।
-হেৰি নহয় খুৰা, টকাকেইটা এতিয়াই লব জানো? মই ভাবিছিলোঁ মাহৰ শেষৰ ফালে টকাকেইটা ল’লে আপোনাৰেই ভাল হ’লহেঁতেন। অন্ততঃ গেলামালৰ বাকীকেইটা মাৰিব পাৰিলেহেঁতেন।
-এৰা, কোনে ক’লেহে তোমাক মোৰ গেলামালৰ বাকী আছে বুলি?
-এহ, সকলোৱে কয় দেখোন। আপোনাৰ হেনো চাৰিওফালে বাকীয়েই বাকী। মই পিছে ওলোটাই ধৰিলোঁ দেই।
-তুমি কিবা ক’লা মানে?
-কমতো। কেলেই নকমহে? আপোনাৰ তাত ইমান দিন আছোঁ, আপোনাক কিবা নাজানো নে? মই ক’লোঁ, বোলো আপোনালোকেও আন দহজনৰ দৰে খুৰাক হিংসা কৰে যে মই নজনা নহয়। খুৰাৰ টকাৰ ইমান অভাৱ নহয় যে আপোনালোকৰ এই দুই-চাৰিশ টকাৰ বাকী ৰাখি ধাৰ খাব। মিছা ক’লোঁ নেকি খুৰা?
-এৰা! মানুহবোৰ বৰ বেয়াহে। মই চাধা-চিধি কও বাবে বেয়া পায়। বদনাম কৰে। পিছে কিডাল কৰিব? মাছে সাগৰৰ পানী খাই শেষ কৰিব পাৰিব জানো? কওঁক, কোনে খাটিৰ কৰে। পিছে সেই যে গেলামাল দোকনীজন, তাক ময়েই ইয়াতে আনি দোকান পাতি দিছিলোঁহি। গাঁওৰ খাব নোপোৱা ল’ৰা। এতিয়া দুপইচা হৈছেতো, সেই বাবে এই অমুকাৰ বদনাম……..
আৰু এক শেষ নোহোৱা বক্তৃতা। মানুহজন এনেয়ে ভাল। আপোনভোলা। বন বিভাগত সৰু প’ষ্টত চাকৰি কৰিছিল। পিছে কিবা কেচত ফাঁচি নিলম্বিত হৈ আছে। নিজৰ কথা কৈ ভাল পোৱা মানুহ। খংটো যদিও অলপতে উঠে, পিছত ধৰি থকা স্বভাৱটোও নাই। পইচাৰ ক্ষেত্ৰত অৱশ্যে অলপ টান। টান মানে ভাৰাঘৰৰ টকাকেইটাৰ ক্ষেত্ৰতহে টান। আৰু সেই টান স্বভাৱটোৰ বাবে আমি ল’ৰামখাই জ্বলায়ো ভাল পাওঁ। আজিও এইঅ জ্বলনে কাম দিলে। এদিন ভাৰাটো নিদিয়াকৈ থাকিব পাৰিলোঁ।
-তা, অকণ আহাচুন। হেৰিলে যাব লাগে। দৰ্হাখন ফাক কৰি মালিকৰ ছোৱালীজনীয়ে দেউতাকক মাত লগোৱাতহে তেওঁৰ ভাষন শেষ কৰিল।
-হেৰৌ, কি হেৰি হেৰি থাকহে? তহঁতে ইমানেই ভাষা বিচাৰি নাপাৱনে? বুঢ়াই ঘৰৰ ফালে গৈ গৈ কৈ থাকিল
-হব দিয়া, ইমাননু কেলেই কব লাগে। -জীয়েকেও ভোৰভোৰালে।
এখন সুখৰ সংসাৰ। সুখৰ বুলিয়েই কব লাগিব। আবেলি মাক-জীয়েক, বাপেক-পুতেক আটায়ে ৰাস্তাৰে ফুৰিবলৈ ওলায় যায়, হয়তো কেতিয়াবা বজাৰলৈ বা অইন কৰবালৈ। আজিৰ যান্ত্ৰিকতাত প্ৰাপ্তিৰ শেষ সীমনা বিচাৰি হাবাথুৰি খোৱাৰ সময়তো যিখিনি পালোঁ সিখিনি ভাল বুলি লব পৰা ঘৰখনক সুখী বুলিয়েই কব লাগিব। তেওঁলোকেই জানে প্ৰাপ্তিৰ মাদকতা। আৰু প্ৰাপ্যবোৰ তেওঁলোকে উদযাপন কৰে। বেচ আন্তৰিকতাৰে। ল’ৰা-ছোৱালীহাল স্কুল-কলেজত পঢ়ে। অৱশ্যে কোন ক্লাছত পঢ়ে, মই ভালকৈ নাজানো। নাজানো মানে জানিবলৈ আজিলৈকে আগ্ৰহো কৰা নাই। মাজে মাজে বুঢ়া-বুঢ়ীৰ লগতেই যিখিনি কথা পাতোঁ। ভাল লাগে। খোলোচাকৈ কথা পতা মানুহ বাবেই চাগৈ বৰ ভাল লাগে বুঢ়া-বুঢ়ীহালক। কেৱল ঘৰভাৰা খোজা ষ্টাইলটোৰ বাহিৰে।
-অ’ই, তই আইহলিয়ে যি? –জুনিঅ’ৰে পিছৰ পৰা মাত লগাওতেহে তত ঘূৰি আহিল।
-কিয়ো? আইভা নালগিছ্ল নেকি?
