ভাৰাঘৰৰ পৰা
দৌৰাদৌৰিকৈ ওলাইছোঁ। ক্লাছলৈ দেৰি হৈছে। ১০ মিনিটৰ ৰাষ্টা ৬ মিনিটতে গৈ চিটিবাছ
ষ্টপেজত ৰখাই থোৱা চিটিবাছ এখনত উঠিলোঁ। একেবাৰে শেষৰ দীঘল চিটটোত দুজন মানুহ বহি
আছিল। তেওঁলোকৰ কাষতে বহি পৰিলোঁ। যথাসময়ত বাছ চলিল। কনডাক্তৰজনক খুচুৰা ৩.৫০ টকা
দি গপচত বহি থাকিলোঁ। হঠাতে এষাৰ মাত শুনিলোঁ- "কি বস্তু চেন্দেলত লৈ আহা এ
ভাই?"
ঘূৰি চালোঁ। দেখিলোঁ কনডাক্তৰজনৰ পেণ্টত হালধীয়া আঁচ এডাল। লগে লগে
সি মোৰ ফালে চাই কৈ উঠিল- "আপোনাৰ চেন্দেলৰ পৰা লাগিছে।" চাই দেখোঁ,
হয়তো। মোৰ চেন্দেলৰ আগফালে অলপ হালধীয়া পদাৰ্থ তেতিয়াও লাগি আছে।
যথেষ্ট লাজ পালোঁ। লগে লগে ভাবিবলৈও ধৰিলোঁ ক’ত গচকিলোঁ! তাৰ লগে লগে মোৰ চকু কাষত
বহি থকা মানুহজনৰ চেন্দেললৈ গ’ল। দেখিলোঁ তেওঁৰ চেন্দেলৰ আগফালে এখন হালধীয়া
পাহাৰ। বাছত উঠোঁতে তাৰে আধা ময়ো খহাই লৈ আহিলোঁ চাগে’। মোৰ মুখৰপৰা হঠাতে ওলাই গ’ল
- "আপোনাৰ চেন্দেলযোৰলৈ চাওঁকচোন।"
কনডাক্তৰজন তেতিয়াও তাতেই আছিল। সিও মান্তি হ’ল যে পদাৰ্থখিনি মোৰপৰা নহয়, কাষৰ মানুহজনৰপৰাহে লাগিছে। এটা চিন্তা দূৰ হ’ল যেনিবা, এতিয়া নতুন চিন্তা এটাই জুমুৰি দিলে- ক’ত চাফ কৰা যায় চেন্দেলযোৰ! সেই
সময়তে গাড়ীখন গৈ গন্তব্যস্থান পালে আৰু মই গাড়ীৰপৰা নামি দিলোঁ। চকু-মুখ মুদি মই
আগবাঢ়িলোঁ আৰু ৰাস্তাত ডোঙা বান্ধি থকা পানীত ভালকৈ ধুইহে উশাহ ল'লোঁ।
[ক্ৰমশঃ]
No comments:
Post a Comment