Saturday, April 22, 2017

ব'হাগ, পাউৰা গহে' আৰু আমাৰ কিছু পৰম্পৰা


নামনি অসমত ৰঙালী বিহুৰ প্ৰভাৱ কম৷ কম নহয়, আচলতে পৃথক৷ আমি দেখি অহা ৰঙালী বিহুৰ পৰম্পৰাসমূহৰ ভিতৰত প্ৰধান হৈছে গৰু বিহুৰ দিনাখন দিয়া থূপা, পাউৰা গহে, সাত শাক তোলা আদি৷ আমাৰ অঞ্চলত এই প্ৰথাসমূহ এনেধৰণে পালন কৰা হয়-

থূপা: আমাৰ সমাজত বিশ্বাস এটা আছে যে গৰু বিহুৰ দিনাৰ পৰাই গৰুত থূপা দিয়া আৰম্ভ কৰা হয়৷ এই থূপাক জাগ দিয়া বুলিও কোৱা হয়৷ গৰু বিহুৰ ৰাতিপুৱাই পানীলাও আৰু বাৰমহীয়া বেঙেনাৰে যিমান গৰু সিমানডাল মালা গঁথা, দীঘলতী পাতৰ ডাল অনা, কাতুৰী, হালধী, আমৰ কহি বতা, পঘা বতা আদিবোৰ মুখ্য কাম হৈ পৰে৷ দুপৰীয়া সময়ত ওচৰতে থকা কালদিয়া নৈলৈ দীঘলতী পাতেৰে খেদি লৈ যোৱা হয়৷ নৈত হালধী বতাৰে গা ধুৱাই ঘৰলৈ লৈ অনা হয়৷ গৰু ধুৱাই উঠি মানুহেও সেই বতাৰেই গা ধুই, অন্য লোকৰ সৈতে পানীত বুৰ মাৰি মালা আৰু দীঘলতী সালসলনি কৰে৷ আহোতে ৰাস্তাৰ ওচৰৰ পৰা বেহু, ঢেকীয়া আৰু কিছু জাৱৰ লৈ আহি থূপাৰ যোগাৰ কৰা হয়৷ সন্ধিয়া সময়ত থূপা জ্বলাই নতুন বিচনীৰে ধোৱাবোৰ গোহালিৰ ফাললৈ আৰু ঘৰৰ ফাললৈ বিচি দিয়া হয়৷ থূপাৰ অন্তত তেল আৰু কাজল মিহলাই গৰুৰ শিঙত দিয়া হয়৷ প্ৰচলিত প্ৰথা অনুসৰি, গৰু বিহুৰ দিনৰ পৰাই থূপা দিব পাৰি, বিচনী ব্যৱহাৰ কৰিব, আম খাৰ পাৰি পাৰি৷

পাউৰা গহে: আমাৰ অঞ্চলত গৰু বিহুৰ দিনাখন পাউৰা গহে তোলাৰ ব্যৱস্থা আছে৷ ঠাইভেদে পাউৰা গহেক ভঠেলি, পাৰগোঁসাই আদি বুলিও কোৱা হয়৷ গাঁওৰ কেইঘৰমান মানুহে এটাকৈ পাউৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰে৷ প্ৰথমতে একোডান বাঁহ গোটে গোটে আগ নকটাকৈ কাটি অনা হয়৷ সেই বাঁহডাল গোটেই গাতেই বিভিন্ন ৰঙৰ কাপোৰেৰে মেৰিয়াই লোৱা হয়৷ বন্ধা কাপোৰৰ একেবাৰে তলৰ ফালে মেখেলাৰ লেখীয়াকৈ এখন কাপোৰ পিন্ধাই দিয়া হয় আৰু ওপৰত পতাকা লেখীয়াকৈ কাপোৰ বন্ধা হয়৷ পৰম্পৰামতে, বাঁহৰ গাত বন্ধা কাপোৰৰ মাজত কপাহৰ পাজি এটা, তামোল পান এযোৰ বান্ধি দিয়া হয়৷ কাপোৰ পিন্ধোৱা হ'লে গোঁসাই ঘৰৰ চোতানত চাফ কৰি তাতে পুতি দিয়া হয় আৰু সাত বিহুৰ প্ৰতি দিনেই গধূলি চাকি জ্বলোৱা হয়৷ সাত বিহুৰ শেষৰ দিনা গধূলি পাউৰা নমোৱা হয়৷ প্ৰথমতে শৰাই দি হৰিধ্বনিৰে পাউৰা নমোৱা হয়৷ তাৰ পিছত কাপোৰবোৰ খুলি পুনৰ থিয় কৰাই মাটিত পৰিব দিয়া হয়৷ এনেকৈ তিনিবাৰ পৰিব দিয়া হয়৷ মাটিত পৰাৰ ফলত বাঁহৰ আগটো চিঙি যায় আৰু সেই আগবোৰ গঞাই ভগাই লৈ গৈ নাৰিকলৰ গুৰিত কোবাই পাৰৰ বাহত ৰাখে৷ লোকবিশ্বাসমতে, নাৰিকলৰ গছৰ গুৰিত কোবালে নাৰিকলৰ ফল অধিক লাগে আৰু পাৰৰ বাহত ৰখাৰ ফলত পাৰৰ জাত ভাল হয়৷

