Monday, June 11, 2018

আন্ধাৰ

বতাহজাক ঠিকেই বলিছিল
বেলিও ঠিকেই উদয় হৈছিল
কেনা লাগিছিল মাথোঁ আন্ধাৰত৷

মুখৰ হাঁহিত যুগমীয়া হৈছিল সুখ
অথচ বাঢ়ি গৈছিল ৰক্তচাপ
জাউৰিয়ে জাউৰিয়ে উকিয়াইছিল সপোনে
কেনা লাগিছিল মাথোঁ টোপনিত৷

সুখৰ দৌৰত দৌৰাৰ ভয়ত
পাহৰি গৈছিল দুখ
বাস্তৱৰ পাকচক্ৰৰ হেঁচাত
লহপহকৈ বাঢ়ি আছিল নিচা৷

সময়বোৰ ঠিকেই গৈ আছিল
ছেকেণ্ডৰ পৰা মিনিট, মিনিটৰ পৰা ঘণ্টা
অথচ কেনা লাগিছিল তাতেই৷

নৈবোৰ বৈ আছিল
সলনি হৈছিল মাথোঁ পানীৰ বৰণ
পথাৰবোৰ ঠিকেই আছিল
সলনি হৈছিল মাথোঁ তাত গজা শস্যবোৰ
ধানৰ ঠাইত ক্যাকটাছ গজিছিল৷

বতাহজাক ঠিকেই বলিছিল
অথচ উৰি ফুৰিছিল কৃত্ৰিমতাবোৰ
বেলিও ঠিকেই উদয় হৈছিল
অথচ তাৰ তাপত পুৰি শেষ হৈছিল সভ্যতা
সংস্কৃতিৰ প্ৰতি আলস্যই
কঢ়িয়াই আনিছিল মাথোঁ আন্ধাৰ,
উৎকট,
ভয়াবহ
পৰিধিহীন
আন্ধাৰ৷

【ৰচনাকালঃ ০৩ ফেব্ৰুৱাৰী, ২০১০】

No comments:

Post a Comment