Thursday, August 25, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি – ২

ৰাতিপুৱা অথন্তৰটো লগাৰ পৰাই মনটো ভাল লগা নাছিল। ক্লাছলৈ নাযাও বুলিও যাব লগা হোৱা বাবেহে ছাগে’ অথন্তৰটো লাগিবলৈ পালে! পিছে এতিয়া এইবোৰ ভবাৰ সময় নাই। “কলিতা ষ্ট'ৰচ”ৰ পলিথিনত থকা ক্লাছলৈ নিয়া বহীখন বিচনাতে দলিয়াই বাথৰূমলৈ দৌৰিলোঁ। ৰাতিপুৱাই ফুৰা হবলৈ যোৱাটো মোৰ অভ্যাস যদিও আজি ৰাতিপুৱা খোলা নহ'ল। আৰু এতিয়া দৌৰাদৌৰি লাগিছে বাবে ইঞ্জিনৰো অভাৰলোড হৈছে। দহ মিনিটৰ ৰাস্তা পাঁচ মিনিটত যাব পাৰি। কিন্তু এই কামফেৰাতো তেনেকৈ কৰিব নোৱাৰি। সেয়েহে অগত্যা বল দি বল দি যিমান পাৰি সিমান সোনকালে কামফেৰা সমাধা কৰি শালিকা চিলান দি আলনাডালৰ কাষ পালোঁগৈ। ফৰ্মেল পেণ্ট এটা আছিল বুলিহে! তাকেই পিন্ধি ল'লোঁ। জিপডাল ঠিকেই আছেনে নাই পৰীক্ষা কৰি ল'লোঁ। নহ’লে ইয়াৰ আগৰবাৰ যিহে ঘটিল। ইণ্টাৰভিউ দিবলৈ গৈছোঁ, পেণ্টৰ জিপডালেই খোলা। পিছে আগৰবাৰৰ কথা থাওঁক এতিয়া। নহ'লে এইবাৰ আকৌ ইণ্টাৰভিউৰ আগতেই খেদিব। যিহওঁক, জিপডাল ঠিকেই আছে। পিছে বেল্টডালহে বেয়া হৈছে। সাউতকৈ আলনাত থকা ভাইটিৰ পেণ্টৰপৰা বেল্টডাল খুলি নিজৰ পেণ্টত লগাই ল'লোঁ। ইণ্টাৰভিউ দিবলৈ যোৱাৰ কথা! অকণমানটো ফিটফাট হব লাগিব! ছাৰ্ট বিচাৰিহে ঘূৰ্মুটিয়াব লগা হ'ল। অৱশেষত পালোঁ এটা। ধুই থোৱা আছে যদিও সোঁতোৰা-মোতোৰা খাই পৰি আছে। ইষ্ট্ৰী কৰাৰ সময়ো এতিয়া নাই! কি কৰা যায়! ৰ’ বাপ্পেকে-বুলি ভাইটিক চিঞৰিলোঁ –“চোটে, মোক ভাতকেটা দিচুন দেৰি হৈছি।তাৰ চিৰপৰিচিত ডায়লগ। দেৰি নহ'লেও মোৰ ডায়লগৰযে সলনি নহয়, সি ভালকৈয়ে জানে। ভাইটিয়ে ভোৰভোৰালে-“তোৰ কুনদিনানু দেৰি নোহোয়? ভাতকেটা লৈ খাবা নোৰা যদি নাখকে যা।”-মুখেৰে ক'লে যদিও সি অৱশ্যে ভাতৰ কাঁহীখন মোৰ হাতত দি থৈ গ’ল। ইমান সময়ে মই চাৰ্টটো জাপি গাৰুৰ তলত থৈ তাৰে ওপৰত বহি ভাত খোৱাত লাগি গ’লোঁ। পেনপেনীয়া ভাত, লগত যেনিবা এটা কেঁচা জলকীয়া আছে বুলিহে! যিওবা আলু এটা সিদ্ধ হবলৈ দিছিলোঁ, সি ভালকৈ নিসিজিলেই। নাকে-মুখে কেইগৰাহমান ভৰাই বাকী থকাখিনি পাকঘৰত থকা ভ্ৰাম্যমান ডাষ্টবিনত অৰ্পণ কৰিলোঁ। দুঢোকমান পানী খাই, আকৌ বিচনাৰ ওচৰ পালোহি। চাৰ্টটো উলিয়াই লৈ দেখিলোঁ বহুখিনি ভাঁজ নাইকীয়া হৈ গৈছে। অজানিতে মুখৰপৰা এচেৰেঙা হাঁহি ওলাই গ’ল। যেন নতুন বস্তু এটাহে কৰিলোঁ! চোলাটোৰ ওপৰৰ দুটামান বুটাম বাদ দি তলৰ কেইটা মাৰি ভালকৈ ইনচাৰ্ট কৰি ল'লোঁ। জোতা-মোজাযোৰে কোনো খেল নেদেখালে। জোতাযোৰ পিন্ধি উঠি মেক-আপত ফাইনেল স্পৰ্শ এটা দিওঁ বুলি যেতিয়া পকেট চাইজৰ আইনাখনৰ সন্মুখত থিয় দিলোঁ, তেতিয়াহে আকৌ অথন্তৰটো লাগি উঠিল। দুই নম্বৰ বুটামতোচোন চিঙা! হ’ল আৰু!-ভাবিলোঁ। বেলেগ চাফা চোলাও নাই। কি কৰা যায় এতিয়া! ভাবি ভাবিয়েই টেবুলৰ ওপৰত থকা বস্তুৰ গুডাম খুচৰাত লাগি গ’লোঁ আৰু ষ্টেপলাৰটো বিচাৰি পালোঁ। সেইটোৰেই কিবা এটা কৰিব পাৰি নেকি এবাৰ চেষ্টা চলাই চালোঁ। কেইবাবাৰ বিফলতাৰ পিছত হঠাত্‍ এবাৰ লাগি গ’ল। আস, বাচি গ’লোঁ। ষ্টেপ্‌ল পিন দুডালেই বুটামৰ অভাৱ দূৰ কৰিলে। যুদ্ধজয়ী সৈনিকৰ দৰে বুকু ফিন্দাই হাতত ফাইলটো লৈ মূৰ ফণিয়াই ফণিয়াই লৰ দিলোঁ। 

