কোনফালে
গৈ আছে সময়? কোনফালে বলি আছে বতাহ? নাজানো, কাৰণ আমি সৰ্বসাধাৰণ৷ আমাৰ হৈ
মাত মতাৰ বাবে আমাক জনপ্ৰতিনিধি লাগে আৰু সেই জনপ্ৰতিনিধিসকলেই আমাক
ভুকুৱাই পকাব যায়৷ কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই, গাদী ৰক্ষাৰ বাবেই
আমাৰ অচিন, আমাক চিনি নোপোৱা কৰবাৰ হত্যাৰ অভিযোগত অভিযুক্ত এজনক আনি
বৰপীৰাত বহালেহি৷ ছিঃ, নিৰ্লজ কাৰবাৰ৷ আজিৰ বাহিৰে কাইলৈ তেওঁ ভুলতেও অসমলৈ
নাহিব, সমস্যা সমাধান কৰাতো দূৰৈৰে কথা৷ অথচ আমাৰ
কাৰোৰে মাত নাই৷ আমি ব্যস্ত ৰাজকুমাৰৰ সাক্ষাতকাৰক ৰোমন্থন কৰাত৷ কি কৰিব,
পৰিস্থিতিয়ে আমাক তাকেই শিকাইছে৷ আজি ৰাজ্যসভাত প্ৰাৰ্থী বাহিৰৰ পৰা
আমদানি কৰা হৈছে, কাইলৈ লোকসভাতো আনিব, আৰু আমি চকু মুদি তেওঁক বৰ আসন পাৰি
দিম৷ তাৰ বাহিৰে আমি কিবা কৰিব পাৰিম জানো! এনেকৈয়ে এদিন বিলীন হব আমাৰ
অধিকাৰ, কাৰণ আমাৰ এই মৌলিক অধিকাৰক ৰাজনীতিৰ দালালসকলে আৰামেৰে ব্যৱহাৰ
কৰি যাব তেওঁলোকৰ স্বাৰ্থত৷ হে অসমীয়াসকল, এতিয়াও সময় শেষ হোৱাগৈ নাই৷
সকলোৱে নিজৰ নিজৰ ধৰণেৰে প্ৰতিবাদ কৰা৷ নহলে আমাৰ জালেৰে আমাৰে পুখুৰীত থকা
মাছক লৈ আনে ব্যৱসায় কৰিব৷
(ৰচনাকালঃ ২৯ জানুৱাৰী, ২০১৪)
No comments:
Post a Comment