Wednesday, January 29, 2014

কামৰূপী বৰঢুলীয়াৰ মনৰ কথা


দলটো থোৰতেঃ
দল পৰিচালক: শ্ৰী উপেন দাস (কণাবাদুলী ভাৱৰীয়া)

আন সদস্যসকলঃ
১/ শ্ৰী লোহিত পাটোৱাৰী   নতুন খেলোৱা গাঁও   ডাঙৰ তাল
২/ শ্ৰী উপেন দাস   নতুন খেলোৱা গাঁও   ঘাই বৰঢুলীয়া
৩/ শ্ৰী তাৰিণী দাস   কৈহাটী গাঁও   ঘাই বৰঢুলীয়া
৪/ শ্ৰী লংকে দাস   নতুন খেলোৱা গাঁও   বায়ন + ডাঙৰ তাল
৫/ শ্ৰী উপিন দাস   নতুন খেলোৱা গাঁও   ভাৱৰীয়া + অন্যান্য বাদ্য
৬/ শ্ৰী মুনীল দাস   নতুন খেলোৱা গাঁও   আগৰ ঢুলীয়া
৭/ শ্ৰী দিলীপ দাস   নতুন খেলোৱা গাঁও   আগৰ ঢুলীয়া ৮/ শ্ৰী ঘামেশ্বৰ দাস    নতুন খেলোৱা গাঁও    আগৰ তাল ৯/ শ্ৰী হেমন্ত বৈশ্য  দাহুদী গাঁও   অন্যান্য বাদ্য ১০/ শ্ৰী সোণাৰাম দাস   নতুন খেলোৱা গাঁও   নাট্যকৰ্মী + অভিনেতা ১১/ শ্ৰী মিতু দাস   নতুন খেলোৱা গাঁও    শিকাৰু + চাৰ্কাচ + কুস্তী + কেৰিকেচাৰ ১২/ শ্ৰী অলকেশ দাস   নতুন খেলোৱা গাঁও   শিকাৰু + চাৰ্কাচ + কুস্তী + কেৰিকেচাৰ ১৩/ শ্ৰী বিজয় দাস   নতুন খেলোৱা গাঁও   শিকাৰু + চাৰ্কাচ + কুস্তী + কেৰিকেচাৰ