দহ বজাৰপৰা ইণ্টাৰভিউ। ন বাজি দহ মিনিট গ’লেই। বাছ ষ্ট'পেজ পাওঁতে অতি কমেও আৰু দহ মিনিট। তাৰ পৰা আকৌ চিটিবাছত ৪৫-৫০ মিনিট যাবলৈ আছেই! গ’ল আজি! এইটো ইণ্টাৰভিউও এনেই গ’ল। ১০-১৫ মিনিট দেৰিকৈ অহা প্ৰাৰ্থীকনো কোনে চাকৰি দিব! ভাবি ভাবি কেতিয়ানো গৈ সেই পয়ালগা ৰাস্তাটো পালোঁ গমকেই নাপালোঁ। ৰাস্তাটো চূটি হয় যদিও ৰাতিপুৱা এই ৰাস্তাৰে যোৱা বাবেই অথন্তৰ লগা আৰম্ভ হৈছিল। যেনিবা চৰকাৰৰ অনুন্নয়ন আঁচনিৰ অধীনত ৰাস্তাত ডোঙা বান্ধি থকা পানীয়ে মোক সেইবাৰলৈ বচালে। পিছে এইবাৰ ভাবিছিলোঁ, দূৰ হওঁক দুৰ্গতি নহওঁক, ভাল ৰাস্তাটোৰেই যাম। পিছে মনৰ গতিত কোনফালেনো কেতিয়া পোনালো গমেই নাপালোঁ। এইবাৰ বা কি অথন্তৰে লগ দিয়ে!! কি বা হয়!!

