Wednesday, January 29, 2014

শলাগৰ শৰাই-সাহিত্য ডট অৰ্গ

অকব ৰ মুখপত্ৰ ‘সাহিত্য’ প্ৰকাশ পালে। যোৱা এসপ্তাহে সাহিত্যৰ সম্পাদনা আৰু প্ৰকাশ সম্বন্ধে হোৱা কিছু অভিজ্ঞতা তথা মনৰ ভাৱ বিনিময় কৰিম বুলি ভাবিও সময়-সুবিধা মিলাব নোৱাৰি একো লিখিব নোৱাৰিলোঁ। আজি অলপ মুকলি হৈ সেয়েহে পি.চি.ৰ সন্মুখত বহিছোঁ।

এখন ই-সাহিত্য আলোচনী হ’লেও সাহিত্যৰ কাম কাজ যে ইমান হব ভাবিবই পৰা নাছিলোঁ। আগতেও দুবাৰকৈ সম্পাদনাৰ বাব লোৱাৰ বাবে অহা প্ৰস্তাৱ ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে পিছুৱাব লগা হোৱাত মন বেয়াও লাগি আছিল। সেয়েহে এইবাৰ এই বাবে মূৰ পাতি ল’লোঁ। সেয়াই যি আৰম্ভণি, তাৰ পিছত থীম ঠিক কৰাৰ পৰা আদি কৰি প্ৰকাশ হোৱাৰ দুদিন পিছলৈকে নীৰিক্ষণ কৰালৈকে যেন সময়বোৰ কেনেকৈ গ’ল ধৰিবই নোৱাৰিলোঁ।

ই-সাহিত্য আলোচনীৰ ক্ষেত্ৰত মোৰ স্পষ্ট মতামত আছিল যে ই-আলোচনীসমূহ মূলতঃ কম গৱেষণাধৰ্মী। সেই বাবেই সাহিত্যৰ এই সংখ্যাৰ থীম হিচাপে বাছি ল’লোঁ “লোকগাথা”। লোকগাথাক থীম হিচাপে ল’লোঁ যদিও, এনেকুৱা নহয় যে, মই সেই সময়ত ইয়াৰ বিষয়ে বিষদভাৱে জানিছিলোঁ। কিন্তু মই জনা তথ্যখিনিক লৈ আৰু অকবৰ লেখকসমাজৰ ওপৰত থকা আস্থাক লৈ ইমানেই বিশ্বাসী আছিলোঁ যে মই ভবাই নাছিলোঁ লোকগাথা আচলতে ই-আলোচনী এখনৰ বাবে বৰ জটিল থীম। যথাসময়ত সাহিত্যৰ সম্পাদক সম্পৰ্কে ঘোষনা কৰা হ’ল আৰু ৰাইজক অৱগত কৰাৰ বাবে থীম সম্পৰ্কে ঘোষণা কৰিলোঁ। থীম ঘোষনাত মূল বিষয় “লোক-সংস্কৃতি” নলৈ “লোকগাথা” লোৱাৰ কাৰণ এয়েই আছিল যে, লোক-সংস্কৃতি ললে এই সম্বন্ধীয় লেখা হয়তো বহুত আহিব, কিন্তু তাৰে মাজতে লোকগাথা সম্বন্ধীয় লেখা আহিব নে নাই সেয়াই সন্দেহ আছে। কিন্তু লোকগাথা ললে মানুহে লোকগাথাৰ ওপৰত লিখিবলৈ যাওঁতে, তথ্যগত কাৰণত যদি লোকগাথাৰ ওপৰত লিখিব নোৱাৰেও তেওঁ সেইখিনি কষ্টেৰে লোক সংস্কৃতি সম্বন্ধে লেখা এটা লিখাৰ বাবে সমল নিশ্চয় পাব। অৱশ্যে মোৰ এই স্ব-মত কিমান যুক্তিপূৰ্ণ আছিল মই নাজানোঁ। তথাপিও সম্পাদনাৰ ক্ষেত্ৰত আৰু এখোপ আগবাঢ়িলোঁ। সাহিত্যৰ সম্পাদনাৰ ক্ষেত্ৰত সম্পাদনা মণ্ডলীৰ সৈতে হোৱা আলোচনাৰ পিছত কেইটামান দিশত সিদ্ধান্ত লৈছিলোঁ যে,
(ক) এটা শিতানত এজন লেখকৰ এটাতকৈ অধিক লেখা বাচনি নকৰোঁ
(খ) আটাইকেইটা শিতানত পাৰ্যমানে এজন লেখকৰ সৰ্বাধিক তিনিটা-চাৰিটাতকৈ অধিক লেখা বাচনি নকৰোঁ
(গ) একে বিষয়ৰ ওপৰত অহা বিভিন্ন লেখা যিমান সম্ভৱ এটা শিৰোনাম/লেখাৰ ভিতৰতেই ৰাখিম
(ঘ) লোকগাথা মূল বিষয় হলেও লোক-সংস্কৃতিৰ ওপৰত অহা লেখা প্ৰাধান্য দিম
(ঙ) অনলাইন লেখাৰ বাহিৰেও অফলাইন লেখা সংগ্ৰহৰ বাবেও চেষ্টা কৰিম
(চ) অকবত নথকা অনলাইন লেখকৰ লেখাও সংগ্ৰহ কৰাৰ চেষ্টা কৰিম
(ছ) বানানৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিম
(জ) লেখা সংগ্ৰহ ১২ মে’ৰ পৰা ১১ জুনলৈহে কৰিম ইত্যাদি

