Tuesday, June 6, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি - ১ (তৃতীয় অধ্যায়)


তৃতীয় অধ্যায়
(১)
’অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....’ –মোবাইল ফোনটো বাজি উঠিল। তেতিয়া দুপৰীয়া সময়। ঘটি যোৱা ঘটনাবোৰৰ পিছত লাহে লাহে প্ৰকৃতিস্থ হবলৈ আৰম্ভ কৰিছিলোঁ। লাহে লাহে ঘৰৰ বাহিৰ হৈ ওচৰৰ দোকানখনৰ কাষত সজা বাঁহৰ বেঞ্চখনত বহি থাকোতেই বাজি উঠিছিল ফোনটো।
অপৰিচিত নম্বৰ। সেউজীয়া বুটামটো দবাই ফোনটো কানত ল’লোঁ।
-হেল্ল’ – সিপিনৰ পৰা এক নাৰীকণ্ঠ বাজি উঠিল
- এম আই স্পিকিং টু হিতেন শৰ্ম্মা? – শুনা নুশুনাকৈ শুনিলোঁ কথাখিনি
-হয় কৈছোঁ
-কংগ্ৰেচুলেশ্যন মিঃ শৰ্ম্মা। মই দেৱৰাজ এণ্ড চঞ্চ কম্পেনীৰ পৰা কৈছোঁ।
-ধন্যবাদ। ক’ৰ পৰা কৰিছে? নেটৱৰ্কৰ অসুবিধা। যোৱাবছৰ গাঁওখনলৈ ফোনৰ নেটৱৰ্ক আহিছেহে মাথোন। গতিকে স্বাভাৱিকতে নেটৱৰ্ক ভাঙি ভাঙি আহি আছে। মাজে মাজে দুই এটা শব্দ শুনা যায়, বেছিভাগ নাযায়েই। সেয়েহে অলপ মুকলিলৈ বুলি কানত ফোনটো ধৰি বেঞ্চৰ পৰা উঠি আহিলোঁ।
-মই দেৱৰাজ এণ্ড চঞ্চ কম্পেনীৰ পৰা কৈছোঁ।
-হয়। কওকচোন।
-আপুনি আমাৰ কম্পেনীত যে এটা ইণ্টাৰভিউ দিছিল….
-হয় ……. ভাবিলোঁ-দিছিলোঁ জানো ! এবাৰ ভালকৈ মনত পেলাবলৈও চেষ্টা কৰিলোঁ।
-চাকৰিটোৰ বাবে আপোনাক চিলেক্ট কৰা হৈছে।
কোনো ডিষ্টাৰ্বেঞ্চ নাই। কোনো নেটৱৰ্কৰ অসুবিধা নাই। গদগদকৈ কানৰ কাষত বাজি উঠিল কথাষাৰ। কিছু সময়ৰ বাবে মই তধা লাগি গ’লোঁ। মই চাকৰি পালোঁ, প্ৰায় একুৰি ইণ্টাৰভিউ দিয়াৰ পিছত। এটা পাহৰিব নোৱাৰা ইণ্টাৰভিউ। জোতাৰ ভিতৰত শিলগুটিয়ে নাচি নাচি নষ্ট কৰিব বিচৰা এক ইণ্টাৰভিউ। ষ্টেপল পিনেৰে চিলাই নিয়া এক ইণ্টাৰভিউ। মই যেন নিজকেই বিশ্বাস কৰিব নোৱাৰিলোঁ।
ছোৱালীজনীয়ে ক’ত, কেতিয়া গৈ চাকৰিত জইন কৰিব লাগিব, দৰমহা কিমান হব, কাম প্ৰধানতঃ কি কি কৰিব লাগিব বুজাই দি ফোনটো থ’লে। কিন্তু মোৰ মনটো হেন্দোলনি উঠিয়েই থাকিল। বুকুত অশান্তভাৱে কিবা এটা ধপধপনিয়ে লগ দিলে। এই মুহূৰ্তত কি কৰিম, কি নকৰিম ভাবি ইফাল-সিফালে চাব ধৰিলোঁ।
-অই, ফোনটু লৈ উঠি গেলি যি, কুনবা বিশেষ মানহোৰ ফোন আইছি না কি?
