Tuesday, August 2, 2011

লিখিব পৰা হলে...

লিখিব পৰা হ'লে...
লিখি গ'লোহেতেন যাত্রাৰ এই বৈচিত্রতাৰ কথা
ক'ব পৰা হলে
কৈ গলোহেতেন বুকুৰ অনুচ্চ হেপা৺হবোৰৰ কথা
নিজম পৃথিৱীত আ৺কিব পৰাহেতেন
আ৺কি গ'লোহেতেন বুকুৰ মেঘচ্ছন্নতা


এপল পোহৰ বিচৰা
পদাতিক অক্লান্ত হিয়া
কোন দিশে এই যাত্রা
পোহৰ নে বিচ্ছিন্নতা...
লিখিব পৰা হ'লে
লিখি গ'লোহেতেন অভিযাত্রীসকলৰ কথা


সুৰৰ ঢৌত উর্মিমিত
কণমানি মণিকোঠা
বিলীন আজি নির্লিপ্ততাত
কোন পথে এই যাত্রা
বিসন্নতা নে অৱহেলা...
ক'ব পৰা হ'লে
কৈ গ'লোহেতেন বিষাদজর্জৰ আত্মাৰ কথা


আ৺কিব পৰা হ'লে
আ৺কি গ'লোহেতেন উবুৰি খাই পৰা আমাৰ ঐতিহ্যৰ কথা
গাব পৰা হ'লে গাই গ'লোহেতেন এটি গান
দুখৰ পখীয়ে সাহস বিচাৰি গোৱা আর্তনাদৰ গান.........।

No comments:

Post a Comment