সাহিত্য.অৰ্গ: পোন প্ৰথমতে আপোনালোকৰ ব্যস্ত সূচীৰপৰা এইখিনি সময় উলিয়াই দিয়াৰ বাবে “সাহিত্য.অৰ্গ”ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কামৰূপী ঢুলীয়া ভাওনা অসমৰ এক উল্লেখযোগ্য লোক শিল্প। ইয়াৰ এক অংশ হবলৈ পাই আপোনালোকে কেনেকুৱা অনুভৱ কৰে?
পৰিচালক: আমি বৰ গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ এই কলাবিধ বচাই ৰখাত আমিও অৰিহণা যোগাব পাৰিছোঁ।
সাহিত্য.অৰ্গ: আপোনালোকৰ এই দলটোৰ আৰম্ভণি ক’ত কেতিয়া আৰু কেনেকৈ হ’ল আমাক অকণমান জানিবলৈ দিব নেকি?
পৰিচালক: আচলতে আমাৰ এই দলটোৱে নতুন খেলোৱা গাঁৱত জন্মলাভ কৰিছিল। আমাৰ পিতাহঁতৰ দিনৰেপৰা এই দলটো চলি আছিল আৰু পৰৱৰ্তী সময়ত আমি আহি যোগ দিছিলোঁহি। সেয়েহে এই দলটো জন্ম হোৱাৰ একদম সঠিক সময় কব নোৱাৰিম।
সাহিত্য.অৰ্গ: এটা ঢুলীয়া পাৰ্টী ভালকৈ চলিবলৈ কিমানজনমান মানুহৰ প্ৰয়োজন হয়?
সূত্ৰধাৰ: ঢুলীয়া দল এটা ভালকৈ চলিবলৈ ১৫-২০ জন মানুহৰ প্ৰয়োজন হয়। ইয়াৰে প্ৰতিজন কৰ্মীয়েই বেলেগ বেলেগ কামৰ লগত জড়িত হৈ থাকে।
সাহিত্য.অৰ্গ: কেনেকুৱা বেলেগ বেলেগ কাম, অকণমান জনাওকচোন।
সূত্ৰধাৰ: ঢুলীয়া এবিধ নৃত্য, ভাওনা, নাট্য, সংগীত, কেৰিকেচাৰৰ লগত জড়িত শিল্প। সেই বাবে এটা ঢুলীয়া দল পৰিচালনা কৰিবলৈ দল পৰিচালক, ভাওনা পৰিচালনা কৰিবলৈ সূত্ৰধাৰ বা বায়ন, ঢোল বজাবলৈ ঢুলীয়া, ঢুলীয়াৰ লগত তাল ধৰিবলৈ তালবাদক, ৰাইজক মনোৰঞ্জন দিবলৈ কেৰিকেচাৰ, নাট মঞ্চস্থ কৰিবলৈ নাট্যকৰ্মী আদিৰ প্ৰয়োজন হয়।
সাহিত্য.অৰ্গ: ইমানবোৰ কলা প্ৰদৰ্শন কৰাৰ বাবে নিশ্চয় বহুতো মানুহৰ প্ৰয়োজন হয়?
সূত্ৰধাৰ: প্ৰত্যেকটো কলাৰ বাবে বেলেগ বেলেগকৈ মানুহ ঠিক কৰিবৰ বাবে বহুত মানুহৰ প্ৰয়োজন হয়। সেই বাবে এটা ঢুলীয়া পাৰ্টীত থকা লোকসকল সকলো দিশতে পাৰদৰ্শী হোৱাতো বাঞ্ছনীয়। তেনে হ’লে, বৰ বেছি মানুহৰ প্ৰয়োজন নহয়।
সাহিত্য.অৰ্গ: এটা ঢুলীয়া দল চলি থাকিবলৈ কলা-কুশলীৰ বাহিৰেও অন্য কি বিশেষ প্ৰয়োজন আছে বুলি ভাবে? ঢুলীয়া দল এটাৰ কি সম্পদক লৈ আপোনালোকে আটাইতকৈ অধিক গৌৰৱ অনুভৱ কৰে?
পৰিচালক: নিঃসন্দেহে এই কলাত ব্যৱহাৰ কৰা ঢোলক লৈ, যাক আমি বৰঢোল বুলি কওঁ।
সাহিত্য.অৰ্গ: আমি প্ৰায়ে দেখোঁ যে ঢুলীয়া ভাওনাত এবিধ সৰু আৰু এবিধ ডাঙৰ ঢোল ব্যৱহাৰ হয়। ইয়াৰে প্ৰতিবিধৰ কিবা বেলেগ বেলেগ নাম আছে নেকি অথবা বজোৱাৰ কিবা বেলেগ বেলেগ নিয়ম আছে নেকি?
সূত্ৰধাৰ: আছে। ঢুলীয়া নৃত্যত সাধাৰণতে দুবিধ ঢোল ব্যৱহাৰ কৰা হয়। যদিও দুয়োবিধ ঢোলকেই বৰঢোল বোলা হয়, তথাপি ইয়াৰো বেলেগ বেলেগ নাম আছে। আগত বজোৱা তুলনামূলকভাৱে সৰু ঢোলবিধক “আগৰ সৰু ঢোল” আৰু পিছপিনে বজোৱা ডাঙৰ ঢোলক “ঘাইঢোল” বোলা হয়। শাৰী পাতি বজোৱা এই নৃত্যৰ একেবাৰে শেষৰফালে থকা বাবে ইয়াক ঘাইঢোলক “গুৰি ঢোল” বুলিও কওঁ।
সাহিত্য.অৰ্গ: বৰঢোল এটা কেনেকৈ সজোৱা হয়, অকণমান কব নেকি? বৰঢোল এটা সজাবলৈ কি কি আহিলা আৰু বস্তুৰ প্ৰয়োজন হয়?
পৰিচালক: বৰঢোল সাধাৰণতে আম গছৰ গা-গছৰ পৰা প্ৰস্তুত কৰা হয়। ঢোলৰ মাজৰভাগক “ডিমা” বুলি কোৱা হয়। এই ভাগ সজাওঁতে হাতুৰি-বাতুলিৰে গা-গছজোপা খুলি ৰ’দত ভালকৈ শুকাবলৈ দিয়া হয়। বাঁওফালক “তালি” আৰু সোঁফালটোক “কোব” বুলি কোৱা হয়। সাধাৰণতে ছাগলী বা ম’হৰ ছালৰপৰা “তালি” আৰু “কোব” প্ৰস্তুত কৰা হয়। “তালি” আৰু “কোব”ক “ডিমা”ৰ চাৰিওপিনেৰে বেৰি বান্ধি ৰাখিবৰ এবিধ বিশেষভাৱে তৈয়াৰী চামৰাৰ ৰছী “ডোণ” হিচাপে ব্যৱহাৰ কৰা হয়। এই “ডোণ” ম’হৰ চামৰাৰ পৰা প্ৰস্তুত কৰা হয়। আনহাতে ঢোলটো ডিঙিত ওলোমাই ৰখাৰ বাবে “গলজৰী” ব্যৱহাৰ কৰোঁ, যিডাল মৰাপাট বা কাপোৰৰ পৰা তৈয়াৰ কৰা হয়।
সাহিত্য.অৰ্গ: সজোৱাৰ পদ্ধতিটো অকণমান ক’ব নেকি?
পৰিচালক: প্ৰথমতে আমি বৰঢোলৰ ডিমা অংশ প্ৰস্তুত কৰাৰ বাবে আম গছৰ গা-গছ এটুকুৰা ভালকৈ কাটি মাজভাগ খুলি লওঁ। এনেকৈ খুলি লোৱাৰ পিছত ভালকৈ শুকাবলৈ দিওঁ। শুকোৱাৰ পিছত ভালদৰে ‘ৰেণ্ডা’, হাতুৰী-বতালিৰে সমান কৰোঁ। তালি আৰু কোবত ব্যৱহাৰ কৰিবলৈ ছাগলী বা ম’হৰ ছালখিনি ভালদৰে শুকুৱাই লৈ ডিমা অংশৰ দুয়োফালে ৰাখি দুডাল ৰছীৰে লগাই লওঁ। তাৰ পিছত ডোণ লগাওঁ। ডোণ লগাওঁতে দুয়োফালে চাপ একে নহ’লে ফাটি যাব পাৰে বাবে ৰছী দুডাল লগাই লোৱা হয়। ডোণ লগোৱা হ’লে শেষত গলজৰী লগাই লওঁ।
সাহিত্য.অৰ্গ: বৰঢোল এটাৰ ডিমা অংশ খুলোঁতে কিমান ডাঠকৈ ৰাখিব লাগে? বৰঢোলৰ ওজন কিমানমান হয়?
পৰিচালক: আগৰ ঢোল এক ইঞ্চিমান ডাঠকৈ আৰু ঘাই ঢোল ডেৰ ইঞ্চিমান ডাঠকৈ ৰখা হয়। সেইমতে আগৰ ঢোলৰ ওজন ১২-১৪ কিঃগ্ৰাঃ আৰু ঘাই ঢোলৰ ওজন ১৮-২০ কিঃগ্ৰাঃ পৰ্য্যন্ত হয়।
সাহিত্য.অৰ্গ: ইমান ওজনৰ ঢোল ডাঙিও আপোনালোকে কেনেকৈ নৃত্য প্ৰদৰ্শন কৰে?
সূত্ৰধাৰ: আমাৰ এতিয়া অভ্যাস হৈ গৈছে। প্ৰথমতে অলপমান কষ্ট হৈছিল অৱশ্যে।
সাহিত্য.অৰ্গ: আপোনালোকে প্ৰদৰ্শন কৰা ভাওনা বহু ধৰণৰ দেখা যায়। হাস্যৰসৰ বাবে আপোনালোকে নিজাকৈ কিছুমান নাটক বা ভাওনা ৰচাও দেখা যায়। আপোনালোকৰ কিবা তাল আছে নে?
সূত্ৰধাৰ: আছে। আমি ঢুলীয়াসকলে সাধাৰণতে চাৰিবিধ কলা প্ৰদৰ্শন কৰোঁ। তাল বা নৃত্য, ভাওনা, কেৰিকেচাৰ আৰু নাটক। সাধাৰণতে প্ৰতিদিনৰ ভাওনায়েই হওক বা কেৰিকেচাৰেই হওক বা নাটকেই হওক, সবৰে আগতে তাল বা নৃত্য প্ৰদৰ্শন কৰা হয়। তাৰ পিছতহে ভাওনা, কেৰিকেচাৰ বা নাটক আৰম্ভ কৰোঁ।
আমি প্ৰদৰ্শন কৰা ভাওনাসমূহৰ এটা মাথোঁ জঁকা থাকে। সেইমতে ভাৱৰীয়াসকলে নিজৰ সংলাপেৰে ভাওনা আগুৱাই নিয়ে। নাটকৰ ক্ষেত্ৰত অৱশ্যে ৰচনা থাকে। কেৰিকেচাৰবোৰ আকৌ আমাৰ সৰুবোৰক শিকাই বুজাই কৰিবলৈ দিয়া হয়। ইয়াক ঢুলীয়া কুস্তিও বোলে।
সাহিত্য.অৰ্গ: আপোনালোকে কি তাল ব্যৱহাৰ কৰে? ভাওনা, কেৰিকাচাৰ বা নাটক প্ৰদৰ্শন কৰাৰ কিবা নিয়ম আছে নেকি?
সূত্ৰধাৰ: সভা পূজাত আমি যি তাল ব্যৱহাৰ কৰো তাক খলা বাজনা বুলি কোৱা হয়। সভা-পূজাৰ প্ৰথম দিনাখন এই তাল বজোৱা হয়। বজোৱাৰ সময়ত তিনিজন আগৰ ঢুলীয়া আৰু দুজন বৰঢুলীয়া শাৰী পাতি থাকে। আন এটা শাৰীত চাৰিজন তালবাদক থাকে। সূত্ৰধাৰে এই তাল আৰম্ভ কৰাৰ পিছত তালৰ চাবে চাবে ঢুলীয়াই ঘূৰি ঘূৰি নাচে।
সাহিত্য.অৰ্গ: এই তালক খলা বাজনা বুলি কোৱাৰ কিবা বিশেষ কাৰণ?
পৰিচালক: ঢুলীয়া ভাওনা সাধাৰণতে সভা পূজা আদিত পৰিৱেশন কৰা হয়। সভা বা পূজা খলাত যিখিনি ঠাইত ভাওনা প্ৰদৰ্শন কৰা হয়, সেই ঠাইৰ চাৰিওপিনে দৰ্শক বহিবলৈ ব্যৱস্থা কৰা হয়। প্ৰথমতে সেই খলাৰ পৰাই আৰম্ভ হয় বাবেই চাগে এই বাজনাক খলা বাজনা বুলি কোৱা হয়।
সাহিত্য.অৰ্গ: কেৰিকেচাৰ সম্পৰ্কে অকণমান কওকচোন।
পৰিচালক: শিকাৰুসকলক সাধাৰণতে কেৰিকেচাৰ বা কুস্তিত জড়িত কৰোৱা হয়। লাহে লাহে তেওঁলোকক তাল, ভাওনা আৰু নাট্যাভিনয়লৈ উন্নীত কৰোৱা হয়। এই ন-শিকাৰুসকলেই এদিন পাকৈত ঢোলবাদক বা ভাৱৰীয়া হিচাপে পৰিগণিত হয়।
সাহিত্য.অৰ্গ: দেখা গৈছে যে অসমীয়া লোক-সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহা জন্মিছে। তেনে ক্ষেত্ৰত ঢুলীয়া ভাওনাৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী আগবাঢ়ি আহে জানো?
পৰিচালক: অসমৰ এনে কিছুমান ঠাই এতিয়াও এতিয়াও আছে, য’ত ঢুলীয়া নৃত্য বা ভাওনা বুলিলে ডেকা ডেকেৰীসলক আগ বাঢ়ি আহে। আমাৰ নতুন খেলোৱা, কৈহাটী, দাহুদী আদি অঞ্চলত ইয়াৰ সুনাম এতিয়াও আছে। ফলত ঘৰতে এনেয়ে বহি থকা ল’ৰা-ছোৱালী ভাওনা দললৈ আহিবলৈ অসুবিধা নহয়। তাতে প্ৰায় প্ৰতি ঘৰৰে কোনোবা নহয়, কোনোবাজন ভাওনা দলৰ লগত কিবা নহয় কিবাধৰণে জড়িত থাকেই। গতিকে অসুবিধাও নাথাকে।
সাহিত্য.অৰ্গ: সাধাৰণতে কি কি অনুষ্ঠানত কামৰূপী ঢুলীয়া ভাওনা পৰিৱেশন কৰা হয়?
সূত্ৰধাৰ: ঢুলীয়া ভাওনাৰ উপৰিও সভা-পূজা, বিয়া-বাৰু, বিভিন্ন উত্‍সৱ-পাৰ্ব্বণৰ পানীতোলা ইত্যাদিতো বৰঢোল বজাই ভাওনা পৰিৱেশন কৰা হয়।
সাহিত্য.অৰ্গ: অসমৰ কোন কোন ঠাইলৈ আপোনালোকে ভাওনা পৰিৱেশন কৰিবলৈ যায়?
পৰিচালক: অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ভাওনা প্ৰদৰ্শন কৰোঁ যদিও নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, বৰপেটা, কামৰূপ, নলবাৰী, দৰং, বঙাইগাঁও আদিত ইয়াৰ প্ৰচলন বেছি।
সাহিত্য.অৰ্গ: অসমৰ বাহিৰলৈ আপোনালোকে কেতিয়াবা ভাওনা প্ৰদৰ্শন কৰিবলৈ গৈছেনে?
পৰিচালক: আমি প্ৰায় প্ৰতি বছৰেই অসমৰ বাহিৰলৈ দিল্লী, গুজৰাট, জয়পুৰ, কলিকতা আদি ঠাইলৈ ঢুলীয়া ভাওনা প্ৰদৰ্শন কৰাৰ বাবে যাওঁ। চৰকাৰৰ বিভিন্ন অনুষ্ঠানতো আমি ভাওনা প্ৰদৰ্শন কৰোঁ। তাৰে বেছিভাগ আমন্ত্ৰণমূলকভাৱেই কৰা যায়।
সাহিত্য.অৰ্গ: এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে আপোনালোকে কাৰোবাৰ পৰা কিবা ধৰণে সহায় পাইছেনে? কোনে আপোনালোকক আমন্ত্ৰণ জনায়?
পৰিচালক: সহায় বুলিলে কিনো ক’ম! আমি সৰু মানুহ। আমাক ‘ব্যৱহাৰ’ কৰি অলপ টকা দি পঠাই দিয়ে। সেইখিনিৰে আমাৰ ক্ষতি হোৱা তিনি চাৰিদিনৰ হাজিৰাও নোলায়। বিশেষকৈ নাটক আদিৰ লগত জড়িত কোনো মিনিষ্ট্ৰীৰ মানুহবোৰ টকা পইচাত বৰ বেয়া। যোৱাৰ সময়ত ক’ব যে কিবা এটা ভালকৈয়ে দিম। আৰু অহাৰ সময়ত এশ এশ টকা দি পঠিয়াই দিয়ে।
সাহিত্য.অৰ্গ: অনুষ্ঠানটোৰ নামত তেওঁলোকে কিমান টকা পায়, আপোনালোকক জনোৱা হয়নে?
পৰিচালক: সেইবোৰ আমাক একো কোৱা নহয়।
সাহিত্য.অৰ্গ: তেন্তে বাহিৰলৈ ভাওনা প্ৰদৰ্শন কৰিবলৈ গ’লে আপোনালোকৰ কি লাভ হয়?
পৰিচালক: একো লাভ নাই। বৰং লোকচানহে হয়।
সাহিত্য.অৰ্গ: অহা-যোৱা আৰু থকা-খোৱাৰ ব্যৱস্থা কোনে কৰে?
পৰিচালক: সেইটো অৱশ্যে আমন্ত্ৰিতসকলেই কৰে।
সাহিত্য.অৰ্গ: অসমৰ বিভিন্ন ঠাইত ভাওনা পৰিৱেশন কৰাৰ সময়ত আপোনালোকৰ থকা-খোৱা, অহা-যোৱাৰ ব্যৱস্থা কোনে কৰে?
পৰিচালক: ওচৰৰবোৰতো অহা-যোৱাৰ দায়িত্ব আমি নিজেই লব লাগে। আমি চাইকেলেৰে অহা যোৱা কৰোঁ। দূৰৈত হ’লে অহা-যোৱাৰ খৰচ কমিটিক দিবলৈ কওঁ। আৰু খোৱাৰ দায়িত্ব অৱশ্যে কমিটিয়ে লয়। থকাৰ বাবে কোঠা এটা দিয়ে। তাতেই নৰা-খেৰ আদি পাৰি আমি ৰাতিটো পাৰ কৰোঁ।
সাহিত্য.অৰ্গ: একেবাৰে নুসুধিবলগীয়া কথা এটা সোধোঁ। প্ৰতিখন সভা বা অনুষ্ঠানত ভাওনা প্ৰদৰ্শন কৰাৰ নামত আপোনালোকে মাননি কেনেকৈ পায়?
পৰিচালক: একেবাৰে কম। পাঁচদিনীয়া ভাওনা, কেৰিকেচাৰ, নাটক আদি কৰি আমি ছয় হাজাৰমানহে পাওঁ। অৱশ্যে কমিটিভেদে ৰে’ট বেলেগ বেলেগেকৈ দিয়ে। কিছুমানে কমো দিয়ে, কিছুমানে অলপ বেছিও দিয়ে।
সাহিত্য.অৰ্গ: প্ৰতিজনে ছয় হাজাৰ?
পৰিচালক: ওহোঁ। গোটেই দলটোৱে।
সাহিত্য.অৰ্গ: ইমান কম টকাত আপোনালোকে কেনেকৈ চলে? কমিটিসমূহক জনাব লাগে। জনায়নে?
পৰিচালক: আমি সৰু মানুহ হোৱা বাবে কমিটিসমূহৰ মূল মানুহজনৰ ওচৰলৈ যাবলৈকে সুবিধা নাপাওঁ। যিজনে ঠিক কৰে তেওঁহে আমাৰ থকা খোৱাৰ পৰা পইচা দিয়ালৈ সকলোখিনি কৰে। কিন্তু আমি গম পাওঁ, বেছিভাগ কমিটিয়ে ঢুলীয়াৰ নামত টকা ভালকৈয়ে দিয়ে, কিন্তু ঠিক কৰা মানুহজনেহে মাজত বদমাচি কৰে।
সাহিত্য.অৰ্গ: ঢুলীয়া ভাওনাক জনপ্ৰিয় কৰিবলৈ কি কি কৰা উচিত বুলি আপোনালোকে ভাবে?
পৰিচালক: ঢুলীয়া ভাওনা অসমৰ এবিধ উল্লেখযোগ্য কলা। হ’লে কি হ’ব, আৰ্থিকভাৱে ই শিল্পীসকলক সকাহ দিব নোৱাৰে। কেতিয়াবা কেতিয়াবা আমি দুমাহ তিনি মাহলৈকে ক’তো আমন্ত্ৰণ নাপাই ঘৰতে বহিব লগাও হয়। তেনে ক্ষেত্ৰত চলিবলৈ বৰ অসুবিধা হয়। আমি পৰিয়াল থকা মানুহ। দুই তিনিমাহৰ মূৰত এটা অনুষ্ঠান পৰিৱেশন কৰি যিকেইটা টকা পাওঁ, সেই কেইটাৰে জোৰা মাৰিবলৈও নাটে। ফলত আমি দিনহাজিৰা বা যিসকলৰ অলপ অচৰপ খেতি মাটি আছে, তেওঁলোকে খেতি আদি কৰিব লগা হয়। গতিকে কমিটিবোৰে যদি আমাৰ নামত অলপ টকা বেছিকৈ দিয়ে তেন্তে আমাৰ চলি থাকিবলৈ অসুবিধা নহয়। চৰকাৰেও কিবা নিয়ম-চিয়ম কৰি দিব লাগে। যাতে এই কৃষ্টিটো আমাৰ পৰৱৰ্তী সময়তো বাচি থাকে। এই ক্ষেত্ৰত আমি কিছুমান মানুহৰ যোগেদি চৰকাৰলৈ অনুৰোধো কৰি আহিছোঁ, কিন্তু এতিয়ালৈকে একো ফল ধৰা নাই।
সাহিত্য.অৰ্গ: সাহিত্য.অৰ্গক ইমানখিনি সময় দি তথা আপোনালোকৰ মনৰ বতৰা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ, আপোনালোকৰ দাবীসমূহ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহে গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব তথা যুক্তিৰে চৰকাৰৰ ওচৰতো উত্থাপন কৰাত আগভাগ ল’বহি।

