Wednesday, February 5, 2014

ড° নবীনচন্দ্র শর্মা দেৱৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

(অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্রখনৰ পুৰোধা ব্যক্তিসকলৰ ভিতৰত ড° নবীনচন্দ্র শর্মাৰ নাম লেখত ল’বলগীয়া। ১৯৩৮ চনত মঙলদৈ জিলাত জন্ম গ্রহণ কৰা ড° শর্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফ’কল’ৰ (Folklore) ৰিছার্চ বিভাগৰ বিভাগীয় মূৰব্বী হিচাপে অৱসৰ গ্রহণ কৰে। তেখেতৰ তত্বাৱধানত অর্দ্ধশতকতকৈয়ো অধিক গৱেষকে ডক্টৰেট ডিগ্রী লাভ কৰিছে। লোক-সংস্কৃতিৰ পথ সুচল কৰাত ড° শর্মাৰ “অসমীয়া লোক-সংস্কৃতিৰ আভাস”, “আইৰ মুখৰ সাধু”, “ডাক-প্রবচন”, “ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ লোক-সংস্কৃতি”, অসমৰ পৰিৱেশ্য কলা ওজাপালি” আদি গ্রন্থৰ ভূমিকা অপৰিহার্য।)

 

সাহিত্য ডট অর্গ: নমস্কাৰ ছাৰ, আপুনি অসমৰ লোক-সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰখনত এগৰাকী পুৰোধা ব্যক্তি ৷ আপুনি গৱেষণাৰ মূল বিষয়বস্তু হিচাপে “লোক-সংস্কৃতি”কে কিয় বাচনি কৰি ল’লে অথবা “লোক-সংস্কৃতি”ক মূল বিষয় হিচাপে বাচনি কৰি ল’বলৈ কিহে আপোনাক অনুপ্ৰেৰণা দিছিল?
° নবীনচন্দ্র শর্মা: এটা প্রসংগৰে কথাখিনি আৰম্ভ কৰিব বিচাৰিম। তোমালোক শিৱসাগৰৰ নাজিৰালৈ যোৱা বা যোৰহাটৰ এখন গাঁৱলৈ যোৱা বা টীয়কলৈ যোৱা অসমৰ মানুহবিলাক বেছিভাগ কৃষিজীৱী আছিল। তাত ৰজা-মহাৰজা ইত্যাদি থাকিলেও তেওঁলোকৰ যিটো সম্ভ্রান্ত জীৱন-নির্বাহ প্রণালী তাৰ প্রভাৱ আমাৰ গাঁৱৰ সমাজত পৰা নাছিল। ৰজা-মহাৰজাসকলো লোক-সংস্কৃতিৰে পৃষ্ঠপোষক আছিল। তেতিয়াৰ যিবিলাক প্রধানমন্ত্রী আছিল যেনে বৰগোহাঁই আছিল, বুঢ়াগোহাঁই আছিল, এইসকলে চিধা-চিধিকৈ কৈছিল যে আমি আৰু নিজৰটো এৰি বিদেশীধৰণৰ কাপোৰ পিন্ধিম কিয় (বুৰঞ্জীত লিখা আছে)! তেনেকুৱা এটা মনোবৃত্তিৰ এখন সমাজতে আমাৰ জন্ম! সৰুৰে পৰা আমাৰ আইহঁতৰ বা আমাৰ খুড়ীহঁতৰ, বাইদেউহঁতৰ ওচৰ-চুবুৰীয়াৰ কিছুমান কথা দেখিয়ে থাকোঁ। এই ধৰা ৰাতিপুৱা চোতাল সৰাৰ পৰা জুই ধৰালৈকে , গা ধোৱাৰ পৰা গোসাঁই সেৱা কৰালৈকে, তুলসীৰ গুৰি মচালৈকে বা মহিলাই মহিলাৰ লগত কাজিয়া কৰা, কাজিয়া লাগোতে কেনেকৈ হাতৰ মুদ্রা দিয়ে বা সেইসময়ত তেওঁলোকৰ চাল-চলন কেনেকুৱা হয় বা গাঁৱৰ ছোৱালীবিলাকে কেনেকৈ মাছ মাৰিবলৈ যায় বা ঢেঁকী কেনেকৈ দিয়ে, ঢেঁকী দিওঁতে কেনেকৈ সাধু কথা কয় বা মৰণা কেনেকৈ মাৰে বা পিঠা-পনা কেনেকৈ সাজে এইবিলাক কথা সদায় দেখি আছিলোঁ। কিন্তু এইবিলাক কথা যে লিখবলগীয়া সেই কথাটোৰ ধাৰণাটো ভালকৈ মনলৈ অহা নাছিল; “এ, লিখিবলগীয়া কথা নেকি”— এনেকুৱা এটা ভাৱ আৰু! দেখিয়ে আছোঁ সেইবাবে ইমান গুৰুত্বও নাই। ওজাপালিও দেখি আছোঁ। বিভিন্ন ওজা আছে, দেখি আছোঁ। কিন্তু মই যেতিয়া আছুতীয়া ধৰণৰ কিতাপ পঢ়িবলৈ লৈছিলোঁ ক্লাচ নাইনৰ পৰা তেতিয়া দেখিলোঁ যে বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰৰ “অসমৰ লোক-সংস্কৃতি” নামেৰে কিতাপ এখন ওলাইছে। কিতাপ কিছুমান কিনিও পঢ়িছিলোঁ। পিচে আমাৰ আর্থিক অৱস্থাটো সিমান ভাল নাছিল। পাঠ্য কিতাপখিনি কিনি পঢ়াটো অলপ অসুবিধা আছিল। তথাপি আমাৰ লাইব্রেৰী আছিল, কমিউনিটি চেণ্টাৰ আছিল। তাৰ পৰা বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰৰ কিতাপখন নি মই পঢ়িলোঁ। পঢ়ি দেখিলোঁ এইবিলাকতো মই জনা কথা। এইবিলাক ছাৰে লিখিছে ময়ো লিখিব পাৰোঁ দেখোন! তেতিয়াৰ পৰা লেখাৰ কামটো আৰম্ভ কৰিলোঁ। মানে সৰুৰ পৰাই। আমি সাধুকথাৰ পুথি পঢ়িছোঁ, “বুঢ়ী আইৰ সাধু”ও পঢ়িছোঁ। কিন্তু এইবিলাক সাধুকথাৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে এইবোৰ বিভিন্ন ঠাইৰ পৰা গোট খুৱাই সংকলন কৰা হৈছে। আমাৰ আইহঁতে কোৱা সাধুবোৰো কপি কৰিছিলোঁ দুই চাৰিটা। কৈ থাকোঁতে মই লিখিছিলোঁ বা বিয়াৰ গীতো ক’ৰবাত ক’ৰবাত লিখিছিলোঁ। তাৰপাচত মই যেতিয়া স্কুলত চাকৰি কৰি আর্যবিদ্যাপীঠত পঢ়োঁ আৰ তেনেকৈয়ে এম.