Wednesday, February 5, 2014

সংবাদ মাধ্যমলৈ এটি নিৱেদন

অসমৰ সকলো সংবাদ কৰ্মীলৈ কাইলৈ সৰস্বতী পূজাৰ প্ৰাকক্ষণত এটি অনুৰোধ জনাব বিচাৰিছোঁ।

যোৱা কেইবছৰমানৰ পৰা দেখি আহিছোঁ যে সৰস্বতী পূজাৰ দিনাখন অসমৰ ই-মিডিয়াই বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত উপস্থিত থকা সুন্দৰীসকলৰ সৌন্দৰ্য বিচাৰত নিমগ্ন হয়। আজিৰ পৰা কেইবছৰমানৰ আগলৈকে সৰস্বতী পূজা বুলিলে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ নামত পূজা চলিছিল আৰু সকলোৱে ভক্তিভাৱেৰে বীণাপাণিক পুষ্পাঞ্জলি অৰ্পন কৰিছিল। সৰস্বতী পূজাৰ দিনাখন লঘোণে থাকি দেৱীমাতৃক পুজা-অৰ্চনা কৰি শান্তি নোলোৱালৈকে আগন্তুক বৰ্ষত বিদ্যা লাভ নহব বুলি সকলোৱে মনে মনে বিশ্বাস কৰিছিল। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছিল সৰস্বতী পূজা।

কিন্তু সংবাদ মাধ্যম, মুলতঃ বৈদ্যুতিন মাধ্যমে এই সৰস্বতী পূজাক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূহাৰ পৰিৱৰ্তে সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা হিচাপে পৰিৱৰ্তন কৰাৰ ধাৰাতহে যেন ব্ৰতী হৈছে। ফলস্বৰূপে পূজৰ্ত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে ছাত্ৰীসকল ব্যস্ত হৈ পৰিছে ট্ৰেডিশ্যনেল ফেশ্যন শ্বো' ত আৰু ছাত্ৰসকল ব্যস্ত হৈ পৰিছে এই ছাত্ৰীসকলক আকৰ্ষণ কৰাত। ফলস্বৰূপে পূজাৰ থলী খালী হৈ বিদ্যালয়-মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হোৱা কেমেৰাৰ ওচৰতহে ভিৰ পৰিলক্ষিত হৈছে। এই প্ৰক্ৰিয়াই এটা পৱিত্ৰ দিনৰ পৱিত্ৰ মনক কিছুমান অপ্ৰয়োজনীয় প্ৰতিযোগিতাৰে মষিমূৰ কৰিব বিচৰিছে বুলি বৌদ্ধিক মহলে শংকা প্ৰকাশ কৰিছে।

সেয়েহে সকলো সংবাদ কৰ্মীলৈ আমাৰ এটাই নিৱেদন, তেওঁলোকে যেন সৰস্বতী পূজাৰ দৰে অনুষ্ঠান এটাৰ পৱিত্ৰতাক সৌন্দৰ্য প্ৰতিযোগিতাৰে ম্লান পৰি যাবলৈ নিদিয়ে। অসমৰ সাংস্কৃতিক ভাৱাবেগক গুৰুত্ব দি সংবাদ কৰ্মীসকলে তেওঁলোকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি যাব বুলি আমি আশা ৰাখিছোঁ।

(ৰচনাকালঃ ৩ ফেব্ৰুৱাৰী, ২০১৪)

No comments:

Post a Comment