চিনেমাতহে
দেখিবলৈ পোৱা যায় এনে কাহিনী ৷ মানুহগৰাকীৰ নাম সুচিত্ৰা দাস ৷ কাম কৰিবলৈ
গুৱাহাটীলৈ অহা বৰপুত্ৰ সুকুমলে নগদ ২ লাখ টকা আৰু এটা কেমেৰা লৈ উধাও হল
ঘৰলৈ বুলি ৷ কিন্তু ধনৰ দুখীয়া হলেও মনৰ দুখীয়া নোহোৱা সুচিত্ৰা দাসে
সহজভাৱে লব নোৱাৰিলে কথাটো ৷ আত্মসন্মানত আঘাট লগা মাতৃগৰাকীয়ে নিজৰ পুত্ৰৰ
দোষ জনালেগৈ আৰক্ষী চকীত ৷ লগতে আৰক্ষীৰ হাতত জমা দিলে ১ লাখ ২৬ হাজাৰ
টকা ৷ বাকী ধনখিনিও যিমান পাৰে সিমান সোনকালে
ধাৰ কৰি, কাম কৰি হলেও ঘুৰাব বুলি তেওঁ প্ৰতিশ্ৰুতিৱদ্ধ ৷ সম্প্ৰতি তেওঁ
আৰক্ষীৰ সহযোগত পলাতক অৱস্থাত থকা তেওঁৰ বৰপুত্ৰৰ সন্ধানত ব্যস্ত ৷ আজিৰ
যুগতো আইন আৰু সৎ কামৰ প্ৰতি থকা আনুগত্য তথা এনে মহানুভৱতা মোৰ দৃষ্টিত
আজিৰ দিনটোৰ এটা উল্লেখযোগ্য ভাল খবৰ ৷ এই মনান নাৰী গৰাকীলৈ মূৰ নোদোৱাই
নোৱাৰিলোঁ ৷ (নিউজ লাইভৰ এটা বাতৰিৰ আলমত)
[ৰচনাকালঃ ৬ মে', ২০১৩]
No comments:
Post a Comment