Saturday, April 22, 2017

নমামী ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ (২)


আছে, আৰু আছে। যিমানে খন্দা যাব, সিমানেই হয়তো ওলাব। আনৰ্জাতিক জল ৰাজনীতিক লৈ আমি কালি এক অন্বেষণত নামিছিলোঁ। নমামি ব্ৰহ্মপুত্ৰৰ বিতৰ্কবোৰৰ পৰা নিজকে মুক্ত কৰিবলৈ গুগল খুৰাক সুধিছিলোঁ লুইতৰ উৎসৰ তথ্য। তাৰ পিছত খুৰাই মেলি ধৰিছিল এক নেমেলা কিতাপ, যাৰ মই বেটুপাতটোৱেই দেখা নাছিলোঁ। কালি কিতাপখনৰ দুটামান পৃষ্ঠা পঢ়ি আজি আকৌ নামি পৰিলোঁ পানীৰ অন্বেষণত। কালিতকৈ অলপ বহলভাৱে।

সদায়ে প্ৰশ্ন হৈছিল গাঁওৰ মানুহৰ মাজত হোৱা সীমাৰ কাজিয়াৰ নিচিনা দুখন দেশৰ মাজতো সীমাৰ বাবেই কাজিয়া হব পাৰেনে। কিন্তু তথ্যই কৈছিল, পাৰে। পাৰে, যেনেকৈ হৈছিল সীন-ভাৰতৰ যুদ্ধ, পাক-ভাৰতৰ যুদ্ধ। কিন্তু কালিৰ কিতাপখনে মেলি ধৰিলে অন্য এক ছবি। আৰু ছবিৰ কথাৰে আজি কম, নোৱাৰে। সীমাই একমাত্ৰ কাজিয়াৰ মূল নহয়। তেন্তে? তেন্তে মূল কাৰণনো কি?

যোৱাকালি অলপ পাইছিলোঁ, পানী ভাগ বতৰাই হৈছে আমি দেখা কিছুমান গতানুগতিক কাজিয়াৰ অগতানুগতিক কাৰণ। আজি আকৌ যেতিয়া মেলি লৈছোঁ ভিতৰৰ পাতবোৰ, পানীয়ে কঢ়িয়াই ফুৰিছে অন্য এক ছৱি।

আমি চীনৰ জল অগ্ৰাসনৰ কথা কৈছিলোঁ। কিন্তু তাৰ আগে আগে চীন আৰু ভাৰতৰ অলপ ভৌগলিক বাখ্যাও প্ৰয়োজন হব পাৰে। দিশ নধৰাকৈ চিধাচিধিকৈ কৈছোঁ (যিহেতু দিশে বহুতৰে খেলিমেলি লগায়), চীনা ভূখণ্ডৰ লগত আছে চীনা সাগৰ। মাত্ৰ এফালে। আৰু ভাৰতৰ লগত আছে দুখন। আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰ। সম্ভাৱনাৰ ফালৰ পৰা সাগৰে চীনতকৈ ভাৰতলৈ বেছি সুবিধা দিছে। সাগৰৰ মুকুতা আৰৱ সাগৰে ভাৰতক আৰৱীয় দেশলৈ বানিজ্যৰ সুবিধা দিছে, যিদৰে দিছে পাকিস্তানকো। কিন্তু চীনে সেই সুুবিধাকণ পোৱা নাই। অন্যহাতে চীনা সাগৰৰ পৰা ভাৰত মহাসাগৰ হৈ আৰৱ সাগৰ পাবলৈও বহু দূৰ। সেইবাবে ইউৰোপৰ লগত বানিজ্যৰ সূত্ৰে যাতে ভাৰতে চীনক পাৰ হৈ যাব নোৱাৰে, তাৰ বাবে দক্ষিণ চীন সাগৰত আনৰ প্ৰৱেশত বাধা দিছে চীনে। ফলস্বৰূপে ভিয়েটনাম ৰুষ্ট হৈছে। এই বাধাৰ অন্য এক কাৰণ হ'ল ৰাছিয়া আৰু ভাৰতৰ মৈত্ৰী ভাৱ, যাতে ভাৰতে অনায়াসে সাছিয়াৰ পৰা সহায় লব নোৱাৰে। সেই ৰুষ্টতাৰ সুযোগ ভাৰতে লৈছে আৰু আৰু চীনৰ ওপৰত চাপ দিছে। ইপিনে জাপান আৰু কোৰিয়াৰ লগৰ ফেৰ পাতিব নোৱাৰি উত্তৰ ফালে সাগৰত ইমান বাধা বিঘিনি ৰখা নাই।