-আৰো কেইদিনমান থাকপা লাগছিল।
-চাকৰি পাইছু ৰহ। সিকাৰণে আইহলু।
-হাহাহাহা…… কি ক’লি? জুনিয়ৰে হাঁহিৰ থাকিবই নোৱাৰা হৈ পৰিল
-ইমান হাইভা লাগা কি হোল তোৰ?
-তই ইতাকলগিন কিমানটা চাকৰি ক’ল্লি ক’চুন
-ধেই। ইবাৰৰটু ৰিয়েল। কালি জইন কৰবা লাগবো
-কিহোৰ চাকৰি?
-কম্পেনী
-তোৰ কাৰণে কুনিনো আৰু কম্পেনী খুললাক?
-আছে ৰহ সেনেহেন মালো। লগ পালিহে গম পাবো
হাঁহি ধেমালিৰে পাৰ হৈ গ’ল দুটা সন্ধ্যা। এক যুদ্ধ জয়ৰ পিছৰ পৰিৱেশৰ অনুভৱত ডুবি আছোঁ মই। বহুকেইটা চাকৰিৰ কথা ক’লোঁ আজিলৈকে ভাইটিক। আৰু কৈ যোৱাৰ ঠিক পিছ মুহূৰ্ততে কাউৰীটোৱে কা-কা কৰি যায়। এইবাৰ পিছে কাউৰীও নিমাতে থাকিল। হয়তো সিও গম পাইছিল, এইবাৰ মই মিছা নহয়। এখন যুদ্ধ জয়ৰ পিছৰ এটা অপ্ৰত্যাশিত ফোন কল পাইছিলোঁ। এটা ক’ম্পেনীৰ পৰা। এটা নতুন কামৰ সন্ধান পাইছিলোঁ। জীৱনটো থান-থিত লগাবলৈ বৰ প্ৰয়োজন আছিল চাকৰিটো। পালোঁ। এতিয়া যুদ্ধ জয়ী সৈনিকৰ নিচিনা বুকু ফুলায়ো এটা কঁপনি অনুভৱ কৰিছোঁ। পাৰিমতো! নতুন কামত মই মন লগাব পাৰিমতো! তেওঁলোকৰ প্ৰত্যাশা পূৰাব পাৰিমতো! নাই, পাৰিবই লাগিব। এই সাঁকোখন পাৰ হবই লাগিব। কেণাবোৰ এইবাৰৰ পৰাই গুচাব লাগিব। বহুত কাম আছে। অলপ ষ্টেবিলিটি লাগিবই। বিশ্বাস-অবিশ্বাসৰ এই সাঁকোখন এইবাৰ পাৰ হৈ দেউতাৰ ওচৰত প্ৰমাণ কৰিবই লাগিব যে ময়ো কিবা কৰিব পাৰোঁ।
এক নিদ্ৰাহীন ৰাতি। এক অবুজ ভাৱে আৱৰি ধৰি আছে মনটো। বুজা-নুবুজা এক আৱেশে মনটো হেন্দোলনি তুলি আছে। কাইলৈৰ পৰা আৰম্ভ হব এক নতুন যাত্ৰা। এক নতুন পথক ধাৱমান হব মোৰ জীৱন। পাহৰণিত জাহ যোৱা কিছু দুস্বপ্নৰ পৰা আতঁৰি আৱহমান হব সুখৰ সংজ্ঞা। শেষবাৰৰ বাবে এবাৰ মনতে পঢ়ি গ’লো নিজৰ জীৱনৰ ইতিহাসখন। পাৰ হৈ যোৱা ধুমুহাবোৰ। আৰু আলোছায়াক। কিমানযে