Saturday, June 25, 2016

ৰাজ্যিক শোক দিৱসত কি কৰিব লাগে অসমৰ সংবাদ মাধ্যমে জানেনে


যোৱাকালি ৰাতিপুৱা অসমৰ নাট্যসংস্কৃতিৰ এক অনবদ্য সংস্কৰণ "ভ্ৰাম্যমান থিয়েটাৰ"ৰ জনক অচ্যুত লহকৰ ডাঙৰীয়া পৰলোকপ্ৰাপ্তি হয়। অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমে কথাটো বৰ বৰ হৰফেৰে ব্ৰেকিং কৰিলে, ৰাইজৰ মতামত ল'লে, সবিস্তাৰে লহকৰ ডাঙৰীয়াৰ জীৱন বৃত্তান্ত "ব্ৰেকিং" কৰিলে। তেতিয়ালৈ সকলোখিনি সঠিক আছিল। চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে যোৱাকালিৰ দিনটো শোক দিৱস হিচাপে ঘোষণা কৰিলে। জনপ্ৰতিনিধিয়ে মৃতকৰ পৰিয়ালৰ ওচৰলৈ গৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলে। এইখিনি কথাও আমি গম পালোঁ সংবাদ মাধ্যমৰ জৰিয়তেই।

সেইখিনিলৈকে আমি ভাবি আছিলোঁ যে অসময় বৈদ্যুতিন সংবাদ মাধ্যম "লাইনত আহিল", সুখ-দুখৰ মোল বুজা হ'ল, সুখত হাঁহিব আৰু দুখত কান্দিব জনা হ'ল, ৰাইজৰ বেদনাত বেদনাসিক্ত হবলৈ জনা হ'ল। পিছে এই ধাৰণা কেইমুহূৰ্তমানলৈহে থাকিল। শোক দিৱসত আমি জনাত সকলো ধৰণৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান পৰিৱেশন বন্ধ হব লাগে। বন্ধও হ'ল। বহু ঠাইত হবলগীয়া সম্বৰধনা অনুষ্ঠান বাতিলৰ খবৰ পালোঁ। কিন্তু দুই বজাত "নিউজ চেনেলে" আৰম্ভ কৰি দিলে "চানডে মেটিনি"। চলচ্চিত্ৰ প্ৰদৰ্শন। প্ৰায় আটাইকেইটা বাতৰি পৰিৱেশনকাৰী চেনেলেই প্ৰদৰ্শন কৰি গ'ল দেওবৰীয়া চলচ্চিত্ৰ। পিছত খবৰ পালোঁ, দুটামান চেনেলে হেনো কোনোবা নাটকৰ প্ৰ'ম'ও দেখুৱালে।

সংবাদ কি আমি হয়তো নাজানো। সংবাদ মাধ্যমৰ কৰণীয় কি, সেয়াও ভালকৈ নাজানো। অলপ চলপ যি জানো সেইমতে চলচ্চিত্ৰ, প্ৰ'ম' আদি মনোৰঞ্জনধৰ্মী অনুষ্ঠানেই হয়। ৰাজ্যিক শোক দিৱসত তেন্তে এই মনোৰঞ্জনধৰ্মী অনুষ্ঠান পৰিৱেশন কৰি চেনেলসমূহে মৃতকৰ সদগতি কামনা কৰিলে নে মৃতকক চৰম অপমান কৰিলে? এয়া চৰকাৰী ঘোষনাৰ চৰম অৱমাননা নহয়নে? নে "সংবাদ মাধ্যম" ৰ নামৰ বিপৰীতে এয়া একনায়কত্ববাদ?

আশাৰাখিছোঁ বৈদ্যুতিন মাধ্যমসমূহ এই বিষয়ত সজাগ হৈ পৰৱৰ্তী সময়ছোৱাত এনেকুৱা সৰু সুৰা ভুল আৰু দায়িত্বজ্ঞানহীন কৰ্ম কাণ্ডৰ পৰা বিৰত থাকিব। মনত ৰাখিব আপোনালোকৰ টিআৰপিত আটাইতকৈ অধিক অৱদান আমাৰ নিছিনা দৰ্শকসকলৰেই।

[ৰচনাকালঃ ১৩ জুন, ২০১৬]

No comments:

Post a Comment