Monday, June 25, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (১৩)

জন্ম ১৯০৯ চনত ঢাকাত| দেউতাক ইষ্টাৰ্ণ ৰাইফলৰ চুবেদাৰ মেজৰ; তেতিয়াৰ পূৰ্ববঙ্গ আৰু অসমৰ গবৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা| তেজপুৰৰ পৰা মেট্ৰিক পাছ কৰি কলিকতাৰ ছেণ্ট পলছ কলিজত নাম লগালেগৈ ৰাভাই| তাৰপৰা আই,এছ,ছি পাছ কৰি ৰিপন কলিজলৈ গ’ল| কিন্তু কিছুদিন পিছত ৰিপন কলেজ এৰি থৈ কোচবেহাৰৰ  ভিক্টোৰিয়া কলেজলৈ আহিল আৰ্টছ পঢ়িবলৈ| কলেজীয়া জীৱনত ৰাভা আছিল দক্ষ খেলোৱাৰ| কোচবেহাৰত থাকোঁতেই ৰাভা আকৃষ্ট হ’ল স্বদেশী আন্দোলনৰ প্ৰতি আৰু ক্ৰমে তেওঁ ছাত্ৰ সমাজৰ নেতা হৈ উঠিল, সেই সময়ত কোচবেহাৰত দুজন বিষয়াৰ বিৰুদ্ধে জন-বিক্ষোভৰ সৃষ্টি হৈছিল| এজন আছিল হাকিন্সন আৰু আনজন আছিল ৰাজদেৱান খাস্তগীৰ হঠাত্‍ এদিন পুৱা ৰাজপ্ৰাসাদৰ প্ৰধান দুৱাৰত দেখা গ’ল আঠা মাৰি থোৱা এখন কাগজ| লিখা আছিল-

ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মঙ্গল চাও
দুইটি পাঠাই বলি দাওঁ||

এজন অসমীয়া ছাত্ৰই বঙালীত এনে সুন্দৰ ছড়া লিখি প্ৰহৰীৰ চকুত ধূলি মাৰি একেবাৰে যে ৰাজদুৱাৰত লগাই থৈ আহিব পাৰে তেনে কথা কোনে ভাৱিব পাৰে? যিয়েই নহওক কোচবেহাৰৰ পৰা ৰাভা বিতাড়িত হব লগা হ’ল| 


উত্‍স: সৈনিক শিল্পী বিষ্ণুৰাভা, অসমৰ শিল্পী সৈনিক: বিষ্ণু প্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস

No comments:

Post a Comment