Friday, June 27, 2014

নাট্যালোচনাঃ টোপনি এ তোৰে কলাতলত ঘৰ


দিনাংক ২৬ মাৰ্চ, ২০১৪। স্থান-ৰবীন্দ্ৰ ভৱন, গুৱাহাটী। কণ-কণ কেইজনমান ল’ৰা-ছোৱালী। ইজনে সিজনৰ ককালত ধৰি ঘূৰণীয়াকৈ ঘূৰি ঘূৰি গাইছে-
 
“ইৰিকটি মিৰিকটি বাঁহৰ শলা
মোমাই পদূলিত বান্ধিলোঁ ঘোঁৰা।“

এবিধ প্ৰাচীন খেল। কোমোৰা খেল। এই কোমোৰা খেলকেই প্ৰথমতে দৃশ্য-শ্ৰাব্য ৰূপত তুলি ধৰি আৰম্ভ কৰা হৈছে নাটখনি।

ঠিক নাট বুলি ক’লে যি নাটকৰ কথা আমাৰ মনলৈ আহে, তাৰ ঠিক ব্যতিক্ৰমী এখন নাট। এন্ধাৰ পশ্চাদপটত জ্বলি আছে এটি উজ্জ্বল জোন। ৰাজকুমাৰ হামিয়াই হামিয়াই খিৰিকীৰ মুখত কাৰোবাৰ অধীৰ অপেক্ষাত অপেক্ষাৰত। প্ৰথম দৃশ্যয়েই কৈ গৈছে নাটকখনিৰ মূল উদ্দেশ্যৰ কথা। ন-পুৰণিৰ সমন্বয়ত, এন্ধাৰ-পোহৰৰ মিশ্ৰণত যেন গতিপ্ৰাপ্ত হৈ গৈ আছে কিছুমান জীয়া স্কেচ্ছ। চলমান জীয়া এই স্কেচ্ছসমূহৰ সমষ্টিয়েই “টোপনি এ তোৰে কলাতলত ঘৰ”।

এটা সৰু কাহিনী। সখিয়তীয়ে সম্ভেদ দিয়া ৰাজকুঁৱৰীক পাবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰে এপষেক কাল ৰ’দ-বৰষুণ, বাধা-বিধিনীক হেলাৰঙে মূৰ পাতি শেষ লক্ষ্যত উপনীত হোৱা ৰাজকুমাৰৰ কাহিনীক লৈয়ে নাটখনিৰ মূল কাহিনীভাগ ৰচিত। কিন্তু এখন নাটকৰ সকলো উপাদান মজুত ‘টোপনি এ তোৰে কলাতলত ঘৰ’ত। ৰাজকুমাৰে ৰাজকুমাৰীক লগ ধৰিবলৈ যাত্ৰা আৰম্ভ কৰাৰ পৰাই ঔৎসুকতা আৰম্ভ হৈছে নাটকৰ। আৰু শেষ দৃশ্যলৈ বিৰাজমান সেই ঔৎসুকতা। কিন্তু শেষত ৰাজকুমাৰে ৰাজকুমাৰীক লগ পালেনে? এই প্ৰশ্নৰ উত্তৰেই ‘টোপনি এ তোৰে কলাতলত ঘৰ’। পাহৰণিৰ গৰ্ভত জাহ যোৱাৰ উপক্ৰম হোৱা কিছুমান লোককথাৰ খণ্ড কাহিনীক লৈয়ে সমুদ্ৰ কাজল শইকীয়াই ৰচনা কৰিছে নাটখনিৰ মূল কাহিনীভাগ। আৰু একেই ধৰণেৰে সেই খণ্ড কাহিনীসমূহক খণ্ড চিত্ৰ কিছুমানেৰে একো একোটা দৃশ্য আৰু খণ্ডদৃশ্যসমূহেৰে গোটেই নাটখনিক সজাইছে মৃণালজ্যোতি গোস্বামীয়ে। নাটখনিৰ প্ৰধান বৈশিষ্ট্য বহন কৰিছে দৰ্শক আৰু অভিনয়ৰ মাজত সমন্বয়ৰক্ষী হিচাপে থকা সংলাপ আৰু সংকেতধৰ্মী অভিনয়ে। কোনো বিশেষ মঞ্চসজ্জা ব্যৱহাৰ নকৰাকৈয়ে খালী মঞ্চত সাতোঁৰাৰ সঠিক অভিনয়ৰ জৰিয়তে অথবা ঘোঁৰাত উঠি যোৱাৰ অভিনয়ৰ জৰিয়তে, কেতিয়াবা যদি দৌৰাৰ অভিনয়েৰে, কেতিয়াবা আকৌ কাছৰ বা উটৰ পিঠিত উঠি যোৱাৰ অভিনয়েৰে দৰ্শকক এক সম্পূৰ্ণ পৰিৱেশৰ বৰ্ণনা দিবলৈ সক্ষম হৈছে পৰিচালক মৃণাল জ্যোতি গোস্বামীয়ে। ইয়াতেই প্ৰকাশ পাইছে তেওঁৰ পৰিচালন দক্ষতা। ৰূপসজ্জাৰ ক্ষেত্ৰতো সম্পূৰ্ণতাৰ পৰিচয় দিছে মানৱ অভিনীত ঘোঁৰা, উট, কাছ আদিয়ে। মুঠৰ ওপৰত এবাৰ বহিলে উঠি যাব নোৱাৰা এখন নাটক। কিছুমান ক্লিপ। বহুকেইখন চলমান স্কেচ্ছৰ সমষ্টি।