[সাক্ষাৎ গ্ৰহণ:    ধ্ৰুৱজ্যোতি শৰ্মা
 গৌতম পাঠক
সাক্ষাৎ গ্ৰহণ: জানুৱাৰী, ২০১৩
সহযোগ:        www.xahitya.org ]

Feelings being an Assamese

Local train rocks. Houseful berth, no seat to sit, standing passenger khasakhas vara huwa hain, and I am facebooking here... Bihu special facebooking... Hatot lal sah, kasot adda, and a very good feelings being a part of gossip on Assamese script. I already used my skills to give a lecture on unicode and many of the youths shown their interests. Aha dudinot mor kam barhi gol. Bes val lagise... Specially aji Bihur dinakhon enekoi vramyoman lecture eta diboloi pai...

[Written on: 13 April, 2012]

প্ৰসংগঃ বানপীড়িতক সাহাৰ্য্য

অসমৰ অৱস্থা ভয়লগা হৈছে.... নামনি অসম কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে.... উজনি অসম....লুইতে.... আনকি আজি গধূলি ব্ৰহ্মপুত্ৰৰ পানী গৈ সোণাৰাম হাইস্কুল পাইছেগৈ| অলপমান পানী বাঢ়িলেই যে গুৱাহাটীও এইবাৰ কৃত্ৰিম বানৰ পৰা আচল বানৰ কৱলত পৰিব সেয়া খাটাং...... ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰঙিয়া, বৰমা, ভৱানীপুৰ আদিত প্ৰায় চিঙো চিঙো হছে..... বৰপেটাৰপৰা গুৱাহাটীলৈ পথছোৱা এককাল পানীৰ বাবে বাৰাদিত বন্ধ কৰি দিয়া হৈছে.... শিঙিমাৰীত শেষ ৰক্ষাত ব্যস্ত ৰাখিব লগা হৈছে পথছোৱা.... প্ৰায় চিঙো চিঙো অৱস্থাত আছে পথছোৱা.... ডাঙৰ গাড়ীৰ যাতায়ত বন্ধ কৰি দিয়া হৈছে অথবা ভিতৰৰ ৰাস্তা এটাৰে ঘূৰাই পঠোৱা হৈছে.... গোট খুওৱা হৈছে হাজাৰ হাজাৰ বস্তা বালি..... মঙ্গলদৈ নগৰ, নলবাৰী, পাঠশালা, বৰপেটা সত্ৰ, টিহু সকলোবোৰ পানীৰ তলত| খবৰ আহি আছে ধেমাজিৰ, মাজুলীৰ, লক্ষীমপুৰৰ পৰা... কোনেই একো কৰিব পৰা নাই.... চৌদিশে মাথো হাহাকাৰ.... আতংক.... বানৰ তাণ্ডৱ....... আহক সকলোৱে মিলি আমি পানপীড়িতসকলক যেনেকৈ পাৰো সহায়ৰ হাত আগঢ়াই যাও.... কি ঠিক কাইলৈ কিজানি আপোনাক মোকো সহায়ৰ প্ৰয়োজন হয়েই......

[ৰচনাকালঃ  ২৮ জুন, ২০১২]

অশান্তিৰ বিৰুদ্ধে ৰাইজলৈ এটি অনুৰোধ

ৰাইজ,

অসম পাগলৰ দেশ নহয়। নহয়, অবিবেচকৰ দেশ। অসমৰ মানুহ শান্তিপ্ৰিয় বুলি সুনাম আছে। সেই সুনাম ধূলিস্যাৎ কৰি অসমক বধ্যভূমিত পৰিণত নকৰিব। সকলো কথা চৰকাৰলৈ নেঠেলি নিজাববীয়াকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰাৰ সময় আহি পৰিছে। কোনো দল-সংগঠন অথবা মুনাফা আদায়কাৰীৰ কথা শুনাতকৈ নিজৰ বিবেকৰ কথা শুনাৰ সময় আহি পৰিছে। এই যে অশান্তিবোৰ, হাই-কাজিয়াবোৰ, মৰা-কটা, ঘৰ জ্বলোৱাবোৰ- এই সকলোবোৰৰ পৰা কি লাভ, কি লোকচান হ'ল ভাৱিবৰ সময় হ'ল। ছাইৰে ভৰি যোৱা হিংসাজৰ্জৰ এলেকাত খেতি-বাতিৰ কি হব, অশান্তি সৃষ্টিকাৰীসকলে ভৱা নাই, কিন্তু আমি ভাৱিব লাগিব। কিয়নো খেতিপথাৰৰ সেউজীয়া অবিহনে লঘোনে থাকিব লাগিব আমাৰেই পো-নাতিসকল। বন্ধ কৰা-নকৰাক লৈ হোৱা অশান্তিয়ে আগন্তুক কেইদিনমানত গোটেই ব্যৱসায়ত ছানি ধৰিবহি ১৪৪ ৰ ৰূপত।

এয়া শান্তিৰ সময়। অসমত প্ৰায় প্ৰকট হৈ পৰা ৰাষ্ট্ৰপতি শাসনৰ বৰ্বৰতাৰ পৰা নিজকে বচোৱাৰ সময়। আহক আগৰ মিলাপ্ৰীতি, সমিল-মিলেৰে আমি ৰক্ষা কৰো আমাৰ ধুনীয়া অসমখনক।

[ৰচনাকালঃ ২৮ আগষ্ট, ২০১২] 

An accident

The ball was flying. Eyes caught the position. Jumped over to catch. Just another guy jumped across. Eyes got disconnected and the result was a good embroidery work on my head. Thanks Jeevan Barman da, for your help.
 
Photo: The ball was flying. Eyes caught the position. Jumped over to catch. Just another guy jumped across. Eyes got disconnected and the result was a good ambroidery work on my head. Thanks Jeevan Barman da, for your help. 
 
[Written on:  17 September, 2012]

দিশপুৰত এখন মানসিক হাস্পতাল নালাগেনে বাৰু?

গুৱাহাটিৰ দিশপুৰ এলেকাত এখন মানসিক হাস্পতাল প্ৰয়োজন হোৱা বুলি মোৰ অনুভৱ হৈছে। কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ দিশপুৰীয়াসকলে আবুল-তাবুল বকিবলৈ আৰম্ভ কৰিছে। "কল ৰুই বানপানী প্ৰতিৰোধ কৰা", "অসমৰ বানপানীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই অনা", "গঁড় হত্যাত ৰাজনৈতিক ষড়যন্ত্ৰ থকা", "অসমৰ অৱস্থা জাপনৰ লগত প্ৰায় একেই", ইত্যাদি বাৰেভচহু কথাই এইসকলৰ মানসিক অৱস্থাৰ উমান দিছে। আপোনালোকৰ তেনে এখন হাস্পতালৰ প্ৰয়োজন অনিভৱ হোৱা নাইনে?

[ৰচনাকালঃ ৩ অক্টোবৰ, ২০১২] 

Stop to discover Bhupen da's personal matter !

I dont understand why news channels are trying to discover Bhupen da's personal matter ! Was it really necessary to be so busy with Priyam Patel Hazarika, who had no time even to see Dr. Hazarika at his last bed and now after one year, who is helping news channels to broadcast some breaking news? Who was the important lady for Bhupen Hazarika? Priyam Hazarika, who managed time to come near Dr Hazarika after one year or Kalpana Lazmi, so called PA of Dr. Hazarika, who stood behind the legend till his last breathe?

[Written on: 4 November, 2012] 

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰলৈ শ্ৰদ্ধাঞ্জলি

১৯৭৯ চনৰ আজিৰ দিনটো ১০ ডিচেম্বৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে পুলিচৰ গুলীত প্ৰাণ হেৰুৱাইছিল। শ্বহীদজনৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ যাঁচিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। 

[ৰচনাকালঃ ১০ ডিচেম্বৰ, ২০১২]

অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনত সভাপতিৰ ভাষনৰ এটা শাৰী

"মই সাহিত্য সভালৈ সাহিত্যৰ সৃষ্টি কৰিবলৈ অহা নাই ৷ আহিছোঁ কাম কৰিবলৈ ৷" - ইমৰাণ শ্বাহ

[ৰচনাকালঃ ৩ ফেব্ৰুৱাৰী, ২০১৩]

ই-সাহিত্যলৈ অসম সাহিত্য সভাৰ স্বীকৃতি

অৱশেষত বৈদ্যুতিন মাধ্যমেও স্থান লাভ কৰিলে অসম সাহিত্য সভাৰ মঞ্চত৷ ইউনিকোডৰ গুৰুত্ব তথা ই-সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা অকপটে স্বীকাৰ কৰিলে অসম সাহিত্য সভাৰ নৱনিযুক্ত সভাপতি ইমৰাণ শ্বাহে৷ লগতে আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে ই-আলোচনীসমূহক৷ সভাপতিৰ ভাষণত ই-আলোচনীৰ স্বীকৃতি ই-সাহিত্যৰ বাবে নিশ্চয়েই এক ভাল খবৰ ৷

[ৰচনাকালঃ ৩ ফেব্ৰুৱাৰী, ২০১৩]

বিহু বিহু লাগিছে

আহক বিহু মাৰোঁ-

"কুঞ্জলতা কপৌ ফুল ফুলি আছে
ফুলি আছে
নাচনী ভনীক ঢুলীয়াই মাতি আছে
নাযাওঁ বুলি নকবা বেয়া পাব
বেয়া পাব
চিৰদিনৰ কাৰণে বিদায় লব।
ধিনচাক চাক ধিনচাক চাক
হেহে হেহে হে।" 


[ৰচনাকালঃ ১০ এপ্ৰিল, ২০১৩] 

জুবিনলৈ আলফাৰ ধমকি আৰু আমাৰ যৎকিঞ্চিত কবলগীয়া

সাহস আছে যদি আলফাই জুবিনক ধমকি দিয়াতকৈ অসমৰ দোকান-পোহাৰৰ প'ষ্টাৰসমূহত অসমীয়া লিখাতো বাধ্যতামূলক কৰক। দূৰ কৰবাত অজ্ঞাত স্থানৰ পৰা বিবৃতি এটা দি অসমীয়াৰ নাম ৰখাতকৈ দুৰ্নীতিকাৰীসকলক শিক্ষা দিয়ক। তেতিয়াহে আমিও গম পাম আলফা কিমান দেশভক্ত।

[ৰচনাকালঃ ১৮ এপ্ৰিল, ২০১৩]

বিহুমঞ্চ আৰু জুবিন গাৰ্গলৈ আলফাৰ ধমকি

জুবিন গাৰ্গ, কাৰো ধনকিত সেও মানিবলৈ আপোনাৰ প্ৰয়োজন নাই। অহাবছৰৰ পৰা বিহু নাগাবলৈ কি বিহুতো কেৱল সেইসকলৰে নেকি? আপুনি স্বভাৱসিদ্ধভাৱে গান গাই যাওঁক। ৰাইজ আপোনাৰ লগত আছে। এইবাৰ স্বদেশপ্ৰেমীসকলক এশিকনি দিবলৈও ৰাইজ পিছ নপৰিব। হিন্দী গান গায় নাগায় সেয়া আপোনাৰ সিদ্ধান্ত। কিন্তু কাৰো দাবীত আপুনি পিছ পৰিব নোৱাৰে।

[ৰচনাকালঃ ১৮ এপ্ৰিল, ২০১৩]

অসমখন আকৌ চীনৰ কৱলত পৰিব নেকি?