এ. পাচ কৰোঁ তেতিয়া মই আৰু এজন মানুহ লগ পাইছিলোঁ আমাৰ মঙলদৈৰ ছিপাঝাৰৰে, অতুল বৰুৱা। তেওঁ মোক ক’লে যে তুমি ওজাপালিৰ ওপৰত গৱেষণা কৰা। তেতিয়া ভাবিছোঁ যে ওজাপালি কেৱল দৰঙতহে আছে আৰু বেলেগ ক’তো নাই। কিন্তু মই দেখিলোঁ যে ই গোটেই অসমতে আছে। তেতিয়া এই বিষয়টোত গৱেষণা কৰাৰ কথা মোৰ শিক্ষাগুৰুসকলোকো সুধিছিলোঁ। তেতিয়া দুই-এজন ছাৰে ক’লে যে ওজাপালি এটা chapterহে হ’ব, থেছিছ এখন নহ’ব। নহ’ব বুলি কোৱাত, মানে মোৰ শিক্ষাগুৰু এজনে যেতিয়া তেনেকৈ কৈছে তেতিয়া তেখেতৰ মন্তব্যটো হেয় কৰি মোৰ মন্তব্য এটা প্রতিষ্ঠা কৰাটো বৰ টান হৈ পৰে। তেওঁলোক ইতিমধ্যে সুপ্রতিষ্ঠিত শিক্ষক। তেওঁলোকৰ তলত বহুতে ডক্টৰেট পাইছে তেনেকুৱা এজন মানুহৰ কথাটো বিৰুদ্ধে কোৱাটো অলপ অসুবিধা। গতিকে মই মনে মনে থাকিলোঁ আৰু! সেইটো বিষয়ত কাম কৰিবলৈ আগ নাবাঢ়িলোঁ। নাবাঢ়ি মই কৰিলোঁ এজন কবিৰ ওপৰত; অনন্ত কন্দলিৰ ওপৰত। প্রাগজ্যোতিষ মহাবিদ্যালয়ত থাকোঁতে মই “অসমীয়া লোক-সংস্কৃতিৰ আভাস” বুলি এখন কিতাপ লিখিছিলোঁ। সেইখনত অ’ত-ত’ত প্রকাশিত বাৰ-তেৰটামান লেখা ছপা হৈছিল। আমাৰ প্রফুল্ল দত্তগোস্বামী ছাৰৰ লগত সিমান চিনাকি হোৱা নাছিল তেতিয়ালৈকে। তেওঁক কিতাপখনত মন্তব্য এটা লিখি দিয়ক বুলি ক’বলৈ অলপ টান পালোঁ। কিতাপখনত অতুল হাজৰিকা ছাৰে এটা পাতনি লিখিছে। হাজৰিকা ছাৰ খোলা মনৰ মানুহ; তেওঁক মেলে-মিটিঙে পাই থাকোঁ আৰু মোৰ প্রবন্ধও তেওঁ পঢ়িছে। সেইসময়ত দেবেন্দ্রনাথ শর্মাৰ সম্পাদনাত ‘শান্তিদূত’ নামৰ এখন সাদিনীয়া বাতৰি কাকত প্রকাশ হৈছিল।  তাত কেতিয়াবা কিবা-কিবি বিশেষ সংখ্যাবিলাক আহে। যেনেকৈ ধৰা বিহু আহিল, দুর্গাপূজা আহিল বা সাহিত্য সভা আহিল— তেতিয়া তাত একোটা একোটা প্রবন্ধ লিখিবলৈ দিয়ে। অতুল হাজৰিকা ছাৰে মোৰ প্রবন্ধবিলাক পঢ়ে। পঢ়ি পঢ়ি তেওঁ মোৰ বিষয়ে অলপ জানিছিল। সেই কিতাপখন মই অতুল হাজৰিকা ছাৰক দেখুৱালোঁ। তেওঁ লিখিলে যে নল মৰে গঁজালি ওলায়। নবীন চন্দ্র এটা নলৰ গঁজালি। ভবিষ্যত তেওঁৰ উজ্জ্বল যদি তেওঁ লেখা-পঢ়া কৰি থাকে। মাজে মাজে তেওঁৰ ওচৰলৈ যাওঁ। গ’লে মুড়িৰ লাড়ু এটা চাহকাপৰে সৈতে খাবলৈ দিয়ে। আন্তৰিকতাৰে কথা-বার্তা পাতে। এনেকৈ মই আগবাঢ়ি গ’লোঁ, যথেষ্ট উৎসাহ পালোঁ। এনেকৈ এদিন মই ইউনিভাৰচিটিত চাকৰি পালোঁ, ফ’কল’ৰ ৰিচার্ছ ডিপার্টমেণ্টত। চাকৰিটো পালোঁহে, কিন্তু মইতো ফ’কল’ৰ সম্পর্কে ক্রিটিকেল কথাবিলাকটো নাজানো। গতিকে মই লাইব্রেৰীৰ পৰা এই সংক্রান্তীয় কিতাপবোৰ টানি আনিলোঁ, আনি পঢ়িলোঁ। পঢ়ি কিতাপো লিখিলোঁ। আগতে লিখা লোক-সংস্কৃতিৰ কিতাপখনৰ বেচ আছিল মাত্র ১০টকা, আসাম বুক ডিপোই ছপা কৰিছিল। সেইখনে মই ৰিভাইচ কৰি কৰি প্রায় চাৰিটামান সংস্কৰণ উলিয়ালোঁ। সেইখন এতিয়া পাঠ্যপুথি হিচাপে চলে। তাৰ পাচত আৰু পঢ়া-শুনা কৰি কৰি মই গৱেষণা তত্বাবধায়কো হ’লোঁ। তেতিয়া এজনে গৱেষকে ওজাপালিৰ ওপৰত কাম কৰিবলৈ আহিলে। তেওঁ বেলেগ বেলেগ ঠাইলৈ গ’ল। পোনপ্রথমতে গ’ল মহেশ্বৰ নেওগ ছাৰৰ ওচৰলৈ “এ সৰু বস্তু এটা নহ’ব।” কিন্তু ওজাপালি অকল দৰঙতে নহয় গোটেই অসমতে আছে লগতে ট্রাইবেল মানুহবিলাকৰ মাজতো ওজাপালি আছে। বড়োৰ মাজত আছে, হাজংবিলাকৰ মাজত আছে। এনেকৈ ওজাপালি বহুত ঠাইতে, উজনিৰ ফালেও আছে। গাৰো, যিবিলাক হিন্দু গাৰো আছে তেওঁলোকৰ মাজতো আছে। সত্রতো ওজাপালি আছে। নগাঁৱত নগঞা ওজাপালি আছে। আমাৰ তাতো বিভিন্নধৰণৰ ওজাপালি আছে। গতিকে চাই দেখিলোঁ যে এইটো এটা ভালকৈ অধ্যয়ন কৰিবলগীয়া বিষয়। কামটো গৱেষকগৰাকীক দি ক’লোঁ যে আপুনি আৰম্ভ কৰক। লগতে ময়ো অধ্যয়ন কৰি থাকিলোঁ। গৱেষকগৰাকীক ইংৰাজীত লিখিবলৈ দিলোঁ। গৈ গৈ বিৰাট ডাঙৰ থেছিছ এখন হৈ গ’ল। সময়ত ড° ভৃগুমোহন গোস্বামীৰ থেচিছখন ছপা হ’ল আৰু মোৰ অসমীয়া কিতাপখনো ছপা হৈছে “অসমৰ পৰিবেশ্য কলা ওজাপালি” নামেৰে। এই কিতাপখনৰ বাবে সাহিত্য সভা আৰু অন্যান্য প্রতিষ্ঠানৰ পৰাও তিনিটামান পুৰস্কাৰ পাইছোঁ। সেইখনৰ পাচতে ওজাপালি সম্পর্কীয় ধ্যান-ধাৰণাটো আহিল। তাৰপাচত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা চলাই চলাই মোৰ অধীনত ৫৬ জনে ডক্টৰেট ডিগ্রী পালে আৰু দুজনৰ অনতিপলমে মৌখিক সাক্ষাৎকাৰ হ’ব।