অসমৰ নাটকৰ ইতিহাস চালে দেখা যায়, ইয়াৰ অভ্যুত্থান অতি অশাব্যঞ্জক। যাত্ৰাভিনয়ৰ পৰা ভ্ৰাম্যমান যাত্ৰাদললৈ, একাংকিকা নাটকৰ পৰা মুকাভিনয়লৈ, একক অভিনয়ৰ পৰা এমেচাৰলৈ আৰু শেহতীয়াভাৱে ‘সমকালীন নাট্যচৰ্চা’ ৰ উত্তৰণ অতি লেখত লবলগীয়া। মৃণালজ্যোতি গোস্বামীৰ প্ৰথম নাটক ইমান ইমান পানীত অসমৰ দৰ্শকে পৰিচিত হৈছিল সমকালীন নাট্যচৰ্চাৰ লগত। ইমান ইমান পানীত থকা জটিলতাখিনিক আঁতৰাই এইবাৰ অধিক উন্নত আৰু মনোগ্ৰাহী ৰূপত মঞ্চস্থ কৰাৰ বাবে তেওঁ সাজু কৰি তুলিছিল ‘টোপনি এ তোৰে কলাতলত ঘৰ’ক আৰু সফলো হৈছে। এই সমকালীন নাট্যচৰ্চাৰ নতুন ধাৰাৰ জৰিয়তে দৰ্শকক জনাব বিচৰা হৈছিল, ভাষা অভিনয় জগত খনৰ বাবে অন্তৰায় নহয়। সেয়েহে হয়তো একেই স্ক্ৰীপ্টেৰেই ভাষা সাহিত্য সন্মিলনীয়ে একেইখন নাটক ‘ইমান ইমান পানী’ক অসমৰ পৰা নতুন দিল্লীলৈ অভিনয় কৰি যাব পাৰিছিল। ‘টোপনি এ তোৰে কলাতলত ঘৰ’ উপভোগ কৰিও আমি তেনেকুৱা ধাৰণাই কৰিব পাৰোঁ। চাৰিটা ভাষা ব্যৱহাৰ কৰা নাটখনিৰ যৱনিকাও বাৰ্তাবাহী। সফলতা আৰু প্ৰাপ্তিৰ দুৱাৰমুখত অলপ মাত্ৰ অৱসাদ আৰু আত্মসন্তুষ্টিয়ে কঢ়িয়াই আনিব পাৰে বিফলতা। একেই পৰিঘটনা ঘটি আছে অসমীয়া কলা সংস্কৃতিৰ ক্ষেত্ৰতো। উদ্দামভাৱে নৃত্যৰত বিহু নৃত্য এটি আৰু তাৰ আৱৰি ৰখা বিপদসংকুল শক্তি কিছুমানেৰে হয়তো সেয়াই বুজাব বিচৰা হৈছে। মুঠৰ ওপৰত অতি দৰকাৰী ঠাইতহে ব্যৱহৃত সংলাপ আৰু চলমান জীয়া স্কেচ্ছ কিছুমানৰ সমষ্টিৰে ‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিক কনটেম্প’ৰাৰী ড্ৰামাৰ ইতিহাসত সফলতাৰে অৱতাৰণ কৰিবলৈ সক্ষম হৈছে।