সেইমতেই কাম আগবাঢ়িল; কোনো বাধা নোপোৱাকৈ। সম্পাদনা সমিতিয়ে প্ৰথম দিনৰেই পৰা জোৰদাৰ গতিৰে মোক সহযোগ কৰি থাকিল। হঠাতে প্ৰথম প্ৰত্যাহ্বান আহিল, আগতীয়া কোনো সংকেত নিদিয়াকৈ। অকবৰেই মাননীয় সদস্য কিছুমানে থীম সম্পৰ্কে কঠোৰ সমালোচনাত ব্ৰতী হল। কিছুমানে সম্পাদকৰ যোগ্যতাৰ প্ৰশ্নও উত্থাপন কৰিলে। সাহসেৰে সেই প্ৰত্যাহ্বান লব লাগিব বুলি জানিও ভিতৰে ভিতৰে ভাগি পৰিলোঁ আৰু সেই সময়তে মোৰ ওচৰত থিয় দিলেহি মোৰ বন্ধু দীপাংকৰ। সম্পাদনা সমিতিয়েও মোৰ সেই প্ৰত্যাহ্বানক আলোচনীৰ প্ৰত্যাহ্বান হিচাপে লৈ লাগি গ’ল সাহিত্যক আটকধুনীয়া কৰাৰ কামত। মৃন্ময় দাৰ সেই প্ৰত্যাহ্বান নোপোৱাহেঁতেন হয়তো আলোচনীৰ কামত সজাগতাৰে লাগিবই নোৱাৰিলোঁহেঁতেন। সমুদ্ৰ কাজল শইকীয়া দাই ল’লে বেনাৰৰ দায়িত্ব, স্যামন্তই ল’লে প্ৰাৰম্ভিক অলংকৰণৰ দায়িত্ব, মিতালি বাই ল’লে কবিতাৰ দায়িত্ব, লক্ষেশ্বৰ হাজৰিকা দাই ল’লে বৰ্ণশুদ্ধিৰ দায়িত্ব, দেৱব্ৰত দাই ল’লে মোক বেকাপ দিয়াৰ দায়িত্ব। সাক্ষাৎকাৰৰ ক্ষেত্ৰত মিতালি বাই শ্ৰদ্ধাৰ নবীন শৰ্মা চাৰৰ যোগাযোগৰ ঠিকনা আদিৰে যেনেকৈ সহায় কৰিলে, মৃণাল দাই এপ’ইণ্টমেণ্ট লৈ আন এটা গুৰু দায়িত্ব সমাপন কৰিলে। বৰষুণত তিতি বুৰি আধা ঘণ্টা মোলৈ অপেক্ষা কৰি সকলো কাম নেওচি দেৱব্ৰত দাই যিদিনা মোৰ লগত সাক্ষাৎকাৰ লবলৈ গৈ আঢ়ৈ ঘণ্টাতকৈও অধিক সময় ৰেকৰ্ডিং কৰিছিল, সিদিনাই তেওঁৰ প্ৰতি মই কৃতজ্ঞতাত গদগদ হৈ পৰিছিলোঁ। প্ৰথম প্ৰত্যাহ্বান মোৰ বাবে আশীৰ্বাদ হৈ দেখা দিছিল। ২৫ তাৰিখতেই সাহিত্য প্ৰকাশ কৰিব পৰাকৈ লেখা মোৰ হাতত পৰিছিল। কিন্তু সেই সময়তেই মোলৈ ৰৈ আছিল আন এটা প্ৰত্যাহ্বান-মোতকৈ এবছৰ ডাঙৰ মোৰ জেঠাইৰ ল’ৰা, যাৰ লগত সৰুৰে পৰা ডাঙৰ হৈছিলোঁ, ৰাস-পূজাত একেলগে ঘূৰিছিলোঁ, থিয়েটাৰ চাইছিলোঁ… ৰোগজনিত কাৰণত পোন্ধৰ দিন মৃত্যু শয্যাত পৰি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। সকলো যেন অচল হৈ গৈছিল। তিনিদিন একোতে মন বহাব পৰা নাছিলোঁ। শৱদেহ চিতাত তুলি থৈ প্ৰায় সিদ্ধান্তই লৈ পেলাইছিলোঁ, সাহিত্যৰ দায়িত্ব আন কাৰোবাৰ হাততে সঁপি দিম। কিন্তু মোৰ এই সিদ্ধান্তত হস্তক্ষেপ কৰি মোৰ শুভাকাংক্ষী (নাম প্ৰকাশত অনিচ্ছুক) এজনে এনে কৰিবলৈ নিদিলে। তথাপি তিনিদিন একোৱেই কৰিব নোৱাৰিলোঁ। আৰু তিনিদিন পিছত যেতিয়া কম্পিউটাৰৰ ওচৰত বহিলো, তৃতীয় প্ৰত্যাহ্বানে মোলৈ ৰৈ আছিল। সংগ্ৰহ কৰা সকলো লেখাই কিবা কাৰিকৰী বিজুতিৰ ফলত খেলিমেলি হৈ গৈছিল। সেইখিনি ঠিক কৰাৰ বাবে গীতাৰ্থ, উচ্চ দা, মিতালি বাৰ ওপৰত জাঁপি দিব লগা হৈছিল অতিৰিক্ত দায়িত্ব।