সাহিত্য ডট অর্গ: ছাৰ, এইবাৰ যিহেতু “লোক-গাথা”ক আমাৰ ই-আলোচনী “সাহিত্য ডট অৰ্গ”ৰ মূল বিষয় হিচাপে লোৱা হৈছে, লোক-গাথাৰ বিষয়ে আপোনাৰ পৰা জানিব পাৰিলে আমি নথৈ সুখী হ’ম ৷
° নবীনচন্দ্র শর্মা: শুনা শুনা, মই লোক-গাথাৰ বিষয়ে কওঁ শুনা। লোক-সংস্কৃতিক চাৰিটা ভাগত ভাগ কৰা যায়। মৌখিক সাহিত্য, লোকাচাৰ বা সামাজিক লোক প্রথা, ভৌতিক সংস্কৃতি আৰু লোক পৰিবেশ্য কলা। মৌখিক সাহিত্যৰ ভিতৰত লোক কাহিনী, বর্ণনাত্মক লোক কবিতা, লোক মহাকাব্য, সাঁথৰ, যোজনা-পটন্তৰ, প্রবচন, লোকোক্তি, লোক ভাষা আদি পৰে। ভৌতিক সংস্কৃতিৰ ভিতৰত পৰে লোক শিল্প, লোক কলা, লোক স্থপতিবিদ্যা, লোক আভৰণ আৰু লোক ৰন্ধন প্রণালী। সামাজিক লোক প্রথা বা লোকাচাৰৰ ভিতৰত উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ(জৰা-ফুঁকা, বেজালি), লোক বিশ্বাস, লোক ধর্মক পৰে। আকৌ লোক পৰিৱেশ্য কলাৰ ভিতৰত লোক নাট্য, লোক সংগীত, লোক নৃত্য, অভিনয়ক অন্তৰ্ভুক্ত কৰা হৈছে।

এতিয়া তুমি যে কৈছা গাথাৰ কথা, গাথা মৌখিক সাহিত্যৰ এটা ভাগ। মৌখিক সাহিত্যক কেইবাটাও ভাগৰ কথা ইতিমধ্যে মই ক’লোঁ; লোক কাহিনী, বর্ণনাত্মক লোক কবিতা, লোক মহাকাব্য, সাঁথৰ, যোজনা-পটন্তৰ, প্রবচন, লোকোক্তি, লোক ভাষা। মৌখিক সাহিত্য গদ্য আৰু পদ্য দুয়োটা ৰূপতে আমাৰ মাজত প্রচলিত। পদ্যৰূপত থকা মৌখিক সাহিত্যৰ কথা ক’লে আমি পূজা-পাতল বা অন্য ধর্মীয় অনুষ্ঠান বা বিয়া আদিত গোৱা অনুষ্ঠানমূলক গীত, ল’ৰা-ছোৱালী টোপনি নিওৱা গীত, গৰখীয়াৰ গীত, নাও খেলৰ গীত আদিৰ দৰে বিবিধ বিষয়ক গীত আদিৰ কথা ক’ব পাৰোঁ। গদ্যত বর্ণনা কৰা লোক-সাহিত্যৰ ভিতৰত আমি সাধুকথা, পৌৰাণিক কাহিনী বা আখ্যানবিলাকক বুজোঁ। এতিয়া তুমি যে ক’লা গাথা, গাথা শব্দটো সংস্কৃততো আছে। এটা মণিৰ লগত আন এটা মণি লগ লগাই আমি মালা গুঠোঁ। ঠিক তেনেকৈ এটা কাহিনী স্তৰে স্তৰে পদ্যত বর্ণনা কৰে কাৰণে তাক গাথা বোলে আৰু ই মুখে মুখে চলি অহা বাবে ইয়াক লোক-গাথা বুলি কয়। সেই একে কাৰণতে লোক-গাথাৰ আন নাম মালিতা (কবিতাৰ মালা) বা কাহিনী গীত। আৰু লোক-গাথা হ’বলৈ পদ্যত এটা কাহিনী থকাটো অপৰিহার্য। অন্তর্নিহিত কাহিনী নাথাকিলে মুখে মুখে চলি অহা গীত এটা লোক-গাথাত নপৰে। সেই কাৰণে আইনাম জাতীয় গীতবোৰ লোক-গাথাত নপৰে। কিন্তু তেজীমলাৰ গীত, জনাগাভৰুৰ গীত, বদন বৰফুকনৰ গীত, বেউলা-লখিন্দাৰৰ গীত, তাৰা পটেশ্বৰীৰ গীত আদিত এটা কাহিনী আছে বাবে এইবোৰ লোক-গাথাত পৰে। গতিকে আমি ক’ব পাৰোঁ যে কবিতাৰ জড়িয়তে বর্ণনা কৰা মুখে মুখে চলি অহা কাহিনী এটাকে লোক-গাথা বুলি কোৱা হয়। আৰু সেই একেটা কাহিনীকে যদি গদ্যত কোৱা হয় তেতিয়া সি সাধুকথাৰ ৰূপ লয়। গতিকে সাধুকথা আৰু লোক-গাথাৰ পার্থক্য বুজাবলৈ মই কওঁ যে A Tale is told but a Ballad is sung. সাধুকথা কোৱা হয় কিন্তু লোক-গাথা গোৱা হয়। লোক-গাথা গাবলৈ সংগীত, বাদ্যযন্ত্র আৰু নৃত্যৰো সহায় লোৱা হয়। আমাৰ ওজাপালিৰ যিসকল ওজা তেওঁলোক হ’ল Ballad Singer (লোক-গাথা শিল্পী)। তেওঁলোকে বিভিন্ন লোক কাহিনীসমূহ নৃত্য আৰু সংগীতৰ সহায়ত সুৰ লগাই গায়। Ballad Singerসকলৰ গাথা পৰিৱেশন কৰিবলৈ পিন্ধিবলৈ নির্দিষ্ট সাজ-পোচাকো থাকে। লোক-গাথা দীঘলো হ’ব পাৰে নাইবা চুটিও হ’ব পাৰে। আৰু এই লোক-গাথাৰ পৰাই কাব্য-মহাকাব্যৰ সৃষ্টি হয়। উদাহৰস্বৰূপে, আমাৰ ৰামায়ণ, মহাভাৰতৰ কাহিনীসমূহো লোক-গাথাত পৰে আৰু এইবোৰক দীঘল মালিতা (long ballad) বুলি কোৱা হয়। আনহাতে চিকণ সৰিয়হৰ গীত, তেজীমলাৰ গীত, বেউলা-লখিন্দাৰৰ গীত, বদন বৰফুকনৰ গীত আদি চমু মালিতা।
সাহিত্য ডট অর্গ: ছাৰ, এইখিনিতে এটা প্রশ্ন সুধিব বিচাৰিছোঁ। কমলা কুঁৱৰীৰ কাহিনীটো আমি সাধু আৰু গাথা দুয়োটা ৰূপতে পাইছোঁ। এই বিষয়ে আপুনি অলপ বহলাই ক’ব নেকি?
