Thursday, June 28, 2018

আইৰ অসুখ

অজস্ৰ দানৱৰ বেহু ভাঙি
তই সাজিছিলি শিল্পৰ প্ৰতিমা
তই আছিলি নিপীড়িতৰ গান
কাইটি, আমি ভালেই আছোঁ দে৷

তই যে কৈছিলি
আমি আগবাঢ়ি যাওঁ ব'ল,
গ'লোঁ৷ গৈ গৈ বহুদূৰ পালোঁগৈ৷
কাইটি মই এতিয়া ক'ত!
ঘূৰি চাই দেখোন মোৰ আইকেই নেদেখো৷

কাইটি, আমি ভালেই আছোঁ দে
যি সম্প্ৰীতিৰ বাবে তই ফেৰেংগাডাও হৈছিলি,
সেই সম্প্ৰীতি এতিয়া মজবুত৷
আমি চিনি পাওঁ,
আমি বড়ো নে ৰাভা
কাৰ্বি নে ডিমাচা
আহোম নে কলিতা,
ভৈয়ামৰ নে পাহাৰীয়া৷
মোৰ আই হেৰাল অ' কাইটি৷
অসমীয়া বুলিবলৈ আমি এতিয়া এঠেঙীয়া৷

জান কাইটি!
তই খালী ভৰিৰে ঘূৰি পোহৰ বিলোৱা ঠাইত
এতিয়া বুটৰ খোজত ৰক্তপাত হয়
আমাৰ মাজতেই৷
তই গান গোৱা চোতালবোৰত
এতিয়া চলে জাতিৰ বিৰুদ্ধে অভিসন্ধি৷
মোৰ আই নৰীয়াত পৰিল অ' কাইটি
কেনেকৈনো সুশ্ৰূষা কৰোঁ এতিয়া!

তোৰ শেষ ৰাগিণীলৈ বৰকৈ মনত পৰিছে আজি
আইয়ো অকলশৰীয়া হৈ পৰি আছে সভ্যতাৰ বাৰান্দাত
তোৰ দৰে গাইছে,
এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনীত
কল্যাণ খৰমান
কি কৰোঁ কচোন!
আইক এনেকৈ চাব পৰা নাই৷

তই অহা কথা আছিল
ফুটবল খেলাৰ কথা আছিল সমন্বয়ৰ
জ্যোতি কাইৰ বাণীৰে ভঙা কথা আছিল
কুসংস্কাৰ আৰু মনৰ ভেদভাব৷
নালাগে দে আহিব
ভয় লাগে,
তোক যদি পুনৰ সজোৱা হয় বামপন্থী
তোক যদি পুনৰ সজোৱা হয় জাতিদ্ৰোহী
পুনৰ যদি কৰা হয় ক্ৰুছবিদ্ধ!
আই মৰি থাকিবও কাইটি
আপোন পুত্ৰৰ ওপৰত
সতীয়া পুত্ৰৰ এই অত্যাচাৰ
কেনেকৈনো সহিব আয়ে৷

নালাগে পুনৰ আহিব
তই তাতেই থাক৷
২০ জুন আছে নহয়
সিদিনা তোক চিঞৰি চিঞৰি মাতিম
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি৷
তই মাথোঁ আওৰাবি তোৰ সেই প্ৰিয় গান
পৰজনমৰ শুভলগনত
যদিহে হয় আমাৰ দেখা...৷৷

【ৰচনাকালঃ ২০ জুন, ২০১৮】

No comments:

Post a Comment