Friday, March 14, 2014

স্বাধীনতাৰ উপায় (!)


আজিৰ তাৰিখত অসমত বিভিন্ন দল-সংগঠনে স্বায়ত্ত শাসন বিচৰা অথবা সাৰ্বভৌমত্ত বিচৰাৰ পৰিপ্ৰেক্ষিতত অসম স্বাধীন হোৱাৰ কেইটামান উপায় আমি ভাবি উলিয়াইছোঁ। সেইকেইটা হব পাৰে-

১/ য'তে-ত'তে মাৰি কাটি, অপহৰণ কৰি কেন্দ্ৰীয় চৰকাৰক জনোৱা যে, আমি লাগি আছোঁ। ফলত হাৰ মানি সেই দল-সংগঠনে তেওঁলোকে দাবী কৰা এলেকাক সাৰ্বভৌমত্ত প্ৰদান কৰিব। এই প্ৰচেষ্টা বহুকেইটা সশস্ত্ৰ সংগঠনে বহু বছৰ ধৰি কৰি আহিছে যদিও কিমান ফলপ্ৰসূ সেয়া আমাৰ সন্দেহ আছে। তথাপি ইয়াক এক উপায় হিচাপে সেই সংগঠনসমূহৰ পন্থাৰ প্ৰতি লক্ষ্য কৰিয়েই ৰখা হৈছে ।

২/ স্বাধীনতাৰ অৰ্থ হৈছে স্ব-অধীনতা। গতিকে দাবী কৰা সংগঠনসমূহৰ বিষয়মূৰীয়াহঁতক ৰাজনীতিৰ আসন, টকা-পইচাৰে স্ব অধীন হবলৈ এৰি দিলেই সেই এলেকাটো স্বাধীন (স্ব-অধীন) হৈ পৰিব। দিতেশ্বৰ শইকীয়াই এই পন্থাৰে বহুতকে ইতিমধ্যে স্বাধীনতা দিছেই। বাকীখিনিৰো আধাক দিছে আমাৰ তৰুণ গগৈদেৱে।

৩/ ঘৰতেই যি পৰাধীন, তেওঁ দেশৰ স্বাধীনতা কেনেকৈ আনিব? গতিকে ঘৰতেই আগতে স্বাধীনতা আনি লব লাগিব। গতিকে ঘৰৰ পৰিয়াল-পৰিজনক মাৰি কাটি শেষ কৰি ল'লেই কাম শেষ। গতিকে ওপৰোক্ত দুটা পন্থাৰে স্বাধীনতা নোপোৱাসকলৰ কিছুমানৰ ক্ষেত্ৰত এই পন্থাটো ব্যৱহাৰযোগ্য হব পাৰে। দহ বাৰ বছৰ আগেয়ে এই পন্থাৰে বহুতে ইতিমধ্যে স্বাধীনতা পাইছেই।

৪/ আজিকালি অসমৰ সৰু বৰ সকলো জাতি-জনগোষ্ঠীয়েই সাৰ্বভৌমত্ত বিচাৰিবলৈ আৰম্ভ কৰিছে। এইটোও অস্ম স্বাধীন হোৱাৰ এক ফলপ্ৰসূ উপায় হব পাৰে। যিয়ে য'ত, যেনেকৈ স্বাধীনতা বিচাৰে তাকে স্বাধীনতা দি দিলে অসমৰ বাকী যিখিনি ঠাই থাকিব, সেইখিনি নিজে নিজেই স্বাধীন হৈ পৰিব। এই পন্থা বাকীবোৰ আন্দোলনৰ ওপৰত নিৰ্ভৰশীন যদিও একেবাৰে কম খৰচী আৰু সুবিধাজনক পন্থা হব পাৰে।

৫/ আমাৰ মূৰত খেলোৱা শেষ পন্থাটো ক'লে হয়তো বহুতে আমি ভ্ৰম বকা বুলি কব। তথাপি ভবা হৈছেই যেতিয়া কৈয়েই দিয়া যাওঁক। আমাৰ মগজুৱি ঢুকি পোৱা শেষ পন্থাটো হৈছে আত্মনিৰ্ভৰশীলতা। আমি অসমীয়াসকল হৈছোঁ বাকপটু। কথা আগত, কাম পাছত। আমি যিসকলে আজি স্বাধীনতা বিচাৰিছোঁ, সেইসকলৰ এই দাবীৰ মূল কাৰণ কি বাৰু? অনুন্নয়ন, অৱহেলা নহয়নে? অনুন্নয়নৰ কথা আহোতে আমি উন্নয়ণৰ ছবিখনো উলিয়াই লোৱা ভাল। অলপ মাত্ৰ অধিক শ্ৰম কৰিয়েই আমি ফল পাব পাৰোঁ। উদাহৰণস্বৰূপে কৃষিৰ কথাই কওঁ। বছৰত এটা খেতি কৰাৰ পৰিৱৰ্তে যদি আমি দুটা বা তিনিটা খেতিৰ বাবে ব্যৱস্থা কৰোঁ, তেন্তে উপাৰ্জনৰ আন এটা উপায় আমি পাব পাৰো। অধিক উপাৰ্জনক্ষমতাৰে আমাৰ সমাজখনক অৰ্থনৈতিক স্বাৱলম্বিতা প্ৰদান কৰিব পাৰোঁ। এই স্বাৱলম্বীতাই সমাজখনৰ সুস্থিৰ কৰিব। সুস্থিৰতা আহিলে উন্নয়ন আহিব। উন্নয়নে চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনিব। ঠিক তেনেকৈ ঔদ্যোগিক ক্ষেত্ৰত, সমাজ কল্যাণ, স্বাস্থ্য, শিক্ষা, শক্তি আদি ক্ষেত্ৰতো স্ব-নিৰ্ভৰশীল হব পাৰিলে আমাৰ বাবে অৱহেলা, অনুন্নয়ণ আদি শব্দবোৰৰ কোনো মূল্য নাথাকিব আৰু পৃথক স্বাধীনতাৰ প্ৰয়োজন নহব। স্ব-নিৰ্ভৰশীলতাই হব আমাৰ বাবে ডাঙৰ স্বাধীনতা।

আহক আমি স্বাধীনতা বিচৰাৰ পৰিৱৰ্তে জাতি-জনগোষ্ঠী নিৰ্বিশেষে স্ব-নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিওঁ।

(এই লেখাৰ কোনো অন্তৰ্নিহিত উদ্দেশ্য নাই। লেখাত বহুখিনি কথা ইতিকিংসূচক। লেখাৰ বিষয় আৰু পদ্ধতি লেখকৰ নিজস্ব আৰু কল্পনাগত। গঠনমূলক আলোচনা আমাৰ কাম্য)

ৰচনাকাল- ০৬ মাৰ্চ, ২০১৪

No comments:

Post a Comment