° নবীনচন্দ্র শর্মা: হয় হয়, এইটো হয়। এনেকুৱা বহুতো উদাহৰণ আছে য’ত একেটা কাহিনীকে গদ্য আৰু পদ্য দুয়োটা ৰূপতে পোৱা যায়। কেতিয়াবা সাধু হিচাপে কোৱা হয় আৰু কেতিয়াবা গাথা হিচাপে গোৱা হয়।
সাহিত্য ডট অর্গ: অসমৰ লোক-সংস্কৃতিৰ যথেষ্টখিনি আলোচনা ইতিমধ্যে পণ্ডিত-গৱেষকসকলে কৰিছে ৷ কিন্তু লোক-সংস্কৃতিৰ বিভিন্ন দিশৰ আলোচনা কৰাৰ পাচতো “লোক-গাথা”ৰ বিষয়ে এতিয়াও বহুখিনি আলোচনা কৰিবলগীয়া আছে ৷ এই বিষয়ে আপুনি কি কয়?
° নবীনচন্দ্র শর্মা: অসমত লোক-গাথাৰ গৱেষণাৰ বাটকটীয়া বুলি ক’লে আমি ড° প্রফুল্ল দত্তগোস্বামী ছাৰৰ নাম ল’ব লাগিব। তেখেতৰ গৱেষণা পত্র Ballads and Tales of Assam-এ এই ক্ষেত্রত প্রথম, তাৰ আগতে একো গৱেষণা হোৱা দেখা নাই। তেওঁ অনুপ্রেৰণা আৰু আদর্শ লাভ কৰিছিল আমেৰিকাৰ মহান গৱেষক-পণ্ডিত Stith Thompson। তেখেতে The Folktale নামেৰে এখন কিতাপ লিখিছিল। তাত তেখেতে Motif Index-ৰ বিষয়ে উল্লেখ কৰে। এই মত অনুসৰি প্রতিটো বেলাড আৰু সাধুকথাৰ কাহিনীৰ এটা Motif Index বা উদ্দেশ্যধর্মিতা থাকে। একোটা মালিতা, সাধুকথা এটা বিশেষ উদ্দেশ্যতে ৰচিত হয় আৰু আটাইতকৈ আকর্ষণীয় কথাটো হ’ল এই উদ্দেশ্যধর্মী চৰিত্রৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ লোক-গাথা, সাধুকথাৰ মাজত মিল দেখা যায়। একেটা পৰিস্থিতি বা উদ্দেশ্যক লৈ সৃষ্টি হোৱা বিভিন্ন অঞ্চল, ৰাজ্য বা দেশৰ সাধুকথাবোৰ বা মালিতাবোৰ একেধৰণৰ হোৱা দেখা যায়। যেনে; খৰাং মানে বৰষুণৰ অভাৱত সাধাৰণ মানুহে জল দেৱতাক পানীৰ বাবে পূজা কৰা প্রথাটো বহু অঞ্চলতে আছে আৰু জল দেৱতাক পূজাত সন্তুষ্ট কৰিবলৈ বলিদান বা sacrifice-ৰ প্রয়োজন হয়। গতিকে ৰজাই কমলা কুঁৱৰীক জনহিতৰ কাৰণে জলত বিসর্জন দিয়ে অর্থাৎ sacrifice কৰে, অর্থাৎ অতি মৰমৰ কাৰোবাক জনহিতৰ বাবে ত্যাগ কৰিব লাগে।। এই কাহিনীটো বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পোৱা যায়। কিন্তু ইয়াৰ মূল উদ্দেশ্য বা motif একেটাই। ভাৰতবর্ষৰ বিভিন্ন অঞ্চলত এই কাহিনীটো বেলেগ বেলেগ ৰূপত পোৱা যায়। আনকি আফ্রিকাৰ ফালেও এইদৰে জল দেৱতাৰ নামত বলিদান দিয়াৰ কাহিনী পোৱা যায়। ঠিক তেনেকৈ মাহী মাকৰ অত্যাচাৰৰ বিষয়টো পৃথিৱীৰ সকলোতে কম-বেছি পৰিমাণে আছে। সেইকাৰণে আমাৰ তেজীমলাৰ কাহিনী আৰু জার্মানীৰ Cenerentola (Cinderella) কাহিনীত মাহীমাকৰ অনাদৰ-অত্যাচাৰৰ বিৱৰণ পোৱা যায়। এনেকুৱা মিল থকা বাবে বহুতে আকৌ সাধুকথা আৰু মালিতাবোৰে এখন দেশৰ পৰা আন এখন দেশলৈ প্রবজন কৰা বুলিও মত পোষণ কৰে। এই প্রবজন তত্বটোক পৌৰাণৈতিহাসিক তত্ব (Historical & Mythological Theory) বুলিও কোৱা হয়। এই তত্ব অনুসৰি এটা বিশেষ সময়ত এখন ঠাইৰ পৌৰাণিক আৰু ঐতিহাসিক কাহিনীবোৰ এক বিশেষ ভৌগোলিক পথেৰে আন ঠাইলৈ মানুহৰ লগত একেলগে প্রবজন কৰে। পণ্ডিত-গৱেষকসকলে ভাৰতবর্ষত জীৱ-জন্তুক লৈ সৃষ্টি হোৱা কাহিনীবোৰ আৰৱৰ মাজেৰে গৈ ইউৰোপৰ মৌখিক সাহিত্যত স্থান পাইছে বুলি ক’ব খোজে। সেইকাৰনে ইউৰোপৰ বহুতো জীৱ-জন্তুমূলক কাহিনীৰ ভাৰতীয় কাহিনীৰ লগত মিল থকা দেখা যায়। এই মতটো অৱশ্যে পৌৰবাদী নৃতত্ববিদসকলেহে পোষণ কৰে। কিন্তু আধুনিক নৃতত্ববিদসকলে পৃথিৱীৰ বিভিন্ন দেশ-মহাদেশ, অঞ্চল আদি ভ্রমণ কৰি, বিভিন্ন ঠাইৰ মানুহৰ লগত পৰিচিত হৈ তেওঁলোকৰ লগত অধ্যয়ন কৰি অইন এটা মতহে পোষণ কৰে। তেওঁলোকৰ মতে যিকোনো অঞ্চলৰ মানুহে প্রায় একেধৰণে চিন্তা কৰে। Human thoughts are similar। আৰু এই চিন্তা-ধাৰাৰ মিলৰ কাৰণে বিভিন্ন অঞ্চলৰ সাধুকথা বা মালিতাৰ মাজত মিল থকা দেখা যায়।  মানুহৰ জীৱন যুদ্ধ আৰু অস্তিত্বৰ সংগ্রামৰ মাজে মাজে হৃদয় আৰু মগজুত কর্ষণ কৰি সৃষ্টি হোৱা কাহিনীবোৰে কালক্রমত সাধুকথা আৰু মালিতাৰ ৰূপ লয়। উদাহৰণস্বৰূপে, শিয়াল আৰু শহাৰ সাধুটো এটা প্রতীকধর্মী সাধু। ইয়াত শহাটো বগা মানুহৰ প্রতিনিধি। সাধুকথা আৰু মালিতাত এনেধৰণৰ আওপকীয়া প্রতীক বহুতো দেখা যায়।

আকৌ গাথাৰ কথালৈ আহোঁ। গাথাবোৰকো বিভিন্ন ভাগত ভগাব পাৰি। যেনে: ১/ অলৌকিক গাথা: তেজীমলাৰ গীত, জনা গাভৰুৰ গীত— এনেবোৰ গাথাত কিছুমান অবাস্তৱ আৰু আশ্চর্যজনক ঘটনাৰ বর্ণনা পোৱা যায়। ২/ বাস্তৱধর্মী/ঐতিহাসিক গাথা: বানপানী বা চীনৰ আক্রমণক লৈ সৃষ্টি হোৱা মালিতাবোৰ বাস্তৱধর্মী গাথা। মোৰ মতে ড° ভূপেন হাজৰিকাৰ “কত জোৱানৰ মৃত্যু হ’ল” গীতটো বাস্তৱধর্মী মালিতা বুলি ক’ব পাৰি। কাৰণ, সেই গীতটো গালে চীনা আক্রমণৰ কথা মনলৈ আহে। ভূপেন হাজৰিকাৰ কিছুমান অমৰ সৃষ্টি অদূৰ ভবিষ্যতত মৌখিক লোক-সাহিত্যৰ অন্তর্গত হৈ পৰিব।
সাহিত্য ডট অর্গ: ছাৰ, লোক-সংস্কৃতিৰ গৱেষক হিচাপে আপুনি বহু সময়ত ক্ষেত্ৰ অধ্যয়নৰ বাবে বহু ঠাইলৈ যাবলগীয়া হৈছে ৷ বিভিন্ন জাতি-জনজাতি, বিভিন্ন মানুহৰ স’তে আপোনাৰ ভাবৰ আদান-প্ৰদান হৈছে ৷ আপোনাৰ ক্ষেত্ৰ অধ্যয়নৰ অভিজ্ঞতাৰ বিষয়ে আমাক অলপ জনাওকচোন!
