Saturday, April 22, 2017

নমামি ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ (৪)


যিমান চেষ্টা নকৰিলেও শেষ কৰিব নোৱাৰা বিষয় - পানী। যি পানীৰ বাবে আমাৰ অন্বেষণ আৰম্ভ হৈছিল - ব্ৰহ্মপুত্ৰ, তাৰে পাৰে পাৰে আমি বহু ঠাই ঘূৰিলোঁ, বহু কথা দেখিলোঁ, বহু কথাক সাঁথৰ হিচাপেই সাৱটি ললোঁ আমাৰ বুকুত। তাৰ পিছতো অনুসন্ধিৎসু শেষ নোহোৱা বাবে অৱশেষত আকৌ খুৰাক সুধিলোঁ সেই গুৰুত্বপূৰ্ণ কথাষাৰ - ইমান গুৰুত্বপূৰ্ণ স্থান পাব লগা, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব পাব লগাকৈ পানীতনো কি আছে। লগে লগে গুগল খুৰাই ধমকি মাৰি উঠিল - "মূৰ্খ, তাকো নাজান?"
খুৰাই কি ক'লে তাক কম। তাৰ আগে আগে পুনৰ এবাৰ উজাই মেলিব খুজিছোঁ বাট, লুইতৰ বুকুৱেদি। পানীক একাষৰীয়াকৈ ৰাখি আমি বগাই গ'লোঁ টিলাবোৰলৈ; টিলাৰ পৰা সৰু পাহাৰবোৰলৈ আৰু অৱশেষত হিমালয়লৈ। আচলতে সৰু বৰ পৰ্বতৰ বুকুতেই থাকে অলেখ ৰহস্য আৰু সেই ৰহস্য ভেদ কৰিব পাৰিলেই আহৰণ কৰিব পাৰি সম্পদ। চীনা চৰকাৰে সেই ৰহস্য ভেদ কৰি আহৰণ কৰাত লাগি গৈছিল সম্পদসমূহ। বসুমতীৰ বুকু সুদা কৰি কাঢ়ি লৈ গৈছিল এপদ এপদকৈ সম্পদসমূহ আৰু সেই সম্পদেৰে ভৰাই তুলিছিল ৰাজকোষ। কিন্তু ভাৰতবৰ্ষ এনেয়ে আছিলনে?

তথ্যই কয়, নাছিল। ভাৰতবৰ্ষও এনেই নাছিল। কাশ্মীৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পাহাৰবোৰত ইংৰাজসকল থকা দিনৰে পৰাই সম্পদ আহৰণত ব্যস্ত আছিল চৰকাৰ। কিন্তু ভূগৰ্ভ খান্দি কেৱল কয়লা-পেট্ৰ'লিয়ামজাতীয় সম্পদসমূহতেই ক্ষান্ত আছিল ভাৰতবৰ্ষ। কিন্তু হঠাতে যেন অন্য এক দুৱাৰ মুকলি হ'ল। লাহে লাহে উত্তৰ পূৰ্বাঞ্চল আৰু কাশ্মীৰে গুৰুত্ব পালে। কাশ্মীৰৰ গুৰুত্ব আৰু মৰ্যাদাৰ কথা কম, অলপ লাহে লাহে। তাৰে আগে আগে ৰ্উত্তৰ-পূৱৰ কথাখিনি শেষ কৰি লওঁ। উত্তৰ পূৱত সম্ভেদ পোৱা গ'ল বহুতো মূল্যৱান খনিজাত সামগ্ৰীৰ আৰু লাহে লাহে সেই বাবেই হৈ পৰিল "অষ্টলক্ষ্মী"। দেশৰ উন্নয়নৰ স্বাৰ্থত প্ৰয়োজন হ'ল "অষ্টলক্ষ্মী"ৰ উন্নয়ন। আৰু তাতোকৈ কিবা? আছে। আৰু আছে। যাম, লাহে লাহে।

