Wednesday, May 30, 2018

সোঁৱৰণীৰ এপিটাফ

কেতিয়াবা আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ,
তাতেই মেলি লম আমাৰ প্ৰেমৰ অধ্যায়বোৰ৷
আকৌ এবাৰ উভতি যাম
ইতিহাস হৈ ৰোৱা মসৃণ পথবোৰলৈ৷
জুকিয়াই চাম আমাৰ ভুলবোৰ৷

ভুল অৱশ্যে তোমাৰ নাছিল৷
মাত্ৰাধিক বিশ্বাসেৰে তোমাৰ শংকাবোৰত
বিচাৰি চলাথ কৰিছিলোঁ প্ৰেমৰ উপমা৷
অথচ,
সহানুভূতিত পুষ্ট তোমাৰ আত্মীয়তাত
ক'তো নাছিল সেই উপমা৷
তথাপি,
ভুল কৰিছিলোঁ ময়েই৷
পৱিত্ৰ আমাৰ সোঁৱৰণীৰ ঘাটত
স্থাপন কৰিছিলোঁ অনাত্মীয়তাৰ বীজ৷

থাকক দিয়া ভুলবোৰ!
এদিন আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ৷
ভুলবোৰ বাদ দি তাতেই কথা পাতিম আমি,
তাহানিৰ সেই ৰগৰসনা ডিঙৰাত বহি৷
তোমাৰ সান্নিধ্যত আকৌ কলৰৱ কৰি উঠিব
মোৰ হৃদয়ে৷
সৃষ্টিৰ অমিয়া সুৰত হৃদয়েৰে বৈ আহিব
অখাদ্য সেই কবিতাবোৰ৷

এইবাৰ কিন্তু গুছি নাযাবা তুমি
ঠিক আগৰ দৰে৷
পাৰাপাৰহীন অনিশ্চয়তাত বুৰাই থৈ
মোৰ প্ৰেমৰ ডিঙৰা৷
নহ'লে আকৌ ভুল হৈ যাব৷

ভুল অৱশ্যে তোমাৰ নহয়৷
আৱেগৰ গুৰিব'ঠা ধৰি পাৰাপাৰহীন ভৱিষ্যতত
কোনে মেলি দিব পাৰে জীৱনৰ ডিঙৰা৷
ভটিয়াই গৈ ময়েই পাম আকৌ সেই উপকূল
য'ত বলুকাৰ বুকুত চকুপানীৰে অংকিত হ'ব
মোৰ ভুলৰ ছবি৷
আগৰ সেই একেই ভুল!

এইবাৰ আহিবা আমাৰ সোঁৱৰণীৰ সেই ঘাটলৈ,
য'ত স্তুপীকৃত হৈছিল তোমাৰ প্ৰেৰণাবোৰ৷
আৰু বান্ধ খাই পৰা মোৰ আশাৰ টোপালবোৰ৷
আহিবা সেই ঘাটলৈ,
য'ত লঙ্গৰ পেলাইছিল তোমাৰ শব্দ অনুভূতিয়ে৷
অথচ, দিশহাৰা হৈ পৰিছিল
আশ্ৰয় বিচাৰি হাহাকাৰ কৰি ফুৰা
মোৰ নিসংগ প্ৰেমৰ কণিকাবোৰে৷
পুনৰাই ভুল নহয় এইবাৰ,
কথা দিছোঁ৷
পুনৰাই নহয় ভুল৷
কিয়নো, সোঁৱৰণীতেই সৎকাৰ কৰিছোঁ
মোৰ অপত্য সেই স্নেহবোৰ৷
ঠিক তোমাৰ দৰেই,
হয়তো তাতোকৈ পটুতাৰে৷
ত্ৰুটীহীনভাৱে লিখি যাবলৈ সংকল্প কৰিছোঁ
সোঁৱৰণীৰ পাতবোৰ৷

ঠিক কৰিছোঁ,
ভুলৰ বোকোচাত বহি শুনি যাবলৈ তোমাৰ উক্তি
আৰু উপনীত হ'বলৈ সেই প্ৰান্তৰত৷
য'ত নাথাকিব তোমাৰ মন্ত্ৰমুগ্ধ লঙ্গৰ
অথবা মোৰ অশ্ৰুসিক্ত উপকূল৷
সোঁৱৰণীৰ মাজেৰেই বৈ যাব সোঁৱৰণীবোৰ,
প্ৰেমহীনতাৰ সুৰত উতলা হব প্ৰেমগীত,
তুমি হৈ থাকিবা তুমি আৰু মই মই৷

কেতিয়াবা আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ৷
তাতেই সৎকাৰ কৰিম আমাৰ ভুলবোৰ
আৰু স্বকীয়তাৰে গঢ়ি তুলিম আমাৰ প্ৰেমঘৰ৷
সোঁৱৰণীৰ ফল্গুধাৰাৰে বৈ আহিবা
তুমি, মই আৰু আমাৰ সপোনবোৰ,
ভুলৰ শুধৰণি হৈ
এখন ভুলহীন স্বকীয় সোঁৱৰণী হৈ৷

【ৰচনাকালঃ ১৮ এপ্ৰিল, ২০০৯ - ০০:০৯】

No comments:

Post a Comment