Saturday, April 22, 2017

নমামি ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ (৩)


যদিও নমামি ব্ৰহ্মপুত্ৰ শেষ হ'ল আৰু লগে লগে লাহে লাহে বিতৰ্কসমূহো, আমাৰ অন্বেষণ এতিয়াও শেষ কৰিব পৰা নাই। এদিন নৈয়ে নৈয়ে উটি ভাঁহি আমি খবৰ পাইছিলোঁ সাগৰৰ। সাগৰৰ বুকুত ডিঙা মাৰি এটা পুৰা দিন ঘূৰি ফুৰিলোঁ প্ৰান্তই প্ৰান্তই। আৰু পালোঁ বহুত কিবাকিবি। আজি পুনৰ উঠি আহিছোঁ পাহাৰলৈ; এছিয়াৰ বৃহত্তম নৈবোৰৰ উৎস বিচাৰি।

পাইছোঁ। বিচাৰি পাইছোঁ বহু নতুন কথা। বুজি পোৱা, নোপোৱা বহু ৰহস্যৰ সম্ভেদ। আমি আজি পুনৰ ডিঙা উজাইছিলোঁ, লুইতৰ পৰা দিহাং, চাংপো, ঝাংবো হৈ মান্সৰোবৰ (বা মানস সৰোবৰ)লৈ আৰু মানস সৰোৱৰৰ পাৰত ৰৈ গৈছিলোঁ কিছু তথ্যৰ সমল লৈ। আচলতে তথ্য বুলি কবলৈ অলপ টান, সেয়া কেৱল গুগল খুৰাই দেখুৱাই দিয়া কিছুমান পাঠহে যিবোৰ সজাই মেলি আপোনালোককো অলপ ভাগ দিব খুজিছোঁ। হয়, আমি ৰৈ গৈছিলোঁ মানস সৰোৱৰৰ পাৰত। কৈলাশ পৰ্বতৰ যুৱলিত মানস সৰোৱৰৰ পৰাই নামি আহিছে ভাৰতৰ বহুকেইটা প্ৰধান নদী। ব্ৰহ্মপুত্ৰ, চুটলেজ, সিন্ধুকে ধৰি ভালেকেইখন বোৱতী নদী। সুউচ্চ হিমালয়ৰ গ্লেচিয়াৰে বোৱাই নিয়া প্ৰৱাহমান নদী। কিন্তু সেয়া কিমান দিনৰ প্ৰৱাহমান হৈ থাকে সেয়া হয়তো সময়েহে কব।

আমি ইতিমধ্যে কথা পাতিছোঁ চীনৰ বিভিন্ন কূটনৈতিক কৌশলেৰে সমুদ্ৰ দিশলৈ সাম্ৰাজ্যবাদ বঢ়োৱাৰ অভিসন্ধিৰ কথাৰে। কথা পাতিছিলোঁ সাগৰক ভিত্তি কৰি গঢ়ি উঠা আন্তৰ্জাতিক "ভাল পোৱা", "বেয়া পোৱা" বোৰৰ কথা। তথাপি খু-দুৱনি আছিল তীব্বতক লৈ। কিহৰ বাবে চীনে তীব্বতৰ প্ৰেমত পৰিছিল আৰু নিজে হৈ আছিলহি তিব্বতৰ ঘৰজোঁৱাই! সেই অন্বেষণত নামিয়েই আমি গৈ পাইছিলোঁ মানস সৰোৱৰৰ ওচৰত।