এতিয়া আহোঁ পানীলৈ। আচলতে পানীৰ ইমান গুৰুত্ব কিয়? গুগলৰ পাত বাগৰাৰ আগেয়ে নৈৰ সিপাৰলৈ গৈছিলোঁ। যাওঁতে সৰু সুৰা দুই এটা কথা মনলৈ আহিছিল। যেনে ধৰক, মই থকা ঠাইৰপৰা যদি নৈৰ বুকুলৈ যাওঁ, উষ্ণতা প্ৰায় দুই ডিগ্ৰীমান কমি আহে (এয়া ধাৰণাহে দেই)। খুব গৰমতো নৈৰ বুকুত পাওঁ বতাহৰ চানেকি আৰু ঠাণ্ডাৰ প্ৰভাৱ। পানীয়ে লৈ যায় নৈপৰীয়া জাৱৰ আৰু দি থৈ যায় পলসুৱা মাটি। আমি খোৱা প্ৰতিগিলাছ পানী দেখোন লুইতেই যোগান ধৰে (মোৰ ক্ষেত্ৰতহে)। অন্যৰ ক্ষেত্ৰত হয়তো মাটি খান্দি ওলোৱা পানীও হব পাৰে। লুইত পৰ্যটন, লুইত সপোন, লুইত গীতিকাৰৰ গানৰ উৎস, ঔপন্যাসিকৰ বিষয় আৰু কত যে কি!! তাৰমানে এই সকলোবোৰ কেৱল পানীৰ বাবেই নহয়নে? যদি লুইতত কাইলৈ পানী শূন্য হৈ পৰে, আমি একেদৰেই আদৰি লমনে লুইতক? নাই, নলও। কেতিয়াও নলও। যেনেকৈ ফলগু নদীক লোৱা নাই, তীষ্টাক অৱহেলা কৰিবলৈ লোৱা হৈছে, ঠিক তেনেকৈ। মানে, পানীহে আচল গুৰি। এই সৰু ক্লু লৈয়ে আৰম্ভ কৰি দিলোঁ আমাৰ অন্বেষণ। পানীৰ গুৰুত্বৰ কাৰণ।

পানীৰ গুৰুত্ব এই বাবেই অধিক যে পানী খাদ্য, স্বাস্থ্য আৰু পৰিৱেশৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অংগ। পানীৰ পৰিমাণৰ হেৰফেৰৰ লগত নিৰ্ভৰ কৰে এই তিনিওবিধৰ ভাৰসাম্যতা। তেন্তে সকলোৱে পানীক লৈ ইমান কাজিয়া কৰে কিয়?

তাৰো কাৰণ আছে। তথ্যই কয় বিশ্বব্ৰহ্মাণ্ডৰ ৭০ ভাগ পানী। আৰু সৰ্বমুঠ পানীৰ প্ৰায় ৫০ ভাগেই বৰফাৱস্থাত বা গ্লেচিয়াৰত আছে। অন্য ৩০ ভাগ সাগৰত আৰু বাকী ২০ ভাগ নৈ-জুৰি, খাল-বিল বা অন্য স্থানত আছে। অন্য স্থান বুলিলে বায়ুমণ্ডল, ভূ-গৰ্ভ আনকি আমাৰ শৰীৰৰ ভিতৰভাগত থকা পানীকো সামৰা হৈছে। কিন্তু লাহে লাহে পানীৰ পৰিমাণ যেন কমি আহিবলৈ ধৰিছে। গ্লেচিয়াৰ গলিবলৈ আৰম্ভ কৰিছে। নৈ শুকাবলৈ আৰম্ভ কৰিছে, বিষাক্ত হৈ গৈ আছে পানী, অনুপযুক্ত হৈ আহিছে পানী। কিন্তু কিয়? ভাৰসাম্যতা। একমাত্ৰ ভাৰসাম্যতাৰ বাবে। আমি ভাৰসাম্যতা ৰক্ষা কৰি খাদ্য, স্বাস্থ্য আৰু পৰিৱেশৰ বাবে পানীক কামত লগাব পৰা নাই। পানীক কেৱল আমাৰ স্বাৰ্থৰ বাবেহে ব্যৱহাৰ কৰিবলৈ শিকি আহিছোঁ।