একো অথন্তৰ নালাগিল। দহ মিনিটৰ ৰাস্তা পাঁচ মিনিটতে পাই গ’লোঁ। হিচাপ কৰি দেখিলোঁ এতিয়াও পাঁচ মিনিটৰ ঘাটি। দেখা যাওঁকচোন কি হয়-এই বুলি চিটিবাছ এখনৰ আগৰ দুৱাৰেৰে জঁপিয়াই উঠিলোঁ। পুৱাৰ ঘটনাটো মনত পৰি পিছপিনে ঘূৰিও নাচালোঁ। নিৰ্ধাৰিত সময়তকৈ দহ মিনিট আগতীয়াকৈ বাছখনে নি মোক নমাই দিলে। বেচ স্ফুৰ্তি লাগি গ’ল। ইমান দৌৰা-দৌৰিৰ পিছতো গৈ যে সঠিক সময়ত পামগৈ! ভাবিবলৈহে পালোঁ, হঠাতে জানো কি লাগিল! ভৰিত কিবা এটাই খোচ মাৰি ধৰিলে। আকৌ এখোজ আগুৱাই দিলোঁ। হয়। জোতাৰ ভিতৰত কেনেবাকৈ শিলগুটি এটি সোমাইছে। লাগি গ’ল অথন্তৰ। কি কৰা যায় এতিয়া! জোতা খুলি শিলগুটি আঁতৰোৱাৰ সুবিধাও নাই এতিয়া। তাক পাহৰি যোৱাৰ উপায়ো নাই। অলপ দূৰ তেনেকৈয়ে আগবাঢ়িলোঁ। এটা জালুকৰ মান হ’ব চাগে’ শিলগুটিটো-ঠাৱৰ কৰিবলৈ চেষ্টা কৰিলোঁ। ভৰিৰ আগৰপৰা গুৰিলৈ দৌৰি ফুৰিছে সি। কেতিয়াবা বুঢ়া আঙুলিৰ আগত হানিছে, কেতিয়াবা আকৌ ভৰিৰ তলুৱাৰপৰা নলৰাই হৈছে। “হেৰি চাবহে।”-সন্মুখত থকা মানুহজনক খুন্দাটো মাৰিলোৱেই ইতিমধ্যে। “চ’ৰী” বুলি কৈ মানুহজনক বাট এৰি দিলোঁ। ছেঃ, কিযে অথন্তৰটো লাগিল! ভাগ্যে সেইজন আদহীয়া মানুহ বুলিহে। ছোৱালী হোৱা হ’লেতো কথাই নাছিল। ফুটপাথত জানি-শুনি ছোৱালীক খুন্দিওৱা বুলি ছাগে’ পাব্লিক ধুলাই খালোঁৱেইহেঁতেন। অৱশেষত ইণ্টাৰভিউৰ জেগা পালোগৈ। পাই দেখিলোঁ তালিকাত থকা বিশজন প্ৰাৰ্থীৰ ভিতৰত ময়েই শেষৰজন। দহখনমান চকীৰ ব্যৱস্থা কৰা হৈছে যদিও, এখনো খালী নাই। কি কৰা যায় এতিয়া! শিলগুটিটোৱে খৰলুটি খেল আৰম্ভ কৰিছে। ভৰিখন নচুৱাই নচুৱাই তাক অলপ সুবিধাজনক স্থানত স্থায়ী কৰি ৰাখিবলৈ চেষ্টা এটা চলালোঁ যদিও শিলগুটিটোও ডেমকেয়াৰ। মই যিমানে চেষ্টা কৰোঁ, সি ওলোটা খৰহে লগায়। মানুহৰ দৰে চেহেৰা এটা থাকিলে সি ছাগে’ দাত নিকটাই হাঁহিলহেতেন- “বুৰ্বক কৰবাৰ! মোকেই ক'ন্ট্ৰোল কৰিব নোৱাৰনে?” ভাবি ভাবি টিঙিচ্‌কৈ উঠি গ’ল নহয় খংডাল। পিছে ছোৱালী এজনী আহি বচালে। তাই মাত লগালে-“হিতেন শৰ্ম্মা আপুনিয়েই নহয় জানো? এইবাৰ আপুনি সোমাব।সন্মতিসূচক অভিবাদনেৰে মই সাজু হ'লোঁ। শিলগুটিটোৰ কথা মনত পৰি গ’ল। সি দেখোন ঠাণ্ডা হৈ আছে। ওলাই গ’ল ছাগে’! চাৰ্টটো ঠিক-ঠাক কৰি লওঁ বুলি হাতখন দিছোঁ মাত্ৰ। গ’ল নহয় ষ্টেপল পিন দুডাল চিগি। উপায় নোহোৱাত পৰিলোঁ। এই মূৰ্ত্তিৰে গ’লেতো ইণ্টাৰভিউ নোলোৱাকৈয়ে খেদিব। তেনেহ’লে কেনেকৈ পাৰ হোৱা যায় এইটো অথন্তৰ! ছোৱালীজনীকেই সুধোঁ নেকি, কৰবাৰ পৰা চেফ্‌টি পিন এটা যোগাৰ কৰি দিব পাৰেই যেনিবা! পিছে সুধিব নোৱাৰিলোঁ। কি বা ভাবে তাই।

টংকৈ ঘণ্টাটো বাজি উঠিল। বুকুখনেও ঘণ্টা বজাই দিলে। চোলাটো কি কৰা যায় এতিয়া! এনেকৈনো ভিতৰলৈ যাও কেনেকৈ! চাকৰিটো মই যে নাপাওঁ, চোলাৰ ৰহস্যই তাক মোটামুটি ঠিক কৰি দিলে। তথাপিও আহিছোঁ যেতিয়া, এনেকৈয়ে এবাৰ দেখা দি আহোঁ বুলি আগবাঢ়িলোঁ। সোঁহাতেৰে ফাইলখন পেটৰ যিমান পাৰি সিমান ওপৰলৈকে হেঁচা মাৰি ধৰি বাওঁহাতেৰে দুৱাৰখন ঠেলি ইণ্টাৰভিউ ৰুমলৈ সোমাই গ’লোঁ। শিলগুটিটোৱে আকৌ এবাৰ খৰলুটি মাৰিলে। এইবাৰ কিন্তু তাক কেৰেপেই নকৰিলোঁ। “এতিয়া থাক। ইয়াৰপৰা ওলাই দি আছোঁ তোক মজা। ”শিলগুটিটোক হুংকাৰ দি চাৰিজনীয়া ইণ্টাৰভিউ ব’ৰ্ডৰ সন্মুখীন হ’লোঁ।

