Monday, June 4, 2018

অনন্যাৰ চাকৰি হ'ল

অনন্যাৰ চাকৰি হ'ল।
জীৱন বীমাত কাম কৰা
অনন্যাৰ চাকৰি হ'ল।
মানুহৰ দুৱাৰে দুৱাৰে
মাহৰ মূৰত প্ৰিমিয়াম বুটলি ফুৰা
অনন্যাৰ চাকৰি হ'ল।

চৰকাৰী বিভাগৰ সৰু কেৰাণী পদত
অনন্যাৰ চাকৰি হ'ল।
ঘৰৰ নামত উৱলি যোৱা চাৰিখন বেৰ
শয্যাগত মাতৃ,
আৰু দৰৱভৰ্তি মেজত
নিদ্ৰামগ্ন অনন্যাৰ উচ্চশিক্ষাৰ প্ৰমানপত্ৰ।
শংকিত নহয়
গৰ্হিত নহয়
সত্তৰ টকীয়া ডায়েৰীত
প্ৰতিপল কষ্টই যাক বিচাৰি ফুৰে গান্ধীপৰশ,
কাৰোবাৰ অনুগ্ৰহত সেই অনন্যাৰেই
চাকৰি হ'ল।
চৰকাৰী বিভাগৰ এটা সৰু পদত।

আনৰ জীৱন বীমাৰ নামত
নিজৰ জীৱন বন্ধকত থৈছিল,
আনৰ সপোন বাস্তৱায়িত কৰিবলৈ
নিজৰ সপোন বিসৰ্জন দিছিল,
আনৰ যৌৱনস্পৃহা পূৰাবলৈ
নিজৰ সতীত্বক বিসৰ্জন দিছিল।
কোনে  জানে এইবোৰ কথা?
জানে মাথোঁ তাই
জীৱন বীমাৰ এজেণ্ট অনন্যা
ঘৰ বুলিবলৈ
উৱলি যোৱা চাৰিখন বেৰ
আৰু ভঙা বিচনাখনত
শয্যাগত মাতৃ।

ঘৰখনৰ বাবে যিটো প্ৰয়োজন,
প্ৰয়োজন নিজৰ বাবে
আৰু শয্যাগত মাতৃৰ বাবে,
সেই অনন্যাৰে চাকৰি হ'ল।
চৰকাৰী বিভাগ এটাৰ সৰু পদত
শিক্ষা প্ৰমানপত্ৰৰ তলেৰে
হিতাকাংক্ষীৰ অনুগ্ৰহেৰে।
নিজৰ যৌৱনৰ বিনিময়ত হ'লেও
অনন্যা আজি চৰকাৰী চাকৰিয়াল।।

[ৰচনাকালঃ ১২ নৱেম্বৰ, ২০০৯- ২২:৪৫]

No comments:

Post a Comment