Saturday, June 28, 2014

দেৱলোকৰ ৰজা

নিৰপেক্ষতাৰ আলোকেৰে তই দেৱলোকৰ ৰজা
মোকহে সজালি তই অশ্বমেধৰ ঘোঁৰা !

ঈশ্বৰ হেনো তই আশাৰ প্ৰতিমাৰ
ক’তা ! স্বপ্নৰ ৰ’দালিৰে পুলকিত আভাতো নাই !
ত্ৰাণকৰ্তা হেনো তই
ত্ৰাণকৰ্তা হেনো বানে ধুৱাই নিয়া মুক্তিহীনতাৰ?
মুক্তিহীনতাৰ নে যুক্তিহীনতাৰ?
মুক্তিহীনতাৰ পৰিত্ৰাণ বিচাৰি মই যুক্তিহীনহে হ’লো।
মুক্তিৰ অন্বেষণত সত্যৰ সমিধান বিচাৰি
আশাহত জটায়ু পক্ষীহে হ’লো
তেনেহ’লে কিহৰ বাবে তই ত্ৰাণকৰ্তা?
কিহৰ বাবে পৰমেশ্বৰ পৰমাত্মা?

তোৰ প্ৰেৰণাত জীৱন নদীত প্ৰেমৰ নাও বোৱা
আমি এক বিদ্যুতপ্ৰৱাহ নাৱৰীয়া
তোৰ ইতিহাসেই আমাৰ গতিশীলতা
তোৰ প্ৰতিফলনেই আমাৰ প্ৰাৰ্থনা
সহস্য গোপিনী নালাগে
মাত্ৰ এজনীয়েই মোৰ মেনকা
তাকো উটাই নিয় – ভাঙি চিঙি মোৰ অৰ্চনা
খুন্দি খুন্দি চূড়মাৰ কৰ –
বাজি থকা জীৱনসুৰৰ মূৰ্চনা
আৰু হামিয়াই হেকেটিয়াই
উচুপি উচুপি উদ্বাউল হৃদয়েৰে
চিঞৰি চিঞৰি তোলৈ কৰো প্ৰাৰ্থনা
হুৰ হুৰ বতা চৰাই; মোৰ প্ৰেম নিনিবি তোক দিম গোটেই কৰাই
তোক দিম গোটেই কৰাই।

তোৰ বাবেই মোৰ হৃদয়ত বাজে আজি ফটা ঢোলৰ চেৱ
তোৰ বাবেই মোৰ চকুত আজি অশ্ৰুসিক্ত নিৰাশাৰ ৰাৱ
তোৰ বাবেই আজি
তোৰ বাবেই আজি বিশ্বাসৰ সমভূমিত সন্দেহৰ খাদ
বেছিতো নালাগে
যদি মাথোঁ দিলিহেঁতেন
নল দময়ন্তীৰ প্ৰেমৰ সফল উপাখ্যান
তাকো নিদিলি !
তাকো নিদিলি ! যে মই মুখ মেলি কান্দিম
আৰু বন্যাম বিষাদ বোৱা এখন ধূসৰ নদী
অথবা বুজাই দিম পৃথিৱীক
বতা চৰাইজাকে হুৰহুৰকৈ
হৃদয়ৰ জনজননি তুলি লই গ’ল মোৰ প্ৰেমৰ সুৰভি
দি থৈ গ’লি মাথোঁ
স্বাৰ্থন্বেষী এক অভিনৱ পৃথিৱী
আৰু ভাৰসাম্যহীন ন্যায়ৰ এক তুলাচনী।

জান ঈশ্বৰ !
তোৰ বন্দনাত মুখৰিত মোৰ আজি নিন্দাৰ বাণী
তোৰ ন্যায়পৰায়ণতাত লজ্জিত আজি অনন্য পৃথিৱী
আৰু তোৰ প্ৰেমহীনতাতেই
অস্তগামী বিশ্বাস ৰাধা-ৰাণী
তোৰ প্ৰেমহীনতাতেই নিৰ্বাসিত উপাখ্যান নল-দময়ন্তী।


[ৰচনাকালঃ ০৮/০১/২০০৭, সোমবাৰ; বিয়লি ৮১১-৯১৭]

No comments:

Post a Comment