-ৰহ। ইয়াতে বিশেষ মানহোৰ ফোন আইভো! মানহে কথা ক’লি বেংপাৰ্টী বাজি থাকা দি মাতটু বাজি থাকে
-তিত্তেহ’লি উঠি গেলি দেখুন-দোকানৰ বেঞ্চত আহি বহা মৃণালে মাত লগালে।
কিন্তু বেছি সময় তাত থাকিব নোৱাৰিলোঁ। মৃণালক কমনে নকম, কমনে নকম ভাবি শেষত নোকোৱাকৈয়ে ঘৰত কাম কৰোগৈ বুলি উঠি আহিলোঁ।
এক অবিশ্বাস্য ফোন। মোৰ ফোনটো কিনাৰ পিছত চাগৈ এয়াই প্ৰথম দৰকাৰী আৰু ভাল খবৰৰ ফোন। বেছি দিন নাই। আৰু মাথোঁ মাজত দুটা দিন। দুটা দিন পিছতেই ৰিপ’ৰ্ট কৰিব লাগিব দেৱৰাজ এণ্ড কম্পেনীত। অফিচিয়েল কামখিনি কৰিব লাগিব। মাজে মাজে টেণ্ডাৰিংৰ বাবেও যাব লাগিব পাৰে। একাউণ্টচৰ বাবে মানুহ আছে যদিও অধিক ভিৰ হ’লে সহায় কৰিব লাগিব। বেংকৰ কামত সহায় কৰিব লাগিব। সময় ৰাতিপুৱা ৯ টাৰ পৰা আবেলি ৭ বজালৈ। প্ৰয়োজনসাপেক্ষে দেৰিলৈকো থাকিব লাগিব পাৰে। অফিচ যদিও গুৱাহাটীতে, কম্পেনীৰ কামত বাহিৰলৈ যাব লগাও হব পাৰে। মুঠতে অন্ত নোহোৱা কাম। শুনিলেই ভয় খাব লগা কামৰ তালিকা।
কম্পেনীৰ কাম। হবই। অলপতো প্ৰেছাৰ থাকিবই। কিন্তু এয়াইতো মোৰ প্ৰথম কাম। প্ৰথম চাকৰি। যি সময়ত এপইচাৰ বাবে খেদি খেদি, দৌৰি-ফুৰি লোকৰ ল’ৰা-ছাৱালীক শিকাই মাহৰ মূৰত প্ৰাপ্ত টকাকেইটাও পাবলৈ ৰাউচি জুৰিব লগা অৱস্থা, সেই সময়ত চাকৰিটো মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ হৈ পৰিছে, সেয়া মোতকৈ অধিক আনে কি বুজিব ! হওক। কষ্ট হ’লেও, মাহৰ মূৰত দৰমহাকেইটাতো পাম। জুনিঅ’ৰৰ পৰা ধাৰলৈ অনা টকাকেইটাতো ঘূৰাই দিব পাৰিম। ফোনত মাক অন্ততঃ ফাকি দি কব লগা নহব যে মই অত্যন্ত ব্যস্ত।
টেবুলত থকা ঘড়ীটোলৈ চালোঁ। চাৰে ১২ টা বাজিছে। কাষৰ বিচনাত থকা ৰেডিঅ’টো জুৰিলোঁ। ধুনীয়া গান এটা বাজি আছে। কল্পতৰু অনুষ্ঠান আৰম্ভ হৈ গৈছে চাগৈ।
-বাবা। তই দেখুন ৰুমোত সুমে ৰেডিঅ’ জুল্লিয়ে। কিবা এটা নক্ৰা কিয়ো?
-কি কৰু?
-তিত্তেয়ে কৈছলু দেখুন
-কিবা কৈছলি, পাহেল্লু
-পাৰহিবিতো। কিয়ো, উঁই ভিঠাৰ মাটি আনবা কৱ নাছলু?