নাটক এখনৰ সামাজিক দায়ৱদ্ধতা আহি পৰে ই সমাজলৈ কঢ়িয়াই অনা বাৰ্তাৰ জৰিয়তে। ‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিয়ে এই দিশত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ক্ষমতাৰ ভাৰসাম্যতা জীৱনৰ উন্নতিৰ এক প্ৰধান সম্পদ। আত্মসন্তুষ্টিও ভাল যদিহে ই অন্য কাৰকসমূহৰ লগত সহবাস কৰি গতিপ্ৰাপ্ত হৈ থাকে। আত্মসন্তুষ্টিয়ে মাত্ৰা চেৰাই গ’লে বিপদো ওচৰ চাপে যিয়ে বহুক্ষেত্ৰত আমাক হয়তো নিশ্চিত সফলতাৰ পৰা একেকোবে বিফলতাৰ গৰাহত পেলায়গৈ। এই বাৰ্তাকেই মূল হিচাপে লৈ আন বহুকেইটা বাৰ্তা দিয়াত সফল হৈছে টোপনি এ তোৰে কলাতলত ঘৰ।

নাটক এখনৰ সফলতা বহুলাংশে নিৰ্ভৰ কৰে অভিনয়ৰ ওপৰত। টোপনি এ তোৰে কলাতলত ঘৰত অভিনীত শিল্পীসকলৰ অভিনয় লেখত লবলগীয়া। নাটখনিত পৰিশ্ৰম আৰু একাগ্ৰতাৰে অভিনয় শিল্পীসকলে নাটখনিকেই সম্পূৰ্ণ ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। শশাংক সমীৰ গগৈৰ মূল চৰিত্ৰ অভিনয়ত সম্পূৰ্ণ ৰূপত সহযোগ কৰিছে সহঃশিল্পীসকলে। অৱশ্যে ঠায়ে ঠায়ে সহঃশিল্পীসকল ভাৰসাম্যতা ৰক্ষাৰ নামত উজুটিও খান নলগা নহয়। তথাপি বিভিন্ন ধৰণৰ অভিনয়ে দৰ্শকক অভিনয়ৰ অন্য এক দিশ দেখুৱাবলৈ সক্ষম হৈছে। অৱশ্যে শিশু শিল্পীসকলক অধিক সময় প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে বুলি অনুভৱ হয়।