° নবীনচন্দ্র শর্মা: অ’ অ’… এনেকুৱা অভিজ্ঞতা আছে দুই-এটা। এবাৰ গৱেষণাৰ কামত মই আমেৰিকালৈ গৈছিলোঁ, মোৰ সহধর্মিনীক লগত লৈ। তাত মই সদায় পিন্ধাৰ দৰে ধুতি-চোলা পিন্ধিছিলোঁ আৰু মোৰ সহধর্মিনীয়েও মেখেলা-চাদৰ পিন্ধিছিল। আমাক এই সাজ-পোচাকত দেখি দুই-এগৰাকী স্থানীয় পুৰুষ-মহিলাই সুধিছিল, “What is this dress called?” তেতিয়া মই কওঁ, “এয়া পাঞ্জাবী চোলা আৰু এয়া ধুতি। এয়া চাদৰ, এয়া মেখেলা।” বহুতে আচৰিত হৈ আমাক কয়, “How fine your dress is! Sometimes we will definitely buy these dresses from India/ Assam.” ঠিক তেনেকৈ মই লাছ্‌ ভেগাচৰ এটা কেচিনোত এগৰাকী ইটালীয়ান গায়িকাৰ গান ভাল পাই তেওঁৰ লগত কথা পাতিছিলোঁ। তেওঁ লতা মংগেশকাৰৰ গীত শুনে, তেওঁৰ বিষয়ে জানে আনকি ভাৰতীয় ৰাগ-ৰাগিনীৰ বিষয়েও জানে। ইয়াৰ পৰা সংগীতৰ বিশ্বজনীনতাৰ উমান পাব পাৰি। সংগীতৰ এক নিজা লয় থাকে; যিয়ে ভাষাক অতিক্রমি আমাৰ হৃদয় স্পর্শ কৰে। ধৰা, নিচুকনি গীত— এই গীতত কোমল শব্দৰ সমাহাৰ ঘটে আৰু সদায় দীঘলীয়া সুৰত কোমলকৈ গোৱা হয়। গতিকে অসমীয়া নিচুকনি গীত শুনাই আমেৰিকাৰ কেঁচুৱা এটাকো শুৱাই থ’ব পাৰি। ঠিক তেনেকৈ দেশ-বিদেশে লোক-গাথাবোৰো একেধৰণৰে হয়। এইবিলাক হৃদয়ৰ সাহিত্য।

গৱেষণাৰ কামতে হওক বা আন ক্ষেত্রতে হওক বেয়া লগা অভিজ্ঞতা তেনেকৈ বিশেষ নাই। মই কেতিয়াও বিপদতো পৰা নাই। সমল সংগ্রহৰ বাবে গাঁৱে-ভূঁইয়ে ঘূৰি ফুৰোঁতে কিছুমান মানুহে মোক প্রশ্ন কৰে যে আপোনাৰ উদ্দেশ্য কি? তেতিয়া মই কওঁ যে মই বিশ্ববিদ্যালয়ৰ পৰা আহিছোঁ, মোৰ লগত গৱেষকসকলো আহিছে। আপোনালোকৰ মাজত যিবোৰ কথা পৰি আছে সেইবোৰ হয়তো এসময়ত এটা প্রজন্মৰ লগতে বিলোপ হৈ যাব। যদি আপোনালোকে জনা কথাবোৰ আমি আপোনালোকৰ নামসহ লিপিবদ্ধ কৰোঁ তেতিয়া আপোনালোকৰ কথাবোৰ সকলোৱে পঢ়িবলৈ পাব, আলোচনা কৰিব, গৱেষকসকলে আপোনালোকৰ সহায়-সহযোগৰ স্বীকৃতি দিব, আপোনালোকক পোহৰলৈ আনিব। আৰু কেতিয়াবা কিছুমানে কয়, “এহ এনেকৈ দিব নোৱাৰি, কিবা এটা খাব লাগিব।” তেতিয়া তেওঁলোকক কিবা এটা মাননি দিও সমলখিনি সংগ্রহ কৰা হয়।
সাহিত্য ডট অর্গ: ছাৰ, লোক-সংস্কৃতিখিনিয়ে সমাজখনত সকলোকে একেটা বান্ধেৰে বান্ধি ৰাখিছে। কিন্তু দেখা যায় নৱ-প্ৰজন্মৰ বহুতে আমাৰ কৃষ্টিৰ লগত জড়িত আচাৰ-অনুষ্ঠান, গীত-মাতবোৰ নাজানে? তাৰ কাৰণ কি হ’ব পাৰে।
° নবীনচন্দ্র শর্মা: নজনা হৈ আহিছে, বেছিভাগে ইংৰাজী পঢ়িবলৈ ল’লে। মানুহবিলাকে লাহে লাহে আমাৰ অসমীয়া সংস্কৃতিৰ প্রতি বীতশ্রদ্ধ হৈ পৰিছে। ইংৰাজী পঢ়াৰ প্রতি প্রৱণতা বঢ়াৰ বাবে অসমীয়া পঢ়াৰ প্রতি আগ্রহ কমি যাবলৈ ধৰিলে। বহুতো ইংৰাজী মাধ্যমৰ পাঠ্যক্রমত অসমীয়াৰ আৰু অসমৰ ইতিহাসেই নাই। আমি এল.