সকলো প্ৰত্যাহ্বান নেওচি ধাৰাসাৰে আহিছিল থীমৰ ওপৰত তথা অন্যান্য উচ্চ মানদণ্ডবিশিষ্ট লেখা। লেখাসমূহৰ বাচনি কৰোঁতে আনকি এনে অৱস্থাও হৈছিল যে কিছুমান লেখা এৰিব লগা হোৱাৰ বাবে বহুত দুখ অনুভৱ কৰিছিলোঁ। লগে লগে চলি গৈ আছিল সম্পাদনা, অলংকৰণৰ কাম। বৰ্ণালী বা, উচ্চ দা, গীতাৰ্থ, স্যামন্ত, লক্ষেশ্বৰ হাজৰিকা দা, অঞ্জল দা, ৰাজীৱ ৰঞ্জন দাই যদি বৰ্ণশুদ্ধি কৰি লেখাবোৰ মোলৈ পঠিয়াই আছিল, স্যামন্ত, উদ্দীপ দা, অয়ন দা, সঞ্জীৱ দা, ৰূপালী বৌ, সমুদ্ৰ কাজল দাই কৰি গৈছিল অলংকৰণৰ কাম। মুঠতে কাৰখানাৰ দৰে চলি গৈছিল কামবোৰ। কাৰিকৰী থ্ৰেডত বিভিন্ন দিহা পৰামৰ্শ আৰু সহায়েৰে দিগন্ত দা, ত্ৰিনয়ন বৰা, মনজীৎ, পঙ্কজ বৰা, হিমজ্যোতিয়ে কেনেকৈযে সংগ্ৰহীত ১২৪ টা লেখা পৰিণামলৈ ৰূপান্তৰ কৰি ১৪ তাৰিখে ৰাতিয়েই ৰাইজৰ মাজলৈ আগবঢ়াই লৈ গ’ল ততেই নাপালোঁ। আৰু প্ৰকাশ হোৱাৰ পাছৰ মাধুৰিমা বাই ৰৈ যোৱা বৰ্ণাশুদ্ধিবোৰ দেখুৱাই দি কমখন সহায় কৰিলেনে?

