যোৱা
কেইদিনমানৰ অসমৰ ঘটনাৱলীয়ে পুৰণি কিছুমান কথালৈ মনত পেলাই দিছে৷ তেতিয়া
ৰাজনীতি বুজি পোৱা নাছিলোঁ৷ টিভিত দেওবাৰ এটাত "আৰু এটা সূৰ্য" নামৰ চিনেমা
এখন চাবলৈ পাইছিলোঁ৷ তাৰে কেইদিনমান পিছতে ওচৰৰে দাদা এজনৰ পৰা আৰু
তেওঁলোকৰ হোষ্টেলৰ পৰা পৰাগ দাসৰ কিতাপসমূহ বাজেয়াপ্ত কৰা হৈছিল৷ বুধবাৰ
নামৰ কাকতখনৰ নাম শুনিছিলোঁ যদিও পঢ়াৰ সৌভাগ্য হোৱা নাছিল৷ কিয়নো, কাকতৰ
গাড়ীয়ে পেলাই থৈ যোৱাৰ পিছত বিক্ৰেতাৰ ওচৰ পোৱাৰ
আগতেই টোপোলাৰে সৈতে বুধবাৰ নোহোৱা হৈ যায়৷ ফলত বিক্ৰেতায়ো বুধবাৰ ৰখা
বন্ধ কৰি দিয়ে৷ কিন্তু বুধবাৰ কিয় ইমান জনপ্ৰিয় আছিল, বুজা নাছিলোঁ৷ পৰাগ
দাস আৰু অজিত ভূঞা আমাৰ বাবে জনপ্ৰিয় সাংবাদিক৷ তাৰ পিছত শুনিলোঁ প্ৰতিদিনৰ
আৰু সাদিনৰ নাম৷ দেশৰ ৰাজনীতিৰ ফলাফলত সংবাদ মাধ্যমে কিদৰে ভূমিকা গ্ৰহণ
কৰিব পাৰে, সেইসময়ত দেখিছিলোঁ৷ কিন্তু হঠাৎ এদিন খবৰটো পাইছিলোঁ, স্কুটাৰত
পুত্ৰক স্কুলত থবলৈ যাওঁতে পৰাগ দাসক আততায়ীয়ে গুলিয়াই মাৰিলে৷ হয়তো ইয়াৰ
ক্ষতি সেই সময়ত অনুধাৱন কৰিব পৰা নাছিলোঁ৷ আমাৰ গাঁওলৈ ৰেডিওৰ আঞ্চলিক
বাতৰিৰ বাহিৰে গাঁওৰেই প্ৰজনিকাই আনিলে প্ৰতিদিন৷ ফলত কাকতৰ মুখ দেখা পোৱা
হলোঁ৷ কিন্তু অশান্ত অসমৰ খবৰ দিবলৈ আহি প্ৰতিদিন নিজেই খবৰ হৈ পৰিল৷
ৰাতিপুৱা স্কুলত যোৱাৰ আগতে প্ৰজনিকাৰ সন্মুখত হোৱা আলোচনাৰ সাৰমৰ্ম হিচাপে
গম পালোঁ যে চৰকাৰ বিৰোধী কাৰ্যকলাপৰ বাবেই টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰা
হৈছে অজিত ভূঞাক৷ মনটো বেয়া লাগিছিল৷ বুজি পাইছিলোঁ যে এই দুজন অসমৰ উন্নতি
সাধন কৰিব বিচৰা সাংবাদিক৷ সেয়ে হয়তো প্ৰতিদিনৰ সম্পাদকীয়ত ওলমি থকা
হেণ্ডকাফৰ ছবিয়ে নিজকে সাংবাদিক হবলৈ উৎসাহ যোগাইছিল৷ এইবোৰ কথাৰ দিন বাৰ
মনত নাই৷ কথাবোৰ কোনটো আগত কোনটো পিছত, তাকো মনত নাই৷ মনত কেৱল দুৰ্নীতিৰ
বিৰূদ্ধে মাত মাতি অহা ব্যক্তিসকলক সমৰ্থন কৰিবলৈ সাহস পাইছিলোঁ৷ তেনেকুৱা
মানুহ বহুতো পালোঁ৷ কিছুমানে দুৰ্নীতিৰ হেঁচাত প্ৰতিবাদ বাদ দিলে৷ কিছুমানক
আকৌ অমুৱালে৷ আন কিছুমানে প্ৰতিবাদৰ ভাষাৰেই দালানৰ বাসিন্দা হল৷ কিন্তু
একাগ্ৰতাৰে এই বিষয়ত লাগি থকা মানুহ পোৱা নাছিলোঁ৷ হঠাতে ভুমুকি মাৰিলে
অখিল গগৈ৷ যিকোনো সংগ্ৰাম বা আন্দোলনৰ আগতেও অখিল গগৈক জানিছিলোঁ, এজন আৰ
টি আই কৰ্মী হিচাপেহে৷ চি আই চি ৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত পোৱা সন্মানৰ
পিছত এটা কথাই ভাবিছিলোঁ যে এইবাৰ নৈৰাজ্যবাদৰ বিপক্ষে সংগ্ৰামখন চলাই নিব
তেৱেই৷ সেয়েহে চাগৈ অখিল গগৈৰ ওপৰতো শণিদৃষ্টি পৰিল৷ এটাৰ পিছত এটা বিতৰ্কই
তেওঁত অৱশেষত পোৱালেহি আৰক্ষী জিন্মা৷ তাতে ১২০ (বি) ধাৰা৷ টাডা নহলেও
আইনৰ জ্ঞান থকা বন্ধুসকলে এই ধাৰাক দাদা বুলিয়েই কয়৷ নাজানো, কোন সঁচা, কোন
মিছা৷ কোন অপৰাধী, কোন নিৰ্দোষী৷ কাৰ ষড়যন্ত্ৰত কোনে ভৰি দিছে৷ কিন্তু
এটা কথাই জানো, অসংগঠিত অসমীয়াক অন্যায়ৰ বিপক্ষে সংগঠিত কৰিবলৈ অসমক অখিল
গগৈক লাগে৷ লাগে এতিয়াতকৈ স্থিৰ, সংযত, আৰু চিন্তাশীল ৰূপত৷ পাৰিবনে তেওঁ
উভতি আহিবলৈ, নে তেওঁৰো কণ্ঠ ৰূদ্ধ হৈ যাব?
ৰচনাকালঃ ০৪ মাৰ্চ, ২০১৪
No comments:
Post a Comment