Tuesday, June 5, 2012

মানুহৰ জন্মকথা

সৃষ্টিৰ আদিৰে কথা| ব্ৰহ্মাই প্ৰথমবাৰৰ বাবে তললৈ চাওতে দেখিলে বৰ ধুনীয়া এক গ্ৰহ| তেওঁ ভাৱিলে, ইমান ধুনীয়া গ্ৰহ, ইমানদিনে তেওঁ নেদেখাকৈ কেনেকৈ থাকি গ’ল? ঠিক ভাৱিছেহে, ওলাল নহয় নাৰদ| তেতিয়া আমাৰ ভাঙুৰাজনৰ লগত ব্ৰহ্মাদেউৰ মতানৈক্য| নাৰদে আহি ক’লে -"নাৰায়ণ, নাৰায়ণ.... চাৰ, সেইযে দেখিছে ধুনীয়া গ্ৰহটি সেয়া শংকৰৰ সৃষ্টি| তেওঁ আপোনাক চেলেঞ্জ কৰি সেই গ্ৰহটো সজাইছে| লগতে কৈ ফুৰিছে, আপুনিহে সৃষ্টি কৰিব পাৰেনে ! তেওঁৰ সৃষ্টি আপোনাতকৈও হেনো উত্তম | সেয়ে সৃষ্টিকৰ্তাৰ বাবটোত সকলোকে তেওঁৰ সপক্ষে ভোট দিবলৈ প্ৰচাৰ চলাই আছে| ব্ৰহ্মাই বোলো কথা বিষম| কি কৰা যায় এতিয়া| তেওঁ নাৰদক তথ্যখিনিৰ বাবে ধন্যবাদ জনাই কি কৰিব ভাৱিব ধৰিলে| তেওঁৰ কাম সৃষ্টি কৰাহে| এতিয়া এই সৃষ্টিতো অবৈধ| অনুমোদনহীনভাৱে কৰা এই সৃষ্টি তেওঁ কেনেকৈ Asset Register ত ভৰায় ! 

ইপিনে নাৰদে ভাৱিছিল, ব্ৰহ্মাদেৱে তেওঁক কিবা এটা উপহাৰ দি পঠাব| পাছে নিদিয়া দেখি বেয়া লাগিল| তেওঁ ভাৱি লৈছিল যে, ব্ৰহ্মাই এই গ্ৰহটো ধ্বংস কৰিবলৈ হুকুম দিব| সেই ভাৱি ব্ৰহ্মাৰ উদ্দেশ্য যাতে সফল নহয়, তাৰ উদ্দেশ্যে বিশ্বকৰ্মাৰ ওচৰলৈ গৈ ক’লে যে ব্ৰহ্মাদেৱে শংকৰে সৃষ্টি কৰা গ্ৰহ এটাত কিছুমান দুঠেঙীয়া দুৰ্বোধ্য প্ৰাণী সৃষ্টি কৰি সেইবোৰক চলাবলৈ শংকৰক এৰি দিব| লগতে ইয়াৰো সংকেত দিলে যে ব্ৰহ্মাই সেই প্ৰাণীবিধৰ Model সৃষ্টি কৰিবলৈ হয়তো বিশ্বকৰ্মাকেই দিব| বিশ্বকৰ্মায়ো ভালেই পালে| যাহওক, বহুদিনৰ মূৰত অলপ কাম পাব| কাম নকৰি নকৰি এলাহ লাগি গৈছিল|

পিছদিনা ৰাতিপুৱাই ব্ৰহ্মাদেৱে সন্ধ্যা কৰি উঠিছেহে, তেনেতে নাৰদ আহি হাজিৰ| তেওঁ ব্ৰহ্মাদেউক ক’লে, "চাৰ, আপোনাৰ চিন্তাই মোৰো টোপনি ঘাটি কৰিলে| গোটেই ৰাতি এই গ্ৰহটোৰ কি কৰিব পাৰি, তাৰেই চিন্তা কৰি কৰি পাৰ কৰিলো| অৱশেষত যেনিবা উপায় এটা দেখিলো...সেয়েহে দৌৰি আহিলো|"
"কিনো উপায় দেখিলি ত‍ই"
"চাৰ, শংকৰৰ উদ্দেশ্য বৰ ভাল নহয়| সেয়েহে সেই গ্ৰহটোত দুঠেঙীয়া প্ৰাণী কিছুমান সৃষ্টি কৰি দিয়ক| সেইবোৰক এনেভাৱে Training দিয়ক যাতে সিহতৰ মাজতে প্ৰতিযোগিতা কৰি মৰে আৰু লগতে গ্ৰহটোকো ধ্বংস কৰে|"
ব্ৰহ্মাই চিন্তা কৰিলে...হয়তো...বুদ্ধিটো বেয়া নহয়| তেতিয়া শংকৰেও একো ধৰিব নোৱাৰিব-ফলত ৰাজনৈতিক শত্ৰুতা নোহোৱা হব আৰু কামো সিজিব| 
"যা তেন্তে বিশ্বকৰ্মাক পঠিয়াই দেগৈ" 
কবলৈহে পালে, নাৰদে বিশ্বকৰ্মাক লগত লৈ হাজিৰ হ’লহি|
"বিশ্ব, সেইটো দেখিছনে?"
"দেখিছো চাৰ, তাকেই ভাৱি আছো|" নাৰদে শিকাই দিয়ামতে বিশ্বকৰ্মাই ক’লে|
"কি কৰা যায় তেন্তে? এইটো মোৰ তললৈ আনিব লাগে আৰু শংকৰক তাৰ লগত ব্যস্ত ৰাখিব লাগে|"
"হয় চাৰ, মোৰ মনত বুদ্ধি এটা আছে|"
"কি?"
"দুঠেঙীয়া প্ৰাণী এবিধ গঢ়ি তাতে এৰি দিয়ক| প্ৰাণীকেইটাক ইমানেই ওস্তাদি বুদ্ধি দিয়ক যাতে সিহতক কন্ট্ৰোল কৰাতেই শংকৰ ব্যস্ত থাকিব লগা হয়|"
"দে তেন্তে, Model এটা তয়ে সাজ|"
"হব চাৰ, আপুনি চিন্তায়েই নকৰিব|"