সেয়েহে চীনে অৱশেষত আঙুলি বেকাঁ কৰিহে এৰিলে। চীনে ল'লে পাঁচবছৰীয়া কূটনৈতিক পৰিকল্পনা। "বেল্ট এণ্ড ৰোড" তাৰ নাম। এই প্ৰকল্পৰ অধীনত দুটা অংশ সামৰি লোৱা হ'ল। তাৰে প্ৰথম অংশত চীনে বাচি ল'লে পাকিস্তানক। পাক অধীকৃত কাশ্মীৰত চীনে সাজিব ল'লে এক বান্ধ। সেই বান্ধ বন্ধাৰ উদ্দেশ্য হ'ল পাকিস্তানক বৈদ্যুতিকভাৱে সহায় কৰা। এয়া নিত্যান্তই হাস্যকৰ যেন লাগে যদিও প্ৰকৃততে কিন্তু আচল কথা বেলেগহে। এই বান্ধৰ যোগেদি চীনে পাকিস্তানৰ জৰিয়তে আৰৱ সাগৰলৈ আন্তৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিব। আৰু তাৰ যোগেদি ইউৰোপ আৰু মধ্য এছিয়াত প্ৰাধান্য বিস্তাৰ কৰিব। সেই বান্ধৰ প্ৰভাৱ যিহেতু ভাৰতৰ কেবাখন প্ৰদেশৰ ওপৰত পৰিব, ভাৰতে এই কামত বাধা দিলে। ভাৰতক সমৰ্থন কৰিলে নেপাল বাংলাদেশে। কিন্তু সেইবোৰ দেশক কোনে পাট্টা দিয়ে? গতিকে চীন অটল থাকিল। সেই বাবেই ভাৰতেও সিন্ধুক ভেটা দিয়াৰ পৰিকল্পনা কৰিলে। সেই পৰিকল্পনাত সেও মানি পাকিস্তানে সদ্যহতে চীনক বান্ধ সজোৱাত সেউজ সংকেত দিও থমকি ৰৈছে।
অন্যফালে ভাৰত মহাসাগৰ হৈ দক্ষিণ পূৱ এছিয়াত সোমাব পাৰিলে চীন হৈ পৰে এছিয়াৰ সম্ৰাট। সেই বাবে পৰিকল্পনা কৰিলে যুটীয়া অৰ্থনৈতিক বুজাপৰাৰে তৈয়াৰ কৰিব অন্য এক বেল্ট। কিন্তু ভাৰতে এইবাৰো না কৰিলে। যিহেতু এই বেল্টৰ প্ৰায় অৰ্ধাংশই ভাৰতৰ মাজেদি যাব, ভাৰতৰ সহায় অবিহনে এয়া কোনোপধ্যেই সম্ভৱ নহয় বুলি জানি চীনে পৰিকল্পনা কৰিলে উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ নদীসমূহক ভেটা পৰিকল্পনা। যিসমূহ ভেটিলে উত্তৰ পূৰ্বাঞ্চল হয়তো নিঃশেষ হৈ যাব আৰু চীনে সীমাৰ আচিলাৰে এই ৰাজ্যসমূহত কব্জা কৰিব পাৰিব। কিন্তু এইবাৰো ভাৰত বহি নাথাকিল। দক্ষিণ চীনা সাগৰত ভিয়েটনামৰ সহযোগত প্ৰায় প্ৰথম বিশ্বৰ সকলো দেশৰেই সমৰ্থন গোটাই ভাৰতে আৰম্ভ কৰিলে বিদ্ৰোহ। ৰাছিয়াই সমৰ্থন কৰা এই বিদ্ৰোহত চীনা এইবাৰো পিছ হুহকিবলৈ বাধ্য হ'ল।

ব্ৰহ্মপুত্ৰ। লুইত। খান্দি খান্দি বহুকেইখন মহাসাগৰ খূৰিলোঁ। প্ৰায় ৪০ বছৰমানৰ পুৰণি কূটনীতিৰ ফাইলসমূহ। হয়। লুইতক বচাবলৈ, ভাৰতক বচাবলৈ ভাৰতে এইবাৰ আৰম্ভ কৰিলে "পূৰ্ব সংযোগী" আঁচনি। হয়তো চৰকাৰভেদে এই আঁচনিৰ নাম বেলেগ হব পাৰে, কূটনৈতিক এই যুদ্ধখনৰ সামৰণি কিন্তু এতিয়াও হোৱাই নাই। ইতিমধ্যে ভাৰতে এক্সপ্ৰেছ হাইৱেৰ জৰিয়তে এই আঁচনিৰ উদ্ঘাটন আৰু ৰূপায়নত গুৰুত্ব দিছেই। যদিহে এই আঁচনি সম্পূৰ্ণভাৱে সফল কৰিব পাৰে, চীনে যে নমনীয় স্থিতি গ্ৰহণ কৰিব, সেয়া ধূৰুপ।

কিন্তু এই সাগৰীয়, জলসাম্ৰাজ্যবাদৰ প্ৰধান কাৰণনো কি? কিহৰ বাবেনো সাগৰে আন্তৰ্জাতিক ৰাজনীতিত ইমান গুৰুত্ব দিব লগা হৈছে? আছে। আৰু বহু অন্বেষণ বাকী আছে। লাহে লাহেআব্যাহত থাকিব লুইতৰ বুকুৱেদি এই জ্বালামুখী যাত্ৰা, নমামি ব্ৰহ্মপুত্ৰৰ বিতৰ্কৰ পিছপিনে।

[আগলৈ]

[ৰচনাকালঃ ৪ এপ্ৰিল, ২০১৭]

No comments:

Post a Comment