মুঠৰ ওপৰত এই সকলোৱে মিলি মোক ইমানেই ধৰুৱা কৰি তুলিলে যে, কেৱল মাত্ৰ ধন্যবাদেৰেই মই তেওঁলোকৰ ঋণ পৰিশোধ কৰিবলৈ যোৱাটো কেৱলমাত্ৰ ধৃষ্টতাৰ বাহিৰে আৰু একো নহব।

মই ঋণী হৈ থাকিব লাগিব অকবৰ সেইসকল লেখকলৈ যাৰ লেখা অবিহনে সাহিত্যৰ পাত উদং হৈ ৰলহেঁতেন; নিস্তেজ হৈ ৰ’লোঁহেঁতেন, পাঠকসকলৰ উৎসাহে বল নিদিয়াহ’লে। অফলাইন লেখাৰে শ্ৰদ্ধাৰ চাৰ অনন্ত মোহন শৰ্মা, সহকৰ্মী বন্ধু অনন্ত চহৰীয়া, সহকৰ্মী দাদা সঞ্জীৱ শইকীয়া, কুমুদ ডেকাই সাহিত্যত মানদণ্ড বঢ়োৱাত যিখিনি অৰিহণা যোগালে সেয়া চিৰদিনেই মনত থাকিব। মনত থাকিব পঙ্কজ নেওগ দা, মাধুৰীমা ঘৰফলীয়া বাইদেউ, অনুপমা বৰগোঁহাঞি বাইদেউ, মুনীন শৰ্মাই এষাৰ মাত্ৰ কথাতেই সুন্দৰ লেখা উপহাৰ দিয়াৰ বাবে। গৌতম পাঠকে মোৰ লগত জানুৱাৰীতেই লোৱা বৰঢুলীয়াৰ সাক্ষাৎকাৰটোৰ লিখিত ৰূপটো নিদিয়াহ’লে কেনেকৈযে তেওঁলোকৰ মনৰ কথা ৰাইজলৈ আগবঢ়ালোহেঁতেন সেয়া ভাবিবলৈয়ে টান পাইছোঁ। আৰু সকলোখিনি তত্বাবধান কৰি ভগৎ দাই যিখিনি সহায় কৰিলে, তাৰ প্ৰতিদানস্বৰূপে মই মাথোঁ নিৰ্বাক।

ব্যস্ত সময়সূচীৰ মাজতো নবীন শৰ্মা চাৰে ইমান সময় দি ঘৰুৱাভাৱে আমাৰ লগত যিখিনি কথা বিনিময় কৰিলে, তাৰ চিনস্বৰূপে দিবলৈ চব বস্তুৱেই যেন কম হব। সেয়েহে চাগে আহিবৰ সময়ত কোনো উদ্দেশ্য নথকাকৈ কেৱল মাত্ৰ কথা পতাকৈ আকৌ অহাৰ অনুমতি লৈ আমি নিশ্চুপ বদনেৰে বিদায় মাগিছিলোঁ। তেখেতৰ বহুমূলীয়া অভিজ্ঞতাৰে ইমান কম সময়তে যিমানখিনি কথা শিকিলোঁ তাৰ বাবে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ।

এখন ই-আলোচনী। এমাহ সময়। তথাপি যেন সকলোৰে ইমান আগ্ৰহ। নাম লৈ লৈ শেষ কৰিবই নোৱাৰি। এজনৰ নাম যদি কৈছোঁ, তিনিজনৰ নাম হয়তো ৰৈ গৈছে। প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে যিসকলে নিঃস্বাৰ্থভাৱে আলোচনীখন সৰ্বাংগসুন্দৰ হোৱাৰ বাসনাৰেসহযোগ কৰিলে, সেই সকলোৰে ওচৰত মই কৃতজ্ঞ।

শেষত আটাইলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি সাহিত্যৰ পৰৱৰ্তী সংখ্যাসমূহো “চৰ্ট টাৰ্ম থিংকিং”ৰে “লং টাৰ্ম কিবা এটা কৰা”ৰ বাবে ভূমিকা লওক, তাৰেই কামনাৰে সকলোটিলৈ যাঁচিছো শলাগৰ শৰাই।

[ৰচনাকালঃ ২২ জুন, ২০১৩]

No comments:

Post a Comment