পি স্কুলত নৰনাৰায়ণৰ সাধু, ৰুদ্রসিংহৰ সাধু, চিলাৰায়ৰ সাধু পঢ়িছিলোঁ। কথাবোৰ শৈশৱতে আমি সাধুৰূপে পঢ়িছিলোঁ। পৰৱর্তী সময়ত আমি উচ্চশিক্ষা লাভ কৰাৰ বেলিকা কথাবোৰ বিতংকৈ জানিছিলোঁ। আজি সাধুকথা পোৱা নে ক’ৰবাত? নাই। সাধুকথাৰ কিতাপ নাই, অসমৰ বুৰঞ্জীৰ কথা নাই। সাধুকথাটোও যে শিক্ষা লাভৰ এটা মূল অংগ সেই কথাটো এতিয়া বহুতে অনুধাৱন কৰিব নোৱাৰে। এটা বিহুগীত বহুতে নাচায়, আজি ছোৱালীয়ে বিহুগীত, বিয়ানাম নাজানে, যোজনা-পটন্তৰ নাজানে, সাধুকথা নাজানে, ইংৰাজীতহে কথা কয়। গতিকে আমাৰ অসমীয়া মানুহ আৰু ক’ত থাকিব? আমি খেতি-বাতি কৰোঁতে পথাৰবোৰত বিহুগীত গাইছিলোঁ কিন্তু এতিয়া বাণিজ্যিকৰণৰ বাবে বিহুগীতো বিহুগীত হৈ থকা নাই। পাশ্চাত্যৰ অনুকৰণত বিহুগীততো বাজানা ব্যৱহাৰ কৰি থলুৱা বাদ্য ঢোল, তাল, পেঁপা, গগণা আদি নবজালে বিহুগীতৰ প্রকৃত মাধুৰী কেনেকৈ বুজা যাব? কোনোৱে যদি এখন ঠাইৰ ইতিহাস নাজানে, ভূগোল নাজানে সংস্কৃতি ক’ৰ পৰা জানিব? বিভিন্ন ৰীতি-নীতিয়ে সংস্কৃতিৰ লগত আমাৰ জীৱনটোক একীভূত কৰি তুলিছে।
সাহিত্য ডট অর্গ: ছাৰ, সাধুকথাবোৰ এতিয়াও আমাৰ মাজত প্রচলিত হৈ আছে। কিন্তু মালিতাবোৰ নাইকিয়া হৈছে। এতিয়া ওজাপালি বা ঢুলীয়াই হওক সেইবোৰো লাহে লাহে কমি আহিছে। এইবোৰো আমাৰ মাজৰ পৰা হেৰাই যাব নেকি?
° নবীনচন্দ্র শর্মা: আগতে বৈৰাগীসকলে টোকাৰী বজাই গীত গোৱা দেখা গৈছিল। আমাৰ সমাজৰ পৰা বৈৰাগীবোৰ নোহোৱা হ’ল আৰু লগে লগে টোকাৰী বজোৱা মানুহো নোহোৱা হ’ল। আমাৰ সমাজৰ পৰা মনসা পূজাও লাহে লাহে নাইকিয়া হৈ গৈ আছে। বাসুদেৱ পূজাত ব্যাস গোৱা ওজাপালিয়ে বিয়াহৰ গীত গাব লাগে। আগতে নিয়ম আছিল যে লগুণদিয়নীত বাসুদেৱ পূজা পাতিব লাগে। এই বাসুদেৱ পূজাৰ ৰাতি হয় ব্যাস ওজাপালি উঠিব নহয় খুলীয়া ভাৱৰীয়া উঠিব। এইবোৰৰ পৃষ্ঠপোষকতা সেই সময়ৰ সমাজত আছিল। পৃষ্ঠপোষকতা থাকিলে এতিয়াৰ সমাজতো হ’ব, কিন্তু পৃষ্ঠপোষকতাই নাই। সেইবিলাক গীত শাস্ত্রীয় ৰাগযুক্ত হয়। সেইবোৰ পৰিৱেশন কৰোঁতে যথেষ্ট কষ্ট হয়। ফলত শৰীৰ ৰুগীয়া হৈ পৰে।

সাহিত্য ডট অর্গ: ছাৰ, সম্প্ৰতি দেখা যায় অসমৰ থলুৱা সংগীতক প্ৰতিষ্ঠিত শিল্পীয়ে থলুৱা বাদ্য আৰু আধুনিক বাদ্যৰ সংগমেৰে অসমৰ বাহিৰৰ অৰ্থাৎ অনা-অসমীয়া ৰাইজৰ ওচৰলৈ নিবলৈ প্ৰয়াস কৰিছে ৷ ইয়াক অসমৰ থলুৱা সংগীতৰ বাবে শুভ লক্ষণ বুলি ক’ব পাৰি নে? নে অসমীয়া থলুৱা সংগীতে থলুৱা আৰু আধুনিক বাদ্যৰ সংগমত নিজস্বতা হেৰুৱাইছে? আপুনি কি ভাবে ছাৰ?
° নবীনচন্দ্র শর্মা: নাই নাই বাহিৰলৈ যোৱাত একো বেয়া কথা নাই। তাৰ যিটো পৰম্পৰাগত ব্যৱহাৰ সেইটো যদি অক্ষুণ্ণ ৰাখি কৰে তেন্তে তাত একো অসুবিধা নাই। কিন্তু যদি আধা আধাকৈ খণ্ড-বিখণ্ড কৰি দিয়ে সেইটো বেয়া কথা হ’ব। বিহুগীতত ঢোল, পেঁপা, গগণা আদিৰ উপৰি আধুনিক বাদ্য ব্যৱহাৰ কৰাৰ বাবে বিহুগীতে তাৰ সৌন্দর্য আৰু মাদকতা হেৰুবাইছে।
সাহিত্য ডট অর্গ: অসম “লোক-পৰিবেশ্য কলা”ৰ দিশত ইমান চহকী হোৱা সত্বেও ওজাপালি, ঢুলীয়া, খুলীয়াৰ দৰে লোক-পৰিবেশ্য কলাই পাবলগীয়া মান এতিয়াও পোৱা নাই ৷ এনে হোৱাৰ কাৰণ কি বুলি ভাবে আৰু এইবোৰ আমাৰ কৃষ্টিত জীয়াই ৰাখিবৰ বাবে আমাৰ কৰণীয় কি হোৱা উচিত?
