Wednesday, February 5, 2014

প্ৰসংগঃ সৰস্বতী পূজা, অসমীয়া ভেলেণ্টাইন দে', সৌন্দৰ্য প্ৰতিযোগিতা ইত্যাদি

সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আৰাধনা। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবেই বৰ গুৰুত্বপূৰ্ণ এই পূজা। মাক-দেউতাকৰ আশা, সৰস্বতী পূজাত শুদ্ধভাৱে আৰু পৱিত্ৰ চিত্তেৰে অঞ্জলি দিব পাৰিলেই সন্তানটোৱে বিদ্যা লাভত সুফল লাভ কৰিব পাৰিব। কোনো বৈজ্ঞানিক ভিত্তি আছে বা নাই, সেয়া জনাৰ আগতেও এয়া এক ধৰ্মীয় আধ্যাত্মিক অনুভূতি। ছাত্ৰ-ছাত্ৰীৰ হৃদয়ত শিক্ষাৰ প্ৰতি আগ্ৰহ, দায়িত্ববোধ তথা একাগ্ৰতা বঢ়োৱাত সৰস্বতী পূজাৰ ভূমিকা কি, সেয়া নিশ্চয় নকৈ কব নালাগিব। বৰ বেছি দিন হোৱা নাই, ৰাতিপুৱাই আমি দেখিছিলোঁ যে ছাত্ৰ-ছাত্ৰীসকলে গা-মূৰ ঘুই উঠি হাতত থগি-শৰাই আদি লৈ নিজ নিজ বিদ্যালয়লত উপস্থিত হৈছেগৈ। উদ্দেশ্য আই সৰস্বতীৰ কৰকমলত নৈবদ্য যঁচা। পূজা আৰম্ভ হোৱাৰ আগেয়ে এই নৈবদ্য আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলে অঞ্জলি প্ৰদানৰ বাবে পৱিত্ৰ সাজ-পোছাক পৰিচ্ছদ কৰি আহি পূজাথলীত উপস্থিত হয়হি। পূজাথলী সেই সময়ত ছাত্ৰ-ছাত্ৰীৰে ৰজনজনাই থাকে। মুঠৰ ওপৰত পূজা বুলি ক'লে চৌদিশে যি এক ধৰ্মীয় পৱিত্ৰতা বিৰাজ কৰিব লাগে, সেয়া সৰস্বতী পূজাত দৃশ্যমান হয়। অঞ্জলি প্ৰদানৰ সময়ত পূজাথলী ভক্তগণৰ মন্ত্ৰোচ্চাৰণেৰে উদ্ভাসিত হৈ উঠে। শান্তিজল লবলৈ, হোমৰ ফোঁট লবলৈ অথবা নিৰ্মালি লবলৈ ঠেলা-হেঁচা লাগে। অৱশ্যে এইবোৰ আজিৰ কথা নহয়। মাত্ৰ কেইবছৰমানৰ আগলৈকে অসমৰ সৰস্বতী পূজাৰ সহজে দেখা পোৱা দৃশ্যহে এয়া।

কালৰ গতিত সময়ে আজি বহুকেইটা ঢাপ ওপৰলৈ উঠিল। অসম বহুখিনি উন্নত হল। অসমৰ সমাজ জীৱনলৈ পাশ্চাত্য ধং আহিল। পোছাক-পৰিচ্ছদত অসমীয়া ডেকা-গাভৰু, পুৰুষ-মহিলা আটায়ে ৰুচিবোধৰ দৌৰত নামি পৰিল। সচৰাচৰ কৰা পৰিচ্ছদৰ ঠাই ল'লে "জেংগো গেট-আপ"এ। ল'ৰাৰ কাণত কাণফুলি ওলমিল, ছোৱালীয়ে জিন্স পিন্ধি ঘূৰা আৰম্ভ হ'ল। তথাপি কিন্তু সৰস্বতী পূজা আগৰ দৰে সাধাৰণ, মাৰ্জিত আৰু সংস্কৃতিবান সমাজৰেই পৰিচায়ক হৈ থাকিল। কেতিয়াও শাৰী, চাদৰ-মেখেলা পিন্ধিব নজনা ছোৱালীজনীয়েও আনৰ সহায় হৈ হ'লেও সিদিনা থলুৱা বসন পৰিধান কৰাতেই অটল থাকিল। কানফুলি পিন্ধা ল'ৰাই, কেতিয়াও পিৰন আদি পিন্ধি নোপোৱা ল'ৰায়ো সিদিনাৰ দিনটোৰ বাবেই সাহ-পোছাকেৰে "অসমীয়া" হৈ থাকিল।

