Wednesday, June 20, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (১০)

১৯৬৭ চনৰ কোনো এটা দিন| অসম বিধানসভাৰ কথা| শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ বিপক্ষে বিৰোধী দলে নানা তথ্যপাতি উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ দিছে -- চৰকাৰ পক্ষয়ো উত্তৰ দিলে| বিধানসভা উত্তেজিত হৈ উঠিছে| অধ্যক্ষৰ আসনত হৰেশ্বৰ গোস্বামীদেৱ| বিধায়ক ৰাভাদেৱে থিয় হৈ অধ্যক্ষ মহোদয়ক সম্বোধি ক’লে --"ৰজা-প্ৰজা, পিতা-পুত্ৰ সম্বন্ধ --এতিয়া ৰজা নাই যিহেতু ভাৰত এখন গনতান্ত্ৰিক দেশ| চৰকাৰেই ৰজা --এতিয়া আমাৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ --কংগ্ৰেছেই আমাৰ পিতা| এই পিতাই আগতে আমাক বৰ মৰম কৰিছিল| তেতিয়া আমি মাতিলে মাতিছিল| সুখ-দুখত আমাৰ প্ৰতি যত্ন লৈছিল| চোৱা-চিতা কৰিছিল| এতিয়া আমি মাতিলেও নেমাতে, মাতবোল নিদিয়ে, মৰমো নকৰে| হাত-ভৰি নলৰে লৰ-চৰো নকৰে| নাকত শ্বাস-প্ৰশ্বাসো নাই, চকুও নেমেলে, কাণেৰেও নুশুনে| কথা কি হ’ল? গাত হাত দি চাওঁ শৰীৰ জঠৰ হৈছে| কংগ্ৰেছ চৰকাৰ --আমাৰ পিতাৰ মৃত্যু হৈছে| অধ্যক্ষ মহোদয়, আপুনিও আহক --পিতাৰ মৃতদেহ গেলি-পচি দুৰ্গন্ধ নোলোৱাতে আমি সকলোৱে ধৰাধৰি কৰি বৰ লুইতৰ বুকুত উটাই দিওঁ|" বিধানসভাত হৰ্ষধ্ধনিৰে হাত চাপৰিৰ জাউৰি উঠিল| কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰদ্বাৰা গঠিত চৰকাৰ হেতুকে অনাস্থা প্ৰস্তাৱ নাকচ হ’ল| সিদিনাৰ বিধানসভাৰ বিৰতিৰ পিচত বাহিৰত চৰকাৰ পক্ষৰ প্ৰবীণ কংগ্ৰেছী বিধায়ক মাননীয় শ্ৰীদেৱেশ্বৰ শৰ্মাই ৰাভাদেৱৰ গাত থপৰিয়াই ধন্য ধন্য বুলি প্ৰশংসা কৰিছিল| 

[সৈনিক শিল্পী বিষ্ণুৰাভা, ধূপাৰাম বসুমতাৰীৰ লিখি পঠোৱা ৰচনাৰ পৰা লোৱা হৈছে]

আজি অসম ভ্ৰষ্টাচাৰ আৰু অনিয়মেৰে ভৰি পৰিছে| আহক দেশৰ শাসন ব্যৱস্থা গেলি-পচি দুৰ্গন্ধ নোলোৱাতে আমি সকলোৱে মিলি এই ভ্ৰষ্টাচাৰী শাসন ব্যৱস্থাক বৰ লুইতত উটুৱাই দিওঁ |

No comments:

Post a Comment