Saturday, August 6, 2011

কেনে আছ ? অৰুন্ধতী !



পৰিত্যক্ত অতীতৰ থকা-নথকা স্মৃতিৰ কোলাত
মনত পৰেনে অৰুন্ধতী ?
কালদিয়াপাৰত সত্কাৰ কৰা সোঁৱৰণীবোৰৰ কথা
আৰু আজি !
ইতিহাসৰ পাত লুটিয়াই লুটিয়াই কেনেকৈ সুধো
কেনে আছ !
কেনে আছ ? অৰুন্ধতী !

জানো
জীৱন সাগৰৰ কোৱাল সোঁতত
প্ৰতিভাৰ গুৰি-ব’ঠা ধৰি
নিত্যাগমণ তোৰ পূৰ্ণিমাৰ দেশলৈ | 
নাই তোৰ লয়লাস
অথবা সপোন দেখাৰ হাবিয়াস |
সকলোবোৰ জানিও কেনেকৈ সোধো
সম্ভাৱনাৰ দুৱাৰমুখত কেনে আছ !
কেনে আছ ? অৰুন্ধতী !

মনত পৰেনে তোৰ
উদ্বাউল হৃদয়ৰ জুৰণি মলয়াত
ৰাঙলী যৌৱনৰ ছাঁলৈ |
সেই ওভতনি যাত্ৰা তোৰ কপৌফুলা দেশলৈ
পূৰ্ণতাৰ বাবে তোৰ পূৰ্ণ হাবিয়াস 
আৰু জীৱন গৰকা অত্যুত্‍সাহ... 
আজি কালদিয়াপাৰতেই বিস্মৃত
তোৰ সেই হাবিয়াস | 
সকলো জানো
তথাপি ভাৱিছো কেনেকৈ সোধো
কেনেকৈ সোধো..কেনে আছ !
কেনে আছ ? অৰন্ধতী !

দেখিছো এতিয়া
পোহৰ বিচৰা তোৰ কোমল হৃদয়ত
প্ৰজ্জ্বলিত নিৰাশাৰ দাবানল
সভ্যতাৰ হাততেই সমৰ্পিত সমস্ত তোৰ মনোবল |
কিমান আশাৰে ভৰি দিছিলি আহি মমতাৰ যাদুঘৰত
অথচ মমতাৰ হাততেই সমৰ্পিত তোৰ কীৰ্তিৰ অস্তিত্ব
দেখিছনে আধুনিকতাৰ কিমান বৰণ !
সম্ভাৱনাৰ দুৱাৰমুখত যশস্যাৰ কিমান ৰগৰ !

তথাপি সোধো,
সুধিব খুজিও বাৰে বাৰে ৰৈ যাও
কেনে আছ !
কেনে আছ ? অৰুন্ধতী !

কমনো কি ?
পাকখোৱা জিভাৰ ভাষাযে বেদনাৰে স্তব্ধ
তথাপি কও
বৰ্তমানত লুপ্ত খ্যাতিৰ বোজাত নহবি কুব্জ
তোৰ সাধনাই দিব তোক সৌৰ্য-বীৰ্য
খ্যাতি-সুখ্যাতিনো কি..
তোৰ সাধনাই জগাব আহি
কালদিয়াপাৰত বিস্মৃত তোৰ সেই সেউজীয়া নৱসৌন্দৰ্য্য | 

আজি নোসোধো ত‍ই কেনে আছ !
জানো,
অলেখ ধূমকেতুৰ মাজতো ত‍ই জিলিকা সূৰ্য্য |


ধ্ৰুৱজ্যোতি শৰ্ম্মা
ৰচনাকাল : ১১/০৭/২০০৬

No comments:

Post a Comment