কেইদিনমানৰ পিছত নাৰদে আহি ব্ৰহ্মাক খবৰ দিলে যে বিশ্বকৰ্মাই Model এটা সজালে| ব্ৰহ্মাই লৱৰি গ’ল| চাই দেখে বিশ্বকৰ্মাই এটা ধুনীয়া Model সজাইছে| কিন্তু কিবা এটা যেন নাই, ব্ৰহ্মাৰ এনে লাগিল| সেয়েহে তেওঁ বিশ্বকৰ্মাক ক’লে-"বিশ্ব, ভাল বনাইছাহে! পাছে কিবা অলপ অসম্পূৰ্ণ যেন লাগিছে| অলপ ভালকৈ বনাব পাৰি নেকি চোৱাচোন| আৰু শুনা, শংকৰৰ ভাঙুৰা পাৰ্টীৰ মানুহে আহি আমনি দিব পাৰে, সেয়ে এটা Room পূৰাকৈ বন্ধ কৰি লোৱা, অহাযোৱাৰ বাবে মাথো এটা সৰু ফুটা ৰাখা"
"হব চাৰ" বিশ্বকৰ্মায়ো শলাগিলে
এইবাৰ ব্ৰহ্মাৰ কথাখিনি বিশ্বকৰ্মাৰ বিবেকত লাগিল| স্বৰ্গলোকত প্ৰথমবাৰৰ বাবে কোনোৱাই তেওঁ সজা Model ক অসম্পূৰ্ণ বুলি কৈছে| নাই এনেকৈ নহব| এইবাৰ বিশ্বকৰ্মা খোৱা-লোৱা বাদ দি কামত লাগি গ’ল| সম্পূৰ্ণ তিনিদিন তিনিৰাতিৰ পিছত  কাম প্ৰায় শেষ হও হও অৱস্থাত ভালকৈ চাই তেৱো তভক লাগি ৰ’ল| লৱনী, সুশ্ৰী এক Model. পিছদিনাখন ব্ৰহ্মা আহিল| আহিয়েই তেওঁ থৰ লাগিল| ইমান সুন্দৰ Model আগতে কেতিয়াও দেখা নাছিল তেওঁ| এইবিধ প্ৰাণীয়েহে শংকৰক ব্যস্ত ৰখাৰ বাবে উপযুক্ত হব| তেওঁ বিশ্বকৰ্মাক দুয়োবিধ Model সাজু কৰি দিবলৈ ক’লে| বিশ্বকৰ্মায়ো ততাতৈয়াকৈ সাজু কৰি দিলে| যথাসময়ত দুয়োটা Model ক ব্ৰহ্মাই জীৱন দান কৰিলে| নাম ৰাখিলে "মানুহ"| প্ৰথমটোৰ নাম হ’ল "মতা মানুহ", দ্বিতীয়বিধ"মাইকী মানুহ"| জীৱন পাই মানুহ দুটা ওলাই যাবলৈ বুলি কোঠাটোৰ সৰু দুৱাৰমুখত উপস্থিত হ’ল| মতা মানুহটোৱে তত্‍ক্ষণাত মূৰটো হাউলি দি পাৰ হৈ ওলাই গ’ল; কিন্তু মাইকী মানুহটোৱে বিভিন্ন ধৰণেও পাৰ হব নোৱাৰিলে| তাকে দেখিহে বিশ্বকৰ্মাৰ মনত পৰিল যে মাইকী মানুহটোৰ Model সজাওতে, ৰূপত মুগ্ধ হৈ তেওঁ মগজু স্থাপন কৰিবলৈ পাহৰিয়েই গ’ল| আৰু ব্ৰহ্মায়ো তেনেকৈয়ে জীৱন দান কৰিলে| 

মূলভাৱঃ মগজু নাথাকোতেই মাইকী মানুহে পৃথিৱীখন ছাৰখাৰ কৰি পেলাব ধৰিছে, মগজু থাকিলে কি কৰিলেহেঁতেন?  


No comments:

Post a Comment