Sunday, June 3, 2018

জোনাকৰ বতৰা

আপোনাৰ কৃপাত মই কুশলেই আছোঁ
একেই আছে মোৰ অনুভূতিবোৰ
মাজে মাজে মাথোঁ
অনুভৱ হ'লে মোৰ নিসংগতাৰ মুহূৰ্তবোৰ
জ্বলি উঠে বুকুখন৷
অৱশ্যে মনত পেলাও তেতিয়া
জোনজনীলৈ৷

ধৰিব পাৰিছেনে কাৰ কথা কৈছোঁ
সেই যে,
যাৰ শুভ্ৰ আঁচলত
আপুনি আৰু মই
কথা পাতিছিলোঁ প্ৰতিনিশাই
যাৰ আভাই পুলকিত কৰিছিল
বিলাই দি
আচিয়ানাত সিচঁৰতি হৈ পৰা
আপোনাৰ অনুৰাগবোৰ!

জানেনে?
আপোনাক হেৰুওৱাৰ পিছত মই
বহুদিন কথা পতা নাছিলোঁ
জোনজনীৰ সৈতে
অতীতত বিলীন হোৱাৰ ভয়ত৷
অাজি জোনজনীয়েই দিলেহি মোক
এক আজৱ ঠিকনা
জোনাকেৰে ভৰা অন্য এক আচিয়ানা,
যাৰ প্ৰভাত মই বিলীন কৰি দিব পাৰিছোঁ মোক৷
চিনিব পাৰিছোঁ নিজক৷

আপোনাৰ কৃপাত মই কুশলেই আছোঁ
কুশলেই আছে মোৰ জোনজনীও
আৰু কুশলে আছে
জোনাকে ঠিকনা দিয়া জোনৰ নতুন ঠিকনা৷৷

【ৰচনাকালঃ ১৭ ছেপ্তেম্বৰ, ২০০৯ - ৮:৪৫】

No comments:

Post a Comment