Saturday, June 2, 2012

চাৰু গোহাঁইলৈ শ্ৰদ্ধাঞ্জলি


হাগতে আহিবি চেনাই ঐ... খোপাতে এপাহি কপৌ ফুল দিবলৈ.. হাগ তেওঁৰ প্ৰিয় আছিল, অথচ বহাগক আদৰিবলৈ পোৱাৰ আগতেই গুছি গল তেওঁ|

অসমীয়া সংগীত জগতক ৰোমাণ্টিক গীতৰ শৰাইৰে সজাই তোলা এই গৰাকী কণ্ঠশিল্পী-সংগীতকাৰ-সুৰকাৰ চাৰু গোহাঁই অসমৰ সংগীতপ্ৰেমীক অকলশৰীয়া কৰি যোৱা ৭ এপ্ৰিল, ২০১২ ইং চন শণিবাৰে দিনৰ ১০.৪৫ বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় আৰু চিকিত্‍সালয়ত ইহ সংসাৰৰ পৰা মেলানি মাগিলে| দীৰ্ঘ দিন ধৰি অসুস্থতাত ভুগি থকা এই গণশিল্পীগৰাকীৰ মৃত্যুৰ লগে লগে থমকি ৰল মাটিৰ গোন্ধ থকা ৰোমাণ্টিক গীতৰ যাত্ৰা|

১৯৫১ চনৰ ১৭ ছেপ্তেম্বৰত শিৱসাগৰ জিলাৰ চৰাইদেউ চাহ বাগিছাত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ কণ্ঠত আছিল কোমলতা, সুৰ আছিল মোহনীয়, সংগীত আছিল মৌ-মিঠা| আপোন দেশৰ মাটি আৰু মানুহৰ প্ৰতি আছিল তেওঁৰ এক বিশেষ টান| সেয়েহে চাগে তেওঁৰ গানবোৰৰ মাজেৰে বৈ আহিছিল আপোন দেশৰ কথা| ১৯৭০ চনৰ আৰম্ভণিতে জে.পি. দাসৰ কোনে বাঁহী বাই ৰাতি মোক কন্দুৱায়  গানৰ জৰিয়তে আত্মপ্ৰকাশ কৰা এই মহান শিল্পীগৰাকীৰ ৰোমাণ্টিক তথা মাৰ্জিত সুৰে অসমীয়া সংগীত জগতক দিছিল এক অনন্য দিশ| ১৯৭২ চনত সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰত গান গাবলৈ সুযোগ পোৱা চাৰু গোহাইদেৱ সৰুৰে পৰাই সংগীতৰ বাবে আছিল বলিয়া| এই গৰাকী শিল্পীয়ে ২০ কি:মি: খোজ কাঢ়ি গৈও সৰুতেই তাঁৰবাদ্য বজাবলৈ শিকিছিল| এনে অধ্যাৱসায়ৰ ফলতেই তেওঁৰ গানে জীৱনৰ ভিন্ন খোজৰ প্ৰতিনিধিত্ব কৰিব পাৰিছিল| সংগীত আছিল তেওঁৰ প্ৰাণ, তেওঁৰ ভালপোৱা| অথচ জে.পি দাসে কোৱাৰ দৰে-তেওঁ নিজে আছিল এজন প্ৰচাৰবিমুখ মানুহ, যি প্ৰচাৰবিমুখতাই হয়তো তেওঁৰপৰা কাঢ়ি লৈ গৈছিল বহুকেইটা পুৰস্কাৰ|  জোন জ্বলে কপালত, মোৰ সমাধিত... আছিল তেওঁৰ অনবদ্য সৃষ্টি| ১৯৮৮ চনত নতুন নিঞঁৰ এলবামখন আছিল তেওঁৰ প্ৰথম সংগীত এলবাম| তাৰোপৰি সুৰভি, জোন জ্বলে কপালত আৰু চাৰু গোহাইৰ গীত (Vol.I আৰু Vol.II) আছিল তেওঁৰ আন কেইখনমান এলবাম| মৃত্যুৰ আগমূহুৰ্তলৈ সংগীত সাধনা কৰি থকা এই শিল্পীগৰাকীৰ উদিত নাৰায়ণে কণ্ঠদান কৰা ষোল্ল বছৰীয়া তোমাৰ দেহা.... গানেই তেওঁৰ সংগীতৰ ৰোমাণ্টিকতাৰ পৰিচয় বহন কৰে| মানুহৰ লগত মিলিব পৰাটো আছিল তেওঁৰ এক কলা| বাপ্পী লাহিড়ী, জলী মুখাৰ্জী, উদিত নাৰায়ণেও তেওঁৰ লগত সংগীতৰ কাম কৰি আপ্লুত হৈছিল| জীৱনৰ পিছৰচোৱা সময় গুৱাহাটীৰ নৱগ্ৰহত স্থায়ীভাৱে থকা এইগৰাকী শিল্পীয়ে মৃত্যুৰ সময়ত দুগৰাকী বিবাহিতা জীয়ৰী আৰু পত্নীক এৰি থৈ গৈছে |
নিজৰ অনুভৱেৰে দেশৰ মানুহক দেশৰ মাটিৰ বাৰ্তা দি যোৱা এই ৰোমাণ্টিক আৰু সৰল শিল্পীজনৰ মৃত্যুত অসমৰ শিল্পজগত যেন শূণ্য হৈ পৰিল, সংগীতপ্ৰেমীসকলৰ বাবে হৈ পৰিল এক অভাৱনীয় ক্ষতি| এই মহান শিল্পীগৰাকীৰ মৃত্যুত জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি|

No comments:

Post a Comment