Wednesday, January 29, 2014

উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্দশাগ্ৰস্তসকলৰ বাবে এটি প্ৰাৰ্থনা

ডিচেম্বৰ ২০১২৷ ঋষিকেশ আৰু হৰিদ্বাৰলৈ গৈয়েই ঠিক কৰিছিলোঁ, সেইফাললৈ আন এটি ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে সাজু হবৰ হল ৷

মাৰ্চ ২০১৩ ৷ ৰীতা চৌধুৰীৰ মায়াবৃত্ত পঢ়ি আছোঁ ৷ লগতে নীৰাৰ সহযাত্ৰী হৈ গৈ আছোঁ হৰিদ্বাৰ, ঋষিকেশলৈ৷ তাৰ পিছৰছোৱা যিমানেই পঢ়ি আছোঁ মনকো যিমানেই সাজু কৰাই আছোঁ বদ্ৰীনাথ কেদাৰনাথ যাত্ৰাৰ বাবে ৷ আৰু হয়তো এটা বা দুটা বছৰৰ অপেক্ষা প্ৰয়োজন হলহেঁতেন ৷

কিন্তু হঠাতে টিভিত দেখিলোঁ প্ৰচণ্ড বৰষুণৰ বাবে অহা ধলে একাকাৰ কৰি লৈ গৈছে সকলো৷ কাগজৰ নাওঁৰ দৰে উটুৱাই নিছে নৈপৰীয়া ৰাস্তাৰ কাষত থকা গাড়ীবোৰ৷ এক মুহূৰ্ততে খহাই পেলাইছে একো একোটা প্ৰকাণ্ড অট্টালিকা ৷ চকুৰ সন্মুখত ভাঁহি উঠিল লেহলৈ যাওঁতে আকাশমাৰ্গৰ পৰা দেখা ২০১০ ত ফ্লাছ ফ্লাডে ধুই নিকা কৰি লৈ যোৱা গাঁওবোৰৰ কথা৷ তাতো যেন চামনি পৰি ৰোৱা একো একোখন গাঁও ৷ 

সুবৰ্ণৰ , পুতিৰ দুস্বপ্নবোৰ যেন সঁচা হৈ গৈ আছে ৷ মায়াবৃত্তৰ মায়াবোৰ যেন পৰিধি ভাঙি ওলাই আহিবলৈ ধৰিছে দিঠকলৈ৷ মহাপ্ৰয়াগে ভক্তৰ শৱদেহেৰে যেন অঞ্জলি লৈছে৷ টিভিৰ পৰ্দাত দেখা গৈছে সেনাই দুডাল ৰচীৰে জীৱিত সকলক উদ্ধাৰৰ বাবে কৰা আপ্ৰাণ চেষ্টা৷ মেধা পাটেকাৰ আকৌ গৰজি উঠিছে৷ মনটোৱে তথাপি বুজনি লব খোজা নাই ৷ চাবলৈ, ফুৰিবলৈ যাব নোৱাৰিলেও এতিয়া অন্ততঃ এজনক ৰক্ষা কৰিবলৈ পোৱাহেঁতেনো! কিন্তু সকলো ৰাষ্টা যেন বন্ধ৷ এতিয়া এটাই মাথোঁ পথ বাকী৷ সুবৰ্ণহঁতৰ পথ৷ অৰণ্য বচোৱাৰ পথ, পাহাৰ বচোৱাৰ পথ৷ আহক আমি দুৰ্দশাগ্ৰস্ত সকলৰ বাবে একো কৰিব নোৱাৰিলেও অনাগত দিনবোৰত হব পৰা এনে ফ্লাছ ফ্লাডৰ পৰা দেশখন বচোৱাৰ ক্ষেত্ৰত পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ দায়িত্বভাৰ লৈ সুবৰ্ণহঁতক সহযোগ কৰোঁহি ৷ 

এই দুৰ্দাশত নিহতসকলৰ আত্মাৰ মুক্তিৰ বাবে তথা আহত আৰু জীৱিতসকলৰ নিৰাপদ উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ৷

[ৰচনাকালঃ ২১ জুন, ২০১৩]

No comments:

Post a Comment