তেতিয়ালৈকে ঠিকে আছিল। কিন্তু হঠাৎ দেখোন সময়ে বাগৰ সলালে। আজিৰ ল'ৰা-ছোৱালীৰ মনবোৰ ৰঙীন হ'ল। সৰস্বতী পূজাত কেনেকৈ বিপৰীত লিংগৰ আকৰ্ষক হৈ পৰিব পাৰি, এতিয়া যেন তাৰহে এক অনামী প্ৰতিযোগিতা চলে। পূজাৰ আগদিনাখন আগতে বাগিছাৰ ফুল চিঙা সময়খিনি ল'লে পাৰ্লাৰ, সৌন্দ্ৰয চৰ্চা কেন্দ্ৰসমূহে। আজিৰ এই প্ৰতিযোগিতাত দলে দলে আহি যোগদান কৰেহি আমাৰ ডেকাদল। কিন্তু সেই প্ৰতিযোগিতাতকৈও অধিক ভয়ংকৰ হৈ দেখা দিছে আন এটা কথাইহে। সাজ-পৰিচ্ছদৰ মোহত, লেতেৰা হোৱাৰ ভয়ত যিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আঠু কাঢ়ি সেৱা জনাবলৈ টান পায়, মেকা-আপ বেয়া হোৱাৰ ভয়ত পূজাথলীত অঞ্জলি প্ৰদান নকৰে, নিৰ্মালি নলয়, সেইজন ছাত্ৰ-ছাত্ৰীয়েই কিন্তু পূজাথলীত প'জ দিয়েহি কেমেৰাৰ সন্মুখত। এবাৰ কেমেৰাত ওলাব পাৰিলেই আৰম্ভ হয় সৰস্বতী পূজাৰ আচল অভিসন্ধি। ফলত চহৰ-নগৰৰ নামী-দামী ৰেষ্টুৰেণ্টসমূহ, পাৰ্কসমূহ, প্ৰাকৃতিক পৰিৱেশয়ুক্ত ঠাইসমূহ ঠাহ খাই পৰে যুটি বন্ধা ডেকা-গাভৰুৰে। তাৰ পিছৰ ক্লাইমেক্স যেনিবা ৰাইজলৈকে এৰিলোঁ।

অন্যহাতে সংবাদ মাধ্যমকো অমূল পৰিৱৰ্তন সাজি অসমত পদাৰ্পণ ঘটিল কেবাটাও নিউজ চেনেল। বাতৰিৰ ক্ষুধা আৰম্ভ হ'ল। TRP ৰ চকা দৌৰিব ধৰিলে। সৰস্বতী পূজাতো চকু পৰিল এই চৈদ্যুতিন মাধ্যমসমূহৰ। আৰম্ভ হ'ল পূজাৰ থলীয়ে থলীয়ে ঘূৰিব ধৰিলে বাতৰিৰ ক্ষুধাৰ্ত কেমেৰাই। কিন্তু পূজাৰ বাতৰি জানো কিবা বাতৰি। গতিকে আৰম্ভ হ'ল আচল নাটকখন। সৰস্বতী পূজাৰ নামত আৰম্ভ কৰি দিয়া হ'ল এক প্ৰতিযোগিতা। সুন্দৰীৰ প্ৰতিযোগিতা। সৌন্দৰ্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই আজি ইমানেই ব্যাপক ৰূপ ধাৰণ কৰিলে যে, কেৱল মাত্ৰ সৰস্বতী পূজাত ধুনীয়া হৈ দেখা দিয়াৰ বাবেই বহু যুৱক-যুৱতীয়ে হাজাৰটকীয়া বজাৰো আৰম্ভ কৰিব লগা হ'ল। তাকো, পূজাৰ নামত নহয়, পূজাৰ নামত চলা সৌন্দৰ্য প্ৰতিযোগিতাৰ নামতহে। সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ ঠাইত যেন সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱীহে হ'লগৈ!

কিন্তু ওপৰোক্ত সকলোবোৰ হৈ থকাৰ পিছতো সংশ্লিষ্ট বিদ্যালয়-মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ কোনেও মাত মতা পৰিলক্ষিত নহ'ল। কোৱা বাহুল্য যে, এই সকলো অভিসন্ধিৰ গুৰি ধৰোঁতা হ'ল মাত্ৰ একাংশ ছাত্ৰ-ছাত্ৰী নতুবা সংবাদ কৰ্মী। কিন্তু এইসকলৰ এনেবোৰ কৰ্মৰ সমালোচনা কৰিবলৈও অসমত বুদ্ধিজীৱি নোহোৱা হ'ল। কোনে কব পাৰে যে পাঁচ-ছয় বছৰ পিছলৈ এই চাদৰ-মেখেলা, শাৰী আদিৰ ঠাই মিনিস্কাৰ্ট অথবা পশ্চিমীয়া সাজ-পোছাকে নলব? তেতিয়াও আমাৰ সচেতন মহল আহিৰ দৰেই নিমাত হৈ ৰবনে?

[ৰচনাকালঃ ৫ ফেব্ৰুৱাৰী, ২০১৪]

No comments:

Post a Comment