পানী আৰু পৰিৱেশৰ গৱেষকসকলে কয়, বিংশ শতিকাৰ সোণ যেনেকৈ আছিল তেল, একবিংশ শতিকাৰ সোণ হব পানী। ভাৱি চালে নোহোৱাও নহয়। আমি যদি চকু ফুৰাও দেখিম, যিবোৰ দেশ সমৃদ্ধিশালী, সেইবোৰৰ অধিকাংশই পানীৰ ধনী। পানীৰ ধনী বুলি কওঁতে সেইসমূহ ৰাষ্ট্ৰৰ ভূ-ভাগ অথবা চাৰিসীমা পানীৰে ভৰপুৰ কথাটোৱেই বুজোৱা হৈছে। আৰু কূটনীতিবিদসকলেও কথাখিনিৰ গুৰুত্ব বুজি উঠিছে। লগে লগেই চৰকাৰ সাজু হৈছে পানীৰ ধনী হোৱাৰ বাবে। আৰু আৰম্ভ হৈছে শীতল যুদ্ধ। কিন্তু কেৱল পানীৰ ধনী হোৱাৰ বাবেইনে এই কচৰাজি?

নহয়। নিশ্চয় নহয়। পানীহে ৰাষ্ট্ৰযন্ত্ৰক দেখুৱাইছে বহু সম্ভাৱনাৰ বাট। পানী উদ্যোগীকৰণৰ বাবে গুৰুত্বপূৰ্ণ পৰিবহনৰ মাধ্যম। পানী সুৰক্ষাৰ বাবে উত্তম মাধ্যম। পানী উৎপাদনৰ বাবে প্ৰয়োজনীয় মাধ্যম। লাহে লাহে সেই বাবেই পানীৰ ওপৰত আধিপত্যৰ বাবে দেশবোৰৰ মাজত আৰম্ভ হৈছে নিগণি দৌৰ। সকলোৱে ভাবিবলৈ লাগি গৈছে, পানী য'ত অধিককৈ থাকিব, সেইখন দেশৰেই অস্তিত্ব অধিক কাল টিকি থাকিব। চীনে সেই বাবেই আৰৱ সাগৰ ভাৰত মহাসাগৰৰ ওপৰত পোনে পোনে নোৱাৰিলেও পাকিস্তান, ভাৰতৰ যোগেদি প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠি পৰি লাগিছে। আৰু গ্লেচিয়াৰবোৰ?

অনুৰূপ ঘটনা ঘটিছে গ্লেচিয়াৰৰ ওপৰত আৰু তাৰ পৰা উৎপন্ন হোৱা জলধাৰাসমূহৰ ওপৰতো। কাশ্মীৰ তাৰেই এক নিদৰ্শন। এতিয়া কাশ্মীৰ কাক লাগিব বুলি সিধিলে চাগৈ এখন হাজাৰদলীয়া প্ৰতিযোগিতাই হৈ যাব। কিন্তু গ্লেচিয়াৰ বা পানীয়েই যে কাশ্মীৰৰ গুৰুত্বৰ প্ৰধান কাৰণ, তেনে নহয়। যদিও এই অন্বেষণত এয়া প্ৰসংহীন এক বিষয়, তথাপি হিমালয়ান অঞ্চলত হোৱা মূল্যৱান বনজ সম্পদো এই গুৰুত্বৰ অন্য এক কাৰণ বুলি পৰিৱেশ অধ্যয়নকাৰীসকলে দাবী কৰিছে।