অভিনয়ৰ দৰে সংলাপ প্ৰক্ষেপনৰ দিশেও নাটক এখনক পূৰ্ণতা প্ৰদান কৰে। সখিয়তীৰ “সখি, অ’ সখি…সখি” সংলাপৰ সুৰ লয় আৰু মাত্ৰাই সঁচাকৈ এগৰাকী পৰীৰ আগমনৰ দৃশ্যায়ন কৰিছে। কণমানি ছোৱালী এগৰাকীৰ এই সংলাপ প্ৰক্ষেপনৰ মাধুৰ্য্যই বহন কৰিছে গোটেই দলটি সংলাপ প্ৰক্ষেপনৰ ক্ষেত্ৰত কিমান সজাগ। যিমান ভাগৰুৱা নহ’লেও সংলাপত যেন ভাগৰৰ নামমাত্ৰও প্ৰভাৱ পৰিবলৈ দিয়া নাই অভিনয় শিল্পীসকলে।

সংগীত নাটকৰ এক অবিচ্ছেদ্য অংগ। পশ্চাদপটত খাপ খোৱাকৈ সংগীতসমূহ সজাইছে অৰূপজ্যোতি ৰাভাই। চাৰিটা ভাষাত দিয়া গানৰ কলিসমূহে সমন্বয়ৰ এক সুন্দৰ চিত্ৰ চিত্ৰায়ণ কৰিছে। সেইদৰে কষ্টুম ডিজাইনত নিজৰ সৃষ্টিশীলতাক সুন্দৰভাৱে পদৰ্শন কৰিছে সীমা বৰুৱাই। কাছৰ চলং, উটৰ মুখা, ঘোঁৰাৰ মুখা আদিক যিভাৱে প্ৰদৰ্শন কৰা হৈছে, তাক নশলাগি উপায় নাই। পোহৰ মৃণালজ্যোতি গোস্বামীৰ। ছাঁ-পোহৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা মায়াময়তা, মঞ্চৰ পশ্চাদাংশত বিভিন্ন সময়ত বৰণ সলনি হোৱা ঘূৰণীয়া ফলি আদিয়ে পোহৰৰ প্ৰাচুৰ্য্যৰ কথা পতীয়মান কৰিছে। এই প্ৰাচুৰ্য্য শিল্পীয়ে সফুঁৰাত বোলোৱা তুলিকাতকৈ কোনোগুণে কম নহয়।

ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত টোপনি এ তোৰে কলাতলত ঘৰৰ মাধ্যমেৰে ভাষা সাহিত্য সন্মিলনী অসমে অসমৰ ঐশ্বৰ্যশালী পটভূমিক পুনৰ এবাৰ সবল ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।

সকলোখিনি মূল বিভাগতে সূচাৰুৰূপে পৰিকল্পনা কৰাৰ পিছতো যেন কিছুমান বিষয়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলে গুৰুত্ব দিব লগা আছে। যেনে মূল নাটকৰ অংশ নহ’লেও, শিল্পীসকলক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত পৰিকল্পিত ঘোষনাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। ঠিক তেনেদৰে কিছুমান দৃশ্যত যেনে তিনিজন ব্যক্তি জড়িত নাওঁ বাই গৈ থকা এটা দৃশ্যত নাওঁৰীয়াজনৰ আগবাঢ়ি যোৱাৰ লগত নাওঁ হৈ গৈ থকা ব্যক্তি দুজনৰ গতিও যদি একেলগে নহয়, তেন্তে তেনেকুৱা দৃশ্যসমূহ দৃষ্টিকটু হব। মঞ্চসজ্জাৰ ক্ষেত্ৰতো মৰুভূমিৰ মাজত হোৱা যুদ্ধ, কাছৰ চালচলনত মুখাৰ পৰিচলন আদি দৃশ্যসমূহত তেনেকুৱা সূক্ষ্ম দৃষ্টিৰ আৰু একাদিক্ৰমে ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি ভাৱ হয়।

‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিয়ে কেৱল ৰাজ্যিক পৰ্য্যায়তে নহয়, সম্পূৰ্ণ ৰাষ্ট্ৰীয় পৰ্য্যায়ত ই সফলতা বুটলিবলৈ সক্ষম হব বুলি আশা কৰিছোঁ।

[ৰচনাকালঃ ৯ মে', ২০১৪]