সাতশাক তোলা: সাতবিহুৰ শেষৰ দিনাখন গাঁওৰ মহিলা আৰু ছোৱালীবোৰে সাতশাত তোলে৷ সাতশাক বুলিলে আচলতে সাতবিধ শাক পাচলিবাৰীৰ পৰা তুলি অনা হয়৷ এই শাকসমূহ সাধাৰণতে খেতি হিচাপে কৰা নহয় আৰু নিজে নিজেই গজে৷ ৰাতিপুৱা সাতশাক তুলি দুপৰীয়া সকলোৱে এসাজ শাকেৰে খায়৷

পুণ্যভক্ষ: মানুহ বিহুৰ দিনাখন পৰিয়ালৰ সকলোৱে পুণ্যভক্ষ গ্ৰহণ কৰিব লাগে৷ ৰাতিপুৱা গা পা ধুই, বিহুৱান লৈ গোঁসাই সেৱা কৰি ডাঙৰক সেৱা কৰা হয়৷ সেৱা কৰি উঠি কেলেণ্ডাৰ বা পঞ্জিকা অনুসৰি, বা ওচৰৰ জনা মানুহক সুধি পুণ্যভক্ষমতে এবিধ খাদ্য খাব লাগে৷ পৰিয়ালৰ সকলোৰে বাবে পুণ্যভক্ষ বেলেগ বেলেগ হয়৷ এই ভক্ষসমূহৰ ভিতৰত নিমখ, মাহ, গুড় আদি প্ৰায়েই থাকে যদিও সেয়া নিৰ্দিষ্ট নহয় আৰু প্ৰতিবছৰে বেলেগ বেলেগ হয়৷ বিশ্বাসমতে পুণ্যভক্ষ গ্ৰহণ কৰাৰ ফলত শৰীৰ নিৰোগী হয় আৰু সুস্বাস্থ্যৰ অধিকাৰী হয়৷

ৰঙালী বিহু কেৱল ৰঙৰেই উৎসৱ নহয়, ইয়াৰ লগত চহা জীৱনৰ বহুতো পৰম্পৰা জড়িত হৈ থাকে৷ নিৰ্দিষ্ট প্ৰথাৰে এই পৰম্পৰাসমূহ পালন কৰা হয়৷ এই পৰম্পৰাসমূহৰ মূল উদ্দেশ্যই হৈছে মংগল সাধন কৰা৷ যদিও আজিকালি এই পৰম্পৰাসমূহ প্ৰায় বিলীন হৈ যোৱাৰ উপক্ৰম হৈছে, তথাপি কিন্তু এই পৰম্পৰাসমূহৰ গুৰুত্ব অপৰিসীম৷ আমাৰ প্ৰজন্মই বিহু বুলি যদি এই পৰম্পৰাসমূহ আগুৱাই নিনিও, বিহু বুলি বিহুগীতৰ বাহিৰে আমাৰ ওচৰত আৰু একোৱেই নাথাকিবগৈ৷

【 উক্ত পৰম্পৰাসমূহ দক্ষিণ বজালী অঞ্চলত প্ৰচলিত আৰু ঠাইভেদে প্ৰথাসমূহ বেলেগ বেলেগ】

[ৰচনাকালঃ ১৮ এপ্ৰিল, ২০১৭]

No comments:

Post a Comment