Wednesday, May 30, 2018

জোনাক ৰাতি

হঠাৎ কেতিয়াবা
হঠাৎ কেতিয়াবা মনত পৰে তোমালৈ৷

আঁউসীৰ শেষত আকাশৰ এচুকত
কাঁচিজোনৰ বুকুত দেখো তোমাৰ উদ্দীপ্ত চকুযুৰি৷
হঠাৎ মনত পৰি যায়,
জোনৰ বুকুৰে আমি উটাই নিয়া নৈখনৰ কথা,
সোঁত হৈ বৈ যোৱা আমাৰ গভীৰ আস্থাবোৰৰ কথা৷

জোনৰ বুকুত ক'ত আজি সেই ঘাট!
য'ৰ পৰা তুলি নিছিলা তুমি মোৰ আস্থাবোৰ,
আৰু মই বুটলিছিলোঁ তোমাৰ হাঁহিবোৰ৷

তোমাৰ মনত পৰেনে আলোছায়া?
মনত পৰেনে
জোনাকৰ বুকুত মই সজা বালিঘৰৰ কথা!
সেই ঘৰৰ অতিথি হৈ তুমিয়েই দিছিলা মোক
প্ৰেমৰ আদিপাঠ৷
কিয় নিজ হাতে ভাঙি পেলালা সেই বালিঘৰ?
তুমি দিয়া আদিপাঠৰ ফলাবোৰ কিন্তু
আজিও বন্দী মোৰ হিয়াৰ আঁচলত৷
তুমি ৰাখিব পাৰিছানে আস্থাবোৰ?
ঠিক মোৰ দৰে!

আলোছায়া!
আচিয়ানাৰ চাদত এতিয়া নামি আহেনে তোমালৈ
আশাভৰা এমুঠি জোনাকী আভা?
নে জোনাকে তোমালৈও কঢ়িয়াই আনে
মোক দি যোৱা একেই নিসংগতা?
বিশ্বাস কৰিবা!
খিৰিকিৰে সোমাই অহা জোনাকৰ আভাখিনিয়ে
সোঁৱৰাই দিছে তোমাৰ কথা
কঢ়িয়াই লৈ আহিছে তোমাৰ বতৰা৷

চিন্তা নকৰিবা,
জোনাক আজিও মোৰ আগৰ দৰেই প্ৰিয়,
মাথোঁ সহিব নোৱাৰোঁ তাৰ উজ্জ্বলতা৷
প্ৰিয় হুৰমূৰীয়া বৰষুণজাকো,
কিন্তু ভয় হয় তিতিবলৈ৷
জানোচা টোপাটোপে বৈ আহে
তাহানিৰ সেই নষ্টালজিয়াবোৰ৷

ভাবোঁ!
তোমাক লৈ আৰু নিলিখো কবিতা৷
কিন্তু কি কৰিবা!
হাতৰ আঙুলিবোৰে যে
এতিয়াও বেয়া পাব পৰা নাই তোমাক৷
পাহৰিব পৰা নাই
তোমাৰ সান্নিধ্যত
কবিতা হৈ পৰা শব্দবোৰ৷
মানি লব ব্চৰা নাই সিহঁতেও
তোমাৰ অবৰ্তমানত শূন্য হৈ পৰা
সৃষ্টিৰ আঁচলখন৷

বিশ্বাস কৰিবা,
খোলা খিৰিকিৰে সোমাই অহা
জোনাকৰ আভাখিনিয়ে
সোঁৱৰাই দিছে তোমাৰ কথা৷
হঠাতে মনত পেলাই দিছে তোমালৈ৷
জোনাকৰ বুকুতে গঢ়ি তুলিছে
তোমাৰ দেশ,
তোমাৰ দেশ
আলোছায়াৰ দেশ৷

【ৰচনাকালঃ ২৩ এপ্ৰিল, ২০০৯ - ২৩৪৫】

No comments:

Post a Comment