° নবীনচন্দ্র শর্মা: মানুহৰ ৰসাস্বাদনবোধৰ বাবে শ্রোতা-দর্শক লাগে। পছৰীয়াৰ মনসা পূজাৰ আবেলি দেউধাই নাচে, ঢুলীয়াই ঢোল বজায় আৰু তাত চার্কাচৰ দৰে বলিকটা দাখনৰ ওপৰত দেওধায়ে জপিয়াই যিবোৰ অদ্ভূত ক্রিয়াকলাপ প্রদর্শন কৰে সেইবোৰ তাৰ স্থানীয় ল’ৰা-ছোৱালীবোৰে নাচায়। তাৰ পৰিৱর্তে তেওঁলোকে দোকানৰ পৰা চি. ডি. লৈ গৈ ওচৰৰ মানুহঘৰত হিন্দী চিনেমা চায়। এইবোৰ কথাই বহুত প্রভাব পেলায়। আন নহ’লেও বছৰেকত পাঁচদিনৰ বাবে টকা-পইচাৰ যা-যোগাৰ কৰি তোমালোকে মনসা পূজা পাতিছা; গতিকে সেই পাঁচদিন অন্ততঃ সেই ঠাইখনৰে হৈ থাকাচোন! খৃষ্টানধর্মী মানুহবোৰ যিমানে অত্যাধুনিক নহওক কিয় তেওঁলোকে কিন্তু বৰদিনটো খুব সুন্দৰভাবে উদ্‌যাপন কৰে।
এই লোক-পৰিৱেশ্য কলা পৰিৱেশন কৰা শিল্পীসকলক চৰকাৰে সহায়-সহযোগ কৰিব লাগে। নায্য অনুদান দিব লাগে।
সাহিত্য ডট অর্গ: ছাৰ, লোক-সংস্কৃতিৰ শিক্ষক হিচাপে আপুনি এতিয়ালৈ বহুতো ছাত্ৰ-ছাত্ৰী, গৱেষক পাইছে ৷ বহুতো ছাত্ৰ-ছাত্ৰীয়ে আপোনাৰ পৰা লোক-সংস্কৃতিৰ পাঠ লাভ কৰি উত্তীৰ্ণ হৈ গৈছে, বহুতো গৱেষকে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ৷ গুৰু-শিষ্যৰ মাজত হোৱা কিবা অভিজ্ঞতাৰ ভাগ আমাক দিব নেকি? কাৰণ আমি জানো, আপুনি শিক্ষাৰ্থী সমাজত যথেষ্ট জনপ্ৰিয় ৷
° নবীনচন্দ্র শর্মা: মোৰ সকলোৰে লগত ভাল সম্পর্কয়ে। বিশেষ মনত পৰা নাই একো। আগতে উল্লেখ কৰিছোঁ যে ৫৬জন গৱেষকে মোৰ তত্বাৱধানত গৱেষণা কৰি ওলাইছে।
সাহিত্য ডট অর্গ: ছাৰ, আপোনাৰ জীৱন যাত্রাৰ বিষয়ে অলপ জনাওকচোন!
° নবীনচন্দ্র শর্মা : আর্থিকভাবে আমাৰ পৰিয়ালটো ইমান টনকিয়াল নাছিল; অৱশ্যে লোঘোণ পৰিবলগীয়া অৱস্থাও হোৱা নাছিল। মই মোৰ মা-দেউতাৰ ৫ম সন্তান। মোৰ জন্ম ১৯৩৮ চনত। আমাৰ ঘৰ মঙলদৈত। সৰুতে মই দুষ্টয়ে আছিলোঁ। তাতে সেইসময়ত আমাৰ গাঁওবিলাকত পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীৰ সংখ্যা অলপ কম। খেতি-বাতি, গৰু-ম’হৰ লগত লাগি থাকোঁতে সময় যায়। পঢ়া-শুনাত বৰকৈ মন যোৱা নাছিল, ঠিক বেজবৰুৱাৰ “মুক্তি” গল্পটোত কোৱাৰ দৰে। অৱশ্যে সেইসময়ত সকলোৰে প্রায় তেনেকুৱাই হৈছিল। ক-শ্রেণী উত্তীর্ণ হোৱাৰ পাচত পঢ়াত মন বহিবলৈ আৰম্ভ কৰে। আইয়েও প্রায়ে বুজাইছিল যে আমি দুখীয়া মানুহ, পঢ়া-শুনা কৰি কিবা এটা কৰিব পাৰিলেহে অৱস্থা ভাললৈ আহিব। তাৰমাজতে আমি গাঁৱৰ বিয়া-সবাহতো লাগি-ভাগি সহায় কৰি দি ভাল পাইছিলোঁ। তেনেকৈয়ে এল.পি. পাছ কৰিলোঁ, বৃত্তিও পালোঁ। পিতাই মোক সংস্কৃত টোলতো পঢ়িবলৈ উপদেশ দিছিল, কিন্তু মই হাইস্কুলত নাম লগালোঁ। মই নাইনত থাকোঁতে ছাৰ এজনে মোক “নর্মাল” পৰীক্ষা দিবলৈ ক’লে। নর্মাল পাছ কৰি গ’লে গুৱাহাটীত চাকৰি পায়। গতিকে মেট্রিক নিদি মই নর্মাল দি ভালকৈ পাছ কৰিলোঁ আৰু পোনেপোনে মই ডেৰ মাহমান এল.পি. স্কুলত শিক্ষকতা কৰোঁ। ১৯৫৯ চনৰ ২৫ অক্টোবৰত জালুকবাৰী হাইস্কুলত চাকৰিত জইন কৰোঁ আৰু নতুনকৈ হোৱা আর্য বিদ্যাপীঠ নাইট কলেজতো নাম লগাওঁ। আর্য বিদ্যাপীঠৰ ওচৰতে হোষ্টেলৰ ৰুম এটাত থাকিবলৈ লওঁ। দিনত পঢ়াওঁ আৰু ৰাতি পঢ়োঁ। তেনেকৈয়ে অসমীয়াত অনার্চসহ ১ম শ্রেণীৰ ১ম স্থান লাভ কৰি বি. এ. পাছ কৰোঁ। দীন শর্মা ছাৰে মোক বৰ সহায় কৰিছিল। তেখেতে মোক শ্বিলঙলৈ নি শিক্ষামন্ত্রী দেৱপ্রসাদ বৰুৱা ছাৰক লগ কৰাই দিয়ে। শিক্ষামন্ত্রীয়ে মোক এটা জলপানিৰ ব্যৱস্থাও কৰি দিয়ে। সেই জলপানিৰ সহায়তে মই এম. এ. পাছ কৰোঁ। মাজতে কেইবছৰমান প্রাগজ্যোতিষ মহাবিদ্যালয়ত কাম কৰোঁ আৰু ১৯৮১চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফ’কল’ৰ ৰিচার্ছ ডিপার্টমেণ্টত জইন কৰোঁ। সেইসময়ত প্রফুল্ল দত্তগোস্বামী ছাৰে অৱসৰ লৈছে মাত্র। মই আহি লগ পাওঁ বীৰেন দত্ত ছাৰক। তাৰ পাচত মই সেই বিভাগত ৰীডাৰ হওঁ, তাৰ পাচত মই অধ্যাপক পদ লাভ কৰোঁ আৰু বিভাগীয় প্রধান হিচাপে অৱসৰ গ্রহণ কৰোঁ। অৱসৰৰ পাচতো চাৰি বছৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে থাকোঁ। অৱসৰৰ পাচতো সর্বমুঠ ১০বছৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ থাকোঁ।
সাহিত্য ডট অর্গ: বাল্য বন্ধু বা সহপাঠী কাৰোবাৰ লগত এতিয়াও যোগাযোগ আছেনে?
° নবীনচন্দ্র শর্মা: আছে আছে, বহুতৰ লগতে আছে। এই ধৰা গুণেন শর্মা, শশী দাস… বহুতৰ লগত আছে। আমাৰ লগৰ কিছুমান প্রফেচাৰ হৈছিল। কিছুমান অৱশ্যে ইতিমধ্যে ঢুকাল।
সাহিত্য ডট অর্গ: অৱসৰৰ পাচত আজৰি সময়খিনি আপুনি কেনেকৈ কটায়?