হে মহান ভাৰতীয়সকল, ভাৰতৰ ধন ভাল পোৱাৰ উপৰিও অকনমান দেশখনকো ভাল পাবলৈ শিকা৷ দেশৰ মাটি কাৰো চৰণীয়া পথাৰ হবলৈ নিদিবা৷ ৬২ ত উত্তৰ পূৰ্বাঞ্চলক চীনৰ হাতত এৰি কৈছিলা- My heart goes with the people of Assam আৰু আমাৰ চকুপানী দেখি চীনাসকলে অগ্নিগড় চায়েই গুছি গ'ল৷ আমি দুখ নকৰো, কিয়নো আমি জানো আমি ভাৰতবৰ্ষৰ নৰকলোকৰ বাসিন্দা৷ কিন্তু এইবাৰ তোমালোকৰ ভূ-স্বৰ্গখন খহি পৰিবলৈ নিদিবা ৷

[ৰচনাকালঃ ২৩ এপ্ৰিল, ২০১৩]  

এগৰাকী আৰু দেশৰ প্ৰতি তেওঁৰ মহানুভৱতা

চিনেমাতহে দেখিবলৈ পোৱা যায় এনে কাহিনী ৷ মানুহগৰাকীৰ নাম সুচিত্ৰা দাস ৷ কাম কৰিবলৈ গুৱাহাটীলৈ অহা বৰপুত্ৰ সুকুমলে নগদ ২ লাখ টকা আৰু এটা কেমেৰা লৈ উধাও হল ঘৰলৈ বুলি ৷ কিন্তু ধনৰ দুখীয়া হলেও মনৰ দুখীয়া নোহোৱা সুচিত্ৰা দাসে সহজভাৱে লব নোৱাৰিলে কথাটো ৷ আত্মসন্মানত আঘাট লগা মাতৃগৰাকীয়ে নিজৰ পুত্ৰৰ দোষ জনালেগৈ আৰক্ষী চকীত ৷ লগতে আৰক্ষীৰ হাতত জমা দিলে ১ লাখ ২৬ হাজাৰ টকা ৷ বাকী ধনখিনিও যিমান পাৰে সিমান সোনকালে ধাৰ কৰি, কাম কৰি হলেও ঘুৰাব বুলি তেওঁ প্ৰতিশ্ৰুতিৱদ্ধ ৷ সম্প্ৰতি তেওঁ আৰক্ষীৰ সহযোগত পলাতক অৱস্থাত থকা তেওঁৰ বৰপুত্ৰৰ সন্ধানত ব্যস্ত ৷ আজিৰ যুগতো আইন আৰু সৎ কামৰ প্ৰতি থকা আনুগত্য তথা এনে মহানুভৱতা মোৰ দৃষ্টিত আজিৰ দিনটোৰ এটা উল্লেখযোগ্য ভাল খবৰ ৷ এই মনান নাৰী গৰাকীলৈ মূৰ নোদোৱাই নোৱাৰিলোঁ ৷ (নিউজ লাইভৰ এটা বাতৰিৰ আলমত)

[ৰচনাকালঃ ৬ মে', ২০১৩] 

উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্দশাগ্ৰস্তসকলৰ বাবে এটি প্ৰাৰ্থনা

ডিচেম্বৰ ২০১২৷ ঋষিকেশ আৰু হৰিদ্বাৰলৈ গৈয়েই ঠিক কৰিছিলোঁ, সেইফাললৈ আন এটি ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে সাজু হবৰ হল ৷

মাৰ্চ ২০১৩ ৷ ৰীতা চৌধুৰীৰ মায়াবৃত্ত পঢ়ি আছোঁ ৷ লগতে নীৰাৰ সহযাত্ৰী হৈ গৈ আছোঁ হৰিদ্বাৰ, ঋষিকেশলৈ৷ তাৰ পিছৰছোৱা যিমানেই পঢ়ি আছোঁ মনকো যিমানেই সাজু কৰাই আছোঁ বদ্ৰীনাথ কেদাৰনাথ যাত্ৰাৰ বাবে ৷ আৰু হয়তো এটা বা দুটা বছৰৰ অপেক্ষা প্ৰয়োজন হলহেঁতেন ৷

কিন্তু হঠাতে টিভিত দেখিলোঁ প্ৰচণ্ড বৰষুণৰ বাবে অহা ধলে একাকাৰ কৰি লৈ গৈছে সকলো৷ কাগজৰ নাওঁৰ দৰে উটুৱাই নিছে নৈপৰীয়া ৰাস্তাৰ কাষত থকা গাড়ীবোৰ৷ এক মুহূৰ্ততে খহাই পেলাইছে একো একোটা প্ৰকাণ্ড অট্টালিকা ৷ চকুৰ সন্মুখত ভাঁহি উঠিল লেহলৈ যাওঁতে আকাশমাৰ্গৰ পৰা দেখা ২০১০ ত ফ্লাছ ফ্লাডে ধুই নিকা কৰি লৈ যোৱা গাঁওবোৰৰ কথা৷ তাতো যেন চামনি পৰি ৰোৱা একো একোখন গাঁও ৷ 

সুবৰ্ণৰ , পুতিৰ দুস্বপ্নবোৰ যেন সঁচা হৈ গৈ আছে ৷ মায়াবৃত্তৰ মায়াবোৰ যেন পৰিধি ভাঙি ওলাই আহিবলৈ ধৰিছে দিঠকলৈ৷ মহাপ্ৰয়াগে ভক্তৰ শৱদেহেৰে যেন অঞ্জলি লৈছে৷ টিভিৰ পৰ্দাত দেখা গৈছে সেনাই দুডাল ৰচীৰে জীৱিত সকলক উদ্ধাৰৰ বাবে কৰা আপ্ৰাণ চেষ্টা৷ মেধা পাটেকাৰ আকৌ গৰজি উঠিছে৷ মনটোৱে তথাপি বুজনি লব খোজা নাই ৷ চাবলৈ, ফুৰিবলৈ যাব নোৱাৰিলেও এতিয়া অন্ততঃ এজনক ৰক্ষা কৰিবলৈ পোৱাহেঁতেনো! কিন্তু সকলো ৰাষ্টা যেন বন্ধ৷ এতিয়া এটাই মাথোঁ পথ বাকী৷ সুবৰ্ণহঁতৰ পথ৷ অৰণ্য বচোৱাৰ পথ, পাহাৰ বচোৱাৰ পথ৷ আহক আমি দুৰ্দশাগ্ৰস্ত সকলৰ বাবে একো কৰিব নোৱাৰিলেও অনাগত দিনবোৰত হব পৰা এনে ফ্লাছ ফ্লাডৰ পৰা দেশখন বচোৱাৰ ক্ষেত্ৰত পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ দায়িত্বভাৰ লৈ সুবৰ্ণহঁতক সহযোগ কৰোঁহি ৷ 

এই দুৰ্দাশত নিহতসকলৰ আত্মাৰ মুক্তিৰ বাবে তথা আহত আৰু জীৱিতসকলৰ নিৰাপদ উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ৷

[ৰচনাকালঃ ২১ জুন, ২০১৩]

শলাগৰ শৰাই-সাহিত্য ডট অৰ্গ

অকব ৰ মুখপত্ৰ ‘সাহিত্য’ প্ৰকাশ পালে। যোৱা এসপ্তাহে সাহিত্যৰ সম্পাদনা আৰু প্ৰকাশ সম্বন্ধে হোৱা কিছু অভিজ্ঞতা তথা মনৰ ভাৱ বিনিময় কৰিম বুলি ভাবিও সময়-সুবিধা মিলাব নোৱাৰি একো লিখিব নোৱাৰিলোঁ। আজি অলপ মুকলি হৈ সেয়েহে পি.চি.ৰ সন্মুখত বহিছোঁ।

এখন ই-সাহিত্য আলোচনী হ’লেও সাহিত্যৰ কাম কাজ যে ইমান হব ভাবিবই পৰা নাছিলোঁ। আগতেও দুবাৰকৈ সম্পাদনাৰ বাব লোৱাৰ বাবে অহা প্ৰস্তাৱ ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে পিছুৱাব লগা হোৱাত মন বেয়াও লাগি আছিল। সেয়েহে এইবাৰ এই বাবে মূৰ পাতি ল’লোঁ। সেয়াই যি আৰম্ভণি, তাৰ পিছত থীম ঠিক কৰাৰ পৰা আদি কৰি প্ৰকাশ হোৱাৰ দুদিন পিছলৈকে নীৰিক্ষণ কৰালৈকে যেন সময়বোৰ কেনেকৈ গ’ল ধৰিবই নোৱাৰিলোঁ।

ই-সাহিত্য আলোচনীৰ ক্ষেত্ৰত মোৰ স্পষ্ট মতামত আছিল যে ই-আলোচনীসমূহ মূলতঃ কম গৱেষণাধৰ্মী। সেই বাবেই সাহিত্যৰ এই সংখ্যাৰ থীম হিচাপে বাছি ল’লোঁ “লোকগাথা”। লোকগাথাক থীম হিচাপে ল’লোঁ যদিও, এনেকুৱা নহয় যে, মই সেই সময়ত ইয়াৰ বিষয়ে বিষদভাৱে জানিছিলোঁ। কিন্তু মই জনা তথ্যখিনিক লৈ আৰু অকবৰ লেখকসমাজৰ ওপৰত থকা আস্থাক লৈ ইমানেই বিশ্বাসী আছিলোঁ যে মই ভবাই নাছিলোঁ লোকগাথা আচলতে ই-আলোচনী এখনৰ বাবে বৰ জটিল থীম। যথাসময়ত সাহিত্যৰ সম্পাদক সম্পৰ্কে ঘোষনা কৰা হ’ল আৰু ৰাইজক অৱগত কৰাৰ বাবে থীম সম্পৰ্কে ঘোষণা কৰিলোঁ। থীম ঘোষনাত মূল বিষয় “লোক-সংস্কৃতি” নলৈ “লোকগাথা” লোৱাৰ কাৰণ এয়েই আছিল যে, লোক-সংস্কৃতি ললে এই সম্বন্ধীয় লেখা হয়তো বহুত আহিব, কিন্তু তাৰে মাজতে লোকগাথা সম্বন্ধীয় লেখা আহিব নে নাই সেয়াই সন্দেহ আছে। কিন্তু লোকগাথা ললে মানুহে লোকগাথাৰ ওপৰত লিখিবলৈ যাওঁতে, তথ্যগত কাৰণত যদি লোকগাথাৰ ওপৰত লিখিব নোৱাৰেও তেওঁ সেইখিনি কষ্টেৰে লোক সংস্কৃতি সম্বন্ধে লেখা এটা লিখাৰ বাবে সমল নিশ্চয় পাব। অৱশ্যে মোৰ এই স্ব-মত কিমান যুক্তিপূৰ্ণ আছিল মই নাজানোঁ। তথাপিও সম্পাদনাৰ ক্ষেত্ৰত আৰু এখোপ আগবাঢ়িলোঁ। সাহিত্যৰ সম্পাদনাৰ ক্ষেত্ৰত সম্পাদনা মণ্ডলীৰ সৈতে হোৱা আলোচনাৰ পিছত কেইটামান দিশত সিদ্ধান্ত লৈছিলোঁ যে,
(ক) এটা শিতানত এজন লেখকৰ এটাতকৈ অধিক লেখা বাচনি নকৰোঁ
(খ) আটাইকেইটা শিতানত পাৰ্যমানে এজন লেখকৰ সৰ্বাধিক তিনিটা-চাৰিটাতকৈ অধিক লেখা বাচনি নকৰোঁ
(গ) একে বিষয়ৰ ওপৰত অহা বিভিন্ন লেখা যিমান সম্ভৱ এটা শিৰোনাম/লেখাৰ ভিতৰতেই ৰাখিম
(ঘ) লোকগাথা মূল বিষয় হলেও লোক-সংস্কৃতিৰ ওপৰত অহা লেখা প্ৰাধান্য দিম
(ঙ) অনলাইন লেখাৰ বাহিৰেও অফলাইন লেখা সংগ্ৰহৰ বাবেও চেষ্টা কৰিম
(চ) অকবত নথকা অনলাইন লেখকৰ লেখাও সংগ্ৰহ কৰাৰ চেষ্টা কৰিম
(ছ) বানানৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিম
(জ) লেখা সংগ্ৰহ ১২ মে’ৰ পৰা ১১ জুনলৈহে কৰিম ইত্যাদি