তীব্বত এছিয়াৰ আটাইতকৈ পিছপৰা আৰু আগ বাঢ়িব নোৱাৰা অঞ্চল আছিল। কিন্তু তীব্বতৰ ওপৰত নজৰ আছিল প্ৰথম বিশ্বৰ দেশসমূহৰ বহুতৰে। চীনৰ অধীনলৈ যোৱাৰ আগে আগে তোওব্বতলৈ মন মেলিছিল বৃটিছসকলে। ভাৰত উপ মহাদেশৰ সোৱাদ লৈ বৃটিছসকলে মনে মনে চলাথ কৰিছিল তীব্বতৰ গৰ্ভস্থল। কিন্তু তেওঁলোকৰ দিশ ভুল আছিল। তীব্বতৰ আটাইতকৈ কঠিন আৰু দুৰ্গম সীমান্তৰে তেওঁলোকে বিচাৰিছিল তীব্বতৰ ভিতৰলৈ সোমোৱা সহজ বাট। কিন্তু নোৱাৰিলে। যদিও সেই সময়ত আভ্যন্তৰীণ কন্দলত চীন আছিল নিশকটীয়া, তীব্বত প্লেটৰ আনটো ফালে ৰৈ আছিল শক্তিশালী ৰাছিয়া। ৰাছিয়াৰ বৰ্ধিত সাম্ৰাজ্যবাদ আৰু ক্ৰমে উত্থান হৈ থকা জাপানৰ শক্তিক পাৰ হব নোৱাৰি বৃটিছ থমকি ৰৈছিল। কিন্তু এইবাৰ মন মেলিছিল ৰাছিয়াই। ৰাছিয়াই ইতিমধ্যে পোখা মেলি আগুৱাই আহিছিল কম্বদিয়ালৈকে। হয়তো তাৰ পিছত লক্ষ্য হ'লহেতেন তীব্বত। কিন্তু চীনাসকলে আপোচ কৰি লৈছিল। গৃহকন্দলৰ সামৰণি মাৰি চীনে ইয়াৰ আভ্যন্তৰীণ সুস্থিৰতাত মন মেলিছিল। তথাপি তীব্বতলৈ মন নাছিল চীনৰ। কিন্তু ৰাছিয়াৰ তীব্বতৰ প্ৰতি থকা আগ্ৰহে চীনাসকলকো তীব্বতৰ প্ৰতি কৌতুহল আনিল আৰু চীনে বিচাৰি পালে এক নতুন তথ্য।

হয়। সেই কথাকেই কবলৈ বিচাৰিছোঁ। কিহৰ বাবে তীব্বত সকলোৰে ইমান প্ৰিয়ভাজন হ'ল, সেই কথা। তেতিয়া তীব্বত আছিল মাথোঁ আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰ। উন্নয়ন, বিজ্ঞান আদিয়ে তীব্বতক চুব পৰা নাছিল। কিন্তু চীনাই কেনেবাকৈ গম পালে তীব্বতত লুকাই থকা গুপ্ত ভাণ্ডাৰৰ কথা। গ্লেচিয়াৰ। পানী। নৈ আৰু তাৰ পিছত চীনে দেখিলে শক্তিৰ উমান। লগে লগে আৰম্ভ হ'ল তীব্বত প্ৰীতি। সেই তীব্বত প্ৰীতিয়ে পুনৰ মুকলি কৰিলে অন্য কিছুমান ভাণ্ডাৰ। তীব্বতৰ গৰ্ভত লুকাই থকা পৃথিৱীৰ আটাইতকৈ মুল্যৱান ধাতু, মানিক আৰু খনিজাত সামগ্ৰীৰ খবৰ চীনে পাই গ'ল। আৰু তাৰ পিছত? ১৯৫০ চনত নিজৰ কৰি ল'লে তীব্বতক। তীব্বতক নিজৰ কৰি লোৱাৰ লগে লগে সকলোবোৰ যেন নিজৰেই হৈ গ'ল। গ্লেচিয়াৰ, পানী, নৈ, ধাতু, মুকুতা, খনিজাত সামগ্ৰী, সকলো। কিন্তু তীব্বতীসকলো লাহে লাহে আলোকিত হৈ উঠিছিল। শিক্ষাৰে বুজি উঠিব আৰম্ভ কৰিছিল, ইয়াত ভূপৃষ্ঠৰ মূল্যৰ কথা আৰু লগে লগে অনুধাৱন কৰিব পাৰিছিল চীনৰ তীব্বত দখলৰ কথা।

এইবাৰ কিন্তু চীনে বেলেগ পন্থা ল'লে। নৈপাৰৰ পৰাই কম খৰচতেই আহৰণ কৰি গ'ল সামগ্ৰীসমূহ, নৈৰ উন্নতিৰ দোহাই দি। চীনে পানীৰ শক্তিক ব্যৱহাৰ কৰিলে খনিজাত সামগ্ৰীসমূহ আহৰণৰ বাবে। বৃহৎ বৃহৎ বান্ধেৰে পানী জমা ৰাখি তাৰ তলেৰে আহৰণ কৰি গ'ল সামগ্ৰীসমূহ আৰু অন্যক দেখুৱাই উৎপাদন কৰিলে নদীবান্ধ। কিন্তু কিমান দিনলৈ? তীব্বতীয়ানসকল এইবাৰো সজাগ হ'ল। গোটেই বিশ্বতে শান্তিসুলভ ভংগীমাৰে তীব্বতে জনমত গঠন কৰিলে। কিন্তু চীন জানো কম। এইবাৰ তেওঁলোকে আৰম্ভ কৰিলে নদীৰ দিশ সলনি কৰি অন্য দিশলৈ লৈ যোৱাৰ পৰিকল্পনা।

