Tuesday, June 5, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (৮)

বিষ্ণুৰাভাৰ প্ৰথম সামাজিক নাটকৰ অভিনয় হ’ল শ্বৰ্গীয় ফণী শৰ্মা ৰচিত Satire ব্যঙ্গ নাটক ’গঙ্গাটোপ’ত গেঠুৰ চৰিত্ৰ| এই চৰিত্ৰটোত বিষ্ণুৰাভাই ইমানেই সুন্দৰ অভিনয় কৰিছিল যে দৰ্শকসকল আপ্লুত হৈ পৰিছিল| এই নাটকখনক পিছলৈ শৰ্মাদেৱে MLA নামকৰণ কৰে আৰু পিছত পূৰ্ণাঙ্গ নাটকত পৰিণত কৰি ’কিয়’ নাম দিয়ে| 

এই নাটক সম্পৰ্কীয় আড্ডাতেই থিয়েটাৰৰ ওপৰত এদিন আলোচনা হ’ল আৰু ডেকাচামৰ থিয়েটাৰ-নাটকৰ প্ৰতি অনীহা দেখি বিষ্ণুৰাভা, ফণী শৰ্মা আৰু চন্দ্ৰধৰ গোস্বামীদেৱে থিৰাং কৰিলে যে তেওঁলোকে এটা অনুষ্ঠান খুলিব আৰু ভৱামতেই "নাট্যসংঘ"ৰ জন্ম হ’ল| এই সংঘৰ জৰিয়তে তেওঁলোকে ’কিয়’ নাটকখন লৈয়েই বিভিন্ন প্ৰান্তত অভিনয় কৰিবলৈ ধৰিলে| আৰু আচৰিত যে গেঠুৰ চৰিত্ৰত বিষ্ণুৰাভা, ’ৰত্নেশ্বৰ বৰুৱা’ৰ চৰিত্ৰত ফণী শৰ্মা আৰু মুখ্য চৰিত্ৰ ’প্ৰদীপ’ৰ চৰিত্ৰত চন্দ্ৰধৰ গোস্বামীৰ বাহিৰে আনবোৰ চৰিত্ৰ স্থানীয় শিল্পীৰ দ্বাৰাই অভিনীত হ’ল| নাটকখনত ’গেঠু’ৰ চৰিত্ৰটো এক সাধাৰণ চৰিত্ৰ আছিল যদিও অসাধাৰণ অভিনয়েৰে ৰাভাদেৱে ৰাইজক মুহি পেলাইছিল| সৰু চৰিত্ৰ বুলি তেওঁ কোনোদিনে আপত্তি কৰা নাছিল| 

এই প্ৰচেষ্টাত সফল হোৱাত, ৰাইজৰ মাজত নাট্যপ্ৰীতি জগাই তোলাত সফল হোৱাত এইবাৰ শৰ্মা আৰু ৰাভাদেৱে উপাৰ্জনৰ আশা মনত লৈ "চিৰাজ" নাটকখন লৈ ওলাল| এইবাৰো তেওঁলোকে "আঘোণা"ৰ চৰিত্ৰত বিষ্ণুৰাভা আৰু "চিৰাজ"ৰ চৰিত্ৰত ফণী শৰ্মাৰ বাহিৰে আনবোৰ চৰিত্ৰত স্থানীয় শিল্পীকেই ল’লে| এইবাৰো তেওঁলোক সফল হ’ল| এনেকৈ নাট্যজগতৰ লগত জড়িত হৈ আছিল বিষ্ণুৰাভা| 

সমল গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা |

No comments:

Post a Comment