সেইমতেই কাম আগবাঢ়িল; কোনো বাধা নোপোৱাকৈ। সম্পাদনা সমিতিয়ে প্ৰথম দিনৰেই পৰা জোৰদাৰ গতিৰে মোক সহযোগ কৰি থাকিল। হঠাতে প্ৰথম প্ৰত্যাহ্বান আহিল, আগতীয়া কোনো সংকেত নিদিয়াকৈ। অকবৰেই মাননীয় সদস্য কিছুমানে থীম সম্পৰ্কে কঠোৰ সমালোচনাত ব্ৰতী হল। কিছুমানে সম্পাদকৰ যোগ্যতাৰ প্ৰশ্নও উত্থাপন কৰিলে। সাহসেৰে সেই প্ৰত্যাহ্বান লব লাগিব বুলি জানিও ভিতৰে ভিতৰে ভাগি পৰিলোঁ আৰু সেই সময়তে মোৰ ওচৰত থিয় দিলেহি মোৰ বন্ধু দীপাংকৰ। সম্পাদনা সমিতিয়েও মোৰ সেই প্ৰত্যাহ্বানক আলোচনীৰ প্ৰত্যাহ্বান হিচাপে লৈ লাগি গ’ল সাহিত্যক আটকধুনীয়া কৰাৰ কামত। মৃন্ময় দাৰ সেই প্ৰত্যাহ্বান নোপোৱাহেঁতেন হয়তো আলোচনীৰ কামত সজাগতাৰে লাগিবই নোৱাৰিলোঁহেঁতেন। সমুদ্ৰ কাজল শইকীয়া দাই ল’লে বেনাৰৰ দায়িত্ব, স্যামন্তই ল’লে প্ৰাৰম্ভিক অলংকৰণৰ দায়িত্ব, মিতালি বাই ল’লে কবিতাৰ দায়িত্ব, লক্ষেশ্বৰ হাজৰিকা দাই ল’লে বৰ্ণশুদ্ধিৰ দায়িত্ব, দেৱব্ৰত দাই ল’লে মোক বেকাপ দিয়াৰ দায়িত্ব। সাক্ষাৎকাৰৰ ক্ষেত্ৰত মিতালি বাই শ্ৰদ্ধাৰ নবীন শৰ্মা চাৰৰ যোগাযোগৰ ঠিকনা আদিৰে যেনেকৈ সহায় কৰিলে, মৃণাল দাই এপ’ইণ্টমেণ্ট লৈ আন এটা গুৰু দায়িত্ব সমাপন কৰিলে। বৰষুণত তিতি বুৰি আধা ঘণ্টা মোলৈ অপেক্ষা কৰি সকলো কাম নেওচি দেৱব্ৰত দাই যিদিনা মোৰ লগত সাক্ষাৎকাৰ লবলৈ গৈ আঢ়ৈ ঘণ্টাতকৈও অধিক সময় ৰেকৰ্ডিং কৰিছিল, সিদিনাই তেওঁৰ প্ৰতি মই কৃতজ্ঞতাত গদগদ হৈ পৰিছিলোঁ। প্ৰথম প্ৰত্যাহ্বান মোৰ বাবে আশীৰ্বাদ হৈ দেখা দিছিল। ২৫ তাৰিখতেই সাহিত্য প্ৰকাশ কৰিব পৰাকৈ লেখা মোৰ হাতত পৰিছিল। কিন্তু সেই সময়তেই মোলৈ ৰৈ আছিল আন এটা প্ৰত্যাহ্বান-মোতকৈ এবছৰ ডাঙৰ মোৰ জেঠাইৰ ল’ৰা, যাৰ লগত সৰুৰে পৰা ডাঙৰ হৈছিলোঁ, ৰাস-পূজাত একেলগে ঘূৰিছিলোঁ, থিয়েটাৰ চাইছিলোঁ… ৰোগজনিত কাৰণত পোন্ধৰ দিন মৃত্যু শয্যাত পৰি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। সকলো যেন অচল হৈ গৈছিল। তিনিদিন একোতে মন বহাব পৰা নাছিলোঁ। শৱদেহ চিতাত তুলি থৈ প্ৰায় সিদ্ধান্তই লৈ পেলাইছিলোঁ, সাহিত্যৰ দায়িত্ব আন কাৰোবাৰ হাততে সঁপি দিম। কিন্তু মোৰ এই সিদ্ধান্তত হস্তক্ষেপ কৰি মোৰ শুভাকাংক্ষী (নাম প্ৰকাশত অনিচ্ছুক) এজনে এনে কৰিবলৈ নিদিলে। তথাপি তিনিদিন একোৱেই কৰিব নোৱাৰিলোঁ। আৰু তিনিদিন পিছত যেতিয়া কম্পিউটাৰৰ ওচৰত বহিলো, তৃতীয় প্ৰত্যাহ্বানে মোলৈ ৰৈ আছিল। সংগ্ৰহ কৰা সকলো লেখাই কিবা কাৰিকৰী বিজুতিৰ ফলত খেলিমেলি হৈ গৈছিল। সেইখিনি ঠিক কৰাৰ বাবে গীতাৰ্থ, উচ্চ দা, মিতালি বাৰ ওপৰত জাঁপি দিব লগা হৈছিল অতিৰিক্ত দায়িত্ব।

সকলো প্ৰত্যাহ্বান নেওচি ধাৰাসাৰে আহিছিল থীমৰ ওপৰত তথা অন্যান্য উচ্চ মানদণ্ডবিশিষ্ট লেখা। লেখাসমূহৰ বাচনি কৰোঁতে আনকি এনে অৱস্থাও হৈছিল যে কিছুমান লেখা এৰিব লগা হোৱাৰ বাবে বহুত দুখ অনুভৱ কৰিছিলোঁ। লগে লগে চলি গৈ আছিল সম্পাদনা, অলংকৰণৰ কাম। বৰ্ণালী বা, উচ্চ দা, গীতাৰ্থ, স্যামন্ত, লক্ষেশ্বৰ হাজৰিকা দা, অঞ্জল দা, ৰাজীৱ ৰঞ্জন দাই যদি বৰ্ণশুদ্ধি কৰি লেখাবোৰ মোলৈ পঠিয়াই আছিল, স্যামন্ত, উদ্দীপ দা, অয়ন দা, সঞ্জীৱ দা, ৰূপালী বৌ, সমুদ্ৰ কাজল দাই কৰি গৈছিল অলংকৰণৰ কাম। মুঠতে কাৰখানাৰ দৰে চলি গৈছিল কামবোৰ। কাৰিকৰী থ্ৰেডত বিভিন্ন দিহা পৰামৰ্শ আৰু সহায়েৰে দিগন্ত দা, ত্ৰিনয়ন বৰা, মনজীৎ, পঙ্কজ বৰা, হিমজ্যোতিয়ে কেনেকৈযে সংগ্ৰহীত ১২৪ টা লেখা পৰিণামলৈ ৰূপান্তৰ কৰি ১৪ তাৰিখে ৰাতিয়েই ৰাইজৰ মাজলৈ আগবঢ়াই লৈ গ’ল ততেই নাপালোঁ। আৰু প্ৰকাশ হোৱাৰ পাছৰ মাধুৰিমা বাই ৰৈ যোৱা বৰ্ণাশুদ্ধিবোৰ দেখুৱাই দি কমখন সহায় কৰিলেনে?

মুঠৰ ওপৰত এই সকলোৱে মিলি মোক ইমানেই ধৰুৱা কৰি তুলিলে যে, কেৱল মাত্ৰ ধন্যবাদেৰেই মই তেওঁলোকৰ ঋণ পৰিশোধ কৰিবলৈ যোৱাটো কেৱলমাত্ৰ ধৃষ্টতাৰ বাহিৰে আৰু একো নহব।

মই ঋণী হৈ থাকিব লাগিব অকবৰ সেইসকল লেখকলৈ যাৰ লেখা অবিহনে সাহিত্যৰ পাত উদং হৈ ৰলহেঁতেন; নিস্তেজ হৈ ৰ’লোঁহেঁতেন, পাঠকসকলৰ উৎসাহে বল নিদিয়াহ’লে। অফলাইন লেখাৰে শ্ৰদ্ধাৰ চাৰ অনন্ত মোহন শৰ্মা, সহকৰ্মী বন্ধু অনন্ত চহৰীয়া, সহকৰ্মী দাদা সঞ্জীৱ শইকীয়া, কুমুদ ডেকাই সাহিত্যত মানদণ্ড বঢ়োৱাত যিখিনি অৰিহণা যোগালে সেয়া চিৰদিনেই মনত থাকিব। মনত থাকিব পঙ্কজ নেওগ দা, মাধুৰীমা ঘৰফলীয়া বাইদেউ, অনুপমা বৰগোঁহাঞি বাইদেউ, মুনীন শৰ্মাই এষাৰ মাত্ৰ কথাতেই সুন্দৰ লেখা উপহাৰ দিয়াৰ বাবে। গৌতম পাঠকে মোৰ লগত জানুৱাৰীতেই লোৱা বৰঢুলীয়াৰ সাক্ষাৎকাৰটোৰ লিখিত ৰূপটো নিদিয়াহ’লে কেনেকৈযে তেওঁলোকৰ মনৰ কথা ৰাইজলৈ আগবঢ়ালোহেঁতেন সেয়া ভাবিবলৈয়ে টান পাইছোঁ। আৰু সকলোখিনি তত্বাবধান কৰি ভগৎ দাই যিখিনি সহায় কৰিলে, তাৰ প্ৰতিদানস্বৰূপে মই মাথোঁ নিৰ্বাক।

ব্যস্ত সময়সূচীৰ মাজতো নবীন শৰ্মা চাৰে ইমান সময় দি ঘৰুৱাভাৱে আমাৰ লগত যিখিনি কথা বিনিময় কৰিলে, তাৰ চিনস্বৰূপে দিবলৈ চব বস্তুৱেই যেন কম হব। সেয়েহে চাগে আহিবৰ সময়ত কোনো উদ্দেশ্য নথকাকৈ কেৱল মাত্ৰ কথা পতাকৈ আকৌ অহাৰ অনুমতি লৈ আমি নিশ্চুপ বদনেৰে বিদায় মাগিছিলোঁ। তেখেতৰ বহুমূলীয়া অভিজ্ঞতাৰে ইমান কম সময়তে যিমানখিনি কথা শিকিলোঁ তাৰ বাবে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ।