এতিয়া আহোঁ মূল কথালৈ। ব্ৰহ্মপুত্ৰৰ পৰা আমি এক বিশাল বিষয় আমাৰ অন্বেষণত আমি পালোঁ। যিটো বিষয়ত কেৱল সমস্যাৰ কথাহে কোৱা হ'ল। তেন্তে সমাধান ক'ত? খুৰাৰ এয়াই দোষ যে, খুৰাৰ ওচৰত সমাধান নাথাকে। কিন্তু থাকে সমাধানৰ বাবে লোৱা বিশেষ কিছুমান পদক্ষেপৰ কথা। আন্তঃৰাষ্ট্ৰীয় জল-বিতৰণ, জলচুক্তি আৰু বুজাবুজিৰ মাজেৰে দেশসমূহে এক সুন্দৰ বাৰাবৰণৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াভাৱে বৈজ্ঞানিকসকলে ভাবি উলিওৱা বিভিন্ন জল-বিতৰণৰ উপায়সমূহ অৱলম্বন কৰি ইয়াৰ সৰ্বোৎকৃষ্ট প্ৰয়োজনীয় খৰচেৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু খাদ্যসামগ্ৰীৰ উৎপাদনেৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ মানৱসম্পদক বিপদমুক্ত কৰিব পাৰে। অন্যথাই পানীৰ এই কন্দলে যে সকলোকে এক কাতৰ মৃত্যুৰ মুখলৈ টানি নিব সেয়া নিশ্চিত।

পানীৰ এই বিপদৰ সময়ত আমাৰ কৰণীয় আছেনে? আছে। হাজাৰগুণ আছে। চৰকাৰে এই নৈপাৰত নমামী উৎসৱ পতাৰ পৰিৱৰ্তে সেউজ উৎসৱৰ বাবে ৰাইজক উদগণি যোগাওঁক। ৰাইজে মাটিৰ বুকু ফালি পানী উলিওৱাৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে বৈ অহা পানী ব্যৱহাৰ কৰিবলৈকে যৎপৰনোষ্টি চেষ্টা কৰক, বৰষুণৰ পানী ধৰি ৰখাৰ বাবে "ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং" আদিকে ধৰি উল্লেখনীয় পদ্ধতিবোৰ অৱলম্বন কৰি পানীৰ অপব্যয় ৰোধ কৰক আৰু মানৱসম্পদৰ ৰক্ষাৰ হেতুকে স্বাস্থ্য আৰু মনৰ সৱলতাৰ বাবে জৈৱিক খাদ্যৰ উৎপাদনত লাগক। দেখিব পানীৰ বাবে আমাৰ মাজত, ইখন-সিখন দেশৰ মাজত আনকি আন্তৰ্জাতিক পৰ্যায়তো খেলিমেলিবোৰ নাইকীয়া হৈ পানী উভৈনদী হৈ থাকি যাব।

[ এই প্ৰবন্ধলানি প্ৰকৃততে এক অন্বেষণহে। ইণ্টাৰেনেটত পোৱা বিভিন্ন প্ৰবন্ধ, বাতৰি, লেখা, মানচিত্ৰ, ছৱি আদিৰ যোগসূত্ৰ ঘটাই এই প্ৰৱন্ধলানি লিখিবলৈ যত্ন কৰা হৈছে। বহুতো স্থানত ইণ্টাৰনেটত পোৱা তথ্যবোৰৰো অমিল থাকে; তেনে স্থানত অধিক উপযোগী বুলি ভৱা তথ্যসূত্ৰকেই ইয়াৰ সমল হিচাপে লোৱা হৈছে। প্ৰৱন্ধলানিৰ কোনো অংশৰে ভুল উপস্থাপনৰ তথ্য যদি তথ্যসূত্ৰসহ কোবোবাই জনাই দিয়ে, কৃতাৰ্থ হম]

[ৰচনাকালঃ ১৩ অপ্ৰিল, ২০১৭]

No comments:

Post a Comment