ঠিকেই চলি আছিল সকলো। নাম-পৰিচয়, অভিজ্ঞতা-অনভিজ্ঞতা, পঢ়া-শুনাৰ কথাবোৰ এজনৰ পিছত এজনকৈ তিনিজনে সুধি গ’ল। ময়ো যিখিনি জানো কৈ গ’লোঁ। মাজে মাজে মন কৰি গ’লোঁ ঠিকেই আছেতো চোলাটো! বুটাম নথকা চোলা পিন্ধি অহা বুলি গম পাইছে নেকি এওলোকে! ভাবিছোঁহে মাত্ৰ। যন্ত্ৰণাটো দিলে নহয় চতুৰ্থজনে। “ধৰা, তোমাৰ চোলাৰ বুটাম এটা হঠাতে চিঙি গ’ল আৰু তুমি বৰ জৰুৰী হাই প্ৰ’ফাইল মিটিং এখনত বহি আছা। তেনেকুৱা পৰিস্থিতিত তুমি কি কৰিবা?” মৰ বাপ্পেকে। কি কৰ কৰ এতিয়া –ভৰি তলুৱাত লুটি বাগৰ এটি খাই শিলগুটিটোৱে কৈ উঠিল। উত্তৰ বিচাৰি নাপাই এনেয়ে ইফালে সিফালে চাই ৰ’লোঁ। হঠাতে মেজৰ ওপৰত এটা আলপিন দেখি থৰ হৈ ৰ’লোঁ। ৰৈ যোৱা মগজুত বুদ্ধি এটি খেলালে। চতুৰতাৰে মই ক’লোঁ-“কিছুমান বস্তুৰ ওপৰত আমাৰ ক'ণ্ট্ৰোল নাথাকে। যেনে ধৰক আপোনাৰ জোতাৰ ভিতৰত শিলগুটি এটি সোমাইছে আৰু আপুনি জোতা খুলিব পৰা অৱস্থাত নাই; নাইবা ঘৰৰ বাহিৰ ওলাইছে আৰু আপোনাৰ চোলাৰ বুটাম এটা চিঙি থাকিল। তেনেকুৱা পৰিস্থিতিত পোৱা ব্যৱহাৰোপযোগী যিকোনো বস্তুৱেই আমি কামত খটুৱাব পাৰোঁ।" মুখৰ লগে লগে হাতেৰে আলপিনতো তুলি আনি চিঙি যোৱা বুটামৰ ঠাইত এনেভাৱে লগালোঁ যেন মই কিহবাৰ ডেমন্‌ষ্ট্ৰেচনহে দি আছোঁ। মোৰ উত্তৰ শুনি মানুহ চাৰিজন মনে মনে ৰ’ল। কথাখিনি ভাল পালেনে বেয়া পালে গম নাপালোঁ। মই কিন্তু শিলগুটিটোলৈ উদ্দেশ্যে মনৰ ভিতৰতে ভোৰভোৰালো– “দেখিলি, বাপেৰাই কি কৰিব পাৰে?” দুই মিনিটমানৰ পিছত ইণ্টাৰভিউ ৰুমৰ পৰা ওলাই আহি দীঘলকৈ গুমুনিয়াহ এটা কাঢ়ি শিলগুটিটোলৈ হুংকাৰ দিলোঁ- “এতিয়া তোক ৰ।ঘৰটোৰ পৰা নামি অহা চিৰিত বহি কাকো ক’তো নোচোৱাকৈ জোতাপাট খুলি শিলগুটিটো ওচৰতে থকা পিকদানিটোলৈ দলিয়াই দি জোতাপাত ভৰিত সুমুৱাই লৈ কৈ উঠিলোঁ-“মৰ বেটা ইয়াতে। মোৰ জোতাৰ ভিতৰত সোমাই অথন্তৰ লগাই আছিলি? থাক এতিয়া পিকৰ মাজত। পৰি থাক।জোতাপাত পিন্ধি মই গহীনাই ওলাই আহিলোঁ। তেতিয়াও মোৰ চোলাত লাগি থাকিল আধা ভাঁজ লগা আলপিনটো।।   

[ক্ৰমশঃ]


No comments:

Post a Comment