এখন ই-আলোচনী। এমাহ সময়। তথাপি যেন সকলোৰে ইমান আগ্ৰহ। নাম লৈ লৈ শেষ কৰিবই নোৱাৰি। এজনৰ নাম যদি কৈছোঁ, তিনিজনৰ নাম হয়তো ৰৈ গৈছে। প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে যিসকলে নিঃস্বাৰ্থভাৱে আলোচনীখন সৰ্বাংগসুন্দৰ হোৱাৰ বাসনাৰেসহযোগ কৰিলে, সেই সকলোৰে ওচৰত মই কৃতজ্ঞ।

শেষত আটাইলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি সাহিত্যৰ পৰৱৰ্তী সংখ্যাসমূহো “চৰ্ট টাৰ্ম থিংকিং”ৰে “লং টাৰ্ম কিবা এটা কৰা”ৰ বাবে ভূমিকা লওক, তাৰেই কামনাৰে সকলোটিলৈ যাঁচিছো শলাগৰ শৰাই।

[ৰচনাকালঃ ২২ জুন, ২০১৩]

অসমৰ গৃহবিভাগ

থানাত এজাহাৰ এখন দিব যাব নোৱাৰি, দি টকা পঞ্চাশটা; FIR এখন দিবলৈ গলেও চাহ পানী খাবলৈ লাগে টকা; চাকৰিৰ পুলিচ ভেৰিফিকেশ্যন অাহিলে, পাছপৰ্টৰ বাবে পুলিচ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতটো কবই নালাগে৷ কামৰ ফালেদিতো কবই নালাগে, দহটা কেচৰ দামী কেচ দুটাৰহে তদন্ত হব ৷ ইপিনে প্ৰতি আমোলাৰ পিছত, মন্ত্ৰীৰ পিছত চাবচোন তেওঁলোকৰ তৎপৰতা৷ মুঠৰ ওপৰত পুলিচ যেন এতিয়া দুৰ্নীতি কৰিবলৈ, ঘোচ খাবলৈ ৰখা এটা চৰকাৰী প্ৰজাতি৷ বিধায়ক, ৰাজনীতিক, আমোলা, সমালোচক আনকি কিছুমান সাংবাদিকেও পুলিচৰ সা-সুবিধাক লৈ বহু কথাই কয়৷ কাৰণ নিজে পুলিচৰ সেৱা পাই তেওঁলোকে নাজানে সাধাৰণ জনতাক সুৰক্ষা কোনখিনিত লাগে, কিমানখিনি বিৰক্তিত ৰাইজে প্ৰহাৰ কৰিব পাৰে সুৰক্ষা কৰ্মীক৷ ইয়াৰ পিচতো গৃহমন্ত্ৰীয়ে কব নেকি এয়া অামেৰিকা লণ্ডনতো হয় বুলি ৷

[ৰচনাকালঃ ২৫ জুলাই, ২০১৩]

পল্টন বজাৰৰ ঘটনাৱলী আৰু মনোঘাট

এজন অসমীয়া হিচাপে অসমলৈ বাস্কেটবল খেলিবলৈ আহি আঘাতপ্ৰাপ্ত হোৱা খেলুৱৈকেইজনীলৈ ক্ষমা বিচাৰিছোঁ লগতে আমাৰ ৰাজ্যৰ অৰাজকতা বজাই ৰখা আমিবোৰৰ মাজৰে বিবেকহীন সকলক ধিক্কাৰ দিছোঁ ৷ নিজৰ ৰাজ্যক ভাল পোৱা প্ৰতিজন অসমীয়া এই ঘটনাত লজ্জিত ৷

[ৰচনাকালঃ ২৮ জুলাই, ২০১৩]

পৰাগ দাসক সুঁৱৰি

"তোৰ মহাত্মা গান্ধীৰ উদাহৰণো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়৷ মহাত্মা গান্ধীয়ে অহিংস উপায়েৰে সফল হব পাৰিছিল এইবাবেই যে, ইংৰাজবিলাকে গনতান্ত্ৰিক প্ৰমূল্যক শ্ৰদ্ধা কৰিছিল৷ " 

- বহুদিন ভাবি ভাবি উলিয়াব নোৱাৰা কথা এটা পৰাগ কুমাৰ দাসে যেন সহজ কৰি বুজাই দিলে৷ আকৌ এবাৰ প্ৰণিপাত জনাইছো পৰাগদা ৷

[ৰচনাকালঃ ১০ আগষ্ট, ২০১৩]

চাংলট ফেনলাৰ পুনঃপ্ৰকাশ

অচিৰেই প্ৰকাশ হব আমি বিচাৰি ফুৰা কেইখনমান আপুৰুগীয়া কিতাপ। তাৰে ভিতৰত উল্লেখযোগ্য পৰাগ কুমাৰ দাসৰ "চাংলট ফেনলা"। কিতাপখনৰ পুনৰ্প্ৰকাশৰ বাবে কাম কৰি থকা নাম প্ৰকাশত অনিচ্ছুক এক ঘনিষ্ঠ মহলে এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, চাংলট ফেনলা চৰকাৰৰ দ্বাৰা বাজেয়াপ্ত বুলি এটা মহলে প্ৰচাৰ চলাই আহিছিল যদিও প্ৰকৃততে এই কিতাপখন বাজেয়াপ্ত হোৱা নাছিল। যিহওঁক, এই কিতাপখন পুনৰ্প্ৰকাশ হ'লে বহুতো অসমীয়া পঢ়ুৱৈয়ে(যিসকলে কিতাপখন পঢ়া নাই) এক নতুন ৰুচিবোধ লাভ কৰিব।

[ৰচনাকালঃ ২৬ আগষ্ট, ২০১৩]

শিক্ষক দিৱসৰ মধুৰ ক্ষণত...

জীৱনৰ এটা কঠিন সময়ত আপোনালোকক লগ পাইছিলোঁ, আৰু হাতত ধৰি আপোনালোকে আমাক উদ্ধাৰ কৰিছিল কঠিনতাৰ পৰা৷ আজি জীৱনৰ আন এটি গধূৰ মুহূৰ্তত পুনৰ আপোনালোকে আহি ধৰিছেহি মোৰ হাতত, পোনাইছে সন্মুখলৈ৷ অথচ কেনেকৈ তাৰ প্ৰতিদান দিম ধৰিবই পৰা নাই৷ তথাপি শিক্ষক দিৱস উপলক্ষে আপোনালোকলৈ জনাইছোঁ মোৰ সশ্ৰদ্ধ প্ৰণিপাত৷ [ অৰিন্দম তালুকদাৰ, অনন্ত মোহন শৰ্মা, পৰাগ বৰ্মন, ৰঞ্জন কলিতা, ডেইজী কলিতা, জয়া চৌধুৰী আৰু অন্যান্য শিক্ষাগুৰুসকললৈ উৎসৰ্গিত]
 
[ৰচনাকালঃ  ৫ ছেপ্তেম্বৰ, ২০১৩]

মান্না দেলৈ শ্ৰদ্ধাঞ্জলি

দিনৰ পোহৰ জকমকীয়া কৰি আঁতৰি গ'ল জনশিল্পী মান্না দে। ৯৪ বছৰ বসন্ত গৰকা শিল্পীগৰাকীৰ আজি ৰাতিপুৱা বেংগালুৰুৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। অসমীয়া সংগীত জগতলৈ "দিনৰ পোহৰ জকমকীয়া", "আকৌ এবাৰ" আদি কালজয়ী সংগীত উপহাৰ দিয়া শিল্পীগৰাকীলৈ যাঁচিছো গভীৰ শ্ৰদ্ধাঞ্জলি.................
 
Photo: দিনৰ পোহৰ জকমকীয়া কৰি আঁতৰি গ'ল জনশিল্পী মান্না দে। ৯৪ বছৰ বসন্ত গৰকা শিল্পীগৰাকীৰ আজি ৰাতিপুৱা বেংগালুৰুৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। অসমীয়া সংগীত জগতলৈ "দিনৰ পোহৰ জকমকীয়া", "আকৌ এবাৰ" আদি কালজয়ী সংগীত উপহাৰ দিয়া শিল্পীগৰাকীলৈ যাঁচিছো গভীৰ শ্ৰদ্ধাঞ্জলি.................
 
 
 [ ৰচনাকালঃ ২৪ অক্টোবৰ, ২০১৩]
 

গৌৰৱৰ বিয়া

গৌৰৱৰে ভাল হল৷ বিয়া বুলি ভিডিও ৰেকৰ্ডিঙৰ নামত টকা খৰচ কৰিব লগা নহল৷ News Live আপোনালোকৰ নতুন কামৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা অনাগত দিনত এই কামত দোপতদপে আগুৱাই যাওঁক, তাৰ বাবে কামনা কৰিছোঁ ৷

[ৰচনাকালঃ ২৪ অক্টোবৰ, ২০১৩]

'অ মোৰ আপোনাৰ দেশ' ক অসমৰ 'ৰাজ্যিক জাতীয় সংগীত' হিচাপে ঘোষনা

ৰাইজৰ প্ৰৱল প্ৰতিবাদত সেও মানি অৱশেষত অসম চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো ললে৷ 'অ মোৰ আপোনাৰ দেশ' ক আনুষ্ঠানিকভাৱে অসমৰ 'ৰাজ্যিক জাতীয় সংগীত' হিচাপে ঘোষনা কৰিলে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু আমি জানো মানি লোৱা উচিত হব 'জাতীয় সংগীত'ৰ পৰিৱৰ্তে 'ৰাজ্যিক জাতীয় সংগীত' হিচাপে মানি লোৱাৰ এই সিদ্ধান্ত?

[ৰচনাকালঃ ১৮ নৱেম্বৰ, ২০১৩]

এটা সংলাপ

"কেইদিনমানৰ পৰা এনেকুৱা লাগি আছে কোনোবাই যেন অনবৰতে মোৰ পিছ লৈ আছে, মৃত্যুৰ ভাবুকিৰে যেন মোক ব্যতিব্যস্ত কৰি ৰাখিব খুজিছে, নিজৰ একমাত্ৰ মিছাৰ শক্তিৰে যেন শেষ কৰি দিব খুজিছে মোৰ আত্মবিশ্বাস৷ সেয়েহে চাগৈ আজিকালি ৰাতিপুৱা শুই উঠিয়েই দৃঢ় হৈ পৰে মনটো, জীৱন যুঁজৰ এয়াতো এক অধ্যায় মাত্ৰ৷ নিজেই যদি ভাগি পৰো, কেনেকৈ ভাগিম আনৰ দূৰ্গ৷"- বঢ়িয়া নাটক দেই৷ বঙাইগাঁওৰ এটা নাট্যদলে প্ৰদৰ্শন কৰা "নাটক" নামৰ নাটখনৰ এটা সংলাপ৷

[ৰচনাকালঃ  ৯ ডিচেম্বৰ, ২০১৩]

বন্ধ মুৰ্দাবাদ

আপোনালোকে বন্ধ পালন কৰক, আমি বাধা নিদিও ৷ আমাকো নিয়াৰিকৈ কাম কৰি যাবলৈ দিয়ক ৷ জোৰ জবৰদস্তি বন্ধ মনাবলৈ চেষ্টা নকৰিব৷ জন্মৰ পৰাই এই বন্ধ পৰম্পৰা দেখি দেখি বিৰক্তি আহিছে ৷ বন্ধই কোনো সমস্যাৰ সমাধান নানে, অন্ততঃ আজিলৈ আমি দেখা নাই ৷ সেয়েহে এতিয়াৰ পৰা সিদ্ধান্ত লৈছোঁ, কাৰণ যিয়েই নহওঁক, ঘোষনা যিয়েই নকৰক, কোনো বন্ধ নামানো৷ 

কাইলৈ ৩ জানুৱাৰী তাৰিখে SUCI য়ে অসমত বিধান পৰিষদ গঠনৰ প্ৰতিবাদত ঘোষনা কৰা বন্ধও নামানোঁ৷ আপুনি?
বন্ধ মুৰ্দাবাদ ৷


[ৰচনাকালঃ ২ জানুৱাৰী, ২০১৪]

