বৰ
হেঁপাহ আছিল তেওঁক সোঁশৰীৰে চোৱাৰ...... উদ্বাউল হৈ আছিলোঁ তেওঁক এবাৰ চুই
চাবলৈ.... মানুহে কয় তেওঁৰ দেহৰ জ্যোতিয়ে হেনো প্লাবিত কৰি ৰাখে তেওঁৰ
চৌপাশ....মন আছিল, তেওঁৰ সেই জ্যোতিত এটা সন্ধ্যা ডুবি যাবলৈ...কিন্তু
নহ'ল। নিষ্ঠুৰ বাস্তৱে মনৰ আশা মনতে থাপি ৰাখিবলৈ বাধ্য কৰালে। যি সময়ত
ডলাই লামাই তেওঁৰ স্বভাৱসিদ্ধ হাঁহিৰে, জ্যোতিৰে গোটেই অসমক আলোকময় কৰি
ৰাখিছিল, সেই সময়ত ব্যস্ত হৈ ৰব লগা হ'ল
পৰিস্থিতি চম্ভালা এক বাস্তৱ খেলত। সঁচাকৈয়ে, বিশাস গঢ়া আৰু ভঙাৰ এই খেলখন
বৰ বেয়া খেল.... ই কেতিয়াও আপোনাৰ হেঁপাহ পূৰ হবলৈ নিদিয়ে। তথাপি চাগে'
ডলাই লামাৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি তথা ভালপোৱাৰ বাবেই তেওঁৰ সন্মুখত
থাকিব নোৱাৰিও লাভ কৰিলোঁ দায়িত্বৰ এক ভাৰ। বৰ ওজন যদিও মধুৰ এই ভাৰ, যাক
লাভ কৰি মই আনন্দিত। তেওঁ যেন নিজে নিজেই দায়িত্ব হৈ আহি মোৰ শৰীৰত
সোমালহি। ধন্যবাদ হে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্মগুৰু। আপোনালৈ অশেষ ধন্যবাদ।
(ৰচনাকালঃ ৩ ফেব্ৰুৱাৰী, ২০১৪)
No comments:
Post a Comment