পৰিকল্পনাতে ক্ষান্ত নাথাকি চীনে হাতে কামে লাগি গ'ল উক্ত কামত। দিশ সলনি কৰাৰ আঁৰত চীনৰ আছিল দুটা উদ্দেশ্য। প্ৰথম নতুন ঠাইত পাব পৰা খনিজাত সামগ্ৰীৰ উৎস খননৰ বাবে বেলেগকৈ ব্যয় খৰচ কৰি বিচাৰিব নালাগে। কাৰণ, নৈয়ে সেই কাম কৰি দিব। আৰু দ্বিতীয়তে দক্ষিণফালৰ নৈসমূহক উত্তৰলৈ বোৱাই চীনে সকলো নৈৰ সিংহভাগ দায়িত্ব আৰু ক্ষমতা নিজৰ হাততেই ৰাখিব। ইতিমধ্যে চীনৰ শেহতীয়া পৰিকল্পনাত চাংপো নদীৰ দিশ সলনি কৰাৰ কথাও আছে।

চীনৰ এই তীব্বত অগ্ৰাসনত ৰাষ্ট্ৰসংঘ নিমাত কিয়? কিয়নো এছিয়াৰ কোনো দেশেই চীনৰ বাহিৰৰ ৰং চং চায়েই মাত নপতাকৈ আছিল। তাতে তীব্বত অগ্ৰাসনত চীনক সমৰ্থন জনাইছিল কিছুমান ৰুছ শক্তিয়ে। চীনে তীব্বতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনত নিজৰ কৰি লৈ একাত্ম হৈ পৰিছিল আৰু দেখুৱাই আহিছিল যে তীব্বতক চীনে কেৱল আধ্যাত্মিক আৰু সাংস্কৃতিক উপাসনাৰ ক্ষেত্ৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে। কিন্তু চীনৰ সকলো কথা সজোৰে তথ্যসহকাৰে ৰাষ্ট্ৰসংঘত উত্থাপন কৰিছিল ডলাই লামাই। ডলাই লামা তেতিয়া তীব্বতৰ পৰা নিৰ্বাসিত হৈ ভাৰতত সোমাইছে। লাহে লাহে জনমত গঢ়ি উঠিছে আৰু চীনে তীব্বতৰ লগত আলোচনা কৰিবলৈ মান্তি হৈছে যদিও আটাইবোৰ আলোচনাই এতিয়ালৈ বিফল হৈ আহিছে। তীব্বতৰ প্ৰধান দাবী চীনে পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰতি সন্মান জনাই তীব্বতৰ খনিজাত সামগ্ৰী আৰু পানীক মুকলি কৰি দিব লাগে। ভাৰত আৰু এছিয়াৰ প্ৰায়বোৰ দেশেই এই প্ৰস্তাৱত সমৰ্থন দেখুৱাইছে। কিছুমান দেশে আনকি চীনৰ লগত সাগৰীয় বানিজ্যৰ বুজাপৰাকো এই বিষয়ৰ লগত সাঙুৰি চৰ্ত বান্ধি দিছে।

কৈলাশ পাহাৰৰ পৰা গোটেই তীব্বতীয় প্লেটখনকেই যদি প্ৰথন বিশ্বৰ এই ৰাক্ষস দেশসমূহৰ পৰা বচাব পৰা নাযায়, তেন্তে পানীক লৈয়ে যে এখন লংকাণ্ড বা তৃতীয় বিশ্বযুদ্ধৰো আয়োজন নহব তাক কব পৰা নাযায়। অৱশ্যে ব্যক্তিগত পৰ্য্যায়ত মই বিশ্বাস কৰোঁ যে তৃতীয় বিশ্বযুদ্ধ কৰিবলৈ দেশসমূহৰ কূটনৈতিক বিভাগে কেতিয়াও ইমান মুৰ্খামি নকৰিব।

কৰ পৰা যে ক'ত পালোহি !! এতিয়া যিমানেই নামি আছোঁ, সিমানেই বুৰি আছোঁ। হয়তো সাতুৰিব নোৱাৰালৈকে পানীত নামি যোৱাৰ এই কৰিক্ৰমা এৰিবও নোৱাৰিম। যদিও আমাৰ এই যাত্ৰা লুইতৰ বুকু খান্দি আগুৱাই যোৱাৰ যাত্ৰা, তথাপি আমি চেষ্টা কৰিম সাগৰত পুনৰ এবাৰ বুৰিবলৈ। কিজানিবা তাত পুনৰ কিবা পাওঁৱেই। অৱশ্যে খুৰাক লগত লয়েই চলিব আমাৰ এই অন্বেষণ, গুগল খুৰাক লৈ।

[আগলৈ]

[ৰচনাকালঃ ৭ অপ্ৰিল, ২০১৭]

No comments:

Post a Comment