ফৰিঙৰ ৰেচিপি


ফৰিঙৰ ৰেচিপি বুলি বহুতেই চাগৈ নাক কোচাব৷ কিন্তু ফৰিঙৰ ৰেচিপি হল আটাইতকৈ সহজে প্ৰস্তুত কৰিব পৰা এক সুস্বাদু ৰেচিপি৷ অসমৰ ভালেমান জনজাতীয় অঞ্চলত এই খাদ্য জনপ্ৰিয়৷ আহকচোন, বিহুৰ বতৰত ফৰিঙৰ সুস্বাদু সম্ভাৰ এখন কেনেকৈ সজাব পাৰি তাকেই চাওঁ৷

প্ৰয়োজনীয় সামগ্ৰীসমূহঃ চাৰিটা তজবজীয়া জপিয়াই ফুৰা নোদোকা ফৰিং, মজলীয়া আকাৰৰ পিয়াজ দুটা, কেচাঁ জলকীয়া দুটা বা ৰুচিমতে, নিমখ আধা চামুচ, কলাখাৰ অকনমান, দুটা জালুক৷

প্ৰস্তুত প্ৰণালীঃ প্ৰথমতে পিয়াজখিনি ভালকৈ ধুই দীঘলীয়াকৈ সৰু সৰু আকাৰত কাটক৷ জালুক দুটা ভালকৈ গুৰি কৰক৷ জলকীয়া এটা বটি দিয়ক আৰু আনটো সৰু সৰুকৈ কাটকএতিয়া এই গোটেইখিনি মিহলাই বাতি এটাত ৰাখক৷ ফৰিংকেইটা আনি আটাইকেইটাৰ ঠেং কেইখন কাটি দিয়ক৷ পাখিকেইখন ভালকৈ কাটক৷ শুংকেইডাল কাটি ভালকৈ ধুই লওঁক৷ এতিয়া এটা এটাকৈ ফৰিং আপোনাৰ পৰিস্কাৰকৈ ধুৱা কাষলতিৰ তলত লৈ পাঁচ মিনিটমানকৈ ৰাখক৷ এবাৰ ৰখাৰ পিছত উলিয়াই আনি অকনমান কোমল হৈছে নেকি চাওঁক৷ অন্যথা আকৌ পাঁচ মিনিটমান ৰাখক৷ মনত ৰাখিব, আকাৰ অনুযায়ী প্ৰতিটো ফৰিং পাচঁৰপৰা পোন্ধৰ মিনিটলৈকে ৰাখিব লাগিব৷ এইদৰে প্ৰতিটো ফৰিং সিজাই লৈ প্লেট এখনত ৰাখক৷ আজিকালি কাষলতি তলত দিয়াৰ পৰিৱৰ্তে বহুতে জুইৰ ব্যৱহাৰ কৰাও দেখা যায় যদিও প্ৰকৃত থলুৱা সোৱাদৰ বাবে কাষলতিৰ তল ব্যৱহাৰ কৰাটো উপযোগী বুলি আমি ভাবোঁ৷

পৰিবেশনঃ ফৰিংকেইটা প্লেটখনত চাৰিওপিনে সজাই পিয়াজ মছলাৰ মিক্সাৰখিনি তাৰ ওপৰত ভালকৈ লগাকৈ লেপি দিয়ক৷ আপোনাৰ ফৰিঙৰ ৰেচিপি সাজু৷

[ৰচনাকালঃ  ১৩ জানুৱাৰী, ২০১৪]

“ভোগালী জলপান”ৰ সৈতে এসন্ধ্যা


নিজ কাৰ্যালয়ত  অজিত শৰ্মা
নিজ কাৰ্যালয়ত অজিত শৰ্মা

“তিলপিঠা , ঘিলা-পিঠা , আখৈ , বা হুৰুমক  লৈও যে এক লাভজনক  ব্যৱসায় কৰিব পাৰি সেই কথা অসমৰ  যিটো ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰথমে হাতে-কামে কৰি দেখুৱালে সেইয়া হৈছে “ভোগালী জলপান”। মাঘবিহুৰ বতৰত আমি “ভোগালী জলপানৰ” আঁৰৰ ব্যক্তিজন শ্ৰী অজিত শৰ্মাদেৱৰ  মনৰ বতৰা আপোনালোকলৈ লৈ আহিছো  ——–

“ভোগালী জলপান” প্ৰকল্পটো আৰম্ভ কৰাৰ আঁৰৰ কথাখিনি আমাক কওকচোন!
অজিত  শৰ্মা :  হয় , সকলোৱে জানিব বিচাৰে মই কেনেকৈ এই কাম আৰম্ভ কৰিলো । প্ৰথম কথা হ’ল অভাবেই আৱিষ্কাৰৰ মূল , আমি সকলোৱে জানো সেই কথা। মইও অভাৱী পৰিয়ালৰ পৰা অহা ল’ৰা। সৰুতে মোৰ লগৰবোৰে যেতিয়া খেলা-ধূলাত ব্যস্ত আছিল সেইসময়ত মই পাণ-তামোলৰ দোকান দিছিলো। স্কুলত পঢ়াৰ সময়তো আজৰিৰ পৰত শিৱসাগৰৰ টেঙাপুখুৰী অঞ্চলত থকা দেউতাৰ দোকানত বহিছিলো। সেয়ে এক ব্যৱসায়ী মনোভাব মই সৰুৰে পৰা পাইছিলোঁ । আনহাতে খেতিতো  মই সৰুৰে পৰা মনোনিবেশ কৰিব পাৰিছিলো।
স্নাতক হোৱাৰ পাছত ১৯৮৯চনত মই চাকৰি কৰিবলৈ গুৱাহাটীলৈ আহো আৰু এসপ্তাহমানৰ ভিতৰতে এটি ব্যক্তিগতখণ্ডৰ চাকৰি যোগাৰ কৰো। সেই চাকৰিটো কৰি থকা কালত দুপৰীয়াৰ আহাৰত মই প্ৰায়ে শিৱসাগৰৰ ঘৰৰ পৰা মাতৃয়ে পঠিয়াই দিয়া সান্দহ , কোমল চাউল আদি অফিচলৈ লৈ যাওঁ। বিশেষকৈ কোমল চাউল যিদিনা নিও সেইদিনা সৰু টিফিন বক্স এটাত কোমল চাউল , গাখীৰ আৰু চেনিৰ  সংমিশ্ৰণ এটা কৰি লৈ যাওঁ ,যিটো মিশ্ৰণ অতিকৈ সোৱাদ লগা হয়। মোৰ সহকৰ্মীসকলকো  সেই জলপানৰ মিশ্ৰণটো খাবলৈ দিছিলো আৰু তেওঁলোকেও খাই ভাল পাইছিল। জলপানৰ সেই মিশ্ৰণটোৰ জনপ্ৰিয়তা দেখি মই আমাৰ অফিচটোৰ কাষতে থকা দোকান এখনত শিৱসাগৰৰ ঘৰৰ পৰা অনা কোমল-চাউল এপোৱা এপোৱা পেকেট কৰি বিক্ৰীৰ বাবে দিওঁ আৰু লগতে অফিচৰ সহকৰ্মীসকলক কথাটো জনোৱাত তেওঁলোকেও দোকানখনৰ পৰা সেই জলপানৰ  পেকেটবোৰ কিনিবলৈ আৰম্ভ কৰিলে আৰু এনেদৰেই মই মোৰ জলপানৰ  ব্যৱসায় আৰম্ভ কৰোঁ।
১৯৯০ চনত মই ‘নতুন দৈনিক্’ নামৰ অসমীয়া বাতৰি কাকত এখনৰ চাৰ্কুলেচনৰ চাকৰিত  যোগদান কৰোঁ। চাৰ্কুলেচনৰ  কামত যিহেতু মই অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগীয়া হৈছিল তাৰফলত  মই সমান্তৰালকৈ অসমৰ থলুৱা জলপানৰ ওপৰত এক ক্ষেত্ৰ-অধ্যয়ন কৰাৰ সুযোগ পালো। যিয়ে মোৰ ব্যৱসায়টো আৰম্ভ কৰাত বহুত সহায় কৰে। এনেকৈ এই চাকৰিটো মই প্ৰায় ছয় বছৰ কৰো আৰু শেষত ১৯৯৭ চনত মই মোৰ দুজন ভাতৃৰ লগত মিলি আনুষ্ঠানিকভাৱে ‘ভোগালী জলপান” আৰম্ভ কৰো।

খাদ্যসমূহ প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা সামগ্ৰী/উপকৰণসমূহ ক‘ৰ ক‘ৰ পৰা যোগাৰ কৰা হয়?
অজিত শৰ্মা :  প্ৰথম অৱস্থাত আমি কোমল চাউল , সান্দহ আদি  শিৱসাগৰ , বিশ্বনাথ চাৰিআলি, নাৰায়ণপুৰ , চতিয়া , ডিব্ৰুগড় , মৰিগাওঁ আদি অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিলো যদিও পাছলৈ আমি কেৱল চাউলহে সংগ্ৰহ কৰি   নিজাববীয়াকৈ জলপান আৰু পিঠা-পনাবোৰ তৈয়াৰ কৰো।

“ভোগালী জলপান”ত বৰ্তমান কি কি অসমীয়া খাদ্য-সম্ভাৰ অন্তৰ্গত কৰা হৈছে।
অজিত শৰ্মা : আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হ’ল যে অসমৰ স্থানীয় যিবোৰ জা-জলপান সেইবোৰ অৰ্ডাৰ অনুযায়ী আমি যোগান ধৰা কিন্ত সময়ৰ অভাৱ বা আন অসুবিধাৰ বাবে আমি সকলোখিনি ব্যৱসায়িক ভিত্তিত কৰিব পৰা নাই। বৰ্তমান আমি কোমল চাউল , সান্দহ , মালভোগ চিৰা, আখৈ , পিঠাগুৰি , বিভিন্ন পিঠা আদি তৈয়াৰ কৰো। ইয়াৰ উপৰিও আমি আমাৰ পৰম্পৰাগত  জলপানবোৰক নতুন ৰূপ দিছো। ইয়াৰ ভিতৰত আছে মিল্কি জলপান, মিল্কি সান্দহ , ৰি-পেষ্ট , স্কুল টিফিন আদি প্ৰধান। এইবোৰ ‘Ready-to-eat” হয়। এইবোৰত গাখীৰ, গুৰু  বা চেনি আগতীয়াকৈ মিহলাই পেকেট কৰি বিক্ৰী কৰা হয়। এনে নতুন ৰূপৰ জলপান মানুহে আদৰি লৈছে।
ভোগালী জলপানৰ বিভিন্ন পিঠা-পনাৰ পেকেট
ভোগালী জলপানৰ বিভিন্ন পিঠা-পনাৰ পেকেট

খাদ্যসমূহ নষ্ট নোহোৱাকৈ কিদৰে সংৰক্ষণ কৰি ৰখা হয়?
অজিত শৰ্মা : আমাৰ  স্থানীয় জলপানবোৰৰ  সাধাৰণতেই বহুদিন নষ্ট নোহোৱাকৈ থাকে । কোমল চাউল, সান্দহ বা চিৰাৰ দৰে জলপান তৈয়াৰ হোৱাৰ ছমাহলৈকে বেয়া নহয়। সেয়ে ভাল পেকেজিং ব্যৱস্থাই সেইবোৰৰ জীৱনকাল আৰু দীঘলীয়া কৰি দিয়ে।  আমি এতিয়ালৈকে খাদ্য সংৰক্ষণত  কোনো ধৰণৰ কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাই।

