Saturday, June 25, 2016

নিৰাশাত আশা


আজি বহুতো আপডেট দেখিলোঁ। আজিকালিৰ শিক্ষাৰ মানদণ্ডক তাহানিৰ মানদণ্ডৰ লগত ৰিজোৱা হৈছে। ভাল কথা। সমাজ এখন পৰিৱৰ্তনৰ ঢৌত উঠি ভাঁহি নাযাবলৈ এই ৰিজনি প্ৰয়োজনীয়। এই ৰিজনিত বহু ক্ষেত্ৰত অসমীয়া বিষয় আৰু সেই বিষয়ত পোৱা অধিক নম্বৰৰ বিষয়টোকো সামৰি লোৱা হৈছে। বহু ক্ষেত্ৰত কোৱা হৈছে যে মুখস্থ বা আন্তৰিকতা নোহোৱাকৈয়ে বহুতে অসমীয়া বিষয়ত বহুত নম্বৰ পাইছে। 

মোৰ কবলগীয়া তাত নহয়। কবলগীয়া এইখিনিতেই যে যদি আজিকালিৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত আশী বা তাতোধিক নম্বৰ পাই বিষয় হিচাপে অসমীয়াক সন্মানজনক ঠাইত ৰাখিছে বা ৰাখিব পাৰিছে, তেন্তে অসমীয়া ভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু উন্নতিৰ হকে এওঁলোকে কিবা কৰিব বুলি আমি বিশ্বাস কৰিব নোৱাৰোঁ বা নকৰোঁ কিয়? হয়, আজিকালিৰ ছাত্ৰ ছাত্ৰীৰ শব্দ প্ৰয়োগ, উচ্চাৰণ আদি অশুদ্ধ। হবই। তেওঁলোকৰ চাৰিওফালে যি ঘটি আছে সেয়াইতো হব। চকু মেলিলেই আজি ইংৰাজী, হিন্দী আদি পৰভাষাৰ দপদপনিৰ মাজত যদি তেওঁলোকে সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া উচ্চাৰণ কৰিব বুলি ভাবোঁ, মোৰ মতে সেয়া আমাৰ কল্পনাৰ বাহিৰে অন্য স্তৰ নাপায়গৈ।

সেয়ে সকলোবোৰ নেওচি প্ৰতিজন ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জনাইছোঁ যিসকলে অসমীয়া ভাষাক এটা মূল ভাষা হিচাপে লৈ বিষয়টোৰ সন্মান ৰক্ষা কৰিছে। এইখিনিতে মই সেইসকললৈ অনুৰোধ জনাম যদি তেওঁলোকৰ ভাষাজ্ঞান সীমিত, শব্দপ্ৰয়োগ অশুদ্ধ, উচ্চাৰণ ভুল, সেয়া পৰ্যায়ক্ৰমে তেওঁলোকে শুধৰাবলৈ যত্ন কৰক। কিবা অসুবিধা হ'লে শুধৰাই দিয়া মানুহৰ অভাৱ নহব। কিন্তু তাৰ বাবে চেষ্টা লাগিব। সেই চেষ্টা এৰি নিদিব। জন্মদিনত প্ৰিয় বন্ধুজনক এখন অসমীয়া অভিধান উপহাৰ দিয়ক। নিজেও ভুল হোৱা বুলি ভাৱ হোৱা শব্দটি অভিধানত চাওঁক। দেখিব সকলোবোৰ সঠিক দিশত আগবাঢ়ি গৈছে। ব্যৱহাৰিক জ্ঞান বৃদ্ধি হব যদিহে বৈষয়িক জ্ঞানৰ সঠিক প্ৰয়োগ ব্যৱহাৰিক ক্ষেত্ৰত কৰা যায়।

সকলোলৈ শুভেচ্ছাৰে।

[ ৰচনাকালঃ ২ জুন, ২০১৬] 

No comments:

Post a Comment