Friday, June 27, 2014

বিষ্ণু ৰাভা এতিয়া দোভাগ ৰাতি

বিষ্ণু ৰাভা আজি নোসোধো
এতিয়া কিমান ৰাতি
তুমি এতিয়াও সাৰে আছা?
লালকাল দি পৰি আছোঁ মই
আৰু প্ৰীতি।
চিফুং বাঁহীৰ সুৰ তুলিবলৈ নাই কোনো অসমীয়া
পথাৰত হালোৱা ককাইৰ ভাগৰ
নাই প্ৰতিবাদী কণ্ঠস্বৰৰ গৰিমা।
বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা?

ফেৰেংগাদাওৰ মাতত নুপুৱায় ৰাতি।
অ',
বহুৰূপ ধৰি চলে এতিয়া হিচাপ;
পোৱাৰ হিচাপ,
লোৱাৰ হিচাপ,
অট্টালিকাৰ হিচাপ।
কৃষক ককাইৰ হাতত জবকাৰ্ড
আৰু দুবিঘা চনমাটি।
বিষ্ণুৰাভা, মই এতিয়া গভীৰ টোপনিত
টোপনিত আছে প্ৰীতি,
তুমি কেনেকৈ সাৰে আছা?

সুৰে সুৰ তুলি
কণ্ঠ লহৰিত কৰি
বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা
তোমাৰ জীৱন নাটৰ শেষ ৰাগিনীত
খৰমান শুনিবলৈ নাই কোনো
তথাপিও তুমি সাৰে আছা?


[ৰচনাকালঃ ২০ জুন, ২০১৪]

No comments:

Post a Comment