° নবীনচন্দ্র শর্মা: আজৰি সময় মোৰ নায়েই। ৰাতিপুৱা শুই উঠিয়ে মই নিজৰ কামত ব্যস্ত হৈ যাওঁ। প্রাগজ্যোতিষত দুই-এটা এম.এ-ৰ ক্লাচ কৰি দিওঁ। ছাত্র-ছাত্রীবিলাকে বিচাৰে। বিশেষকৈ সংস্কৃত বা পুৰণি অসমীয়া পঢ়াবলৈ মোক বিচাৰে। তাৰ বাহিৰেও অসম তীর্থ, অখিল ভাৰতীয় সাহিত্য পৰিষদ আদিৰ লগতো মই জড়িত। দৰং জনকৃষ্টি সমাজ, ডিব্রুগড় বিশ্ববিদ্যালয়, অৰুণাচল বিশ্ববিদ্যালয় আদিৰ লগত বিভিন্নধৰণে জড়িত। গতিকে মোৰ আজৰি সময় তেনেকৈ নাই।
সাহিত্য ডট অর্গ: ছাৰ, আপোনাক যদি পাঁচখন কিতাপ আপোনাৰ লগত ৰাখিবলৈ কোৱা হয়, তেন্তে সেইকেইখন কি কি হ’ব পাৰে?
° নবীনচন্দ্র শর্মা: অ… ১/ “ৰাছিয়ান ফ’কল’ৰ”—তাত ৰাছিয়াৰ বিপ্লৱৰ কথাবিলাক কেনেকৈ লিখা আছে আৰু ৰাছিয়াৰ বিপ্লবী নেতাসকলে লোক-সংস্কৃতিক কেনেদৰে গ্রহণ কৰিছিল বা বিপ্লৱত কেনেধৰণে ব্যৱহাৰ কৰিছিল সেই বিষয়ে জানিবলৈ।
২/ আমেৰিকান ফ’কল’ৰ
৩/ হিষ্ট্রী অফ ৰেড ইণ্ডিয়ানচ অৱ ইণ্ডিয়া/ ফ’কল’ৰ অৱ ৰেড ইণ্ডিয়ানচ
৪/ ৰবীন্দ্রনাথ ঠাকুৰৰ “সঞ্চয়িতা”
অসমীয়া কিতাপৰ ভিতৰত চৈয়দ আব্দুল মালিকৰ উপন্যাস, হোমেন বৰগোহাঞিৰ গল্পৰ কিতাপ,নীলিম কুমাৰৰ কবিতা
সাহিত্য ডট অর্গ: ছাৰ, দিনটোৰ ভিতৰত আপোনাৰ প্ৰিয় সময় কোনখিনি?
° নবীনচন্দ্র শর্মা: ৰাতিপুৱাৰ সময়খিনি ভাল লাগে। মানুহ নাহিলে মই ৬টাৰ পৰা ৬:৩০লট শুই থাকোঁ। কাম কৰা ছোৱালীজনী আহে। মই তিনি কাপ চাহ কৰোঁ। একাপ মোৰ, একাপ ছোৱালীজনীক দিওঁ আৰু একাপ আমাৰ এওঁৰ। আৰু মই দুই-এখন কিতাপো লিখি থাকোঁ, প্রবন্ধ প্রায়ে লিখিব লাগে আৰু এতিয়া গল্পও লিখোঁ।

সাহিত্য ডট অর্গ: ছাৰ আপোনাৰ প্রিয় ৰং?
° নবীনচন্দ্র শর্মা: প্রিয় ৰং… বগা।
সাহিত্য ডট অর্গ: প্রিয় শব্দ?
° নবীনচন্দ্র শর্মা: কোমল শব্দবোৰ যেনে মলয়, মাধৱী ইত্যাদি।
সাহিত্য ডট অর্গ: আপোনাৰ প্রিয় ব্যঞ্জন?
° নবীনচন্দ্র শর্মা: খুতুৰা শাক, চকলা গুচোৱা মগুৰ গোটাকৈ ৰন্ধা দাইল, মাছৰ ভিতৰত শোল মাছ, টেঙাৰ ভিতৰত থেকেৰা টেঙা মোৰ প্রিয়, ঢেঁকীয়া শাক আৰু সেই ধৰণৰ পৰম্পৰাগত থলুৱা খাদ্যবোৰ খাই মই ভাল পাওঁ। মাংসৰ ভিতৰত পাৰৰ মাংস খাই ভাল পাইছিলোঁ, কিন্তু এতিয়া স্বাস্থ্যজনিত কাৰণত নাখাওঁ।
সাহিত্য ডট অর্গ: ছাৰ, আকাশ আৰু সাগৰ দুয়োটা শব্দই আমাৰ মনলৈ বিশালতাৰ অনুভূতি আনি দিয়ে। এই দুয়োটাৰে ভিতৰত আপোনাৰ কোনটো প্রিয়?
° নবীনচন্দ্র শর্মা: মই সাগৰ ভাল পাওঁ। আকাশখনতো দেখিয়ে থাকোঁ। সাগৰৰ গভীৰতা উপলব্ধি কৰিবলৈ আৰু ভিতৰলৈ সাগৰখন চাবলৈ মন যায়, যিটো সম্ভৱ নহয়। সাগৰৰ ঢৌত মই মিলনৰ বিভিন্ন চিত্র দেখোঁ। আৰু সাগৰে গোটেই মহাদেশকেইখনক আৱৰি আছে।
সাহিত্য ডট অর্গ: আপোনাৰ বর্তমান পৰিয়ালৰ কথা কওক।
° নবীনচন্দ্র শর্মা: মই, শ্রীমতী, ডাঙৰ ল’ৰা কন্দর্প কুমাৰ শর্মা (গু.বি.ৰ ইলেকট্রনিকচ বিভাগৰ সহযোগী অধ্যাপক), সৰু ল’ৰা উদয়ন শর্মা (কেলিফ’র্নিয়াৰ ব্যক্তিগত খণ্ডৰ ইঞ্জিনীয়াৰ)।
সাহিত্য ডট অর্গ: ছাৰ, আমাৰ শেষ প্রশ্ন প্ৰতিগৰাকী সফল ব্যক্তিৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা হয়৷ এই কথাষাৰ আপোনাৰ ক্ষেত্ৰতো প্ৰযোজ্য নে?
° নবীনচন্দ্র শর্মা: অ.. মোৰ ক্ষেত্রত মোৰ আই। এতিয়াও মই সপোনত তেখেতক লগ পাওঁ। তেখেতৰ মুখত শুনা সাধুকধা, বিয়াগীত আদিয়ে মোক লোক-সংস্কৃতিৰ দিশত আগবাঢ়িবলৈ অনুপ্রেৰণা দিছিল। তেখেতৰ কাৰণে মই জীৱ-জন্তু, চৰাই-চিৰিকতি ভাল পাবলৈ শিকিলোঁ।
সাহিত্য ডট অর্গ: আপোনাৰ পৰা আজি আমি ভালেমান কথা শুনিলোঁ আৰু উপকৃতও হ’লোঁ। আপোনাৰ ব্যস্ত জীৱনৰ অকণমান সময় আমাৰ লগত অতিবাহিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ যাচিলোঁ ছাৰ। আপোনাৰ সুস্থ-সবল, নিৰোগী দীর্ঘ জীৱনৰ কামনা কৰিলোঁ।

সাক্ষাৎকাৰৰ বাণীৱদ্ধ ৰূপঃ

শুভেচ্ছাবাণীঃ 

 

[সাক্ষাৎ গ্ৰহণঃ ২৮/০৫/২০১৩, ধ্ৰুৱজ্যোতি শৰ্ম্মা, দেৱব্ৰত গগৈ - সাহিত্য ডট অৰ্গৰ সহযোগত]