-ওহ। পাহেচ্ছিলুৱে। ৰহ আনু ৰহ।
-পাৰ্হিবিতো। ইমান কাম কৰি আছা-মাৰ কাটটু গাত লাগিল।
ৰহ মা। কাম কৰিম। এইবাৰ কাম কৰাৰ বাবেই যাম। তহঁতে কি বুজিবি, কাম নকৰাকৈ মই কিমান ভাগৰুৱা, কিমান ভাগৰুৱা কাম নথকা মানুহবোৰ। কাম নথকা মানুহৰ বেদনা কিমান। কাম নথকা মানুহৰ পৰাজয় আৰু তাৰ গ্লানি কিমান। তহঁতে কি বুজিবি। কেনেকৈ বুজিবি। বুজা হ’লে সেই তেতিয়াৰ পৰাই ইমান কষ্ট কৰিব লগা হ’লহেঁতেননে! কষ্টৰ বাবেই, উপাৰ্জনৰ বাবেইতো মোৰ সেই সোণালী দিনবোৰ হালধীয়া বৰণ ল’লে। মূল্যৱান সময়বোৰ যেতিয়া সমনীয়াবোৰে ঘূৰি-ফুৰি আৰামেৰে কটাইছিল, বাৰ কিলোমিটাৰ দূৰলৈ চাইকেল মাৰি মইতো ব্যস্ত আছিলোঁ উপাৰ্জনৰ নামত। উপাৰ্জনৰ বাবেইতো হেৰুৱাইছিলোঁ মোৰ সপোনবোৰ, আশাবোৰ। আৰু? আৰু?? আনকি মোৰ হৃদয়খনো। ছাঁ-পোহৰৰ মাজত ডুবি যোৱা মোৰ পোখা মেলা আশাৰ কুঁহিপাটবোৰ। - নকলোঁ। মনতে প্ৰত্যুক্তি কৰি মাক একো প্ৰত্যুত্তৰ নিদিয়াকৈ উঠি আহিলোঁ উঁই হাফলুৰ মাটি বিচাৰি।
নাই। আৰু কবৰ খান্দিব লগা নহয়। অন্ততঃ নিজেই জোৰ কৰি হ’লেও আঁতৰি থাকিম আলোছায়াৰ পৰা। এতিয়া নতুন সময়। নতুনকৈ ভৱাৰ সময়। নতুন কৰাৰ সময়। নতুনত্বৰে জীৱনক গঢ় দিয়াৰ সময়। সুদীৰ্ঘ ৭-৮ বছৰৰ এক আৱদ্ধ হৈ ৰোৱা সময়ক নতুনকৈ গতিশীলতা দিয়াৰ সময়। এই নতুন সময়ত পুৰণিৰ কোনো স্থান নাই। পুৰণি সময়ৰ প্ৰৱেশ নিষিদ্ধ এই নতুন সময়ত। আৰু মাথোঁ দুদিন। দুদিনৰ পিছতেই আৰম্ভ হব সোলোক ধোলোককৈ গতি কৰি থকা বাহনখনৰ এক গতিশীল যাত্ৰা। তাৰ আগতে বহুতো কাম। টিউশ্যনকেইটা বন্ধ কৰিব লাগিব, কেইটামান নতুন চোলা কিনিব লাগিব। আৰু তাৰ পিছত? তাৰ পিছৰেপৰাই গতি। গতিৰে নিজকে উঠাই নিব লাগিব সৌৱা তালৈ, উঁই হাফলু বন্ধা নাৰিকলজোপাৰ সমান ওপৰলৈ, হয়তো তাতকৈও ওপৰলৈ। যিখিনি উচ্চতাৰ অভাৱে বহু দ-লৈকে ঠেলি দিছিল মোক, সেই উচ্চতা আহৰণেই হব মোৰ এতিয়া একমাত্ৰ লক্ষ্য। তাত কোনো আৱেগৰ স্থান নাথাকিব, স্থান নাথাকিব অতীতৰ। কেৱল গতি আৰু গতিশীলতা থাকিব সেই সময়ত। সেই সময় হব একমাত্ৰ মোৰ। গতিশীলতা মিহলাই সেই সময়েৰে মই কিনি আনিম মোৰ মধুৰ সপোন। সেই সপোন হব মই বিচৰা সপোন, মই ভৱা সপোন, মই আগতে দেখা সপোনতকৈ পৃথক মোৰ হেঁপাহৰ সপোন।
 [ৰচনাকালঃ ২৫ এপ্ৰিল, ২০১৭]

No comments:

Post a Comment