এই ব্যৱসায়িক প্ৰতিষ্ঠানটো চলাই লৈ যোৱাত আপুনি কেনেধৰণৰ অসুবিধা পাই আহিছে ?
অজিত  শৰ্মা :  অসুবিধা বহুতো আছে। বিশেষকৈ আমাৰ কামবোৰ কৰিবলৈ ঠাইৰ অভাব। ব্যৱসায় আৰম্ভ কৰাৰ কিছুদিনৰ পাছতে অসম চৰকাৰৰ পৰা গুৱাহাটীৰ বামুণীমৈদামস্থিত “ঔদ্যোগিক ক্ষেত্ৰত” ৫০০০বৰ্গফুটৰ ঠাইৰ বাবে আবেদন কৰিছিলো যদিও আমাক ১২০০বৰ্গফুটহে আবণ্টন দিয়ে , যিয়ে বহু অসুবিধাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও আমি পেকেজিংৰ দিশটোত  অসুবিধাৰ সন্মুখীন হৈছিলো যদিও এতিয়া বহুখিনি লাঘব হৈছে।
প্ৰথম অৱস্থাত দ্ৰব্যবোৰৰ মাৰ্কেটিংৰ ক্ষেত্ৰটোও অসুবিধাই দেখা দিছিল। সেইসময়ত  বহুবোৰ দোকানীয়ে মোক অসমীয়া  জলপান বেচাৰ বাবে তাছিল্যও কৰিছিল।

আপোনাৰ কেতিয়াবা এনে পৰিস্থিতি আহিছেনে যেতিয়া আপুনি ভাবিছে “ভোগালীজলপান”  খুলি আপুনি ভুলহে কৰিছে ?
অজিত শৰ্মা : নাই কেতিয়াও অহা নাই ।

চৰকাৰী ক্ষেত্ৰৰ পৰা যেনে বেংক বা আন বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা বিত্তীয় সাহাৰ্য্য কিবা পাইছেনে ?
অজিত শৰ্মা :  ব্যৱসায়ৰ প্ৰথম অৱস্থাত  আমি প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীন এক লাখ টকাৰ এটা ঋণ লাভ কৰো। বিত্তীয় দিশত বেংকে মোক বৰ্তমানলৈকে যথেষ্ঠ সহায় কৰি আহিছে।

বৰ্তমান “ভোগালী জলপান”ত কিমান সংখ্যক কৰ্ম-কৰ্তা আছে?
অজিত শৰ্মা :  বৰ্তমান আমাৰ ইয়াত ৬৫জন কৰ্ম-কৰ্তা আছে।
কৰ্মচাৰীৰ লগত শ্ৰী শৰ্মা
কৰ্মচাৰীৰ লগত শ্ৰী শৰ্মা

আপুনি বাৰু এই প্ৰকল্পত জড়িত থকা কৰ্ম-কৰ্তাসকল ইয়াক লৈ সুখী নে?
অজিত শৰ্মা :  আমাৰ  কৰ্মচাৰীসকলৰ সৃষ্টিশীলতা , একাগ্ৰতা ,  কৰ্তব্য-নিষ্ঠা আৰু জাতীয়তাবোধেই হৈছে ভোগালী-জলপানৰ সম্পদ , সেয়ে আমি তেওঁলোকক লৈ সুখী। 

তামিলনাদুৰ ইদলী-দোচা আজি ভাৰতবৰ্ষৰ গাঁৱে-চহৰে জনাজাত। বিদেশতো দক্ষিণ ভাৰতীয় খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে। পঞ্জাৱৰ “নান” ভাৰতীয় ব্ৰেড বুলি গোটেই বিশ্বতে জনপ্ৰিয় হৈছে। অসমীয়া ভকা পিঠা-খোলাচপৰীয়া পিঠাক অসমৰ ৰাইজেই চিনি নোপোৱা হৈছে। কেৰোণটো ক‘ত ? কেতিয়াবা ছিংগাপুৰৰ কোনোবা ভোজনালয়ত অসমীয়া ভকা পিঠা পোৱা যাব বুলি আপুনি আশাবাদীনে ? অসমীয়া খাদ্য অসমৰ বাহিৰেও আন প্ৰদেশসমূহত জনপ্ৰিয় কৰিবলৈ কেনেধৰণৰ পদক্ষেপ লোৱা উচিত?
অজিত শৰ্মা :  এই ক্ষেত্ৰত সংবাদ মাধ্যমে বিশেষ ভূমিকা লোৱাটো প্ৰয়োজন। তাৰ উপৰিও আমাৰ জলপানবোৰ পাহৰি যোৱাৰ অন্যতম কাৰণ সঠিকভাবে উপলব্ধ নোহোৱা। আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত , কিন্ত অসমত ধানৰ  উৎপাদন সঠিক পৰিমাণত নহয়। আমাৰ খাদ্যাভাৱ অলপ সলনি হৈছে সেয়া সঁচা কিন্ত আমাৰ জলপানবোৰ সঠিককৈ উপলব্ধ যে নহয় সেয়াও সঁচা কথা। আমি লাহে লাহে পৰমুখাপেক্ষী হৈ পৰিছো। এইয়া আমাৰ অতীতৰে মানসিকতা। এনে মানসিকতা সলনি কৰিব লাগিব।
ইয়াৰ উপৰিও জলপানবোৰৰ  সোৱাদ সলনি কৰিব লাগিব। লাচিতৰ দিনত অসমীয়া সেনাই  যুদ্ধৰ সময়ত গামোছাত কোমল চাউল বান্ধি ব্ৰহ্মপুত্ৰত তিয়াই থৈছিল আৰু ভীমকলৰ লগত খাইছিল। এতিয়াৰ মানুহে এনেকৈ ভীমকলৰ লগত কোমল চাউল নিশ্চয় নাখাব। গতিকে আজিৰ প্ৰজন্মই জুতি পোৱাকৈ জলপানবোৰ প্ৰস্তত কৰিব লাগিব।  বিশেষকৈ মাতৃসকলে জুতি লগাকৈ থলুৱা জলপানবোৰ সন্তানসকলক পৰিৱেশন কৰিব লাগে।

বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত অসমীয়া জলপানসমূহ অনলাইনও কিনিবলৈ পোৱা গৈছে। কিন্তু শুকান খাদ্য সামগ্ৰীসমূহহে যেনে; তিল পিঠা, সান্দহ, চিৰা আদি অনলাইন কিনিবলৈ পোৱা যায়। কিন্তু আমাৰ আইতাহঁতে সাজি দিয়া চুঙা পিঠা, টেকেলীমুখত দিয়া পিঠা, খোলাচাপৰি পিঠা অৰ্থাৎ যিবোৰ পিঠা-পনা গৰমে গৰমে নাখালে সোৱাদ পোৱা নাযায় নাইবা যিবোৰ পিঠা-পনা অতি সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থাকে সেইবোৰক অসমৰ বাহিৰলৈ উলিয়াই নিবলৈ আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি বা ল‘ম বুলি ভাবিছে নেকি?
অজিত শৰ্মা :  অন-লাইন ব্যৱসায় আমি এতিয়ালৈকে আৰম্ভ কৰা নাই।
সোনকালে নষ্ট হোৱাৰ ক্ষেত্ৰত ইয়াক ৰুধিবলৈ গৱেষণাৰ প্ৰয়োজন আৰু সেয়ে অসমত এটা খাদ্য গৱেষণাগাৰ স্থাপন হোৱাটো বিচাৰো।

অসমলৈ বাহিৰৰ খাদ্য-সম্ভাৰৰ আমদানিৰ কাৰণটো আপুনি কি বুলি ভাবে?
অজিত শৰ্মা : এই ক্ষেত্ৰত আমি নিজে  জগৰীয়া।  কাৰণ আমি পৰমুখাপেক্ষী , কষ্ট কৰিবলৈ নিবিচাৰোঁ।  বাহিৰৰ পেকেট ফুডৰ ওপৰত আমি নিৰ্ভৰশীল হৈ পৰিছোঁ।  মূল কাৰণ সেয়ে । 

অসমত “ভোগালী জলপান”ৰ দৰে পৰম্পৰাগত অসমীয়া খাদ্য সামগ্ৰী উপলব্ধ হোৱা আন কোনো অনুষ্ঠান আছে নেকি? কিমান আছে? যদি আছে সেইবোৰৰ ভিতৰত আপোনালোকৰ প্ৰতিযোগী অনুষ্ঠান কোনটো?
অজিত শৰ্মা :  ভোগালী জলপানৰ দৰে  আন অসমীয়া জলপানৰ ব্যৱসায়ী প্ৰতিষ্ঠানবোৰক আমি সদায় সহযোগী বুলিয়েই ভাবো । আশাকৰো তেনে প্ৰতিষ্ঠান অসমৰ চুকে-কোণে ভৰি পৰক।

এনেকুৱা এটা দিন আহিব বুলি আপুনি আশাবাদী নে যে অসমীয়া শিশু এটাই জলপানত মেগী বা নুডলচ নাখাই সান্দহ এবাতি খাইছে?
অজিত শৰ্মা : আহিব , খুব কম সময়তেই আহিব ।

আপোনাৰ পৰিয়াল বৰ্গৰ পৰা ভোগালীজলপানৰ  ক্ষেত্ৰত কেনে সহযোগিতা পাই আহিছে ?
অজিত শৰ্মা : প্ৰথম অৱস্থাত মোক মোৰ মায়ে যথেষ্ট সহায় কৰিলে আৰু বৰ্তমান পৰিবাৰে ব্যৱসায়ত সকলো দিশতে সহায় কৰি আহিছে।
ভোগালী জলপানে লাভ কৰা বিভিন্ন বঁটা-বাহন
ভোগালী জলপানে লাভ কৰা বিভিন্ন বঁটা-বাহন

আপুনি আংশকা কৰে নেকি যে  আমাৰ থলুৱা খাদ্য সম্ভাৰ এদিন নাইকীয়া হৈ মাথো আমদানীকৃত খাদ্যই আমাৰ খাদ্য-অভ্যাসৰ ওপৰত সৰ্ম্পূণ প্ৰভাব বিস্তাৰ কৰিব ?
অজিত শৰ্মা : নাই সেইয়া কেতিয়াও হবই নোৱাৰে। যেতিয়ালৈকে এটা জাতিৰ জাতীয়তাবোধ থাকিব তেতিয়ালৈকে তাৰ সংস্কৃতি বা খাদ্য-অভ্যাস শেষ নহয়।

এই প্ৰকল্পটোক লৈ আপোনাৰ ভবিষ্যত পৰিকল্পনা কি?
অজিত শৰ্মা :  আমাৰ থলুৱা জলপানক  যাতে বিশ্বৰ বজাৰত উন্নত মানদণ্ডৰে আৰু  গ্ৰাহকে বিচৰা ধৰণে পৰিৱেশন কৰিব পাৰো , সেইয়াই আমাৰ মুল লক্ষ্য । আমাৰ ভোগালী জলপানৰ শ্লোগান হৈছে “ Healthy solution”. আৰু আমি তাৰ ওপৰতেই কাম কৰিবলৈ লৈছো।
ছয়গাওঁত আৰম্ভ হোৱা ফুড-প্ৰচেচিং পাৰ্কত আমি এখিনি মাটি  লৈছো আৰু তাত নতুনকৈ জলপান প্ৰস্তত কৰা  কাৰাখানা স্থাপনৰ বাবে যো-জা চলাইছো ।

আপোনাৰ ব্যক্তিগতভাবে কোনবিধ জলপান প্ৰিয় ?
অজিত শৰ্মা : সময়সাপেক্ষে প্ৰতিটো জলপানেই মোৰ প্ৰিয়।

আমাৰ শেষ প্ৰশ্ন , আপোনাৰ পৰিয়ালৰ  বিষয়ে অলপ কব নেকি?
অজিত শৰ্মা :  মোৰ মা,  পৰিবাৰ আৰু দুগৰাকী কন্যা আছে আৰু এজন বৰপুত্ৰ আছে , যাৰ নাম “ভোগালীজলপান” ।

[সাক্ষাৎকাৰ গ্ৰহণ : ধ্ৰুৱজ্যোতি শৰ্মা
সহযোগী : দেৱব্ৰত গগৈ
সাক্ষাৎগ্ৰহণ: ৩১ ডিচেম্বৰ, ২০১৩
সহযোগত: www.xahitya.org]