সপোন আছিল জীৱনটোক লৈ। আৰু? কৰ পৰা যে কি হৈ গ’ল। সুখৰ সংজ্ঞা বিচাৰি কেতিয়া যে দুখৰ সাগৰত ভৰি দিলো, গমেই নাপালোঁ। আৰু যেতিয়া অনুভৱ কৰিলোঁ বিশ্বাস-অবিশ্বাসৰ এখন সাঁকো সজাৰ কথা, তেতিয়া পাৰেই বিচাৰি নোপোৱা হৈ থাকিলোঁ। এতিয়া পাইছোঁ। এটা সৰু চাকৰি যদিও এই চাকৰিটোৱে মোৰ বাবে এডাল প্ৰশ্ৰয় হৈ ধৰা দিছেহি। তাক লৈয়েই পাৰ হৈ যাব লাগিব সময়বোৰ, পাৰলৈ। অবিশ্বাসৰ এখন দুনীয়াৰ পৰা বিশ্বাসৰ ভেঁটিলৈ। এনেকৈয়ে পাৰ হৈ যাব লাগিব আন কাকো প্ৰকাশ কৰিব নোৱাৰা বেদনাবোৰ। আৰু সেই বাবেই আজিয়েই শেষ কৰিব লাগিব সেই স্মৃতিবোৰ। কাইলৈৰ পৰা পাহৰণিয়ে আৰু মনত ঢৌ খেলাব নোৱাৰিব। পাহৰণিতেই থাকিব ইতিহাসৰ পাতবোৰ।
কাহিলীপুৱাতেই বিচনাৰ পৰা উঠি আহিলোঁ। বহুদিন আকাশখন চোৱা নাই। মোৰ প্ৰিয় আকাশ। পূৱফালৰ আকাশত তেতিয়া বেলিফুলে কলি মেলিছেহি। পশ্চিম আকাশত জোনালী তেতিয়াও হাঁহিয়েই আছে। বৰ ধুনীয়া লাগিছে আকাশখন। বৰ বিশাল যেন লাগিছে। সেই বিশালতাত গাঢ় নীলা ৰংটোৱে বৰকৈয়ে ৰিজনি খাইছে। এই নীলাখিনিৰ বাবেইতো আকাশৰ এই বিশালতা। আৰু বিশাল বাবেই হাজাৰ ধুমুহা-বৰষুণ, ডাৱৰ-গাৰ্জনিকো হেলাৰঙে নেওচিব পাৰে আকাশে। বাঁওফালে কেইটামান শালিকী উৰি গৈ ওচৰৰে ঘৰৰ তামোলজোপাত পৰিলহি। চহৰৰ মাজমজিয়াত সিহঁতেও বিচাৰি উলিয়াইছে সিহঁতৰ প্ৰিয় আশ্ৰয়। তামোলজোপাৰ পাতবোৰ ফিৰ্ফিৰীয়া বতাহত কঁপিছে। দুই এটাকৈ চৰাই চিৰিকটিয়ে মাত মাতিব ধৰিছে। কিমান সময় তেনেকৈ থাকিলোঁ, গমেই নাপালোঁ। পূৱ আকাশৰ ৰঙাফুলপাহ ইতিমধ্যে পকি উঠিছে। হঠাতে এসোঁতা ৰংচুৱা ৰশ্মি আহি মোৰ মুখমণ্ডলত পৰিলহি। আকাশেও যেন মোক নতুন কামলৈ শুভকামনা যাঁচিলে, বেলিফুলৰ ৰশ্মিৰে। মোক যেন আগবঢ়াই দিছে আগলৈ… বহু আগলৈ….

[ৰচনাকালঃ ০৬/০৬/২০১৭]